'ইউ এন এছ ডব্লিউ'ত আন এগৰাকী অসমীয়া মহিলা

'ইউ এন এছ ডব্লিউ'ত আন এগৰাকী অসমীয়া মহিলা

মৃদুল কুমাৰ সন্দিকৈ

কোনে কয় অসমীয়া নাৰী কৰ্মক্ষেত্ৰ কেৱল পাকঘৰৰ ভিতৰত। অন্নদা গোঁহাইয়ে ১৯৫৯ চনতেই অষ্ট্ৰেলিয়াৰ বিখ্যাত ইউ এন এছ ডব্লিউৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ খবৰ এতিয়া চৰ্চালৈ আহিছে। বিশ্ব বিদ্যালয়খনৰ এটা প্ৰেক্ষাগৃহ তেওঁৰ নামেৰে নামাকৰণ কৰাৰ খবৰে প্ৰতিজন অসমীয়াকে আহ্লাদিত কৰিছে।

সেইখন বিশ্ববিদ্যালয়তে আছে আন এগৰাকী অসমীয়া নাৰী। তেওঁৰ নাম ড০ ৰুক্মী দত্ত। এই গৰাকী অসমীয়া মহিলাই এই বিশ্ববিদ্যালয় খনত অধ্যাপনা কৰি আছে। ইউ এন এছ ডব্লিউৰ এনাৰ্জি চিষ্টেম উইথ দ্যা স্কুল অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এণ্ড টেলিকমিউনিকেশ্যন বিভাগৰ তেওঁ এগৰাকী জ্যেষ্ঠ অধ্য়াপিকা।

ইলেক্ট্ৰিকেল মেছিন আৰু ডিভাইছৰ লগতে ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিকছ, পাৱাৰ ইলেক্ট্ৰনিকছ, ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰনিকছ আদি ক্ষেত্ৰ সমূহত গৱেষণা আৰু নতুন নতুন আৱিষ্কাৰে বিশ্বজুৰি সুপৰিচিত লাভ কৰা ড০ ৰুক্মী দত্তৰ ঘৰ নগাঁঁও ফৌদাৰীপট্টীত। ১৯৯৬ চনত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকেল ই্ঞ্জিনিয়াৰিঙত বি ই ই ডিগ্ৰী লাভ কৰি ২০০৭ চনত তেওঁ অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰিছিল।

অতি শেহতীয়াকৈ তেওঁ বিদ্য়ুৎ চালিত বাহনত ব্যৱহাৰ কৰিব পৰা এটা বিশেষ মটৰ চীন মূলৰ এজন গৱেষক ছাত্ৰৰ সৈতে মিলি আৱিষ্কাৰ কৰিছে। আই স্পীড ইন্টেৰিঅ' পাৰমানেন্ট মটৰ ডিজাইন, ইলেক্ট্ৰিক মেছিন এণ্ড ডিভাইছ চিষ্টেমছ, উইন এণাৰ্জি কনভাৰশ্যন আদি গৱেষণাৰ সৈতে জড়িত ড০ ৰুক্মী দত্তই আই ই ই ই ইলেক্ট্ৰনিক মেছিন কমিটিৰো প্ৰথম মহিলা আছিল।

তেওঁ ইউ এন এচ ডব্লিউ ইঞ্জিনিয়াৰিং বিনছ এৱাৰ্ড এফ আউটষ্টেণ্ডিং পি এইছ ডি থেচিচ বঁটা ২০১৯ আৰু ২০২২ বৰ্ষত লাভ কৰিছিল। ২০২২ বৰ্ষত গয়ো শ্বো নামৰ ছাত্ৰজনক গৱেষণাৰ ক্ষেত্ৰত দিয়া গাইডেঞ্চ আৰু সহযোগিতাৰ বাবে এই সন্মান তেওঁলৈ যঁচা হৈছিল।

বিশ্বৰ বিভিন্ন মঞ্চত গৱেষণা পত্ৰ পাঠ কৰা অসমৰ এই গৰাকী ইউ এ এছ বিত কৰ্মৰত অধ্যাপিকা অৱশ্যে যোৰহাটৰ ন আলি, ঢেকিয়াজুলিৰ বোৱাৰী। ডিভেঞ্চ ইনষ্টিটিউট নেটৱৰ্ক ষ্ট্ৰেটেজিত ইনভেচমেন্ট ইনিচিয়েটিভকে ধৰি বহু বৃত্তি লাভ কৰা দত্তই ইনভিষ্টেকেশ্যন অফ গ্ৰীড পাৱাৰ কোৱালিটি, ফল টলাৰেঞ্চ কন্ট্ৰল অফ অপেন-উইণ্ডিং আই পি এম এছ জি, ইমপ্ৰোভ কন্ট্ৰোল অফ হাইস্পীড আই পি এম এছ এন আদি প্ৰকল্পৰেও তেওঁ জড়িত।

উল্লেখ্য যে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত বি ই ই ডিগ্ৰী গ্ৰহণ কৰিয়েই তেওঁ কিছুদিন ৰিলায়েন্স প্ৰাইভেট লিমিটেডত অভিযন্তা হিচাপে কাম কৰিছিল। ১৯৯৯ চনত তেওঁ টকিঅলৈ গুচি যায়। জাপানৰ ৰাজধানী চহৰখনত থকা ইনষ্টিটিউট এফ ইণ্ডাষ্ট্ৰিয়েল চাইন্স চমুকৈ আই আই এছত তেওঁ গৱেষক সহায়ক হিচাপে যোগদান কৰে।

তাৰ পৰাই তেওঁ পি এইচ ডি ডিগ্ৰীৰ বাবে ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছলৈ যোৱাৰ অনুপ্ৰেৰণা পায়। তেওঁ ইউ এন এছ বিত অধ্যয়নৰ পাছত চি এম জি প্ৰাইভেট লিমিটেডত টেষ্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰে যদিও ২০১০ চনত তেওঁ পুনৰ শৈক্ষিক ক্ষেত্ৰখনলৈ ঘূৰি আহি ইউ এন এছ ডব্লিউতে প্ৰবক্তা হিচাপে যোগদান কৰে।

এই ক্ষেত্ৰ খনত যথেষ্ঠ অভিজ্ঞ দত্তই ইঞ্জিনিয়াৰিঙৰ গ্ৰন্থৰ উপৰিও পঢ়ি ভাল পাই বিশ্বৰ প্ৰসিদ্ধ উপন্যাসিক সকলৰ উপন্য়াস। অতি ব্যস্ত থকা ৰুক্মী দত্তই এটা সাক্ষাৎকাৰত কৈছিল যে গৱেষণাৰ কামতেই তেওঁ ব্যস্ত হৈ থাকিব লগা হয় । সেয়েহে সাক্ষাৎকাৰটোত তেওঁ আজৰি সময় কেনেকৈ কটায় বুলি প্ৰশ্ন কৰোতে তেওঁ উত্তৰ দিছিল i wish i had free time to spent .

ইলেক্ট্ৰিক ডিভাইছ চিষ্টেমৰ সন্দৰ্ভত গৱেষণা কৰি ভালপোৱা ৰুক্মী দত্তই গৱেষণাৰ এই ক্ষেত্ৰখনৰ বাহিৰে আন একো কথা ভাবিবই নোৱাৰে। অন্নদা গোঁহাইৰ দৰে এই গৰাকী অসমীয়া নাৰীয়ে এতিয়া একেখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি সমগ্ৰ বিশ্বতে নিজৰ ক্ষেত্ৰ খনৰ নতুন পৰিচয় তুলি ধৰিবলৈ সক্ষম হৈছে। তেখেতৰ স্বামী ড০ দুশ্মন্ত দত্তও অষ্ট্ৰেলিয়াতে কৰ্মৰত। তেখেত এজন বিশ্বৰ আগশাৰীৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষজ্ঞ।

তেওঁ অষ্ট্ৰেলিয়া চৰকাৰৰ উদ্যোগ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী। উল্লেখ্য যে, ৰুক্মী দত্তৰ পিতৃ আছিল নগাঁও দশন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। তেখেতৰ নাম বীৰন্দ্ৰ নাথ দাস। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষালৈকে তেওঁ অসমীয়া মাধ্যমতে পঢ়া শুনা কৰিছিল। অসমৰ নাৰীয়ে এতিয়া এনেদৰে বিশ্বজুৰি খ্যাতি আজুৰিছে। সেই খবৰবোৰে অসমত গৌৰান্বিত কৰাৰ লগতে নতুন প্ৰজন্মক নিসন্দেহে উৎসাহিত কৰিব।

'ইউ এন এছ ডব্লিউ'ত আন এগৰাকী অসমীয়া মহিলা
কোন আছিল অন্নদা গোঁহাই?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in