/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
শাসকীয় বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে দেশৰ বিভিন্ন প্ৰান্তত বিৰোধী শক্তিবোৰে নিৰ্বাচনী মিত্ৰতা স্থাপন কৰিছে যদিও সম্প্ৰতি ইয়াৰ দুৰ্বল দিশবোৰে দেশবাসীৰ আগত স্পষ্ট হ'ব ধৰিছে। এই কথা নিশ্চিত যে প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছে বিষয়টোৰ ক্ষেত্ৰত যিধৰণৰ সক্ৰিয় ভূমিকাত অৱতীৰ্ণ হ২ব লাগিছিল, বিভিন্ন কাৰণত সেয়া সম্ভৱপৰ হৈ উঠা নাই। উত্তৰপ্ৰদেশ, দিল্লী, বিহাৰ, পশ্চিমবংগকে ধৰি বিভিন্ন ৰাজ্যত বিজেপিবিৰোধী মহাজোঁট বন্ধৰ ৰাজনীতি একপ্ৰকাৰ বিফল হৈ পৰিছে বুলি ক'লেও ভুল নহ'ব।
দেশৰ ভিতৰতে ৰাজনৈতিকভাৱে অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে চিহ্নিত উত্তৰপ্ৰদেশত মায়াৱতী আৰু অখিলেশ যাদৱৰ লগত কংগ্ৰেছৰ নিৰ্বাচনী মিত্ৰতা কাৰ্যকৰী নহ'ল। কংগ্ৰেছে ৰাজ্যখনৰ মূল বিৰোধী ৰাজনৈতিক শক্তি দুটাৰ সৈতে সমিল-মিলেৰে আগবাঢ়িব নোৱাৰিলে। এইক্ষেত্ৰত বহুজন সমাজ পাৰ্টিৰ নেত্ৰী মায়াৱতীয়েও ৰাহুল গান্ধীৰ সৈতে দূৰত্ব বজাই ৰাখিলে। বহুতে কয় যে, এসময়ত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ লগত চামিল হোৱা মায়াৱতী এইবাৰৰ বিজেপিবিৰোধী মহাজোঁট বন্ধনকেন্দ্ৰিক ৰাজনীতিৰ বিশ্বাসযোগ্য নেত্ৰী হ'ব নোৱাৰে।
নিৰ্বাচনৰ পিচত সুযোগ পালে মায়াৱতীয়ে নিজকে প্রধানমন্ত্ৰিত্বৰ দাবীদাৰ হিচাপে প্ৰক্ষেপ কৰি বিৰোধী ঐক্যত আউল লগাব পাৰে। অৱশ্যে কেন্দ্ৰৰ মূল শাসকীয় শিবিৰটোৰ দ্বাৰাই এইধৰণৰ প্ৰচাৰ চলোৱা হৈছে বুলি বিৰোধী নেতাসকলে অভিযোগ কৰিছে। লোকসভা নিৰ্বাচনত বিজেপি তথা এন ডি এৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিষ্ঠানবিৰোধী ঢৌ স্তিমিত কৰিবলৈকে গেৰুৱা বাহিনীয়ে বিৰোধীৰ মহাজোঁট বন্ধনক লৈ নানাধৰণৰ বিভ্ৰান্তিকৰ বাতৰি বিয়পাই দিছে বুলিও কোৱা হৈছে। কিন্তু সেই বুলিয়েই বিষয়টোক একেআষাৰে উলাই কৰিব নোৱাৰি। কাৰণ আজিৰ তাৰিখত কংগ্ৰেছ নেতৃত্বই দেশৰ বিভিন্ন ৰাজ্যত বিজেপিবিৰোধী বোটৰ বিভাজন নহ'বলৈ যিধৰণৰ সক্ৰিয়তা অৱলম্বন কৰিব লাগিছিল, সেয়া চকুত পৰা নাই।
কংগ্ৰেছ নেতৃত্বই হয়তো ভাবিছে যে নিৰ্বাচনত মোডী চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হ'ব পৰা নেতিবাচক ভোটৰ সৰহসংখ্যকেই তেওঁলোকে লাভ কৰিব আৰু অন্য বিৰোধী শক্তিবোৰৰ সমৰ্থনত অনায়াসে কংগ্ৰেছে ক্ষমতাত অধিষ্ঠিত হ'বলৈ সক্ষম হ'ব। অৰ্থাৎ সৰু-বৰ আঞ্চলিক দলবোৰৰ দুৰ্বলতাৰ সুযোগ লৈ কংগ্ৰেছে নিশ্চিন্তমনে আগবাঢ়িছে। এই কথা অনস্বীকাৰ্য যে সৰ্বভাৰতীয় দল হিচাপে কংগ্ৰেছৰ সাংগঠনিক দিশটোৰ সৈতে অন্য বিৰোধী দলবোৰে ফেৰ মাৰিব নোৱাৰে।
বিশেষকৈ আঞ্চলিক ভিত্তিত বা একো একোখন ৰাজ্যৰ ৰাজনীতিতে সীমাৱদ্ধ সমাজবাদী পাৰ্টি, তৃণমূল কংগ্ৰেছ, এন চি পি, আম আদমি পাৰ্টি, ডি এম কে, তেলুগু দেশম পাৰ্টি আৰু আৰ জে ডিৰ দৰে ৰাজনৈতিক দলবোৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিক প্ৰতিহত কৰিব নোৱাৰে বাবেই কংগ্ৰেছৰ সৈতে তেওঁলোকে মিত্ৰতা কৰিবলৈ বাধ্য হৈ পৰিছে। অন্য বাওঁপন্থী দলবোৰৰ ক্ষেত্ৰতো একেই কথা খাটে। মুঠতে বিৰোধীক নেতৃত্ব দিব পৰাকৈ কংগ্ৰেছৰ শক্তি আছে। কিন্তু এইবাৰৰ নিৰ্বাচনী প্ৰেক্ষাপট অলপ সুকীয়া। ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে প্ৰকাশ কৰিছে যে এইবাৰৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত মায়াৱতী আৰু অখিলেশ যাদৱ, অন্ধ্ৰপ্ৰদেশত চন্দ্ৰবাবু নাইডু আৰু পশ্চিমবংগৰ দৰে ৰাজ্যত মমতা বেনাৰ্জীৰ আকৰ্ষণীয় উত্থান ঘটিছে। কংগ্ৰেছেও এওঁলোকক বাদ দি চলিব নোৱাৰে।
গতিকে বিৰোধী ঐক্যবদ্ধ হ'লেহে শাসকক প্ৰত্যাহ্বান জনাব পৰা যাব। এই কথাটোকে সঠিকভাৱে উপলব্ধি কৰিব পৰা নাই কংগ্ৰেছ নেতৃত্বই। অথচ এন ডি এৰ অন্তৰ্ভুক্ত অন্য সৰু-বৰ দলবোৰক সম্পূৰ্ণৰূপে আস্থাত লৈ বিজেপিয়ে আসনৰ বুজাবুজি কৰিবলৈ সক্ষম হৈছে। ই কংগ্ৰেছৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা নাই। এন ডি এত বিজেপিৰ শক্তিশালী স্থিতি থকাৰ পিচতো কিছুমান ৰাজ্যত দলটোৰ শীৰ্ষ নেতৃত্বই মিত্ৰ দলৰ সৈতে এক সুস্থিৰ বাতাবৰণত আসনৰ ভাগ-বাটোৱাৰা কৰিছে। উদাহৰণস্বৰূপে বিহাৰত নীতিশ কুমাৰৰ দলৰ সৈতে আসনৰ প্ৰায় সমবিতৰণ সম্ভৱপৰ হৈছে।
তামিলনাডুতো এ আই এ ডি এম কেৰ মুখ্য ভূমিকাক বিজেপিয়ে মানি লৈছে। কিন্তু কংগ্ৰেছে এতিয়ালৈকে দিল্লী আৰু উত্তৰপ্ৰদেশত বিৰোধী ভোটৰ বিভাজনৰ সম্ভাৱনা ৰোধ কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰিব নোৱাৰিলে। ইফালে পশ্চিমবংগতো কংগ্ৰেছে সক্ৰিয় ৰাজনীতিৰ ক্ষেত্ৰখনত দূৰদৰ্শিতাৰ পৰিচয় দিব পৰা নাই। প্ৰায় ছয় সপ্তাহ আগতে যিগৰাকী কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এন চি পি নেতা শাৰদ পাৱাৰৰ নতুন দিল্লীস্থিত বাসভৱনৰ সন্মুখত মমতা বেনাৰ্জীৰ সৈতে সংবাদমেলত উপস্থিত থাকি প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ কুচ-কাৱাজ দিছিল আৰু যোৱা ১৯ জানুৱাৰীৰ দিনা মমতা বেনাৰ্জীয়ে কলকাতাৰ ব্ৰিগেড ময়দানত আয়োজন কৰা মহাজোঁট বন্ধন ৰেলীলৈ দুগৰাকীকৈ কংগ্ৰেছী নেতাক প্ৰেৰণ কৰিছিল, সেইগৰাকী ৰাহুল গান্ধীয়ে যোৱা শনিবাৰে পশ্চিমবংগৰ মালডাৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী মোডী আৰু বেনাৰ্জীক একেই সুৰতে সমালোচনা কৰিলে।
ৰাহুল গান্ধীয়ে সেই সভাত উদাত্তকণ্ঠে ঘোষণা কৰিলে যে প্ৰধানমন্ত্ৰী মোডীৰ দৰে মমতা বেনাৰ্জীৰ চৰকাৰেও পশ্চিমবংগক সাধাৰণ ৰাইজৰ বাবে একো নকৰিলে। উল্লেখযোগ্য যে মালডা লোকসভা সমষ্টিত যোৱাবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱা সাংসদগৰাকীয়ে অলপতে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। সি যি কি নহওঁক, দেশব্যাপী বিৰোধী ঐক্য গঢ়াৰ ক্ষেত্ৰত কংগ্ৰেছে আশানুৰূপভাৱে সক্ৰিয়তা অবলম্বন নকৰা বিষয়টোৱে সদ্যহতে শাসক পক্ষকে উৎসাহিত কৰিছে।