/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/golp-editing-design-final.jpg)
♦ দীপক বৰা
"এ সীতা আই ৰামক নিচিনিলা/এ সীতা আই ৰাৱণকো নিচিনিলা/ঘৰো হেৰুৱালা, স্বামী হেৰুৱালা/এ সীতা আই বনতে পাতিলা ঘৰ হে/ বনতে পাতিলা ঘৰ…"
গছবােৰেও কান্দিছিল, চৰাইবোৰেও শোকাতুৰ গছৰ ডালত উচুপিছিল…, হৰিণীবোৰেও ৰ' লাগি মুখৰ কুমলীয়া ঘাহ পাগুলিবলৈকে পাহৰিছিল। অলপ আন্ধাৰ-অলপ পোহৰৰ ছয়া-ময়া খেল, জোনাকীবোৰেও মৰা নাছিল পোহৰৰ মেল।
সাৰ পাই উঠিয়েই বা কি দেখিব, কি বুজিব, কেনেকৈনো সহিব। পৰা হ'লে সাজিয়েই দিলোহেতেন সুকোমল শয্যা, পাৰি দিলোহেতেন বগলী পাখিহেন দলিছা।
গছবোৰে নোৱাৰে, শিলবোৰেও নোৱাৰে। কিন্তু সকলো সহিব পাৰে নীৰৱে, দুখবোৰ লুকুৱাব জানে গোপনে আৰু প্ৰতিশোধ ল'ব নাজানে বাবেই গছবোৰ গছ হ'ল, মানুহ নহ'ল। মিছাতেই জহি পমি যাব নোৱাৰে বাবেই শিলবোৰ শিল হ'ল, হৃদয় নহ'ল, শিলবোৰ মানুহতকৈ কোমল হ'ল।
বতাহৰ সুহুৰি এটিত খপজপাই সাৰ পালে জনকনন্দিনী। উচিপচাই থকা গছবোৰ সচকিত হ'ল, বতাহৰ ওপৰত খঙ উঠিল যদিও বতাহেই গছবোৰক হহুৱাই-নচুৱাই আৰু নিচুকাই। আন্ধাৰ-পোহৰৰ ছয়া-ময়াত অৰণ্যৰ গভীৰতাত নিজক আৱিষ্কাৰ কৰি ৰাজবধু সীতা ক্ষন্তেকৰ বাবে হতভম্ব হ'ল।
অজান ভয় এটাই গিলি পেলোৱা সীতাৰ ভয়াৰ্ত উচুপনিটোও অজান আশংকাত ডিঙিৰ ওচৰতে ৰৈ গল। পোৱালমণি যেন চকুপানীবোৰ দেখি ব্যৰ্থিত গছবোৰে হালি-জালি সীতাৰ কাণত ফুচফুচালে- "ভয় নকৰিবা, ইয়াত মানুহ নাই, পুৰুষ নাই, কেৱল প্ৰকৃতি…."
নিজকে চম্ভালিবলৈ বহুপৰ লাগিল, পৰা হ'লে জাপ মাৰিয়েই দিলেহেতেন ভৰপুৰ সৰযুত। পৰা হ'লে, পৰা হ'লে লক্ষ্ণণৰ তীব্ৰবেগী ৰথৰ পৰা জাপ মাৰি শেষ কৰি দিলেহেতেন নিজক, কিন্তু…..
প্ৰতিপদৰ জোনৰ দৰে কলাকলাকৈ বাঢ়ি অহা গৰ্ভস্থ সন্তানটিৰ আকুল হেঁপাহত সামৰি থৈছোঁ অজস্ৰ মান-অভিমান। যদিও এয়া এক অসহনীয় অপমান! মনৰ কথা নুবুজাকৈ স্বয়ম্বৰ জিনা শক্তিশালী দিব্যকান্তিৰ ৰাজকুমাৰজনক বিশ্বাসত লৈয়েই চিৰজীৱনৰ বাবে গুচি আহিছিলোঁ মাতৃগৃহ এৰি। চৌধ্যটা বৰ্ষৰ কঠিন বনবাসো পাৰ কৰিছিলোঁ অনায়াসে।
লংকালৈ হৰি নি ৰাৱেণ চলোৱা অলেখ প্ৰলোভন-নিৰ্যাতনৰ অন্ততো তোমাৰ প্ৰতি থকা প্ৰৱল অনুৰাগৰ বাবেই এক আদেশতে জাঁপ দিবলৈকো সাজু হৈছিলোঁ অগ্নিকুণ্ডত। সেয়াও আছিল এক অপমানেই। নাৰীত্বৰ প্ৰতি চৰম অসন্মান। তোমাৰ প্ৰতি জন্মা মোৰ প্ৰেম আৰু পিতায়ে বান্ধি দিয়া চেনেহজৰীৰ গাঁঠিৰ প্ৰতি সন্মান ৰাখিয়েই সহিছিলোঁ সেই অপমান, অনায়াসে পাৰ কৰিছিলোঁ তোমাৰ মতগৰ্বী-অহংকাৰৰ প্ৰাচীৰ।
কিন্তু, এতিয়া মই এপাহ তলসৰা শেৱালি, তুমি হৰণ কৰিলা যাৰ সমস্ত কুমাৰী নিৰ্য্যাস…
একেই এগৰাকী নাৰীৰ ওপৰত তুমি চলোৱা অত্যাচাৰক মোৰ প্ৰতি থকা প্ৰেম আৰু অনুৰাগৰ প্ৰকাশ বুলি ভুলকৈয়ে ভাবিছিলোঁ। সেয়া আছিল অৱদমন, পুৰুষত্বৰ অহংকাৰৰ বৰ্হিপ্ৰকাশ। সুগ্ৰীৱক সহায়ৰ উদ্দেশ্যৰে বালীবীৰক গোপনে হত্যা কৰাৰ কাহিনী মাৰুতিৰ মুখে শুনোতে ৰণকৌশল বুলি ভুলৈকয়ে ভাবিছিলোঁ। ভুল, ভুল, ভুল, তুমি দেখোন অজস্ৰ ভুলৰ সমষ্টি…
অৰণ্যৰ বুকুত কান্দিলেও শিলবোৰ নগলে, গছবোৰত বা নবলে, যেনেকৈ অযুত কাকুতিতো নগলিল অয্যোধ্যা নৃপতিৰ কঠিন হৃদয়। অহল্যাক পুনৰোদ্ধাাৰৰ দৰে মোকো নিৰ্জীৱ প্ৰস্তৰলৈ ৰূপান্তৰিত কৰি নথলা কিয় তোমাৰ উপবনত?
নাঙলৰ সীৰলুত মোৰ জন্ম, বসুমতী মোৰ আই, হে' প্ৰকৃতিদেৱী তোমাৰ বুকুতে দিবা একণিকা ঠাই। মোক নালাগে ভালপাব, নালাগে মোক ৰাজৰাণী হৈ থকাৰ অহংকাৰ, কিন্তু ইমান অপমানো কৰাৰ আছিল জানো অধিকাৰ!
প্ৰজাৰ মুখৰোচক সমালোচনাৰ আঁৰত আছিল কি জনাৰো নাছিল হাবিয়াস, মনৰ মানুহৰেই হেৰাল যেতিয়া বিশ্বাস। শেলুৱৈ সময়ৰ সতে খুপি খুপি আগবাঢ়ি পাঁওনেকি কৰবাত নিৰাপদ আৱাসস্থলী?
এতিয়ামানে লক্ষ্মণ সৰযু পাৰ হৈ পালেগৈ চাগে ৰাজকাৰেং…! ৰাজকাৰেং…! ছিঃ! য'ত হাঁহি কান্দোনৰ মেল হৈ পৰে কেৱল ৰাজনীতি-কূটনীতিৰ খেল। একেই অযোধ্যাৰ ৰাজকাৰেং। একেই আছিল লংকাৰ স্বৰ্ণালী কাৰেং।
সাউতকৈ মনত পৰিল বিশাল বপুৰ, গহীন-গম্ভীৰ ব্যক্তিত্বৰে পদচালন কৰি অশোকবন কঁপোৱা লংকেশ্বৰলৈ। বনৰ পৰা বলেৰে হৰণ কৰি লৈ গৈছিল মোক, ইচ্ছা কৰা হ'লে বলেৰে ভোগ কৰিব পাৰিলেহেতেন মোৰ শৰীৰ। বাৰম্বাৰ দিছিল অলেখ প্ৰলোভন, প্ৰতিশ্ৰুতি, অজস্ৰবাৰ প্ৰেমৰ প্ৰস্তাৱ। চেষ্টা কৰিছিল মন জয় কৰাৰ, যদিও মই পত্নী আনৰ,
লংকাধিপতিৰ সুঠাম দেহবল্লৰীৰ কামনা উদ্দীপ্ত আহ্বানত বৰফ গলিলেও গলা নাছিল মোৰ মন। মোৰ সমগ্ৰ সত্তাত তুমি আছিলা প্ৰিয়তম। আৰু তুমি? বিচ্ছেদৰ দহনত জৰ্জৰিত মোক বিশ্বাস আৰু অবিশ্বাসৰ তুলাচনীত আকৌ এবাৰ দহিছিলা।
পৰ্বতাৰোহণৰ অধিকাৰ লাভ কৰিও তুমি তললৈ পৰি যোৱাৰ আশংকাত মোক পুৰুত্বৰ অহংকাৰেৰে গৰ্ভৱতী কৰিও বনলৈ নিৰ্বাসিত কৰিলা, মোৰ সন্মুখত সেয়া অৱগত কৰাৰ সাহসো নাছিল তোমাৰ। তোমাৰ পৰাজয়ক জ্বাজল্যমান কৰিবলৈকো মই জীয়াই থাকিম। এই গহীন বনত বাৰে বাৰে কৰিছে আমনি এটা কথাই। তুলাচনীত জুখি চাব পৰা হলে, 'কোন আছিল মোৰ বাবে শ্ৰেষ্ঠ? পৰস্ত্ৰী হৰণকাৰী লঙ্কাধিপতি নে হৰধনু ভঙ্গকাৰী শাৰঙ্গপাণি?'
ভালপোৱাৰ আকুল প্ৰস্তাৱেৰে শৰীৰ নহয় সীতাক ভালপাব খোজা লংকেশ্বৰ নে ভালপোৱাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবেই শূপৰ্নখাৰ নাক-কাণ কটা ৰামেশ্বৰ? পৰস্ত্ৰী হৰণ কৰিও বীৰৰ দৰে যুঁজি মৃত্যু বৰণ কৰা ৰক্ষপতি নে মিত্ৰৰ সন্ধানত গুপ্তঘাতকটা কৰা অযোধ্যাপতি, সগৰ্ভা পত্নীক বনলৈ নিৰ্বাসিত কৰা ৰাম নে ৰাৱণ? ৰাৱণ নে ৰাম? ৰাম নে ৰাৱণ? কোন শ্ৰেষ্ঠ… কোন…..?
⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ
১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।
২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।
৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।
৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।
৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।
৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।
৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।
৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।
৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।
১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।
১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।
১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।
১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।
১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।
১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।
১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।