সিঁচৰতি ভস্ম

সিঁচৰতি ভস্ম

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

কাৰোবাৰ শ্মশান যাত্ৰাৰ সংগী হোৱা অথবা কাৰোবাৰ মৃতদেহৰ চাঙীখন কান্ধ পাতি ল'লেই সেই মানুজনৰ প্ৰতি মৃত্যুৰ পিছত সন্মান প্ৰদৰ্শন কৰাটো নুবুজায়। যিজনৰ চাঙীখন কান্ধ পাতি লৈছিল তেওঁ হয়তো জীয়াই থাকোতে কান্ধ পাতি লোৱাজনৰ ঘোৰ শত্ৰু আছিল! চকু মুদাৰ পিছত বহু কথা প্ৰকাশ নাপায়। মৰি যোৱাৰ পাছত কোনেও চাবলৈ নাহে যে তেওঁৰ মৃতদেহটো কোনে কান্ধত লৈছিল, অস্থি পবিত্ৰ নদীত বিসৰ্জন দিলে নে নাই, মৃতদেহটো ৰখা ঘৰৰ চোতালৰ ঠাইখিনিত পুৱা-গধূলি চাকি-ধূপ জ্বলালে নে নাই ইত্যাদি কথাবোৰ।

Advertisment

মৃত্যুৰ পিচত সকলো মিছা। নিদ্ৰাৰত মাকৰ বুকুৰ পৰা কণমানি শিশুক অপহৰণ কৰা দুৰ্বৃত্তই মুক্তিপণ দাবী কৰাৰ ঘটনা ঘটিছে এইখন গুৱাহাটীত। গতিকে মৃতজনৰ সৈতে মানুহে কিমান খেল দেখুৱাব পাৰে, সেয়া সহজে অনুমেয়। জীৱন আৰু মৃত্যু একোটা অদ্ভূত উপাসনাৰ দৰে। জীয়াই থাকোতেও জীৱনৰ পূজা আৰু মৃত্যুৰ পিছতো জীয়াই ৰখাৰ পূজা।

প্ৰায় ৪৫ বছৰ পূৰ্বে এজন ব্যক্তিৰ মৃতদেহটো এটা ৰে'ল ষ্টেচনত উদ্ধাৰ হৈছিল। সুদীৰ্ঘ ৪৫ বছৰ সেই ষ্টেচনটোত কিমান ৰে'ল ৰখিল, কিমান পাৰ হৈ গ'ল, কিমান ষ্টেচনটোত মল-মূত্ৰ ত্যাগ কৰিলে তাৰ হিচাপ নাই। ৪৫ বছৰ পিছত হঠাতে ষ্টেচনটোৰ নাম সেই ব্যক্তিজনৰ নামেৰে ৰখা হ'ল, যিজনৰ মৃতদেহটো এদিন তাত পৰি আছিল। জীয়াই থাকোতে মানুহে যিটো জীৱন নাপালে, সেয়া মৃত্যুৰ পিছত দিয়াৰ চেষ্টা চলে। যাৰ নামত ৰে'ল ষ্টেচনৰ নতুন নাম ৰখা হ'ল, তেওঁক এতিয়া অসমীয়া সাহিত্যৰো মা-বাপ কৰি পেলোৱা হ'ল। যদি জীয়াই থাকে তেন্তে অসমীয়া জাতিৰ উদ্ধাৰকৰ্তা বুলি এদিন শংকৰদেৱ, ৰসৰাজৰ ঠাইত এইজনা উপাধ্যায়ৰ অধ্যায় এটা সংযোজন কৰা হ'ব পাৰে।

এজন ৰাষ্ট্ৰীয় নেতাৰ মৃত্যু হ'ল। তেওঁৰ চিতাভস্ম এইকেইদিন সত্যনাৰায়ণ পূজাৰ পদজলসদৃশ হৈ পৰিছে। ভাল কথা। মৃত্যুৰ পাছত কোনে কাক মূৰত তুলিছে বা মাটিত থৈয়ে সেয়া মৃতকে চাবলৈ নাহে। পিচে পদজলৰূপী চিতাভস্মৰ পাত্ৰ হাতত লৈ অন্ততঃ কেইজনমানে পাপৰ পৰা মুক্ত পোৱা বুলি গণ্য কৰিছে। কিয়? কাৰণ শ্মশান যাত্ৰাৰ সংগী হোৱা বা কাৰোবাৰ মৃতদেহৰ চাঙীখন কান্ধ পাতি লোৱাৰ দৰেই মহান কাম বুলি গণ্য কৰা হয় চিতাভস্ম তৰ্পণ। এনে পুণ্যৰ কাম কৰিবলৈ কোনেনো পিচ হুঁহকি যাব।

তদুপৰি যিবোৰ নদীত চিতাভস্ম বিসৰ্জন দিয়া হয়, সেইবোৰ নদীৰ পানী আটাইতকৈ লেতেৰা। পানী লেতেৰা হওক কথা নাই, ভস্ম বিসৰ্জনকাৰীসকলৰ মনটো লেতেৰা নহওক। লেতেৰা হ'লেই জানিব আমাৰ ইয়াতো ঠাইৰ নাম, পাঠ্যক্ৰমৰ নাম, আঁচনিৰ নাম, শিক্ষানুষ্ঠানৰ পুৰণি নামবোৰ চিতাভস্মৰ দৰে নৈত উটি যাব। তাৰ ঠাই ল'ব সদ্যপ্ৰয়াত ৰাষ্ট্ৰ নেতাৰ নামবোৰে। ভস্মৰ পৰাও অসুৰৰ জন্ম হোৱাৰ কাহিনী আছে ভাৰতীয় সাহিত্যত। জীৱন আৰু মৃত্যুৰ অনবদ্য সমীকৰণ ঘটোৱা অসমীয়াই কিহৰ পাঠ ল'ব সেয়া সময়ে ক'ব। কাৰণ জাতিটোৰ চৌদিশে নিজৰেই ভস্মবোৰ কেতিয়াবাই সিঁচৰিত হৈ পৰিছে।

সিদ্ধু-সিদ্ধ

'চান্দনী চ'ক টু চাইনা' নামৰ হিন্দী ছবিখনত সিদ্ধুৱেই প্ৰধান চৰিত্ৰ। প্ৰথমতে হোজা তাৰ পিছত দুৰ্দান্ত যোদ্ধা। ৰূপালী পৰ্দাৰ এইজন সিদ্ধুৰ দৰেই ৰাজনীতিৰ মঞ্চতো এজন সিদ্ধু আছে। আগতে তেওঁ ক্ৰিকেটাৰ আছিল। বেটিং কৰিবলৈ আহোতে তেওঁক একপ্ৰকাৰ হোজা যেনেই লাগিছিল। বেটিঙত সিদ্ধুও নিৰ্দয় হৈছিল। ক্ৰিকেট তেওঁৰ বাবে সুখকৰ নহ'ল। সেই হোজা সিদ্ধুজন কালক্ৰমত এজন ষ্টাইলিছ বক্তা হৈ পৰিল। এসময়ত মুখেৰে মাত নোলোৱা সিদ্ধু মানেই পৰৱৰ্তী সময়ত হিন্দু-ইংৰাজী ভাষাৰে অনৰ্গল কৈ থাকিব পৰা বহুবল্কী হৈ পৰিল। এতিয়া সিদ্ধু মন্ত্ৰী।

একালৰ সতীৰ্থ ক্ৰিকেটাৰ এজন চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী হ'ল। শপতগ্ৰহণলৈ ভাৰতৰ পৰা গ'ল একমাত্ৰ সিদ্ধু। তেওঁ নিমন্ত্ৰিত। চান্দনী চ'ক টু চাইনাৰ দৰে সিদ্ধুৰ এই যাত্ৰা। হোজা সিদ্ধু এতিয়া পৰিপক্ক আৰু পৈণত ৰাজনীতিক।

চুবুৰীয়া শত্ৰু দেশখনলৈ সিদ্ধু কিয় গ'ল? চুবুৰীয়া দেশৰ সেনা বিষয়াক তেওঁ কিয় আলিংগন কৰিলে? এনে বহু প্ৰশ্ন উত্থাপন হ'ল। সিদ্ধুৰ প্ৰতিকৃতি দাহ কৰিছে। হনুমানৰ নেগুৰত জুই দিয়া ৰাক্ষসকেইটা কোন আছিল বুলি কোনেও প্ৰশ্ন নকৰে। সকলোৱে ক'ব- ৰাৱণেই হনুমানৰ নেগুৰত জুই লগাই দিছিল। আচলতে তেওঁ নিৰ্দেশ দিছিল, জুই দিছিল ৰাক্ষস সেনাই। জুই লগোৱাৰ সময়ত উপস্থিত থকা সাক্ষীসকলৰ কোনো পিচলৈ জীয়াই থকা নাছিল।

ঠিক একেদৰে সিদ্ধুৰ প্ৰতিকৃতি অসম মুলুকত দাহ কৰা ঘটনাটোও। সিদ্ধুৱে চুবুৰীয়া ৰাষ্ট্ৰত কি কৰিলে তাক লৈ আমাৰ ইয়াত নেগুৰত জুই দিয়াৰ দৰকাৰ কি? কৰিবলৈ অন্য কোনো কাম নাছিল নেকি? সিদ্ধু সিদ্ধ নহ'ব পাৰে। সেইবুলি আমাৰ ইয়াত মানুহখিনিয়ে অসিদ্ধ কাম কৰে কিয়! আমিয়েই দেখোন নৰ হত্যাকাৰীক ফুলাম গামোচা পিন্ধাইছো। বোমা দি মানুহ হত্যা কৰা লোকক জনপ্ৰতিনিধি কৰিছো। গুপ্তহত্যাকাৰীৰ চৰ্দাৰক নিৰ্বাচনবোৰত জিকায়েই আহিছো।

আমাৰ পৰিচয় কি? সিদ্ধ নে অসিদ্ধ। আধা সিজা কণীৰ পৰা ওলাই অহা বিজলুৱাকণৰ মগজু এটা কঢ়িয়াই লৈ ফুৰা অসমীয়া। কাম নাথাকিলে ঘৰৰ পিছফালৰ ভাঙি পৰা জেওৰাখন ঠিক কৰক অথবা বাৰীৰ বনকেইডাল উভালি পেলাওক। সিদ্ধু অন্য এখন ৰাজ্যৰ মূৰৰ কামোৰণি হ'ব পাৰে। আমাৰ মূৰৰ কামোৰণি তাতকৈও বহুত আছে। শিক্ষা, স্বাস্থ্য, পৰিবহণ, কৃষি এই আটাইবোৰ বিভাগত অসিদ্ধ কাম কৰি থকা কিমান সিদ্ধ পুৰুষেৰে আমাৰ সমাজ ভৰি আছে, তাৰ লেখ লওতা নাই।

তথাপি আমি ব্যস্ত সিদ্ধুক লৈ। আচলতে চান্দনী চ'কৰ সৈতে চাইনাৰ কোনো সম্পৰ্ক নথকাৰ দৰেই আমিও নিষ্কৰ্মাবোধহীন-আধাসিজা মানুহৰ দৰে সুদূৰৰ সিদ্ধুৰ নেগুৰডাল টানি আনি ইয়াত জুই লগোৱাৰ চেষ্টা কৰিছো। একবিংশ শতিকাৰ এইসকল নিষ্কৰ্মা আহোম যুগৰ ধোদতকৈও অধইচ।