/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
পাক সমৰ্থিত মৌলবাদী-সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত নিহত অৰ্ধসামৰিক বাহিনীৰ বীৰ জোৱানসকলৰ মৃত্যুৰ শোকত সমগ্ৰ দেশবাসী ম্ৰিয়মাণ হৈ পৰিছে। প্ৰতিশোধৰ অগনিত জ্বলিছে দেশৰ জনসাধাৰণ। সকলোৱে একমুখে পাকিস্তানক এশিকনি দিয়াৰ দাবী উত্থাপন কৰিছে। ১৩০ কোটি ভাৰতীয়ই সমস্বৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। কেউফালে পাকিস্তান মুৰ্দাবাদ ধ্বনি দিয়া হৈছে। কিন্তু ইয়াৰ মাজতে একাংশ লোকে অপপ্ৰচাৰ-উৰাবাতৰিৰো চিকাৰ হৈছে।
ছ'চিয়েল মিডিয়াযোগে প্ৰচাৰিত কিছুমান বিভ্ৰান্তিকৰ বাতৰিয়ে সাধাৰণ মানুহক বিপথেও পৰিচালিত কৰা দেখা গৈছে। কথা হ'ল- জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী-সন্ত্ৰাসবাদী অপশক্তিক শাস্তিমূলক চিনাক্ত কৰি চৰকাৰে তাৰ বিৰুদ্ধে কটোৰতম শাস্তিমূলক ব্যৱস্থা লওঁক। পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় মঞ্চত এঘৰায়ী কৰি ভাৰতে সন্ত্ৰাসবাদবিৰোধী যুদ্ধৰ নেতৃত্ব দিয়ক। কিন্তু সন্ত্ৰাসবাদী ধৰাৰ নামত জম্মু-কাশ্মীৰৰ নিৰীহ লোকৰ ওপৰত ওপৰত নিৰ্বিচাৰ আক্ৰমণ নমাই অনা কাৰ্যও কোনোপধ্যে সমৰ্থনযোগ্য হ'ব নোৱাৰে। কাৰণ কাশ্মীৰী জনসাধাৰণক সন্ত্ৰসিত কৰি পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীসকলে ইমানদিনে সন্ত্ৰাসৰ পৃষ্ঠভূমি তৈয়াৰ কৰাৰ নামত যি পন্থা অৱলম্বন কৰি আহিছে, এখন গণতান্ত্ৰিক দেশৰ চৰকাৰে এই পথ অৱলম্বন কৰিব নোৱাৰে।
এই জটিল মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে অতি বিচক্ষণতাৰে আগুৱাব লাগিব, যাতে কাশ্মীৰিসকলৰ ভাৰতবিদ্বেষী মনোভাৱক সন্ত্ৰাসবাদী অপশক্তিবোৰে আৰু অধিক জাগ্ৰত কৰিব নোৱাৰে। কাশ্মীৰী জনতাক লগত লৈহে পাকিস্তানৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা ল'ব লাগিব। আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ পৰিৱৰ্তিত পৰিস্থিতিত ভাৰতে পুলৱামা ঘটনাৰ আলমত হুৰমূৰকৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণাও কৰিব নোৱাৰে। কাৰণ বিশ্বত পাকিস্তান এতিয়াও অকলশৰীয়া নহয়। আমেৰিকা, চীন দেশকে ধৰি আৰৱ বিশ্ব আৰু ইউৰোপীয় শক্তিবোৰে পুলৱামাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। যদিও তেওঁলোকৰ মাজৰে বহুতে এই মুহূৰ্ততো পাকিস্তানৰ সৈতে সুসম্পৰ্কও ৰক্ষা কৰি আছে। এইবোৰ কথা দেশপ্ৰেমত উদ্বেলিত সাধাৰণ ৰাইজে অনুধাৱন কৰিব নোৱাৰে। নোৱৰাৰ কথাও।
কাৰণ জনসাধাৰণে দেখি আহিছে যে দশকৰ পিচত দশক ধৰি উত্তপ্ত হৈ থকা জম্মু-কাশ্মীৰত গণতান্ত্ৰিকভাৱে নিৰ্বাচনো অনুষ্ঠিত হৈছে। সৰ্বভাৰতীয় শাসক দলৰ সৈতে লগ লাগি তাৰ আঞ্চলিক দলে চৰকাৰো গঠন কৰিছে। কিন্তু ইয়াৰ সমান্তৰালকৈ 'আজাদ কাশ্মীৰ'ৰ দাবীও সজোৰে উত্থাপন হৈছে। বিচ্ছিন্নতাবাদী শক্তিৰ সৈতে চৰকাৰে আলোচনাতো বহিছে। কিন্তু তাৰ পিচতো সমস্যাৰ সমাধান হোৱা নাই। ভাৰত চৰকাৰে অভিযোগ কৰি আহিছে যে জম্মু-কাশ্মীৰৰ যুৱ শক্তিক পাকিস্তানৰ সন্ত্ৰাসবাদী গোটবোৰে ভাৰতবিৰোধী কামত খটুৱাইছে। কিন্তু সেই অভিযোগক আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতে আজিলৈকে সফলভাৱে প্ৰমাণ কৰিব পৰা নাই।
আনকি ভাৰতৰ তৰফৰ পৰা পাকিস্তানক সন্ত্ৰাসবদী ৰাষ্ট্ৰ হিচাপেও ঘোষণা কৰা হোৱা নাই। বিড়ম্বনাৰ কথাটো হ'ল- পুলৱামাৰ ঘটনাৰ দিনটোলৈকে পাকিস্তানক ভাৰতে 'ম'ষ্ট ফেভাৰ্ড নেচন' অর্থাৎ অতি প্ৰিয় ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰি আহিছিল। আনকি ২০১৬চনৰ উড়ি আক্ৰমণৰ ঘটনাৰ পিচতো সেই মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাছিল। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰখনত কেতবোৰ বিষয় মানি চলাটো অপৰিহাৰ্য। কিন্তু পাকিস্তানৰ ক্ষেত্ৰত ভাৰতে কঠোৰ নীতি অৱলম্বন কৰা উচিত। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ মাটিত এটাৰ পিচত এটাকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই যাব আৰু তাৰ বিৰুদ্ধে কেৱল ৰাজনৈতিক শ্ল'গানহে দিয়া হ'ব, সেই কথা কেনেকৈ ক'ব? অৱশ্যে ইউ সত্য যে দেশৰ জনসাধাৰণে পাকিস্তানৰ পকাতা দাহ কৰা বা পাকিস্তান মুৰ্দাবাদ ধ্বনি দিয়া আৰু ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা একে বিষয় নহয়।
তথাপি পুলৱামাৰ নৃশংস ঘটনাৰ পিচত আমাৰ চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে ল'ব লাগিব। কিন্তু কাশ্মীৰী জনসাধাৰণৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে অৱলম্বন কৰা নীতিকে কাৰ্যকৰী কৰা উচিত। পাক সমৰ্থিত সন্ত্ৰাসবাদীক শ'লঠেকত পেলাবলৈ হ'লে ভাৰত চৰকাৰে কাশ্মীৰীসকলৰ আস্থা অৰ্জন কৰিব লাগিব। কি পৰিস্থিতিত পৰি এজন কাশ্মীৰী যুৱকে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ ৰূপ লয়গৈ, তাৰ আঁৰৰ সকলো দিশ গভীৰভাৱে পৰ্যালোচনা হ'লেহে সমস্যাৰ সমাধানৰ বাট প্ৰশস্ত হ'ব। ভাৰত বিৰোধী শক্তিৰ উচটনিত যাতে নিৰীহ কাশ্মীৰীয়ে সন্ত্ৰাসবাদৰ নৃশংসতাক আঁকোৱালি ল'বলগাত নপৰে, তাৰবাবে চৰকাৰেই কাৰ্যকৰী ব্যৱস্থা ল'ব লাগিব। মুঠতে দল-মত নিৰ্বিশেষে সকলো দেশবাসীয়ে ঐক্যৱদ্ধ হৈ কাশ্মীৰবাসীক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ এয়াই উপযুক্ত সময় হিচাপে বিবেচিত হৈছে।