/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
উজনি অসমৰ এখন সভাত কংগ্ৰেছৰ এগৰাকী উচ্চস্তৰীয় নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনক মুকলিকৈ প্ৰশংসা কৰি কৰি কৈছিল যে আগতে অসমত বন্দুকৰ শব্দত ৰাতি পুৱাইছিল, এতিয়া কুলিৰ মাতত ৰাতিপুৱায়। তাৰ দুদিন পিচতে যোৱা মঙলবাৰে খোদ গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী মহিলা বিষয়াক মহানগৰীৰ উপকণ্ঠৰ আজ্ঞাঠুৰীত মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে।
ঘটনাৰ সময়ত বিষয়াগৰাকীয়ে তেওঁৰ কৰ্মস্থলী দদৰাৰ পৰা মহানগৰীৰ নিজৰাপাৰত থকা নিজৰ গৃহাভিমুখে আহি আছিল। হত্যা-হিংসাই এসময়ত জনজীৱন স্থবিৰ কৰি পেলোৱা আমাৰ ৰাজ্যখনত আলফা এন ডি এফ বিকে ধৰি উগ্ৰপন্থী সংগঠনবোৰৰ আৰু অন্য দুৰ্বৃত্তৰ হাতত বহু মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এনে বহু হৃদয়বিদাৰক ঘটনাৰ সাক্ষী ৰাজ্যবাসী হ'লেও নিৰীহ এগৰাকী মহিলা বিষয়াক এনেদৰে হত্যাৰ ঘটনা প্ৰথমবাৰৰ বাবে ঘটিল।
জানিব পৰা মতে এইগৰাকী মহিলা বিষয়া আছিল অতি নীতিনিষ্ঠ, দায়িত্বশীল আৰু মৰমিয়াল। এনে এগৰাকী মহিলাক হত্যা কৰা পক্ষটো নিশ্চিতভাৱে হ'ব লাগিব কোনো মাফিয়া শক্তি, যি বেংকৰ ৰা নিয়মবহিৰ্ভূতভাৱে সুবিধা বিচাৰিছিল, কিন্তু এইগৰাকী বিষয়াই সেই পক্ষৰ নীতিবিগৰ্হিত কাৰ্যৰ প্ৰতি সঁহাৰি দিয়া নাছিল। সেয়েহে এই ঘটনাটো বিক্ষিপ্ত ঘটনা প্ৰবাহৰ মাজৰ এটা বুলি ধৰি ল'লে ভুল হ'ব। চলন্ত গাড়ীত বহি থকা মহিলাগৰাকীক চলন্ত মটৰ চাইকেলৰ পৰা গুলীওৱাটো অভিজ্ঞ শ্বাৰ্প শ্বুটাৰৰ বাবেহে সম্ভৱ। এই ঘটনাই মুকলি কৰি দিছে সন্দেহশংকাৰ বহু দিশ।
প্ৰথম কথা, ই প্ৰমাণ কৰি দিলে যে ৰাজ্যত বৰ্তমান আইন-শৃংখলা তথা নিৰাপত্তাৰ দিশটো আশ্বস্ত হৈ থাকিব পৰাকৈ নিশ্চিদ্ৰ নহয়। দ্বিতীয়তে, ৰাজ্যত এনে দুৰ্বৃত্ত বা মাফিয়া গোট বৰ্তমান সক্ৰিয় হৈ আছে, যি মন গ'লে যিকোনো স্থানতে সাধাৰণ মানুহক গুলীয়াই থৈ যাব পাৰে। তৃতীয়তে, বেংকৰ দৰে বিত্তীয় প্ৰতিষ্ঠানেই হওঁক বা চৰকাৰী বিভাগ, প্ৰতিষ্ঠানেই হওঁক, এইবিলাকত অনৈতিকভাৱে সুবিধা আদায় কৰাৰ বাবে কিছুমান পক্ষৰ কূট-কৌশল সদায় অব্যাহত থাকে। নীতিনিষ্ঠভাৱে, দুৰ্নীতিমুক্ত হৈ কাম কৰিব খোজা বিষয়া-কৰ্মচাৰীসকলৰ বাবে এই পৰিবেশটো ক্ৰমান্বয়ে ভয়ানক হৈ আহিছে। হয়তো এনে পৰিস্থিতিৰ পৰিণতিতে ষ্টেট বেংকৰ মহিলা বিষয়াগৰাকীয়ে আততায়ীৰ হাতত প্ৰাণ দিবলগা হ'ল।
এই ঘঠনাৰ পিছত এনে প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ জীৱনৰ নিৰাপত্তাক লৈ এটা অনিশ্চয়তা আহি পৰিল। অৱধাৰিতভাৱে তেওঁলোকৰ সন্মুখলৈ এটা প্ৰশ্ন আহি পৰিল- কৰ্মস্থলীত নীতি-নিয়মক অগ্ৰাধিকাৰ দিব নে জীৱনৰ নিৰাপত্তাক? ইয়াৰ পিছত চৰকাৰে বিভিন্ন চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ নিৰাপত্তাৰ দিশটো কেনেদৰে গ্ৰহণ কৰিব? ২০১৪চনৰ আগত সমগ্ৰ দেশবাসীৰ লগতে অসমৰ জনসাধাৰণো সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰৰ পৰিস্থিতিক লৈ গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছিল।
দেশখনৰ ব্যৱস্থাবোৰ বিধ্বস্ত হৈ পৰিব বুলি আতংকিত হৈছিল। সেইবাবেই ২০১৪ৰ দেশৰ সাধাৰণ নিৰ্বাচনটো জনসাধাৰণৰ বাবে হৈ পৰিছিল এক অনন্য অধ্যায়। তাত আছিল পৰিৱৰ্তনৰ সপোন, আস্থা-বিশ্বাসৰ পৰিবেশ ঘূৰাই অনাৰ প্ৰবল প্ৰত্যাশা। সেইমতেই ক্ষমতাৰ পৰিবৰ্তন হ'ল, কিন্তু সেই সপোন আৰু আশাবোৰ আকৌ ধূসৰ হৈ পৰিছে। কেন্দ্ৰত এখন সম্পূ্ৰ্ণ একাধিপত্য থকা চৰকাৰ, ৰাজ্যতো নাই কোনো প্ৰতিদ্বন্দ্বী। তেনে অৱস্থাত এখন অতি শক্তিশালী, কৰ্মদক্ষ চৰকাৰ পাব বুলিয়েই জনসাধাৰণ ধাৰণা আছিল।
কিন্তু আপাততঃ অসমৰ মানুহ নিৰাশ। এই চৰকাৰৰ আমোলত এতিয়ালৈকে স্পষ্ট হোৱা নাই উন্নয়নৰ ছবিখন। দুৰ্নীতিক লৈ শূন্য সহনশীলতা ঘোষণা কৰা চৰকাৰখনে চৰকাৰী ব্যৱস্থাটোৰ পৰা প্ৰকৃততে দুৰ্নীতি আঁতৰাব পাৰিছনে- তাতো নিশ্চিত হ'ব পৰা নাই ৰাইজ। সন্মুখতে দুটাকৈ উৎপাদনক্ষম, লাভজনক কাগজ কল বন্ধ হৈ গ'ল, চৰকাৰ নিৰ্লিপ্ত। সকলোকে অংগুষ্ঠ দেখুৱাই যাত্ৰীবাহী যান-বাহনৰ ভাড়া যাৰ কেনেকৈ মন যায় তেনেকৈ বৃদ্ধি কৰিলে, চৰকাৰ নীৰৱ। চৰকাৰে পথ-দলং নিৰ্মাণকে ধৰি ৰূপায়ণ কৰা আঁচনিবোৰৰ বহুততে ধৰা পৰিছে অনিয়ম, উন্মোচিত হৈছে নিম্নমানৰ কাম, তৎসত্ত্বেও তাক প্ৰতিৰোধ কৰোতা যেন কোনো নাই।
এনেকৈ সৰ্বদিশতে এক অৰাজকতাপ্ৰৱণ পৰিবেশ বিৰাজ কৰাৰ সময়তে জনসাধাৰণৰ নিৰাপত্তাক লৈ অন্য এক গুৰুতৰ প্ৰশ্ন সন্মুখলৈ আনি দিলে আজ্ঞাঠুৰীৰ ঘটনাটোৱে। যোৱা সময়ছোৱাত বহু কেইটনা নৃশংস হত্যাকাণ্ড ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে, ইয়াৰ বেছিভাগেই ব্যক্তিগত পৰ্যায়ৰ সংঘাত কিম্বা মুষ্টিমেয় দুৰ্বৃত্তৰ অপৰাধপ্ৰৱণতাৰ পৰিণতি। কিন্তু আজ্ঞাঠুৰীৰ ঘটনাটোৰ চৰিত্ৰ সম্পূৰ্ণ পৃথক বুলি ইয়াৰ প্ৰেক্ষাপটে ধাৰণা দিয়ে। ইয়াৰ আঁৰত নিশ্চিতভাৱে এটা বৃহত শক্তিৰ হাত আছে।
এই শক্তিটোৱে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন ত্ৰিদলীয় চৰকাৰৰ সক্ষমতাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনোৱা বুলিয়েই ক'ব পাৰি। এই ঘটনাটোৰ পৰা শিক্ষা লৈ ৰাজ্য চৰকাৰখনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হ'লে, ঘটনাৰ আঁৰৰ শক্তিক বিচাৰি কঠোৰ শাস্তি দিব নোৱাৰিলে, চৰকাৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আৰু অধিক হ্ৰাস পাব। ভুল ক'ত হৈছে, কেৰোণ ক'ত আছে, তাক এতিয়াই নিৰ্ণয় কৰিব নোৱাৰিলে তাৰ মূল্য চৰকাৰখনে ভৰিবই লাগিব।