/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
ভবা হৈছিল যে অসমৰ সকলো ৰাজনৈতিক, অৰাজনৈতিক, দল-সংগঠন আৰু নাগৰিক সমাজৰ সহমতত সম্পন্ন হ'বলৈ ধৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকরণৰ প্ৰক্ৰিয়াই ৰাজ্যখনত এক সুস্থিৰ বাতাৱৰণ সৃষ্টি কৰিব। ইয়াৰ জৰিয়তে হ'বলগা অবৈধ বিদেশী সমস্যাৰ স্থায়ী সমাধানে বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী তথা ধৰ্মাৱলম্বী লোকৰ মাজত শান্তি-সম্প্ৰীতিৰ পৰিৱেশ আনিব বুলিও বিভিন্ন মহলত দৃঢ় মত পোষণ কৰা হৈছিল।
বহুতে আশা ব্যক্ত কৰিছিল যে এন আৰ চিৰ জৰিয়তেহে অসমৰ কেইবা দশকজোৰা জ্বলন্ত সমস্যাটো স্থায়ী সমাধানসূত্ৰ ওলাব। কিন্তু কেন্দ্ৰীয় চৰকাৰে ২০১৫চনত জাৰি কৰা অধিসূচনা আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সেই অধিসূচনাৰ আৰ্হিত সংসদত উত্থাপন কৰা নাগৰিকত্ব আইন সংশোধনী বিধেয়কে পুনৰ অসমৰ জনসাধাৰণক চৰম বিপৰ্যয়ৰ মাজলৈ ঠেলি দিছে। এই বিধেয়কখনে থলুৱাৰ অস্তিত্বৰ সংকট সৃষ্টি কৰাই নহয়, অসমীয়া-বাঙালীৰ মাজত সাম্প্ৰদায়িক বিষবাষ্পও বিয়পাই দিছে।
থলুৱা বাঙালী সমাজৰ একাংশই এতিয়া ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ কথা পাহৰি বাংলাদেশৰ অবৈধ হিন্দু বাঙালীৰ সংস্থাপন আৰু নাগৰিকত্বৰ প্ৰশ্নত ঐক্যৱদ্ধ হোৱাৰ পথতহে অগ্ৰসৰ হ'ল। অৰ্থাৎ দিল্লীৰ শাসকে যি অসমবিৰোধী ষড়যন্ত্ৰ ৰচিছে তাৰ বলি হ'বলগা হৈছে অসমৰ জনসাধাৰণ। ভাবিলে আচৰিত লাগে যে অসম আন্দোলনৰ নেতৃত্বদায়ীসকলেই আজি ৰাজ্য চৰকাৰত থাকি ঐতিহাসিক অসম চুকৰ সাংবিধানিক মৰ্যাদা হানি কৰিবলৈ ওলাইছে।
ইমানদিনে অবৈধ বাংলাদেশীক অসমৰ পৰা বিতড়ন কৰিব লাগে বুলি চিঞৰাসকলেই আজি বাংলাদেশী-বিদেশীক অসমত তথা দেশত আশ্ৰয় দিয়াৰ পক্ষে সিদ্ধান্ত গ্ৰহণ কৰিবলগাত পৰিছে। আমি ইয়াক বিজেপিৰ ক্ষমতাসৰ্বস্ব ৰাজনীতি বুলি কৈ দিলেই নহ'ব। বিজেপিক ৰাজ্যৰ ক্ষমতালৈ অহাৰ সুযোগ দিয়া অসমৰ জাতীয়তাবাদী শিবিৰে ইয়াৰ নৈতিক দায়িত্বও মূৰ পাতি ল'ব লাগিব। কোনে অসম আন্দোলনৰ সমৰ্থন বা বিৰোধিতা কৰিছিল, সেয়া এতিয়া বিচাৰ্যৰ বিষয় হ'ব নোৱাৰে।
প্ৰশ্নটো হ'ল- সামগ্ৰিকভাৱে অসম আন্দোলনৰ এক ৰক্তাক্ত ইতিহাসৰ পৰিসমাপ্তিৰ পিছত অসমত দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ঐতিহ্য অক্ষুণ্ন ৰাখি আজি কোনে বৃহত্তৰ অসমীয়া সমাজখনক তুলি ধৰিব বিচাৰিছে? দিল্লী-দিছপুৰৰ শাসকীয় শক্তিবোৰে সুযোগ পালেই বিভিন্ন সময়ত বিভিন্ন ষড়যন্ত্ৰৰে অসমৰ বৃহত্তৰ সমাজখনক থানবান কৰি ইয়াৰ শ্ৰমিক-কৃষককে ধৰি সৰ্বসাধাৰণৰ মূল সমস্যাৰ কথা পাহৰাই ৰাখিছে। বান-খহনীয়াৰ সমস্যা, নিবনুৱাৰ সমস্যা অথবা কৃষকৰ সমস্যাক লৈ চৰকাৰক উভতি ধৰাৰ আি কোনো অৱকাশেই নাই। কাৰণ বিগত প্ৰায় চাৰি দশক ধৰি বিদেশী সমস্যাটোৰেই সমাধান সম্ভৱপৰ নহ'ল।
অসমৰ এজন থলুৱা জনজাতি কৃষকৰ যি দুৰাৱস্থা সেই একে দুৰৱস্থাৰে দিন নিয়াইছে এজন বাঙালী অথবা অভিবাসী মুছলমান খেতিয়কেও। তেওঁলোকৰ কোনেও দেশৰ এজন নাগৰিক হিচাপে সমমৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰখিনি ভোগ কৰিব পৰা নাই। অথচ পৰিৱেশ পৰিস্থিতিক এনেধৰণেৰে গঢ় দিয়া হৈছে যাতে ৰাজ্যৰ শ্ৰমজীৱী লোক ঐক্যৱদ্ধ হ'ব নোৱাৰে। তাৰ পৰিৱৰ্তে কোন বাঙালী, কোন অসমীয়া, কোন জনজাতি, কোন মুছলমান তাক লৈহে ৰাজনীতি চলিছে। এনে এক বিষম পৰিস্থিতিত অসমৰ জনসাধাৰণৰ মাজত গণতান্ত্ৰিক চেতনা জাগ্ৰত হোৱাৰ সুযোগো নাইকিয়া হৈ পৰিছে।
আমাৰ কথা হ'ল- নাগৰিকত্ব আইন সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি অসমত সাম্প্ৰদায়িক মেৰু বিভাজন ঘটাই কোনে ক্ষমতাসৰ্বস্ব ৰাজনীতি কৰিবলৈ তৎপৰ হৈ পৰিছে? অসম চৰকাৰৰ মূল অংশীদাৰী দলটোৱে স্বাভাৱিকতে হিন্দুত্বক সমৰ্থন কৰিবই। সেইবাবে ৪৬টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদক তেওঁলোকে নস্যাৎ কৰাৰ চেষ্টা চলাব। বন্ধৰ দৰে আন্দোলনৰ কাৰ্যসূচীক কোনেও সমৰ্থন নকৰে বা কৰা উচিত নহয়। কিন্তু এখন গণতান্ত্ৰিক দেশত বন্ধ ঘোষণাৰ জৰিয়তে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰকণ ৰাষ্ট্ৰই কাঢ়ি নিব বিচাৰিছে নেকি, সেয়াও ভাবি চাব লাগিব।
আমি ভাবো- নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ দৰে সম্প্ৰদায়িক তথা জাতিবিদ্বেষী এক ব্যবস্থাৰ বিৰুদ্ধে থিয় দিয়া অসমৰ জাতীয় দল-সংগঠনবোৰৰ প্ৰতিবাদক নস্যাৎ কৰাৰ নামত চৰকাৰে যি দমনমূলক কাৰ্যপন্থা লোৱাৰ কথা ঘোষণা কৰিছে, সেয়াও গণতান্ত্ৰিক হ'ব নোৱাৰে। কথা হ'ল- এসময়ত সঘনাই অসম বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি জাতীয় নেতা হোৱা আজিৰ চৰকাৰৰ মুৰব্বীসকলে বন্ধৰ বিৰুদ্ধে মাত মতাৰ নৈতিক অধিকাৰ আছেনে?
তাৰ পিছতো আমি নিশ্চিতভাৱে ক'ব লাগিব যে জাতীয় সহমতৰ ভিত্তিত প্ৰতিবাদ কৰিবলৈ আগুৱাই অহা জাতীয় দল-সংগঠনবোৰেও গণতান্ত্ৰিক কাৰ্যপন্থাক সহজতে বিসৰ্জন দিব নোৱাৰে। বহু ক্ষেত্ৰত তেওঁলোকো সজাগ থাকিব লাগিব যাতে অসমবিৰোধী তৃতীয় পক্ষই পৰিস্থিতিৰ সুযোগ লৈ ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰিব নোৱাৰে। এই নিশ্চয়তাৰে আগবাঢ়িলেহে অসমীয়াৰ প্ৰতিবাদে দিল্লী-দিছপুৰক এশিকনি দিব পাৰিব।