/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
জনসেৱাৰ অৰ্থে সংবিধানৰ শপতবাক্য আওৰোৱা নেতাৰ নীতিহীন ৰাজনীতিৰ স্বৰূপ জনসাধাৰণৰ সমুখত ওলাই পৰে নিৰ্বাচনী প্ৰচাৰ সভাবোৰত। পোন্ধৰ বছৰ একেলগে ক্ষমতাত থকাৰ পিচত যেতিয়া এজন প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অভিজ্ঞ ৰাজনীতিকে তেওঁৰ এসময়ৰ প্ৰিয় সতীৰ্থজনৰ অন্যায়-অনীতিৰ বিষয়ে ৰাউচি জুৰিবলৈ লয়, তেতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়– এয়াও ক্ষমতাসৰ্বস্ব ৰাজনীতিৰে আন এক কৌশল নহয়তো? অৰ্থাৎ যেতিয়ালৈকে কাৰোবাৰ ন্যস্ত স্বাৰ্থ সুৰক্ষিত থাকে, তেতিয়ালৈকে সকলোৰে পাপ ঢাকোন দি ৰখা হয় প্ৰচলিত শাসন ব্যৱস্থাত। স্বাভাৱিকতে ইয়াত মান-সন্মান, নীতি-অনীতিৰ প্ৰশ্নই অবান্তৰ বৈ পৰে। ক'বলৈ গ'লে জনসাধাৰণক আভুৱা ভাঁৰিবলৈ গৈয়ে ৰাজনীতিকৰ প্ৰকৃত চৰিত্ৰ ওলাই পৰিছে। সকলোৰে লক্ষ্য কেৱল এটাই– কিদৰে জনগণক মূৰ্খ সজাই ক্ষমতাৰ গাদী দখল কৰিব পাৰি! মানুহৰ মাজত চৰম ঘৃণা বিয়পাই দি হ'লেও ক্ষমতাত টিকি থকাৰ এই ৰাজনৈতিক প্ৰতিযোগিতাই অতি সম্প্ৰতি বহু নিম্ন স্তৰলৈ গতি কৰিছে। ৰাজনৈতিক নেতাই পাহৰি গৈছে যে সকলো মানুহকে চিৰদিনৰ বাবে মূৰ্খ সজাই ৰখাটো কাহানিও সম্ভৱপৰ নহ'ব। 'কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি চুলি পকা'–এইষাৰ আপ্তবাক্যৰ মৰ্মাৰ্থকে যেন প্ৰতিফলিত কৰিছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক দুৰ্বাদল বাকযুদ্ধত শাসকীয় ৰাজনৈতিৰ শিবিৰবোৰে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে নিক্ষেপ কৰা শব্দচয়নবোৰৰ যোগেদি। প্ৰথম কথা, পঞ্চায়তীৰাজ অথবা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে উন্নয়নী কৰ্মকাণ্ডত তৃণমূলৰ জনতাৰ অংশগ্ৰহণ পৰিপূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাপনা হিচাপে স্থানীয় স্বশাসিত প্ৰতিষ্ঠানৰ বাস্তৱিক স্থিতি বিষয়ত প্ৰসংগবোৰ পৰিকল্পিতভাৱেই পৰিত্যক্ত হৈ পৰিছিল সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ অভিযানত। ভোটাৰৰ মন জয় কৰিবলৈ স্বৰাজোত্তৰ কালৰ স্থানীয় নিকায় দখলৰ যুঁজত সৰ্বাধিক ধন-বল প্ৰয়োগ কৰা উক্ত প্ৰচাৰ অভিযানত বাদ পৰি ৰৈছিল বহু প্ৰাসংগিক বিষয়। তাৰ বিপৰীতে পৰিলক্ষিত হ'ল নীতিহীন ৰুচিবিবৰ্জিত আবাইচ গালি-গালাজ আৰু স্ববিৰোধী বাক্যবাণেৰে পঞ্চায়চ জিকিবলৈ ৰণত নমা শাসকীয় শিবিৰৰ বিভিন্নজন নেতাৰ বাগড়ম্বৰপূৰ্ণ ভাষণ। নেতাসকলে এইক্ষেত্ৰত পৰস্পৰৰ বিৰুদ্ধে প্ৰয়োগ কৰা নিম্নমানৰ বাক্য-বচনবোৰে সকলোকে তবধ মনাইছে। স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তথ্যবিহীন বা বিনাপ্ৰমাণে কেতবোৰ এনে অভিযোগ ৰাজহুৱা মঞ্চত উপস্থাপন কৰিলে, যিবোৰ সঁচাকৈয়ে হাস্যকৰ। এই কথা জনাসাধাৰণেও বুজিব পাৰিছে। তাতকৈও ডাঙৰ প্ৰশ্ন হ'ল– মুখ্যমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থই অভিযোগ কৰা অনুসৰি শাসকীয় বিজেপিৰ চিৰশত্ৰু কংগ্ৰেছেৰে বুজা-বুজি কৰা অগপৰ তিনিজনকৈ মন্ত্ৰী এতিয়াও তেওঁলোকৰ চৰকাৰতে মজুত থাকে কেনেকৈ? একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীজনৰ মাজৰ কাজিয়াত দুয়োজন নেতাৰ মুখেদি নিৰ্গত অগ্নিবাণবোৰেও জনসাধাৰণৰ বাবে হাস্য-ব্যংগ নাটকৰ সোৱাদহে দিয়া যেন পৰিলক্ষিত হৈছে। মুঠতে আমাৰ সমাজখনত যি ৰাজনৈতিক সংস্কৃতিয়ে গা কৰি উঠিছে, তাৰ নেতিবাচক প্ৰভাৱে নতুন প্ৰজন্মকো সন্দিহান কৰি তুলিছে। এচাম নেতাই পঞ্চায়ত নিৰ্বাচনত গাঁৱৰ গৰিব ৰাইজক হেলিকপ্টাৰ উৰুৱাই আমোদ দিছে। অথচ সেই গাঁৱতেই স্বাধীনতাৰ ৭১ বছৰে উন্নয়নৰ ছাঁটোকে পৰা নাই। মহাত্মা গান্ধীৰ গ্ৰাম্য স্বৰাজৰ সপোনক বাৰে বাৰে পদাঘাত কৰা আজিৰ নেতাৰ দেহত ক্ষমতাৰ অতিৰিক্ত চৰ্বিহে জমা হৈছে। এইবাৰৰ পঞ্চায়তৰ নিৰ্বাচনতে মানুহৰ মাজত ঘৃণাৰ ৰাজনীতি এনেদৰে বিয়পাই দিয়া হৈছে, যাতে ভৱিষ্যতৰ বিধানসভা অথবা লোকসভা নিৰ্বাচনত সেই ৰাজনীতিকে শাসকগোষ্ঠীয়ে কামত লগাব পাৰে। জনসাধাৰণেও এই কথাৰ ভু নাপালে যে যোৱা মাৰ্চ মাহতে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন চৰকাৰে ডিচেম্বৰলৈকে পিচুৱাই ৰাখিছিল। তাকো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপতহে যে পঞ্চায়ত নিৰ্বাচন সম্পন্ন হ'ল, সেই কথাও বিশেষ চৰ্চালৈ নাহিল। গাঁৱৰ ৰাইজৰ স্বশাসনৰ কথাও তল পৰিল। তাৰ বিপৰীতে শাসক-বিৰোধীয়ে দলীয় অৰিয়া-অৰি আৰু ক্ষমতাসৰ্বস্ব ৰাজনীতিৰে নিজৰ নিজৰ কুঅভিপ্ৰায়বোৰহে পূৰণ কৰিলে। হিংসা-বিদ্বেষৰ আখৰাথলী অথবা প্ৰতাৰণাৰ নামান্তৰ হৈ পৰিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাবোৰ। জনসাধাৰণে এইবোৰ কথা টলকিব পাৰিলেহে গণতন্ত্ৰ জীপাল হৈ থাকিব।