/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ শপতবাক্য আওৰাই বিজেপিৰ নেতৃত্বত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন হৈছিল দুবছৰৰ আগতে। অথচ এই চৰকাৰ পৰিচালনা কৰা মুখ্য দল বিজেপিৰ একাংশ প্ৰভাৱসাশালী নেতা-মন্ত্ৰীয়ে আজিলৈকে অসমীয়া মানুহৰ হৃদযন্ত্ৰৰ ধমনী-সিৰাৰ স্পন্দন অনুভৱ কৰিব পৰা নাই।
হৃদযন্ত্ৰ নালাগে, অসমীয়াৰ পাকস্থলীয়ে কি বস্তু হজম কৰিব পাৰে-নোৱাৰে তাৰ উমান ল'বলৈকেও আনকি তেওঁলোকে অকণো চেষ্টা চলোৱা নাই। নতুন দিল্লীৰ হাইকমাণ্ড তথা দলৰ শীৰ্ষ নেতৃত্বক সন্তুষ্ট কৰাৰ তাগিদাতে তেওঁলোকৰ মাজৰ একাংশই একান্ত বাধ্য শিষ্যৰ দৰে আচৰণ কৰি কিছুমান নোহোৱা-নোপজা কাম কৰিবলৈ লৈছে। অসমীয়াৰ ভাষা-সংস্কৃতিক বিপদাপন্ন কৰি হ'লেও তেওঁলোকে ইয়াত হিন্দু-হিন্দুত্ববাদী ৰাজনীতি জাপি দিব বিচাৰিছে।
অথচ অসমৰ ভূ-ৰাজনৈতিক বিচ্ছিন্নতা আৰু সাংস্কৃতিক বৈচিত্ৰ্যক অস্বীকাৰ কৰি ইয়াত উত্তৰ-পশ্চিম ভাৰতৰ সাংস্কৃতিক আগ্ৰাসন চলিবলৈ দিলে যে হিতে বিপৰীত হ'বগৈ, সেই কথা তেওঁলোকে বুজিবই পৰা নাই। বিগত দুবছৰীয়া কাৰ্যকালতে অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা কেতবোৰ কাম-কাজৰ ফলাফলে অন্ততঃ এই কথাই প্ৰতীয়মান কৰিছে।
'নমামি ব্ৰহ্মপুত্ৰ'ৰ সদৃশ অনুষ্ঠানকে ধৰি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামত চলা শৈক্ষিক কৰ্মসূচীক লৈ অসমৰ জনসাধাৰণৰ অসন্তুষ্টিৰ পিছতো শাসক পক্ষৰ এচাম নেতাই এই কথা টলকিব নোৱাৰিলে যে অসমীয়াৰ ভাষিক জাতীয়তাবাদক অগ্ৰাহ্য কৰাটো এতিয়াও সহজসাধ্য নহয়। তৎসত্ত্বেও শেহতীয়াভাৱে পুনৰ পণ্ডিত দীনদয়াল উপাধ্যায়ক অসমৰ জনমানসত প্ৰতিষ্ঠা কৰিবলৈ উঠিপৰি লাগিছে ৰাজ্য চৰকাৰ।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি শিক্ষানুষ্ঠানৰ নামকৰণতে ক্ষান্ত নাথাকি, ৰাজ্যৰ বিভিন্ন চৰকাৰী পুথিভঁৰালত যোগান ধৰিছে দীনদয়াল উপাধ্যায়ৰ ৰচনাৱলী। ৰাজ্য চৰকাৰে উপাধ্যায়ৰ হিন্দী ভাষাৰ ৰচনাৱলীৰ পোন্ধৰটাকৈ খণ্ডৰ প্ৰায় ষাঠি হাজাৰ গ্ৰন্থ ক্ৰয় কৰিছে। এই গ্ৰন্থবোৰ ৰাজ্য চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ে ক্ৰয় কৰি বিভিন্ন পুথিভঁৰালবোৰত যোগান ধৰাৰ আঁচনি ৰূপায়ন কৰিছে।
পূৰ্বতে বহুকেইখন আদৰ্শ মহাবিদ্যালয় দীনদয়াল উপাধ্যায়ৰ নামত নামকৰণৰ সিদ্ধান্ত ৰাইজৰ হেঁচাত বাতিল কৰিবলৈ বাধ্য হোৱা ৰাজ্য চৰকাৰে লোৱা এই আঁচনিৰ কথা পোহৰলৈ আহিছে অসম বিধানসভাৰ মজিয়াত। এই বিষয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সবিস্তাৰে প্ৰকাশ পাইছে। আমি নিশ্চিত যে ৰাজ্য চৰকাৰৰ এনেধৰণৰ কাম-কাজৰ আঁৰত প্ৰভাৱশালী চক্ৰটোৰে হাত আছে।
প্ৰশ্ন হয়- অসমত মাতৃভাষাৰ বিদ্যালয়বোৰ বন্ধ হৈ গৈছে. গ্ৰাম্য পুথিভঁৰালবোৰো জহি-খহি গৈছে। তেনেস্থলত দীনদয়াল উপাধ্যায়ৰ নামত কোটি কোটি টকা খৰচ কৰি গ্ৰন্থ ক্ৰয় কৰা হৈছে কিয়? লোকপ্ৰিয় গোপীনাথ বৰদলৈ, সাহিত্যৰথী বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা অথবা সৌৰভ চলিহাৰ দৰে প্ৰথিতযশা ব্যক্তিৰ ৰচনাৱলীবোৰ চৰকাৰী পুথিভঁৰালবোৰে কিনিছেনে? যদি কিনিছেও, তেন্তে কিমান কিনিছে?
আচলতে এইদৰে চৰকাৰী উদ্যোগতে হিন্দু-হিন্দী বলয়ৰ আধিপত্যবাদীসকলে কেৱল আমাৰ বজাৰেই দখল কৰা নাই, সংস্কৃতিও দখল কৰিবলৈ ওলাইছে। আমি ভাবো, পণ্ডিত দীনদয়াল উপাধ্যায়কেন্দ্ৰিক সংস্কৃতি গিলিবলৈ অসমীয়া মানুহক বাধ্য কৰোৱা হৈছে। কিন্তু কথা হৈছে- সেই সংস্কৃতি হজম কৰিব পাৰিবনে অসমীয়াই? নে ই বদহজম হ'ব- এইবোৰ বিষয় শাসক পক্ষই সময় থাকোতেই অনুধাৱন কৰা উচিত।