পাঁচ ৰাজ্যৰ নিৰ্বাচন

পাঁচ ৰাজ্যৰ নিৰ্বাচন

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মাজতে আৰু মাত্ৰ তিনিটা দিন বাকী। আজি ৰাজস্থানত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিচতে এই ফলাফলক কেন্দ্ৰ কৰি বিভিন্ন সমীক্ষা, এগজিট প'ল আদি আৰম্ভ হ'ব। ইতিমধ্যে পাঁচ ৰাজ্যৰ নিৰ্বাচনক লৈ দেশৰ ৰাজনৈতিক পৰিস্থিতি যথেষ্ট উত্তাল হৈ পৰিছে। বিশেষকৈ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ নিৰ্বাচনে শাসক দল বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত তীব্ৰ অৰিয়াঅৰি চলা পৰিলক্ষিত হৈছে। তিনিওখন ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ বাহিনীয়ে যিদৰে সক্ৰিয় ভূমিকা লৈছে, সেইদৰে ৰাহুল গান্ধীৰ নেতৃত্বতো কংগ্ৰেছে সমানে নিৰ্বাচনী যুদ্ধক্ষেত্ৰত নামি পৰা দেখা গৈছে।

Advertisment

এই নিৰ্বাচন প্ৰক্ৰিয়া চলি থকা বিগত প্ৰায় এপষেক কাল ধৰি দেশৰ সংবাদ মাধ্যমেও কংগ্ৰেছ-বিজেপিকেন্দ্ৰিক খবৰবোৰকে অধিক গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী মোডী আৰু ৰাহুল গান্ধীৰ মাজৰ অভিযোগ-প্ৰতিঅভিযোগবোৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। প্ৰকৃততেত পাঁচোখন ৰাজ্যৰ নিৰ্বাচনৰ ওপৰত ৰাজনৈতিক বিশ্লেষকসকলৰো তীক্ষ্ন দৃষ্টি নিবদ্ধ হোৱাৰ মূল কাৰণ এটাই। সেয়া হ'ল-এই নিৰ্বাচনৰ ফলাফলে দেশৰ ২০১৯ চনৰ লোকসভা নিৰ্বাচনক বহু দূৰ প্ৰভাৱিত কৰিব। সেই অৰ্থতে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক বহুতে লোকসভা নিৰ্বাচনৰ 'ছেমি ফাইনেল' আখ্যাও দিছে। অধিকসংখ্যক বিশ্লেষকৰে মত হ'ল- হিন্দীবলয়ৰ তিনিওখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলেই হ'ব ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ৰূপৰেখা। কাৰণ লোকসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ তিনিটা মাহহে বাকী। তাতে আকৌ মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিয়ে একেৰাহে পোন্ধৰ বছৰ ধৰি চৰকাৰ চলাইছে। ৰাজস্থানতো বিজেপিৰ নেতৃত্বতে পাঁচ বছৰ ধৰি শাসন চলিছে।

গতিকে তিনিওখন ৰাজ্যতে বিজেপিয়ে এই সময়ত ক্ষমতা হেৰুৱাবলগাত পৰিলে দলটোৱে তাৰ নেতিবাচক ফল ভুগিব লাগিব। ইতিমধ্যে বিভিন্ন নিৰ্বাচনী সমীক্ষাত কোৱা হৈছে যে ৰাজস্থানত বিজেপি শোচনীয় পৰাজয়ৰ সন্মুখীন হ'ব পাৰে আৰু মধ্যপ্ৰদেশ-ছত্তীশগড়তো দলটোৰ অৱস্থা ভাল নহ'ব। অৱশ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই এইধৰণৰ পূৰ্বানুমান পোনছাটেই নাকচ কৰিছে। সি যি কি নহওক, পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পূৰ্বানুমানে বহুতৰে ৰাজনৈতিক অংক ওলট-পালট কৰিবলৈ সক্ষম হৈছে। কেইমাহমান আগলৈকে বহুতৰে ধাৰণা আছিল যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে আনায়ায়ে পুনৰ ক্ষমতা দখল কৰিব পাৰিব। কিন্তু পৰিস্থিতি দ্ৰুতগতিত সলনি হ'ব ধৰিছে। প্ৰধানমন্ত্ৰী মোডীৰ পূৰ্বৰ জনপ্ৰিয়তাও হ্ৰাস পাইছে।

উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত কিছুদিন আগতে সম্পন্ন উপ-নিৰ্বাচনৰ ফলাফলে বিজেপিৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰি থৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সংসদীয় সমষ্টিতে দলটো সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টীৰ যৌথ প্ৰচেষ্টাৰ ওচৰত হাৰ মানিবলগীয়া হৈছিল। কিন্তু বিৰোধী ঐক্যৰ প্ৰশ্নটো আগত লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতহে প্ৰাসংগিক। ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনত নহয়। তিনিওখন ৰাজ্যতে কংগ্ৰেছৰ তীব্ৰ প্ৰত্যহ্বানৰ সন্মুখীন হৈছে কেন্দ্ৰৰ মূল শাসক দলটো। তেলেংগানাতো বিজেপিয়ে ক্ষমতালৈ অহাৰ আশা বৰ ক্ষীণ। তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ মূল দুৰ্গস্বৰূপ এই তিনিওখন ৰাজ্যতে দলটো হাৰি যাব লাগিলে দেশৰ ৰাজনীতিতো এক অভূতপূৰ্ব পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিব। তেতিয়া অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ দৰে ইছ্যুবোৰৰ প্ৰাসংগিকতা নাথাকিব। বিমুদ্ৰাকৰণৰ দুটা বছৰ অতিক্ৰম কৰাৰ পিছত ৰাজস্থান, মধ্যপ্ৰদেশত আৰু ছত্তীশগড়ৰ দৰে অনগ্ৰসৰ ৰাজ্যৰ সত্তৰ শতাংশ সাধাৰণ শ্ৰমজীৱি ৰাইজৰ ৰাজনৈতিক মতক জানিবলৈ সেয়েহে সকলোৱে এঘাৰ ডিচেম্বৰৰ দিনটোলৈ উৎকণ্ঠাৰে বাট চাইছে।