/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
অহা কেইটামাহমানৰ ভিতৰতে অনুষ্ঠিত হ'ব দেশৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। তাৰ পিছতে আহি আছে ২০১৯চনৰ লোকসভা নিৰ্বাচন। এনে পৰিস্থিতিত দেশৰ সক্ৰিয় ৰাজনীতিৰ পথাৰখন উত্তাল হৈ পৰাৰ সময়তে শাসক পক্ষৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী শক্তিয়ে।
মূল্যবৃদ্ধি, নিবনুৱাৰ কৰ্মসংস্থাপন, কৃষিখণ্ডৰ দুৰাৱস্থাৰ উপৰি শেহতীয়াভাৱে বৃহৎ কৰ্প'ৰেটগোষ্ঠীৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ প্ৰসংগত বিৰোধীৰ তিৰ্যক সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত এইবাৰ ৰাফেল যুদ্ধ বিমান ক্ৰয়ক লৈ শ'লঠেকত পৰিছে দল আৰু চৰকাৰ। ২০১৫চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সেই সময়ৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি অ'লাণ্ডেৰ মাজত পেৰিছত সম্পন্ন হোৱা ৰাফেল চুক্তিক লৈ দুদিন আগতে খোদ অ'লাণ্ডেই ফ্ৰান্সৰ এক বেৱছাইটযোগে অভিযোগ আনিছে যে ৰাফেল চুক্তি স্বাক্ষৰৰ সময়ত ভাৰত চৰকাৰৰ ফালৰ পৰা ৰাফেল বিমানৰ যন্ত্ৰাংশ নিৰ্মাণৰ বাবে অনিল আম্বানিৰ কোম্পানীক দায়িত্ব দিয়াৰ কথা কোৱা হৈছিল।
অৰ্থাৎ ফ্ৰান্সৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে মোডী চৰকাৰৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ আনিছে। প্ৰথম কথা হ'ল- অ'লাণ্ডে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত সম্পন্ন চুক্তিৰ তিনি বছৰ পিছত এনে বিস্ফোৰক অভিযোগ আনিছে খোদ চুক্তি স্বাক্ষৰকাৰী এটা পক্ষই। ইমানদিনে কংগ্ৰেছকে ধৰি বিৰোধী শক্তিয়ে অভিযোগ আনিছে যে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধি বিমান ক্ৰয় কৰা পূৰ্বৰ চুক্তি অনুসৰি দেশৰ সংসদত ঘোষণা কৰা দামতকৈ প্ৰতিখন বিমানৰ দাম এহাজাৰ কোটি টকাকৈ বেছি আদায় দিছিল মোডী চৰকাৰে।
তদুপৰি দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান 'হিন্দুস্তান এৰ'নেটিকছ লিমিটেড'ৰ পৰিৱৰ্তে আম্বানিগোষ্ঠীৰ 'ৰিলায়েন্স ডিফেন্স' নামৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোক প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিময়ত ৪০ বছৰৰ বাবে ৰাফেল বিমানৰ পৰিচালনা, তত্ত্বাৱধানৰ দায়িত্ব দিয়া হৈছে বুলিও অভিযোগ আহিছে। কিছুদিন আগতে সম্পন্ন হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধী দলবোৰে ৰাফেল চুক্তিক লৈ উত্থাপন হোৱা গুৰুতৰ অভিযোগবোৰৰ ক্ষেত্ৰত চৰকাৰৰ ৰা উত্তৰ বিচাৰি হুলস্থূল কৰাৰ চেষ্টা চলাইছিল যদিও মূৰকত গৈ সেইবোৰ একোৱেই নহ'ল।
কিন্তু সংসদত নহ'লেও সদনৰ বাহিৰত বিজেপিৰে এসময়ৰ জ্যেষ্ঠ নেতা যশৱন্ত সিনহা, অৰুণ শ্বোৰীৰ দৰে ব্যক্তিসকলেও মোডী চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে। এইক্ষেত্ৰত বিশিষ্ট আইনবিদ প্ৰশান্ত ভূুষণৰ নামো বিশেষভাৱে উল্লেখনীয়। কিন্তু এই বিতৰ্ক চলি থকাৰ মাজতো ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ বক্তব্যই ধুমুহাৰ সৃষ্টি কৰিছে। এতিয়া বিৰোধীয়ে কৈছে যে সেই বক্তব্যই দৰাচলতে তেওঁলোকৰ অভিযোগৰ সত্যতাই প্ৰমাণ কৰিছে। মোডী চৰকাৰে বৃহৎ কৰ্প'ৰেটৰ লগত অবৈধ মিতিৰালি স্থাপন কৰি দেশখন বিক্ৰী কৰিবলৈ ওলাইছে বুলিও কেতবোৰ মহলে উভতি ধৰিছে।
তেওঁলোকৰ মতে বৃহৎ ব্যৱসায়ীয়ে দেশৰ ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ বিদেশলৈ উধাও হৈছে আৰু সেই বিদেশৰে কোম্পানীৰ লগত চুক্তি সম্পন্ন কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ধনৰ অপচয় কৰিছে। ৰাফেল বিমান ক্ৰয়ৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণ লাভান্বিত হোৱাৰ বিপৰীতে আম্বানিগোষ্ঠীহে উপকৃত হৈছে বুলি বিৰোধীৰ অভিযোগ আহিছে। আনকি এই কথাও ওলাইছে যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘোষিত প্ৰতিটো আঁচনিৰ জৰিয়তে লাভ আদায় কৰিছে বহুজাতিক গোষ্ঠীবোৰ।
কিন্তু কথা হ'ল- এতিয়ালৈকে ফ্ৰান্স চৰকাৰ, ফ্ৰান্সৰ বিমান নিৰ্মাণ কোম্পানী, প্ৰাক্তন ৰাষ্ট্ৰপতি অ'লাণ্ডকে ধৰি আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই বিষয়টোক লৈ ইতিমধ্যে ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুই দিন ধৰি এই বিষয়টো সম্পৰ্কে পৰোক্ষভাৱে হ'লেও বিশেষ একোৱেই মন্তব্য কৰা নাই। দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত বিষয়বোৰত গোপনীয়তা অৱলম্বন কৰাটো অতীৱ জৰুৰী ঠিকেই, কিন্তু দেশৰ জনসাধাৰণক আশ্বস্ত কৰাৰ জোখাৰে প্ৰধানমন্ত্ৰীয়ে এইক্ষেত্ৰত পলমকৈ হ'লেও স্পষ্টীকৰণ দাঙি ধৰিব নিশ্চয়।