/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
গুণীৰ মোল প্ৰায় সকলোৱে বুজি পায়। যিসকলে নুবুজে তেওঁলোকক অদ্ভূত দৃষ্টিৰে চোৱা হয়। গুণীৰ মোল নুবুজা মানুহবোৰৰ বাবেই কিজানি আজিকালি গুণোৎসৱ বোলা উৎসৱবিধৰ আয়োজন কৰা হয়। সেই গুণোৎসৱৰ ভোজ-ভাত খাই তৃপ্ত-সন্তুষ্ট হোৱাসকলেই পিচত পৰীক্ষাত ভাল দেখুৱায়। গুণোৎসৱৰ ফলাফলৰ ধাৰণাটো চৰকাৰৰ ঘৰতে থাকে। ৰাইজে কেৱল উৎসৱৰ বতৰাহে পাই থাকে। গুণৰ গুণিত থাকিব লাগে।
পিচে সেই গুণ বিচাৰি শিক্ষা নামৰ ছিষ্টেমটোও অনাহক গুলুমত সোমাই পৰিছে। আচলতে গুণৰ কিহৰ ধুন? গুণী মানুহৰ ধুনপেচ নথকাৰ দৰে গুণোৎসৱক লৈও চৰকাৰী ধুম-ধামৰ প্ৰয়োজন নাথাকে। যাৰ গুণ আছে তেওঁৰ বাবে উৎসৱৰ ৰভা তৈয়াৰ নকিলেও জিলিকি উঠিবই। বিশ্বপ্ৰসিদ্ধ ফ'ৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠাপক হেনৰী ফ'ৰ্ডে কৈছিল, সেইসকল কোলেই গুণী, যিসকলে সকলোৰে অলক্ষিতে কামবোৰ কৰি থাকে। আমাৰ ইয়াত কথাবোৰ ওলোটা।
গুণৰ আৰু গুণীৰ কামবোৰক লৈ চিঞৰ-বাখৰ কৰি থকা হয়। আমি যিমান চিঞৰিছো, ৰীমা দাসে 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ কণমানি কেইটাক অভিনয় শিকাবলৈও কিজানি ইমানখিনি চিঞৰা নাছিল। হিমা দাসৰ সপলতাক লৈ ৰাইজে এনেদৰে তাল-ফাল লগাইছে, সিমানখিনি কিজানি হিমাৰ প্ৰশিক্ষকেও কৰিবলগা হোৱা নাছিল। ইয়াৰ কাৰণ গুণ।
গুণীজনক গুণিত কৰাটো কঠিন নহয়। হিমা-ৰীমা সেই গুণিতৰ মাজত পৰে। কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত গুণ অথবা গুণীৰ সন্ধান কৰাটো আজিৰ দিনত গুণাতীত কথা। অসমীয়া মাধ্যমত পঢ়ি অসমীয়া পণ্ডিত আৰু গুণী হিচাপে জনাজাত লোকসকলৰ আত্মাই কিজানি আজিৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানৰ দুৰ্দশা দেখি কান্দি উঠে। গুণোৎসৱৰ প্ৰচাৰ বেছি হৈছে, কিন্তু গুণৰ প্ৰচাৰ নহয়। কণ কণ শিশুৰ সৈতে গুণৰ আদান-প্ৰদান, আহাৰ গ্ৰহণপৰ্ব চলিছে মন্ত্ৰীৰ। কিন্তু শিক্ষাৰ্থীৰ সমস্যাৰ কোনেও উমান নাপায়।
টৌত উঠি নদী পাৰ হৈ স্কুললৈ যোৱা শিক্ষাৰ্থীৰ মাজত গুণোৎসৱৰ বতৰা লৈ কোনো নাযায়। স্কুলৰ পৰিৱৰ্তে মুকলি আকাশ, গছৰ তলত পাঠদান কৰা শিক্ষাৰ্থীৰ সৈতে গুণোৎসৱ নাপাতে চৰকাৰে। গুণৰ বৈষম্য কি? কেৰালাৰ কোঝিকোড়ি জিলাত ফিৰোক গাঁৱৰ চি কে নাৰায়ণ পাণিকাৰ নামৰ কৃষকজনে অৰ্থৰ অভাৱত পঢ়া-শুনা কৰিব নোৱাৰিলে। এদিন কৃষিকৰ্মৰে চহকী হোৱা পাণিকাৰে কিন্তু কেৰালাৰ জনজাতীয় শিশুৰ পাঠ্যপুথি ছপাবলৈ দান কৰিলে ৪০ লাখ টকা।
গুণ আৰু গুণীৰ এনে অদ্ভূত সমাবেশ সতকাই কাৰো গাত দেখা নাযায়। জোৰ কৰি কাকো গুণী কৰিব নোৱাৰি। শিক্ষা এনে এটা ব্যৱ্স্থা যি যুগ যুগ ধৰি চলি আছে আৰু থাকিব। চৰকাৰ এখন আহে আৰু যায়। কিন্তু চৰকাৰে যি প্ৰৱৰ্তন কৰি যায়, সেয়া চিৰযুগমীয়া হৈ থানে নে নাথাকে সেয়া সন্দেহৰ বিষয়। গুণী আৰু গুণৰ মোল বুজিবলৈ যাওঁতে এইবোৰ কথা বিবেচনালৈ অহা উচিত। অন্যথা গুণোৎসৱ এক বিপ্ৰলম্ভত পৰিণত হ'ব পাৰে। ইতিমধ্যে গুণোৎসৱৰ প্ৰশ্নকাকত ফাদিল কৰি স্বয়ং শিক্ষয়িত্ৰীয়ে সেই কথা প্ৰমাণ কৰি দিছে।
ইউ টু, মী টু, উই টু
পৰম মিত্ৰ মাৰ্কাছ জুনিয়াছ ব্ৰুটাছৰ হাতত নিহত হৈছিল ৰোমান শাসক জুলিয়াছ ছিজাৰ। মৃত্যুৰ পূৰ্বে ব্ৰুটাছৰ বিশ্বাসঘাতকতাত মৰ্মহাত হৈ ছিজাৰে কৈছিল- ইউ টু ব্ৰুটাছ! আপোনজনে হ্ত্যা কৰিলে আজি এইষাৰ কথা উচ্চাৰিত হয়। কিন্তু অন্যৰ হাতত, অচিনাকিৰ হাতত মৃত্যু হ'লে কোনেও ব্ৰুটাছলৈ মনত নেপেলায়। আপোনজনৰ বিশ্বাসঘাতকতাতহে ব্ৰুটাছলৈ মনত পৰে। সম্প্ৰতি দেশত মী টু আন্দোলনৰ জোৱাৰ উঠিছে। সাহিত্য, চিনেমা, বিনোদন জগত সকলোতে মী টুৰ হেন্দোলনি।
ইউ টুৰ পৰা মী টুলৈ দুৰত্ব বেছি নহয়। দুয়োটাতে আছে বিশ্বাসঘাতকতাৰ বিভঞ্জ ৰূপ। পিচে এইয়াৰ আঁৰত মজাৰ কথা অলপো লুকাই আছে। এখন কাহিতে ভাত খোৱা পৰ্যায় এটা পালেহে দুজনৰ মাজত ঘনিষ্ঠতা বাঢ়ে। সেই ঘনিষ্ঠতাই কালক্ৰমত ইজনে সিজনৰ স্বাৰ্থপূৰণতো হাত উজান দিয়ে। পৃথক পৃথককৈ পুৰুষ আৰু নাৰীৰ কথা সুকীয়া। কিন্তু দুয়োটা যেতীয়া লগা হয়, তেতিয়াই সেই ঘনিষ্ঠতা হৈ পৰে সন্তুষ্টিৰ মাধ্যম। ছিজাৰৰ ওচৰ বেছিকৈ চপা বাবেহে ব্ৰুটাছে সুযোগ লৈছিল।
মী টুৰ ক্ষেত্ৰতো একেই কথা। জুই আৰু ঘিউ বেছি সময় একেলগে থাকিব নোৱাৰে। গলি যোৱাৰ পিচত পুনৰ গোট মাৰিবলৈ সময় লাগে। এই যে গোট নালাগিল, সেইটোৱে মী টু। এই বছৰ সাহিত্যৰ নোবেল বঁটাও দিয়া নহ'ল। কাৰণ তাতো মী টুৰ প্ৰভাৱ। চেতন ভগতৰ দৰে চেলিব্ৰিটি লেখকেও ৰাতি ৰাতি পৰস্ত্ৰীলৈ মেছেঞ্জাৰত অশ্লীল বাৰ্তা প্ৰেৰণ কৰে। সেইগৰাকী ভগতৰ উপন্যাস 'ৱান ইণ্ডিয়ান গাৰ্ল'ত প্ৰেম-বিচ্ছেদ, যৌনতাৰ বাবে একো নাই।
চিনেমাত সচৰাচৰ সৎ লোকৰ চৰিত্ৰত অভিনয় কৰা আলোক নাথৰ দৰে অভিনেতায়ো ছবিৰ শ্বুটিঙৰ সময়ত সুৰাৰ ৰাগি সহঃঅভিনেত্ৰীক গবা মাৰি ধৰে। মী টু ক'ত নাই? বিশ্ববিদ্যালয়ত গৱেষণাপত্ৰ প্ৰস্তুত কৰা, পি এইচ ডি লোৱা, জ্যেষ্ঠ অধিবক্তাৰ অধীনত ওকালতি কৰা, বিয়াগোম সাংবাদিক-বুদ্ধিজীৱীৰ অধীনত কাম কৰা, কিতাপৰ পাতনি লিখি দিয়া প্ৰবীণ সাহিত্যিক আদি সকলোতে আছে মী টু। মী টুবোৰ আপোন হৈ থকে এটা পৰ্যায়লৈ। তাৰ পিছত হুলস্থূল।
দুটা দশকে যৌন নিৰ্যাতনৰ কথা লুকুৱাই ৰাখি এতিয়া কথাবোৰ প্ৰকাশ কৰাৰ আঁৰত থাকে সেই আপোচৰ ক'লা অধ্যায়। নিৰ্যাতনৰ পৰা হাত সাৰি অহাসকলেহে মী টুৰ প্ৰতিবাদী পতাকাখন হাতত ল'ব পাৰে। যিসকলে নোৱাৰে তেওঁলোক হেৰাই যায় অসংখ্য 'নিৰ্ভয়া'ৰ দৰে। অথবা অসংখ্য ছিজাৰৰ দৰে। মানুহৰ প্রধান শত্ৰু হ'ল চৰিত্ৰ। এই চৰিত্ৰত থাকে ট্ৰেজেডি আৰু অহংকাৰো। দুয়োটাৰে সংঘাত হ'লেই ইউ টু আৰু মী টুৰ দৰে কথাবোৰ ওলাই আহে। সমাজ গঢ়াত 'উই টু'ৰ প্ৰভাৱ থাকে। আমি কিন্তু উই টু কেতিয়াও হ'ব নোৱাৰো। সেইবাবে ইউ টু আৰু মী টুৰ দৰে কথাবোৰ পাতিহে সন্তুষ্টি লাভ কৰো।