পিছল জীৱনৰ সাধু

পিছল জীৱনৰ সাধু

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

হস্তীৰো পিছলে পাৱ বোলা কথাষাৰি এই মুলুকত নজনা মানুহ খুব কমেইহে ওলাব। হাতীৰ দৰে শকত-আৱত মানুহে খুব সতৰ্কতাৰে খোজ দিব লাগে। হাতীয়ে নিজৰ চেহেৰাটোৰ কথা জানে বাবেই সাৱধানেৰে খোজ দিয়ে। তথাপি পিছল খায়। শকত-আৱত মানুহবোৰৰো একেই হয়। গেৰুৱা বাহিনীৰ সেনাপতিজনো দুবাৰকৈ পিছক খাই পৰিল। খবৰটো তেনেই সৰু। কাৰণ তেওঁ দুবাৰ পিছল খাই পৰিও আঘাত নাপালে। আঘাত নোপোৱা বাবেই খবৰটো সাধাৰণ হৈ থাকিল। অৱশ্যে চকু চৰহাসকলে সেনাপতিৰ পিছল খোৱা ঘটনাটোত হস্তীৰ পিছলে পাৱৰ সৈতে তুলনা কৰিছে।

Advertisment

কোনোবাই আকৌ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু অহা বছৰৰ লোকসভা নিৰ্বাচনত গেৰুৱা বাহিনীটো পিছল খোৱাৰ ই প্ৰাৰম্ভিক আগজাননীবুলিও কৈছে। পিছল খাই বোকাত 'পদুম' হৈ জিলিকি উঠিব পাৰে বুলিও সমৰ্থকসকলে আশা কৰিছে। অৱশ্যে এটা কথা সত্য যে মানুহে জীৱনটোত পিছল খাই খাই পুনৰ উঠিব লাগে। জীৱনটো কলৰ বাকলিৰে পূৰ্ণ। তাতেই পিছল খোৱা আৰু উঠিবলৈ চেষ্টা কৰাৰ নামেই জীৱন। পিছল খোৱাটো জীৱনৰ অভিশাপ নহয়। যদিহে পৰাৰ জৰিয়তে মানুহে নীতিশিক্ষা গ্ৰহণ কৰে। অলপতে চেন্নাইৰ এখন থানাত যোগদান কৰিছে এছ কানাগেছান নামৰ আৰক্ষী পৰিদৰ্শক এজনে।

নিশা যেতিয়া কানাগেছানৰ নেতৃত্বত আৰক্ষী দল টহৰলৈ যায়, গাড়ী লৈ অলিয়ে-গলিয়ে ঘূৰি ফুৰে তেতিয়া টোপনি-ভাগৰ দূৰ কৰিবলৈ তেওঁ নিজে লিখা কবিতা আবৃত্তি কৰি নিশাৰ ক্লান্তি দূৰ কৰে। কানাগেছানৰ এই কাৰ্যত উৎসাহী হৈ টহলত থকা সতীৰ্থ আৰক্ষী সকলো এতিয়া একো একোজন কবি হৈ পৰিছে। কানাগেছানৰ কবিতাত থাকে আৰক্ষীৰ ত্যাগ, খাকী পোছাকৰ শৌৰ্য-বীৰত্বৰ কাহিনী। তেওঁৰ কবিতাৰে উদ্বুদ্ধ হৈ চেন্নাইৰ কেইবাখনো থানাৰ আৰক্ষীয়ে এতিয়া নিশাৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ লগতে কবিতাৰে নিজকে জীপাল কৰি ৰাখে। কানাগেছানৰ কাহিনীটোৰ নীতিশিক্ষা আছে।

আৰক্ষীৰ দৰে বৃত্তি এটাত থাকিও, চোৰ-ডকাইতিৰ পিচত থাকিো তেওঁ সতাতৰ পৰা পিছলি পৰা নাই। আমাৰ ইয়াত নৈশ কৰ্তব্যৰত আৰক্ষীৰ গাড়ীবোৰে দলঙৰ তলত, উপ-পথৰ কাষত চোপ লৈ বালি-মাটি কঢ়িওৱা ট্ৰাকৰ অপেক্ষাত ৰৈ থাকে। সিফালে চোৰে তহিলং কৰে ঘৰ-মন্দিৰৰ ভিতৰ। আমাৰ ইয়াত আৰক্ষী যিান তললৈ পিছলি পৰিছে, কানাগেছানৰ দৰে আৰক্ষী পিছলি পৰাটো দূৰৈৰ কথা, তেওঁ আন দহজনক পিছলি পৰাৰ পৰা থিয় হোৱাৰ মন্ত্ৰহে শিকাইছে। ফেচবুকত কবিতা লিখি সময় কটোৱা মানুহবোৰক অকবি আখ্যা দিয়া হয়। কিয়? কবিতাহে লিখিছে, কাৰো কবিতলী  ধ্বংস কৰা নাই নহয়! কবিতাহে লিখিছে, কাৰো ঘৰত সিন্ধি দিয়া নাই নহয়! পিছলি পৰিবলৈ সমাজেও এনেবোৰ কথাৰে কাৰোবাক বাধ্য কৰে। এইবোৰেই দৰাচলতে পিছল জীৱনৰ সাধু।

গোসাঁইঘৰত কোন

কিছুমান টনা প্ৰায় সদায় ঘটি থাকে। মানুহে কিন্তু তাত গুৰুত্ব নিদিয়ে। যদি সেই ঘটনাৰ মাজৰে দুই-এটাই বেছি গুৰুত্ব পায়, তেতিয়া মানুহে সেয়া অঘটন বুলি ভাবিবলৈ ধৰে। অঘটনটোৱে সমাজখনকো জোকাৰি যায়। যেনে- বলাৎকাৰ। বিশ্বত প্ৰতিনিয়ত সংঘটিত হয় বলাৎকাৰৰ ঘটনা। আগতেও হৈছিল, এতিয়াও হৈছে। কিন্তু নিৰ্ভয়াৰ ঘটনাটোৱে সকলোকে চুই গ'ল। নিৰ্ভয়া কাণ্ডৰ পিচতো এনে  ঘটনা হ্ৰাস পোৱা নাই। মঠ-মন্দিৰত আগতে চুৰি হৈছিলষ মোগলে কিমান মন্দিৰত লুটপাত চলালে তাৰ হিচাপ নাই। কিন্তু উগ্ৰতাৰা মন্দিৰত চোৰ সোমোৱাৰ লগে লগে ইয়াক এটা ডাঙৰ অঘটন বুলি মানুহবোৰে ভাবিবলৈ ধৰিলেষ।

তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোসাঁইঘৰত চোৰ সোমোৱা বাতৰিবোৰে সংবাদ মাধ্যমত গুৰুত্ব লভিবলৈ ধৰিছে। এটা সময়ত মানুহে ভাবিছিল যে গোসাঁইঘৰত কোনো বুলি সুধিলেই 'মই কল খোৱা নাই' বুলি উত্তৰ এটা আহিব। এতিয়া সেই সোধা প্ৰশ্নটোৰ উত্তৰ দিছে মন্দিৰত স্থাপন কৰা চিচি টিভিবোৰে। মানুহবোৰে এটা কথা ভবা উচিত যে যি ঐশ্বৰিক আৰু দেৱশক্তিৰ আশীবাৰ্দ বিচাৰি ভক্তই মন্দিৰৰ দুৱাৰত আঁঠু লয়, সেই মন্দিৰত চোৰ সোমোৱাৰ সাহস কৰে কেনেকৈ? ঐশ্বৰিক শক্তিয়ে মন্দিৰৰ দুৱাৰমুখত লক্ষ্মণে টানি যোৱা সেই ৰেখাডালৰ দৰে ক্ৰিয়া নকৰে নেকি? মন্দিৰৰ জাগ্ৰত বিগ্ৰহ চুৰ কৰি নিয়া সত্ত্বেও ভগৱানে তেওঁৰ লীলা নেদেখুৱাই কিয়? এইবোৰ প্ৰশ্ন মানুহে ভবা উচিত।

মন্দিৰত চুৰি হোৱা ঘটনাক বাৰম্বাৰ দেখুৱাই টিভি চেনেলবোৰে টি আৰ পি গোটাব বিচাৰে সঁচা, কিন্তু কোনেও এই কথাটো নুবুজে যে ভগৱানৰ টি আৰ পিয়েই এতিয়া নোহোৱা হৈছে। উত্তৰাখণ্ডৰ প্ৰায় প্ৰতিখন তীৰ্থযাত্ৰী কঢ়িওৱা বাছত ভগৱানৰ ফটো আছে। সেইখন উত্তৰাখণ্ডকেই স্বৰ্গৰ দুৱাৰ বুলি অভিহিত কৰা হয়। দুৰ্ভাগ্যজনক কথাটো হ'ল এইখন স্বৰ্গৰ দুৱাৰতে সৰ্বাধিক বাছ দুৰ্ঘটনা হয়। ভগৱানৰ প্ৰতি যদি মানুহৰ বিশ্বাস আছে, সেই বিশ্বাসৰ গেৰান্টি ভগৱানে দিব নোৱাৰে কিয়? ৰাম মন্দিৰ নিৰ্মাণক লৈ হিন্দুত্ববাদী সংগঠনবোৰ যিমান উত্ৰাৱল হৈ আছে, সেয়া দেখি-শুনি এই কথা মনলৈ আহে। সেয়া হ'ল- ভগৱানক একাংশ ধৰ্মান্ধইহে মূৰৰ ওপৰত তুলি লৈ নাচি আছে।

ভগৱানে কিন্তু ভক্তক তিলমানো গুৰুত্ব দিয়া নাই। কাৰণ ভগৱানে জানে যে দুৰাচাৰ-পাপাচাৰৰ মাজত ঐশ্বৰিক শক্তিৰ টি আৰ পি নিস্তেজ। ভগৱানক লৈ ধৰ্মান্ধৰ উৎকৃষ্ট ব্যৱসায় চলি আছে সেইটোহে সঁচা কথা। সেইবাবে গোসাঁইঘৰত চোৰ-ডকাইত যিয়েই নোসোমাওঁক কিয়, ভগৱান কিন্তু চকু মুদি বহি থাকে। কথাবোৰ মানুহবোৰে যিদিনাই বুজিব সিদিনাই মন্দিৰৰ দুৱাৰত চাকি-ধূপ-ফুল কাঁহী লৈ থিয় দিয়া ভক্তই পোন প্ৰথমতে ছিঙি পেলাব হাতত পিন্ধি থকা তথাকথিত ঐশ্বৰিক ৰঙা-হালধীয়া সূতাডাল।