/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পিছত ইমানদিনে এটা কথা অন্ততঃ স্পষ্ট হৈ পৰিছে যে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় দলটোৱেই নিৰ্ধাৰিত সময়ত এখন নিৰ্ভুল তথা সম্পূৰ্ণ এন আৰ চি প্ৰস্তুত হোৱাটো বিচৰা নাই। এই দলটোৰ একাংশ শীৰ্ষস্থানীয় নেতাৰ বিভ্ৰান্তিকৰ মন্তব্যৰ পিছতহে আমাৰ মনত এইধৰণৰ সন্দেহ ঘনীভূত হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থিতি নিশ্চিতভাৱে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়িক তদাৰকীৰ ওপৰতে নিৰ্ভৰশীল যদিও দলীয়ভাৱে শাসকপক্ষই এন আৰ চি বিষয়টো লৈ ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ লক্ষ্য পূৰণৰ বাবেহে অধিক সক্ৰিয়তা প্ৰদৰ্শন কৰিছে।
মুঠতে দিন যোৱাৰ লগে লগে এন আৰ চি কেন্দ্ৰিক বিতৰ্কত জটিলতাৰ সৃষ্টি কৰিছে বিভিন্ন মহলৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই। এই কথা অনস্বীকাৰ্য যে বৈধ অসমবাসী তথা ভাৰতীয় নাগৰিকে এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাটো অন্তঃকৰণেৰে কামনা কৰিছে। কিন্তু একাংস সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ ভুল ব্যাখ্যাই অযথা হৈ-চৈৰ সৃষ্টি কৰিছে।
ইফালে এন আৰ চিক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ তীক্ষ্ণ পৰ্যবেক্ষণ আৰু ধাৰাবাহিক শুনানিয়ে বহু গুৰুত্বপূৰ্ণ বিষয় উন্মোচন কৰিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে স্পেচিয়েল অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ এছ অ' পি সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা প্ৰস্তাৱকে ধৰি অন্যান্য বিষয়ত সদ্যহতে আন এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিব। ইয়াৰ মাজতে এন আৰ চিৰ সম্পূৰ্ণ খচৰাত অবৈধ বাংলাদেশীৰ নাম সোমাইছে বা থলুৱা লোকৰ নাম বাদ পৰিছে বুলি ব্যাপক প্ৰচাৰ চলিছে।
কিন্তু কথাটো হ'ল- সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা প্ৰায় ৪০ লাখ লোকক অবৈধ বাংলাদেশী বা বিদেশী বুলি দায়িত্বশীল মহলে কোৱা নাই। সৰ্বোচ্চ ন্যায়ালয় আৰু এন আৰ চি কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি আদি বিধিগত ভাৱে দাখিল কৰিবলৈহে আহ্বান জনোৱা হৈছে। তেনেস্থলত বিষয়টোক লৈ এইদৰে অপপ্ৰচাৰ চলোৱাটোৱেই অবান্তৰ কথা।
বিড়ম্বনাৰ কথাটো হ'ল- ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৰে দায়িত্বশীল ব্যক্তিয়েও আনকি এন আৰ চি অতি সহজে প্ৰকাশ পোৱাত সমস্যা আছে বুলি ৰাজহুৱা মন্তব্য দাঙি ধৰিবলৈ কুণ্ঠাবোধ কৰা নাই। যিটো কাম সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰন্তৰ পৰ্যবেক্ষণত চলি আছে, সেই ক্ষেত্ৰত এইদৰে মন্তব্য কৰাটো নিশ্চয়কৈ অশোভনীয়। শাসক দলটোৰ দুই-এগৰাকী নেতায়ো এইকেইদিন সম্পূৰ্ণ খচৰাখনক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি জনসাধাৰণৰ মাজত বিভাজন অনাৰ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এইবোৰে প্ৰত্যেক্ষ অথবা পৰোক্ষভাৱে ন্যায়ালয়ৰ ভূমিকাক অৱজ্ঞা কৰা নাইনে?
ইফালে, আকৌ সীমামূৰীয়া ৰাজ্যকেইখনমানৰ প্ৰৱেশদ্বাৰত কেতবোৰ সংগঠনে অসমৰ পৰা যোৱা লোকৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ আদিৰ পৰীক্ষা চলোৱা বিষয়টোৱে সচেতন মহলৰ চকু কপালত তুলিছে অৰ্থাৎ এন আৰ চিৰ সম্পূৰ্ণ তালিকা প্ৰকাশ নৌহওঁতেই কোন বিদেশী, কোন স্বদেশী তাৰ নিৰীক্ষণ প্ৰক্ৰিয়া বেচৰকাৰীভাৱে আৰম্ভ হৈ গৈছে। এই ক্ষেত্ৰত সংশ্লিষ্ট মহলৰ প্ৰতিক্ৰিয়া আৰু এখোপ চৰা। তেওঁলোকে হেনো অসমৰ লোকৰ ইনাৰ লাইন পাৰ্মিট আদিৰহে পৰীক্ষা-নিৰীক্ষা চলাইছে। কথাটো হ'ল কেতবোৰ বেচৰকাৰী সংগঠনক বিজেপি শাসিত সীমামূৰীয়া ৰাজ্যবোৰত জনসাধাৰণক হাৰাশাস্তি কৰাৰ আইনগত অধিকাৰ কোনে দিলে?
তাৎপৰ্যপূৰ্ণভাৱে এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যবোৰৰ প্ৰশাসনৰ নীৰৱ ভূমিকায়ো সকলোকে আচৰিত কৰি তুলিছে। অৱশ্যে ইয়াৰ আঁৰত শাসকপক্ষৰে ৰাজনৈতিক অভিসন্ধি জড়িত হৈ থাকিব পাৰে। মুঠতে এন আৰ চিক লৈ অসমৰ এটা শিবিৰ অতি উৎসাহিত হোৱাৰ বিপৰীতে, আকৌ আন এটা শিবিৰে যাকে-তাকে অবৈধ বাংলাদেশী বুলি সাব্যস্ত কৰাৰ অপচেষ্টা চলাইছে। তাৰ মাজতে সমাজৰ সচেতন অংশ এটাই সমগ্ৰ প্ৰক্ৰিয়াটোৰ গতি-বিধি নিৰীক্ষণ কৰিছে।
আমি ভাবো- ৰাজ্যৰ উদাৰ গণতান্ত্ৰিক, ধৰ্মনিৰক্ষেপ জাতীয় দল-সংগঠন আৰু নাগৰিক সমাজে এন আৰ চি কেন্দ্ৰিক সকলোধৰণৰ অপপ্ৰচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিলেহে অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা যাব।