/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা গ্ৰন্থমেলাখন নিৰ্দিষ্ট স্থান আৰু পূৰ্ব নিৰ্ধাৰিত সময়ত হ'ব নে নহয়, তাক লৈ সম্প্ৰতি চৰকাৰ আৰু আয়োজক মণ্ডলীৰ মাজত যি অৰিয়াঅৰি চলিছে, তাৰ দ্বাৰা গ্ৰন্থপ্ৰেমীসকলৰ মাজত একধৰণৰ অশুভ বাৰ্তা সিঁচৰিত কৰি দিয়া হৈছে। কেৱল এইবোৰেই নহয়, যোৱা কিছুবছৰ ধৰি গ্ৰন্থমেলাখনক লৈ বিভিন্ন পক্ষৰ মাজত বাদানুবাদ চলা পৰিলক্ষিত হৈছে।
তাৰ বিপৰীতে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৰাজ্য চৰকাৰৰ ফালৰ পৰা অনুষ্ঠিত কৰা গ্ৰন্থমেলাখনক লৈ কিন্তু বিশেষ বিতৰ্ক হোৱা আমি দেখা নাই। প্ৰথম কথাটো হ'ল- অসমৰ যিকোনো প্ৰান্তত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা বাঞ্ছনীয়। মুঠতে গ্ৰন্থমেলা বন্ধ হ'ব নালাগে। কাৰণ অসমৰ দৰে ৰাজ্যত গ্ৰন্থমেলাবোৰেই এটা বৌদ্ধিক পৰিৱেশ সৃষ্টা কৰাত মুখ্য ভূমিকা পালন কৰি আহিছে।
বিশেষকৈ গুৱাহাটী মহানগৰীত অনুষ্ঠিত দুয়োখন প্ৰধান গ্ৰন্থমেলাক লৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ গ্ৰন্থপ্ৰেমী তথা পাঠক সমাজৰ উৎসুকতাৰ অন্ত নাই। প্ৰতি বছৰে গ্ৰন্থমেলাৰ সময়ত আন ঠাইৰপৰা বহু লোক আহি গুৱাহাটীত ভিৰ কৰেহি। সেইফালৰ পৰা গুৱাহাটীৰ দুয়োখন গ্ৰন্থমেলাই আকৰ্ষণীয় হৈ পৰে। গতিকে গ্ৰন্থমেলা বুলিলেই গুৱাহাটীলৈ ঢাপলি মেলা গ্ৰন্থপ্ৰেমীৰ উৎসাহ-উদ্দীপনাই সামগ্ৰিকভাৱে পুথি বিক্ৰেতা আৰু পাঠকৰ বাবেও ইতিবাচক পথৰ সন্ধান দিছে। ক'বলৈ গ'লে বগিত প্ৰায় চাৰি দশক ধৰি অসমৰ গ্ৰন্থমেলাৰ আন্দোলন আৰম্ভ হৈছে।
গ্ৰন্থ সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত মূল প্ৰেৰণা হৈছে গুৱাহাটীৰ গ্ৰন্থমেলাকেইখন। নানা কাৰণত মানুহৰ গ্ৰন্থৰ লগত সম্পৰ্ক নোহোৱা হৈ পৰিছে বাবেই গুৱাহাটীৰ গ্ৰন্থমেলাই ৰাজ্যজুৰি এক ব্যাপক গ্ৰন্থ আন্দোলন গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে। তেনেস্থলত গুৱাহাটীৰ গ্ৰন্থমেলাক লৈ সৃষ্টি হোৱা এনে বিতৰ্ক-বাদানুবাদে নিশ্চয়কৈ গ্ৰন্থপ্ৰেমীক নিৰাশ কৰিব। অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি সম্প্ৰতি যিধৰণৰ ভাবুকি-প্ৰত্যাহ্বান আহি পৰিছে, তাৰ মাজতো আশাৰ কথাটো হ'ল- গ্ৰন্থৰ ব্যৱসায় এতিয়াও অসমীয়াৰ হাততে আছে।
বাহিৰৰ ব্যৱসায়ী গোষ্ঠীয়ে অন্য ক্ষেত্ৰবোৰৰ দৰে গ্ৰন্থৰ ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূব গ্ৰন্থমেলাই হওক বা প্ৰকাশন পৰিষদৰ গুৱাহাটীৰ গ্ৰন্থমেলাই হওক, ইয়াৰ অমৰ পুথি বিক্ৰেতা আৰু পৰিবেশকসকলৰ আৰ্থিক দিশটোও জড়িত হৈ আছে। অসমীয়া ভাষাৰ গ্ৰন্থৰ লেখক-লেখিকাৰ লগতে পঢ়ুৱৈ সমাজৰ বাবে দুয়োখন গ্ৰন্থমেলাৰ গুৰুত্ব সৰ্বাধিক।
আজিৰ এই ইন্টাৰনেট-ছ'চিয়েল মিডিয়াৰ যুগতো দেশৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলাৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই। আমাৰ দেশত অনুষ্ঠিত কেইবাখনো গ্ৰন্থমেলাই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিছে। সেয়ে গুৱাহাটীৰ গ্ৰন্থমেলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিষ্ঠা সহকাৰে উদ্যোগ লোৱাটো অপৰিহাৰ্য হৈ পৰিছে।
ঐতিহ্যমণ্ডিত কলকাতা গ্ৰন্থমেলা যদিও ব্যক্তিগত খণ্ডই অনুষ্ঠিত কৰে, তথাপি পশ্চিমবংগ চৰকাৰে তাত প্ৰভূত পৰিমাণে সহায়-সহযোগিতা আগবঢ়ায়। কিন্তু অসমত গ্ৰন্থমেলাৰ আন্দোলনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰী পৰ্যায়ত বিশেষ কাৰ্যকৰী পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। গ্ৰন্থৰ জৰিয়তে ৰাজ্যখনত বৌদ্ধিক উত্তৰণৰ পৰিৱেশ এটা গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰে দায়িত্বশীল ভূমিকা পালন কৰা নাই।
অলপতে খবৰ ওলাইছে যে ৰাজ্যখনৰ প্ৰাদেশীকৃত মহাবিদ্যালয়বোৰক গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়া শিক্ষা বিভাগে আজিলৈকে হেনো সেই ধন মহাবিদ্যালয়বোৰক পৰিশোধ কৰা নাই। এইধৰণৰ বিষয়বোৰে চৰকাৰৰ সদিচ্ছা কোনোপধ্যে প্ৰতিপন্ন নকৰে। আমি ভাবো- মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত ন্যূনতম বৌদ্ধিক পৰিৱেশ এটা বৰ্তাই ৰখাৰ স্বাৰ্থতে গুৱাহাটীৰ গ্ৰন্থমেলাক লৈ সৃষ্টি হোৱা অবাঞ্ছিত বিতৰ্কত হস্তক্ষেপ কৰি বিষয়টোৰ সমাধান কৰা উচিত।