/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
এসময়ত এজন মানুহে অহৰ্নিশে দুটা প্ৰশ্নৰ পিচত দৌৰি ফুৰিছিল। দুয়োটা প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ হাবাথুৰি খাইছিল। প্ৰথমটো হ'ল আমি জীৱনটোত কেৱল স্বৰ্গপ্ৰাপ্তিৰ সপোনেই দেখো নেকি? দ্বিতীয়টো হ'ল সাৰ পায়েই আমি মৃত্যুৰ কথা ভাবি ব্যথিত হওঁ নেকি? নব্বৈ বছৰ বয়সত চলিত মাহত মৃত্যুবৰণ কৰিলে মানুহজনে। কিন্তু যিজন ব্যক্তিয়ে 'প্ৰাপ্তি'ৰ আঁৰৰ সত্যতাৰ সন্ধানত প্ৰশ্ন কৰি ভাগৰুৱা হৈ পৰিছিল, সেইজন ব্যক্তিয়ে কিন্তু মৃত্যুৰ পূৰ্বে 'ঈশ্বৰ' নামেৰেও জনাজাত হৈছিল।
মানুহজন হ'ল সৌসিদিনা মৃত্যুমুখত পৰা ভাৰতীয় বিজ্ঞাপন জগতৰ কিংবদন্তি 'এডগুৰু' হিচাপে প্ৰসিদ্ধ এলিক পদমছী। প্ৰাপ্তৰ পিছত দৌৰাটো চেলেঞ্জিং কাম। এলিক পদমচীয়ে কিন্তু নিজৰ পাৰদৰ্শিতাৰে একেটা ধাৰণাক ব্ৰেণ্ড হিচাপে বিজ্ঞাপন জগতত প্ৰতিষ্ঠিত কৰিছিল। সত্তৰ দশকৰ শেষৰফালে টেলিভিছনৰ পৰ্দাত কাৰেন লুনেলক নেদেখা মানুহ নাছিল। লুনেলক নামটোৰে কোনেও চিনি পোৱা নাইচল। পাইছিল 'লিৰিলগাৰ্ল' হিচাপে। ৪০ বছৰ পূৰ্বে দেশত নাৰী সবলীকৰণৰ প্ৰথমটো ৰেঙনি কঢ়িয়াই টেলিভিছনত ভুমুকি মৰা ছাৰ্ফৰ বিজ্ঞাপনৰ সেই ললিতাজীও আছিল পদমছীৰ সৃষ্টি।
১৯৫৯ চনত ছাৰ্ফৰ আৱিৰ্ভাৱৰ পিচত লতিতাজীৰ গতি অপ্ৰতিৰোধ্য আছিল। সত্তৰ দশকত 'নিৰ্মা' কোম্পানীৰ দীপিকাজীৰ আৱিৰ্ভাৱে উদ্বিগ্ন কৰিলে ললিতাজীক। এইবোৰ বিজ্ঞাপনৰ কথা। সত্তৰ দশকতে ভাৰতীয় উপভোক্তাই গম পাইছিল 'সস্তীয়া বস্তু আৰু ভাল বস্তু'ৰ মাজৰ পাৰ্থক্য। সেয়া বিজ্ঞানৰ জৰিয়তে বুজাই দিছিল পদমছীয়ে। সস্তাৰ মাজতো ভাল বস্তু লুকাই থাকিব পাৰে। দেখুৱাই দিব পৰাজনহে আচল। ধলাত পাঁচজন নিৰীহক হত্যা কৰা ঘটনাক লৈ যিসকলে সস্তীয়া ৰাজনীতি কৰিব খুজিছিল, তেওঁলোকৰ আকাংক্ষা আৰু প্ৰাপ্তিৰ মাজত থকা দুৰাকাংক্ষাৰ ছবিখন পোহৰলৈ আহিল।
আচলতে কোনোবাই পোহৰলৈ আনিলে। সস্তীয়াৰ আঁৰৰ ভাল বস্তুখিনি তাতেই। এলিক পদমছী সকলোতে লুকাই আছে। তেওঁ বিজ্ঞাপন আকাৰে মধ্যবিত্ত ভাৰতীয়ৰ যি আকাংক্ষা আৰু প্ৰাপ্তিৰ ছবিখন দাঙি ধৰিছিল সেইখনৰ আজিও হীন-দেড়ি ঘটা নাই। স্বৰ্গপ্ৰাপ্তিৰ সপোন দেখে কেৱল ৰজাই। টোপনিৰ পৰা সাৰ পায়েই সেই ৰজাই মৃত্যুৰ কথা ভাবি ব্যথিত হয়। ভাষণ দিবলৈ লোৱাৰ পূৰ্বে এক মিনিট গুৰুবন্দনা কৰা আমাৰ দিছপুৰীয়া ৰজাৰ ভয়-শংকা ক'ত? হিন্দু বাংলাদেশীক লৈ ৰাজ্যখন ক্ষোভত উতলা। তথাপি স্বৰ্গৰ পৰা বাগৰি পৰাৰ ভয়ত আতংকিত এসময়ৰ জাতীয়তাবাদী দলৰ নেতৃবৃন্দ। স্বৰ্গ সকলোৱে বিচাৰে।
কিন্তু আনক স্বৰ্গাৰোহণৰ বাট দেখুৱাই দিয়াজনহে প্ৰকৃততে ঈশ্বৰ। জাতীয় নায়ক বুলি ঈশ্বৰৰ আসন দিয়া মানুহজনেও সাৰ পায়েই মৃত্যু ভয়ত ব্যথিত হয় বাবেই কপালত তিলক পিন্ধে। এলিক পদমছীৰ প্ৰশ্ন দুটা প্ৰতিজন ব্যক্তিয়ে মনৰ ভিতৰত কঢ়িয়াই ফুৰোৱা প্ৰশ্ন। 'ঈশ্বৰ' হ'ব খুজিলে সেই প্ৰশ্ন দুটাৰ উত্তৰ ৰাইজক দিব পাৰিব লাগিবই। সেয়া লাগিলে বিজ্ঞাপন আকাৰেই নহওঁক কিয়!
অ'হিটোৰিছামা
অকলশৰে যিকোনো কাম কৰিবলৈ সক্ষম ব্যক্তিক চলিত ইংৰাজীত কয়- ৱান মেন আৰ্মী। জাপানত কিন্তু এনে ব্যক্তিক কয় 'অ'হিটোৰিছামা' বুলি। এটা দলে হস্তগত কৰিম বুলি হুংকাৰ দিয়ে, প্ৰতিখন ৰাজ্যত বিৰোধীক উছন কৰি অকলে সৰ্বময়কৰ্তা হ'ব বুলি দম্ভালি মাৰে তেতিয়াই বুজিব লাগে যে দলটো ৱান মেন আৰ্মিৰ দ্বাৰা পৰিচালিত। যাক কয় অ'হিটোৰিছামা। স্বাধীনতাৰ সৰ্বাধিক সময় এটা পৰিয়ালে দেশ শাসন কৰা কাৰ্যও আছিল অ'হিটোৰিছামা।
এতিয়া আন এটা দলে অনুৰূপ চিন্তা কৰাটোও জাপানী শব্দটোৰ তাৎপৰ্যকে সূচায়। দহজনে মিলি কৰা কামটো যদি মাত্ৰ এজনে অকলে কৰিব পাৰে তাত আনন্দই হয়গৈ সুকীয়া। প্ৰাক্তন বিপ্লৱীসকলক উদ্দেশ্যি যদি আজিও বিপ্লৱী নেতাজনে 'তোমালোকে মিলি যি কৰিব নোৱৰা সেয়া মই অকলেই কৰিম' বুলি ফিতাহি মাৰে তেন্তে তাতো লুকাই থাকিব অ'হিটোৰিছামা। এজন শিল্পীয়ে যদি '(অশ্লীল) কেয়াৰ নকৰো' বুলি কয় আৰু তাকেই গোটেইবোৰে শুনি থাকিব পাৰে, তেন্তে বুজিব লাগিব সেইজন শিল্পী অ'হিটোৰিছামা।
এখন চৰকাৰত মুখ্যমন্ত্ৰীকে ধৰি দহজন শক্তিশালী মন্ত্ৰী থকা সত্ত্বেও যযি এজনেই লাগ-বান্ধ নোহোৱা কথা কৈ থাকিব পাৰে তেন্তে মানি ল'ব লাগিব যে চৰকাৰখনত তেওঁহে একমাত্ৰ অ'হিটোৰিছামা। ওপৰৰ পৰা চিঞৰিলে তলৰ মানুহে সহজে শুনে। তলৰ পৰি চিঞৰিলে ওপৰৰ মানুহক কথাবোৰ শুনোৱা সম্ভৱ। ক্ষমতাও তেনেকুৱা কথা। বৈদিক যুগত লগুণডাল থাকিলে তেনে ব্যক্তিক মহাশক্তিশালী বুলি গণ্য কৰা হৈছিল। একবিংশ শতিকাত লগুণডাল ছিঙি পেলালো বুলি কৈ গৌৰৱ কৰা ব্যক্তিজনো এতিয়া সমাজৰ একেবাৰে মূধচত থকা লোক।
গৌৰৱ-অহংকাৰ আৰু ক্ষমতা লগুণডালত নাছিল। আছিল কৰ্ম আৰু ব্যক্তিত্বত। বামুন-শূদিৰ, জাট-দলিত বুলি জাতিভেদৰ বৃহৎ সমাজখনত যদি এডাল লগুণেই সকলোতে অন্তৰায় হয় তেন্তে সেইডাল কৰ্মশক্তিৰে মহীয়ান হৈ ছিঙি পেলোৱাৰ যুক্তি মানি লোৱাই শ্ৰেয়। এই যে লগুণডাল তাৰ পৰাই ওপৰ-তল আৰু তল-ওপৰৰ চিঞৰৰ কথাষাৰিৰ মৰ্মাৰ্থ লুকাই আছে। ক্ষমতাও লগুণৰ দৰেই যজ্ঞসূত্ৰ। এক কথাত অ'হিটোৰিছামা।
ক্ষমতাত থকাৰ শক্তিৰে সমাজখন থানৱান কৰাৰ যিবোৰ বাণী সেইসকল ব্যক্তিয়ে বিলাই গৈছিল, ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিচত সেইবোৰ বাণীয়ে তেওঁলোকক ওলাটাই থকা-সৰকা কৰে।এজন ব্যক্তিয়ে সমাজত এশজন মানুহক মাৰিবলৈ বহু গুলী অথবা শক্তি প্ৰদৰ্শন কৰিব লাগে। কিন্তু সেইজন ব্যক্তিক সমাজে মাৰিবলৈ মাত্ৰ এটা গুলীৰ প্ৰয়োজন। এইখিনি কথা বুজা বাবেহে অ'হিটোৰিছামা অস্তিত্ব জাপানীসকলে মানি আহিছে। আমি কেতিয়া এই কথা বুজি পাম সেইটোহে আচল কথা।