জাতীয় শক্তিৰ ভূমিকা

জাতীয় শক্তিৰ ভূমিকা

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনক জাতিধ্বংসী, সাম্প্ৰদায়িক তথা সংবিধানবিৰোধী আখ্যা দিয়া জাতীয় দল-সংগঠনে এইবাৰৰ লোকসভা নিৰ্বাচনত কি ধৰণৰ স্থিতি লয়, সেয়া নিশ্চয়কৈ গুৰুত্বপূৰ্ণ হ'ব। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ ভূমিকাই এই নিৰ্বাচনৰ ফলাফলক বহুদূৰ প্ৰভাৱান্বিত কৰিব। অৰাজনৈতিক ছাত্ৰ সংগঠন হ'লেও আছুৱে তেওঁলোকৰ জাতীয় দায়িত্ব বৃহৎ পৰিসৰত থাকি নিৰ্বাচনত অসমৰ জনসাধাৰণক জাতীয় আহ্বান দিয়া উচিত।

Advertisment

কোনো দল বিশেষৰ প্ৰতি সমৰ্থন বা বিৰোধিতা কৰা-নকৰাকৈও জাতীয় সংগঠনটোৱে নিৰ্বাচনক কেন্দ্ৰ কৰি জাতিৰ স্বাৰ্থত মাত মাতিব পাৰে। এইক্ষেত্ৰত অন্য জাতীয় দল-সংগঠনে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰিলে জনসাধাৰণ বিভ্ৰান্তি দূৰ হ'ব। এই কথাও স্বীকাৰ কৰাৰ উপায় নাই যে বিগত লোকসভা নিৰ্বাচনত আমাৰ জাতীয় দল-সংগঠনৰ পৰাই বুজন সংখ্যক নেতাই গৈ শাসকীয় শিবিৰটোত যোগদান কৰিছিল। আনকি সেই নিৰ্বাচনৰ পিচতো বহু নেতাই এই কথা ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে যে কংগ্ৰেছী অপশাসনৰ পৰিবৰ্তন বিচাৰি তেওঁলোকে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হোৱাটো বিচাৰিছে।

তাৰ পিচৰ পৰ্যায়ত অনুষ্ঠিত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়তো জাতীয় দল-সংগঠনৰ সক্ৰিয় ভূমিকা কাৰো অবিদিত নহয়। ইফালে এইবাৰৰ লোকসভা নিৰ্বাচনত আঞ্চলিকতাবাদী ৰাজনীতিৰ ধ্বজা বহনকাৰী অসম গণ পৰিষদে পুনৰবাৰ বিজেপিৰ সৈতে নিৰ্বাচনী মিত্ৰতা সম্পন্ন কৰিছে যেতিয়া ৰাজ্যখনৰ জাতীয়তাবাদী মনোভাবাপন্ন ৰাইজো শ'লঠেকত পৰিছে। প্ৰশ্ন হয়- পুনৰ ক্ষমতালৈ আহিলে সংসদত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহীত কৰিবই বুলি দম্ভালি মৰা কেন্দ্ৰৰ শাসকীয় দলটোক তেওঁলোকে কোনসতে সমৰ্থন কৰিব? আৰু যদি নকৰে তেন্তে তেওঁলোকৰ বাবে নিৰ্বাচনত তাৰ বিকল্প কি হ'ব? এই প্ৰশ্নবোৰৰ সমিধান দিয়াৰ দায়িত্ব অসমৰ জাতীয় দল-সংগঠনৰ নেতৃত্বৰ।

অথচ বিড়ম্বনাৰ কথাটো হ'ল- এই মুহূৰ্তলৈকে ৰাজ্যৰ কোনো এটা সংসদীয় সমষ্টিতে নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চৰ হৈ উমৈহতীয়া প্ৰাৰ্থী এগৰাকী প্ৰক্ষেপ কৰা হোৱা নাই। তাৰ অৰ্থ হ'ল, জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাক যিবোৰ ৰাজনৈতিক দলে নিৰ্বচনী ইছ্যু কৰিছে তেওঁলোকৰ মাজৰ পৰাই ভোটাৰে প্ৰাৰ্থী নিৰ্বাচন কৰিব লাগিব। কিন্তু প্ৰশ্ন হৈছে- প্ৰকৃততে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিষয়টো এই নিৰ্বাচনত মুখ্য ইছ্যু হ'ব নে নহয়? শাসকপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে পূৰ্বতকৈও অধিকসংখ্যক সমষ্টিত তেওঁলোক বিজয়ী হ'ব। তেওঁলোকৰ বাবে বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা জনজাগৰণে লোকসভা নিৰ্বাচনক কোনোধৰণে সভাবোৰতো বিধেয়কখনৰ সপক্ষে দলীয় স্থিতি ঘোষণা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।

বিজেপিয়ে ভাবে যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত আন্দোলন-প্ৰতিবাদ কৰা জনসাধাৰণে নিৰ্বাচনত তেওঁলোকৰ পক্ষেই ৰায় দিব। অৰ্থাৎ অসমৰ জাতীয়তাবাদী চিন্তা-চেতনাক হিন্দুত্ববাদী আৱেগে সম্পূৰ্ণৰূপে গ্ৰাস কৰিছে বুলি শাসকপক্ষ নিশ্চিত হৈছে। কিন্তু বহুতৰ মতে কথাটো তেনেকুৱা নহয়। বৰং শাসকপক্ষই অতি কৌশলপূৰ্ণভাৱে বিধেয়কবিৰোধী ৰাইজৰ মাজত ভোট বিভাজনৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ বাবে কেতবোৰ সমষ্টিত কিছুমান প্ৰাৰ্থীক থিয় কৰাইছে। এই প্ৰাৰ্থীসকল দেখাত বিধেয়কবিৰোধী সংগ্ৰামৰ অংশীদাৰ যদিও তেওঁলোক ইতিমধ্যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসকপক্ষৰ জোঁটত চামিল হৈ আছে।

বিজেপিয়ে বিচাৰিছে বিধেয়কবিৰোধী অসমীয়া ভোট বিভাজন হওঁক আৰু কংগ্ৰেছ বা অন্য দলবোৰ তাৰ দ্বাৰা লাভান্বিত নহওঁক। তাৎপৰ্যপূৰ্ণভাৱে জনবিৰোধী আৰ্থিক নীতি আৰু হিন্দুত্ববাদী শক্তিৰ সাম্প্ৰদায়িক কাম-কাজক উদগনি দিয়াৰ অভিযোগ লৈ মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা বিৰোধী শক্তিয়ে অসমত মহাজোঁট বন্ধনৰ ৰাজনীতিক কোনোভাৱেই কাৰ্যকৰী ৰূপ দিব পৰা নাই। অসমত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী শিবিৰ ঐক্যবদ্ধ হোৱাৰ ৰাজনৈতিক পৰিৱেশো নাই। কাৰণ ইতিমধ্যে আঞ্চলিকতাবাদী ৰাজনৈতিক দলবোৰে বিজেপিৰ লগতে নিৰ্বচনী মিত্ৰতাত আৱদ্ধ হৈ পৰিছে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী আন্দোলনে এটা পৰ্যায়লৈ আঞ্চলিক শক্তিবোৰক একগোট কৰি ৰাখিছিল যদিও অসম গণ পৰিষদৰ শেহতীয়া স্থিতিয়ে তাকো মষিমূৰ কৰিলে। এনে এক পৰিস্থিতিত জাতীয় দল-সংগঠনে সক্ৰিয়তা অৱলম্বন কৰি ভোটাৰ ৰাইজক আশ্বস্ত কৰিব পাৰিলেহে নতুন দিল্লীৰ অসম আৰু অসমীয়াবিৰোধী ৰাজনীতিত প্ৰতিহত কৰিব পৰা যাব। অন্যথা এই নিৰ্বাচনত সৰ্বভাৰতীয় নিৰ্বাচনকেন্দ্ৰিক প্ৰচাৰৰ ঢৌৱে অসমৰ আঞ্চলিকতাবাদী শক্তিবোৰক বৰদূৰলৈ উটুৱাই লৈ যাব।