সীমা

সীমা

সীমা অতিক্ৰম কৰাটোৱেই মানৱ জীৱনৰ প্ৰধান লক্ষ্য হৈ থাকে। কেতিয়াবা লোভ-উচ্চাকাংক্ষাই মানুহক সীমা পাৰ হ'বলৈ বাধ্য কৰে। কোনোবাই আকৌ জীৱন যুঁজত জয়ী হোৱাৰো সীমা স্থিৰ কৰি থয়। লক্ষ্মণে স্থিৰ কৰা সীমা সীতাই অতিক্ৰম নকৰা হ'লে ৰামায়ণৰ প্ৰাসংগিকতাই নাথাকিলহেঁতেন।

সেই সীমা পাৰ হোৱা বাবেহে ভাৰতীয় সকলে লাভ কৰিছে ৰামায়ণৰ দৰে এখন মহাকাব্য। সীমাৰ বাবেই ভাৰত আৰু পাকিস্তানৰ সংঘাত আজি ৭২ বছৰে ওৰ পৰা নাই। এই সকলোবোৰৰ মাজত প্ৰয়োজনীয় কথাষাৰ হ'ল এয়ে যে অপ্ৰয়োজনত কোনেও সীমা পাৰ হোৱা অনুচিত। অপ্ৰয়োজনত সীমা পাৰ হোৱা মানেই বাটৰ কচু গাত ঘঁহি লোৱাৰ দৰে।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নেহৰু মেম'ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰীটোত দেশৰ পূৰ্বৰ সকলো প্ৰধানমন্ত্ৰীৰ স্মৃতিচিহ্ন ৰখাৰ সিদ্ধান্ত লৈছে। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাসগৃহ তিনমূৰ্তি ভৱনত আছে এইটো মিউজিয়াম আৰু লাইব্ৰেৰী। পিচে বৰ্তমানৰ চৰকাৰৰ মতে ইয়াত কেৱল এজন ব্যক্তিৰ স্মৃতিচিহ্ন থাকিব নোৱাৰে।

পূৰ্বৰ অৰ্থাৎ নেহৰুৰ পৰৱৰ্তী সকলো প্ৰধানমন্ত্ৰীৰ স্মৃতি বিজড়িত সম্পদবোৰ ইয়াত থাকিব লাগিব। সিদিনা প্ৰতিষ্ঠানটোৰ বছৰেকীয়া বৈঠকত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই কৈছে যে চৰকাৰে অন্ততঃ নেহৰুৰ স্মৃতিবিজড়িত সম্পদত হাত দিয়া অনুচিত। স্বাধীন ভাৰতৰ খনিকৰ নেহৰুক নেহৰুৰ দৰেই ৰখাৰ দাবীত আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰও লিখিছে মনমোহন সিঙে।

আচলতে চৰকাৰে যে সীমা পাৰ হোৱাৰ চেষ্টা কৰিছে সেয়া এইটো পদক্ষেপেৰে প্ৰমাণ কৰি দিছে। তিনমূৰ্তি ভৱনত নেহৰুৰ স্মৃতিৰ বিচৰণ ভূমি। যিদৰে ৰাজঘাট বুলিলে মহাত্মা গান্ধীৰ সমাধিটোৰ স্মৃতিহে মনলৈ আহে। যমুনা নৈৰ পাৰত ৰাজঘাটৰ আশে-পাশে বহু ৰাষ্ট্ৰীয় নেতাৰ সমাধি আছে। যেনে- নেহৰুৰ শান্তি বন, চৌধুৰী চৰণ সিঙৰ কিষাণ ঘাট, জননায়ক স্থলত চেন্দ্ৰশেখৰ।

পিছে মহাত্মাৰ ৰাজঘাটৰ যি আকৰ্ষণ, সেই একেই আকৰ্ষণ তিনমূৰ্তি ভৱনৰ সেই নেহৰু সংগ্ৰহালয়টোৰ। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে নাম সলনি কৰাৰ এটা নতুন পৰম্পৰা আৰম্ভ কৰিছে। পুৰণি নাম সলাই নতুন নাম ৰখাৰ এনে প্ৰৱণতাই ৰাইজৰ আৱেগ-অনুভূতিবোৰকো সলনি কৰি দিব ধৰিছে।

বৈচিত্ৰ্যৰে ভৰা সমাজখনত একোটা বিশেষ ৰং দিয়াৰ চেষ্টা চলিছে। এইবোৰেই সীমা অতিক্ৰমৰ প্ৰৱণতা। এনেধৰণৰ সীমা পাৰ হোৱাৰ প্ৰৱণতাৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাই। অন্য এখন চৰকাৰ আহিলে সেই লক্ষ্য সলনি হয়। এনে লক্ষ্য সদায় বিপজ্জনক। সীমাৰ সিপাৰৰ পৰা অহা চুবুৰীয়া দেশৰ গুলীবোৰতকৈও ভয়ংকৰ।

আপোচ

পৰিস্থিতিৰ সৈতে নিজক সলনি কৰিব পাৰিলে বহু সময়ত বিপদৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। এই যে নিজকে সলনি কৰা কথাটো, তাকেই কয় আপোচ। আচলতে গোটেই জীৱনটোৱেই আপোচৰ নামান্তৰ। সন্তানৰ সৈতে আপোচ নকৰিলে সন্তান অবাটে যায়, পত্নীৰ সৈতে আপোচ নকৰিলে সংসাৰ অথলে যায়, ওপৰৱালাৰ সৈতে আপোচ নকৰিলে চাকৰি টনাটনি হয় ইত্যাদি। শেহতীয়াকৈ অসমীয়াৰ বংশবৃক্ষক লৈও আপোচ কৰিবলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছে।

হিন্দু লিগেচী ডাটা মুছলমানে ব্যৱহাৰ কৰাৰ বাতৰিও প্ৰকাশ পাইছে। অসমত অসমীয়াসকল এতিয়া সংখ্যালঘু। কিয় হৈছে এনে পৰিস্থিতি? ব'লব'মৰ দিনা হাতত ঘটি লৈ খোজকঢ়া অসমীয়াবোৰে, ভেলেণ্টাইন ডেৰ দিনা ৰাস্তাই-ঘাটে, পাৰ্ক-ৰেস্তোৰাঁই টহল দিয়া অসমীয়া প্ৰেমিক-প্ৰেমিকাবোৰে, ৰাখী বন্ধনৰ দিনা তামাম ভাই-ভনী হৈ পৰা অসমীয়া ডেকা-ডেকেৰীবোৰে এইবোৰ উত্তৰ দিব পাৰিব।

মোৰ আইক ভাল পাওঁ বুলি ক'লে আনৰ আইক ঘৃণ কৰাটো নুবুজায় বুলি আমি কৈয়েই থৈছো। তেনে উদাৰতাৰে আমি সকলোকে আঁকোৱালি লৈছো। কি ধৰ্ম, কি সংস্কৃতি- বাহিৰা আৰু বিজতৰীয়া হ'লেও আমি নিজৰ কৰি লৈছো। বাহিৰৰ বিলাক নিজৰ হৈ যোৱাৰ পিছত বংশবৃক্ষ, লিগেচী ডাটাৰ কিহৰ প্ৰয়োজন? ধৰ্ম-সংস্কৃতিৰ চালানী প্ৰডাক্টৰ সৈতে যদি আমি আপোচ কৰিব পাৰো, তেনেস্থলত আমাক বংশবৃক্ষ কিয় লাগে? অসমীয়াৰ বংশবৃক্ষ লিগেচী ডাটাক ব্ৰেণ্ড কৰি আন্তৰ্জাতিক বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়াহে ভাল।

অসমীয়াৰ ব্ৰেণ্ড সকলোৱে ব্যৱহাৰ কৰিব পাৰে। বাংলাদেশৰ কক্স বজাৰত থকা ছয় লক্ষাধিক ৰহিংগা শৰণাৰ্থীৰ আশ্ৰয় শিবিৰৰ কাষতে এইখন বজাৰ খুলিলে বিক্ৰী ভাল হ'ব। গেৰুৱাৱালা দোকানীয়ে হিন্দু বাঙালীক অসমীয়া লিগেচী ডাটা দিব বুলি কৈ থৈছে। অসমীয়াৰ বংশবৃক্ষ বিক্ৰীৰ ব্ৰেণ্ড এম্বেছেডৰ এগৰাকী নিযুক্তি দিয়াৰ কথাও বিবেচনা কৰিব পাৰে চৰকাৰে।

এন আৰ চিৰ নাটকখন দীঘলীয়া হৈ গৈ আছে। অসমৰ বাহিৰৰ ৰাজ্যতো নাটক মঞ্চস্থ কৰিছে এন আৰ চিয়ে। চুবুৰীয়া ৰাজ্যই খেদি পঠিওৱা বিদেশী কেইটাও এতিয়া অসমীয়াৰ বংশবৃক্ষৰ লগুণডাল পিন্ধিবলৈ সাজু হৈছে। কাণত লগুণডাল মেৰিয়াই সৰুপানী চুব যোৱা মানুহো আছে আৰু সেইডাল লগুণ মেৰিয়াই মুৰ্গীৰ মাংস খোৱা মানুহো আছে।

দৰাচলতে সেই লোভৰ কৱলত পৰি অসমীয়াই বিক্ৰী কৰিছে নিজৰ পৰিচয়, বংশবৃক্ষ, লিগেচী ডাটা আদি। বিক্ৰী নকৰিলেও হাতৰ পৰা কৌশলেৰে সৰকাই দিছে। লোভ মানেও আপোচ নহয় জানো? আৰু সেই লোভে পতনো মাতে। অসমীয়া সেই পতনৰ গৰাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in