/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
জুয়ে ভাঙেও, গঢ়েও। জুইৰ সমান বিধ্বংসী আৰু একো নাই। বিশ্ব ব্ৰহ্মাণ্ডত এনে কোনো বস্তু নাই যিটোক জুয়ে প্ৰচণ্ড উত্তাপেৰে পুৰি ছাৰখাৰ কৰিব নোৱাৰে। প্ৰশ্ন মাথোন উত্তাপৰ প্ৰচণ্ডতাতহে। কম উত্তাপতেই কিছুমান বস্তু পুৰি যায় আৰু কিছুমান পুৰিবলৈ প্ৰচণ্ড উত্তাপৰ প্ৰয়োজন হয়।
কিন্তু জুই মাথো বিধ্বংসীয়েই নহয়, সকলো বস্তুৰ সৃষ্টিৰ গুৰিও। জুইৰ ব্যৱহাৰৰ আৱিষ্কাৰেই মানুহক মানুহ কৰিলে। যিটো বস্তু পুৰিবলৈ যিমান অধিক উত্তাপৰ প্ৰয়োজন বস্তু হিচাপে সি সিমানেই অধিক গধুৰ। সেইবাবেই এটা বস্তু কিমান অধিক গধুৰ তাক পৰীক্ষা কৰাৰ সবাতোকৈ উত্তম পদ্ধতি হ'ল অগ্নিপৰীক্ষা।
আনহাতে সাধাৰণতেই মানুহে সকলোতকৈ মূল্যবান বস্তু বুলিলেই প্ৰথমেই যিটো নাম লয়, সেইটো হল- সোণ। কিন্তু সোণ মানেই যে নিভাঁজ পদাৰ্থ তেনে নহয়। প্ৰকৃতিৰ নিয়ম মতেই সোণতো ভাঁজ থাকে। সোণাৰিয়ে দিয়া ভাঁজ নহয়, প্ৰকৃতিৰ নিয়মৰ ভাঁজ। সেয়ে সোণ কিমান নিভাঁজ তাক জুইত পুৰিলেহে জানিব পাৰি। পুৰিলেহে সোণৰ জিলিকনি বাঢ়ে। সোণত যি মলি থাকে তাক জুয়ে পুৰি সোণক জিলিকাই তোলে।
আনহাতে, সকলো সোণেই সমান মূল্যৱান নহয়। প্ৰাকৃতিক কাৰণতেই। কোন টুকুৰা সোণ কিমান মূল্যৱান তাক জোখা হয় 'কেৰেটে'ৰে। যিমানেই অধিক 'কেৰেট'ৰ সিমানেই ই অধিক বিশুদ্ধ আৰু তাৰ ব্যৱহাৰযোগ্যতাও সিমানেই অধিক। সিমানেই ই অধিক মূল্যৱান। সোণ বুলিলে যে মাথোন আক্ষৰিক অৰ্থৰ সোণকেই বুজায় তেনে নহয়, সোণৰ প্ৰতীকি অৰ্থও আছে। মহামূল্যৱান যিকোনো বস্তুৰ অমূল্য গুণক সোণক প্ৰতীকি বিশেষণ হিচাপে লৈ প্ৰক্ষেপ কৰা হয়। যেনে জুলীয়া সোণ। অথবা ক'ল সোণ।
অসাধাৰণ প্ৰতিভাৰ গৰাকীকো সোণালী বিশ্লেষণেৰে আদৰ যচা হয়। সন্মান প্ৰদান কৰা হয়। ক্ৰীড়া বীৰ-বীৰাংগনাসকলৰ ক্ষেত্ৰত ই বিশেষভাৱে খাটে। বৰ্তমানে ভাৰত তথা অসমৰ চৌদিশ এগৰাকী উৰন্ত সোণালী পৰীয়ে সদ্যসমাপ্ত এছিয়ান গেমছত লাভ কৰা চমৎকাৰ সাফল্যৰে উখল-মাখল লগাই আছে, আনন্দ আৰু উৎসাহৰ ঢৌৰে। সেই উৰন্ত সোণালী পৰীগৰাকী হ'ল অসমৰ জকাইকুচীয়া গাঁও কান্ধুলিমাৰীৰ পথৰুৱা বোকাৰ পৰা ওলোৱা ২৪ কেৰেটৰ নিভাঁজ সোণৰ বিশাল টুকুৰা যেন হিমা দাস আইদেউ।
আমাৰ অতি আদৰৰ এই উৰন্ত অসম কন্যাগৰাকী মাথোন বিৰল ক্ৰাড়ী প্ৰতিভাৰ গৰাকীয়েই নহয়, লগতে সেই প্ৰতিভা বিস্ময়কৰৰূপেৰে বিৰল। অসমত তীৰবেগী এথলীটৰ কথা ওলালে অতদিনে জুনুমণি শইকীয়াৰ কথা ক'লগা হৈ আছিল। তেওঁ জুনিয়ৰ এছিয়া চেম্পিয়ন আছিল। পিছে ছিনিয়ৰ চেম্পিয়ন হ'ব পৰা নাছিল। অৱশেষত আমাৰ সেই আশা আংশিকভাৱে পূৰণ কৰিলে উৰন্ত অসম কন্যা হিমা দাসে।
তেওঁ নিজ প্ৰিয় ইভেণ্টত জুনিয়ৰ বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱৰ অধিকাৰী হোৱাৰ উপৰি সদ্যসমাপ্ত এছিয়ান গেমছত এটা গোণৰ আৰু দুটা ৰূপৰ মেডেল অৰ্জন কৰিলে। অনভিজ্ঞতাৰ বাবে ২০০ মিটাৰ দৌৰত ফলছ ষ্টাৰ্ট কৰি দৌৰৰ পৰা বাহিৰ নোহোৱা হ'লে হয়তো চাৰিটা মেডেলেই দখললৈ আহিলহেঁতেন। কাৰণ ভাৰতেই দ্যুতি ছান্দে স্বৰ্ণপদক লাভ কৰিছে, যাক হিমাই ট্ৰায়েলত পৰাজিত কৰিছিল।
এনেকৈয়ে উৰন্ত অসম কন্যা হিমা এছিয়াডৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈয়েই তিনিটাকৈ মেডেল লাভ কৰা প্ৰথম অসমীয়া এথলেট হোৱাৰ উপৰি প্ৰথম ভাৰতীয় এথলেট হোৱাৰ বিৰল সন্মানো অৰ্জন কৰিলে। দৌৰৰাণী হিমা দাসলৈ আমি যাচিছো আন্তৰিক অভিনন্দন। লগতে তেওঁক সোঁৱৰাই দিব খুজিছো- ই যেন বৰ্তমানতকৈও বহু উজ্জ্বল পৰিক্ৰমাৰ আৰম্ভণিহে হয়। সেইবাবেই তেওঁৰ বিৰল কৃতিত্বক আমি 'আংশিক আশা পূৰণ' বুলিছো।
বৰ্তমানে হিমাই যি চমৎকাৰ সাফল্য ইতিমধ্যে অৰ্জন কৰিছে, সেই সাফল্যই স্পষ্ট কৰি দিছে তেওঁ এটুকুৰা বিশাল সোণসদৃশ, যেনে সোণৰ টুকুৰা পূৰ্বে অসমততো আৱিষ্কাৰ হোৱা নাছিলেই, আনিক ভাৰততো হৈছিল নে নাই সন্দেহ। কাৰণ ভাৰতৰ দৌৰৰাণী পি টি ঊষায়ো অলিম্পিক মেডেল লাভ কৰিব পৰা নাছিল, যি অভাৱ পূৰণ কৰাটো হিমাই জীৱনৰ লক্ষ্য কৰি ল'ব লাগিব। লক্ষ্য কৰি ল'ব লাগিব ছিনিয়ৰ বিশ্ব চেম্পিয়ন হোৱাৰ। তাৰ বাবে প্ৰথম প্ৰয়োজনটো হ'ব একান্ত মনোযোগৰ।
এছিয়াডত ২০০ মিটাৰ দৌৰৰ পূৰ্বে অসমৰ কোনোবাই হিমাৰ মনোযোগ ভংগ কৰাৰ অভিযোগ উঠিছে। তেনে দুষ্কাৰ্য কৰাবোৰ ক্ৰীড়াপ্ৰেমী হ'বই নোৱাৰে। ক্ৰীড়াৰ শত্ৰুহে। হিমাই ফেচবুক, ম'বাইল আদিৰ দৰে খেলি থকা কালছোৱাত যিমান পাৰে দূৰত থাকিব লাগিব। অদৰকাৰী কোনো কথা কোনেও তেওঁৰ কাণত পেলাব নালাগিব। যিমান তেওঁক কৰ্তৃপক্ষই কৰি দিব লাগিব। এই প্ৰতিযোগিতাবোৰেই হ'ব সেই সোণ টুকুৰাক উজ্জ্বল কৰা জুইকুৰা।
হিমা শ্ৰেষ্ঠ বিশ্বমানলৈ আহিবলৈ এতিয়াও অন্ততঃ তিনিৰ পৰা চাৰি ছেকেণ্ড সময় কমাব লাগিব। যিটো অতি কঠি লক্ষ্য। একমাত্ৰ সম্পূৰ্ণ উপযুক্ত, উন্নত তথা কঠোৰ প্ৰশিক্ষণৰ জৰিয়তেহে তাক কৰাটো সম্ভৱ। সেইটো কৰাৰ সাহস আৰু প্ৰতিভা হিমাৰ আছে। এতিয়া প্ৰয়োজন কঠোৰ অনুশীলনৰ। কৰ্তৃপক্ষই সেই সুবিধা হিমাক কৰি দিব লাগিব। অসমীয়া তথা অসমৰ নাগৰিক সমাজে এই দিশত সহায় কৰিবলৈ আগবাঢ়ি অহা উচিত।
চুটি দূৰত্বৰ ৰানাৰ এগৰাকীৰ বাবে এক ছেকেণ্ড সময় কমোৱাটোও দীঘলীয়া কঠোৰ প্ৰচেষ্টাৰ লক্ষ্যসাধন। তেওঁৰ হাতত সময় বৰ কম। সেয়ে অলাগতিয়াল অনুষ্ঠান পাতি হিমাৰ সময় নষ্ট কৰাটো তেওঁক আদৰ যচাৰ সলনি উন্নতিত বাধা দিয়াটোহে হ'বগৈ। সম্বৰ্ধনা জনাবলৈ পিচলৈ বহুত সময় পাম। কিন্তু হিমাই বিশ্বমানলৈ যাবলৈ নিজকে প্ৰস্তুত কৰাৰ সময় তাকৰ। তেওঁৰ সেই সাফল্যহে আমি কামনা কৰা উচিত।