মৃত্যুঞ্জয় 

মৃত্যুঞ্জয় 

প্ৰশ্ন কৰিলেহে উত্তৰ ওলায়। ফোন কৰিলেই ৰোগীৰ কাষ পোৱা 'মৃত্যুঞ্জয়'ক লৈ এদিনো প্ৰশ্ন উত্থাপন হোৱা নাছিল। চৰকাৰে কৈছিল- কাকো মৰিবলৈ নিদিওঁ, কোনো মুমুৰ্ষু অৱস্থাত পৰি থাকিব নালাগে। মৃত্যুঞ্জয়ে লৈ আহিব। মৃত্যুক জিনাৰ অক্সিজেন আছিল মৃত্যু্ঞ্জ?।মাজে মাজে কোনোবাই কৈছিল ফোন কৰা সত্ত্বেও মৃত্যুঞ্জয় সময়মতে আহি নোপোৱাত ৰোগীৰ মৃত্যু ঘটিল। তথাপি মৃত্যুঞ্জয় চলি আছিল।

কিন্তু আন্দোলন কৰাৰ পাছতহে প্ৰশ্নবোৰ উত্থাপন হ'ল আৰু উত্তৰবোৰো ৰাইজে। পালে। উত্তৰটো সাইলাখ সিদিনা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এজন চিকিৎসকে সুৰাপানা কৰি আই চি ইউত থকা ৰোগীৰ অক্সিজেন মাস্ক খুলি দিয়াৰ দৰেই। স্বাস্থ্যৰ ভিতৰত কিমান অস্বাস্থ্যকৰ কাণ্ড-কাৰখানা চলে সেইবোৰৰ উত্তৰ পোৱা গ'ল।

যিখন মৃত্যুঞ্জয়ৰ জ্ঞানপীঠ অৰ্জনক লৈ অসমীয়াই গৌৰৱ কৰে, তাৰ বিপৰীতে আনখন মৃত্যুঞ্জয়ক লৈ এতিয়া বহুতে নাক কোঁচায়। তাতকৈ ঠেলা-ৰিক্সাৰ এম্বুলেন্সেই ভাল। পথৰ কাষত আঁৰ কাপোৰ টানি মহিলাক সন্তান জন্মৰ সুযোগ দিয়াও ভাল। অন্ততঃ মৃত্যুক জয় কৰাৰ সুযোগ এটাতো পাব।জাপানৰ প্ৰসিদ্ধ সাহিত্যিক হাৰুকি মুৰাকামিয়ে কৈছিল- সকলোৱে পাহৰি গ'লেও মই খাতিৰ নকৰো, যদি তুমি মোক মনত ৰাখা।

সাহিত্যৰ নোবেল বঁটাৰ বাবে প্ৰায়েই নামটো ওলায় মুৰাকামিৰ।এইবাৰো মনোনীত হৈছে তেওঁৰ নাম। কিন্তু তেওঁ বঁটাটো নলয়।সাহিত্যৰ নোবেল অনুষ্ঠানত সংঘটিত যৌন কেলেংকাৰীৰ বাবে এইবাৰ কাকো এই বঁটা নিদিয়ে। অহা বছৰ একেলগে দুজনক দিয়া হ'ব, য'ত নাম আচে মুৰাকামিৰ। কিন্তু নোবেল নলয় মুৰাকামিয়ে। প্ৰসিদ্ধ লেখকৰ বাবে নোবেল বঁটা স্বৰ্গীয় প্ৰাপ্তি। নোবেল অবিহনেও সেই প্ৰাপ্তিৰ শিখৰত মুৰাকামি। এই যে প্ৰাপ্তিৰ শিখৰ তাকেই মৃত্যুঞ্জয় বুলিব পাৰি।

মুৰাকামিয়ে 'তুমি' বুলি যিজনে মনত ৰাখিলেই হ'ব বুলি কৈছিল, তেওঁ হ'ল পঢ়ুৱৈ। যিয়ে মুৰাকামিৰ কিতাপবোৰ পঢ়ি ভাল পায়।পঢ়ুৱৈসকলেই লেখকৰ হৃদস্পন্দনো ৰোগীসকল। ৰোগীক মৃত্যুঞ্জয়ী কৰি ৰাখিব পাৰিলেই মৃত্যুঞ্জয়ৰ সাৰ্থকতা। এইবোৰ প্ৰশ্ন কোনেও নিজৰ মাজতে নকৰে। কৰিলে বহু উত্তৰ ওলাই পাৰিলেহেঁতেন।

ব্ৰেণ্ড

নিজকে ব্ৰেণ্ড হিচাপে গঢ় দিয়াটো কঠিন কাম। এটা কঠিন অধ্যায় অতিক্ৰম কৰাৰ পিছত স্বৰ্ণকন্যা হিমা দাসো এতিয়া এটা ব্ৰেণ্ডত পৰিণত হৈছে। সেইবাবে এডিডাছৰ দৰে কোম্পানীৰ এটা ব্ৰেণ্ড হিচাপে বিজ্ঞাপনত অৱতীৰ্ণ হোৱাৰ সুযোগ পাইছে। নিৰলস সাধনাৰ বলতহে ব্ৰেণ্ড এটা তৈয়াৰ কৰিব পাৰি।

সাগৰৰ পাৰত ফুচকা বিক্ৰী কৰা মানুহজনেও এনে সাধনাৰে ৰিলায়েন্স ব্ৰেণ্ড  গঢ়ি তুলিব পাৰিছিল। ব্ৰেণ্ড গঢ়িবলৈ ত্যাগ স্বীকাৰ কৰিব লাগে। বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে ব্ৰেণ্ড হ'ল শংকৰদেৱ। জাতিটোৰ পৰিচয়, অস্তিত্বৰ কথা আহিলেই শংকৰদেৱলৈ আঙুলিয়াওঁ। মহাপুৰুষজনাৰ আৱিৰ্ভাৱ উৎসৱত ড্ৰাইডে' ঘোষণা, তিৰোভাৱ তিথিত বন্ধ ঘোষণা কৰাৰ সময়তে প্ৰমাণ হয়- এই ব্ৰেণ্ডৰ প্ৰভাৱ কিমান। ভক্তি আৰু ধৰ্ম এই দুয়োটাৰে প্ৰকোপ বাঢ়ে মহাপুৰুষ তিথিত।

তিথি শেষ হয় আৰু লগে লগে ধৰ্ম-ভক্তিৰ নিচা বাঢ়ি গৈ আমি পূজাৰ সময়ত হিন্দী গীত বজাম নে তামিল গীত  বজাম তাকে লৈ মাৰ-পিটত লিপ্ত হওঁ। মূৰ্তি পূজাৰ কোন সপক্ষে বা বিপক্ষে সেয়া পিছৰ কথা কিন্তু মহাপুৰুষকো যে এটা  মহলে পূজাৰ বেদীত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিচে , সেয়া নিশ্চিত। এদিন মহাপুৰুষো মূৰ্তিৰ ৰূপত ব্ৰেণ্ড হৈ উঠিব। দ্বাবিংশ শতিকালৈ সেই ব্ৰেণ্ডৰ সন্মুখত বহি এটা চামে পপ-ডিস্ক' গীত বজাই নৃত্য কৰিবও পাৰে।

একবিংশ শতিকাৰ এটা প্ৰজন্মই  শংকৰদেৱ কোন বুলি প্ৰশ্ন কৰিলে সদুত্তৰ পোৱা যাব নে নাই সন্দেহ। উত্তৰ প্ৰদেশত ধৰা পৰা অসমৰ কামৰুজ জামানকো এটা ব্ৰেণ্ড বুলি ক'ব পাৰি। ইছলামিক সন্ত্ৰাসৰ অসমীয়া ব্ৰেণ্ড কামৰুজ। হাতত মাৰণাস্ত্ৰ লৈ ফেচবুকত ফটো আপলোড কৰাৰ সময়তে কামৰুজ নিজকে ব্ৰেণ্ডলৈ ৰূপান্তৰিত  কৰা বুলি ভাবি লৈছিল। অসমৰ যুৱক ইণ্টাৰনেচনেল ড'ন হ'ব পৰাটো গৌৰৱৰ কথা! বোধহয় সেই গৌৰৱ অনুভৱ কৰিছে ৰাজ্যৰ সংবাদ মাধ্যমবোৰেও ।

সেইবাবে কামৰুজৰ গুৰু খুঁচৰি খুঁচৰি কেইবাজনো আন সন্দেহযুক্ত জেহাদীক ধৰা পেলোৱাত সহায় কৰিছে। বেচেৰাকেইটা ব্ৰেণ্ড হোৱাৰ পূৰ্বে ধৰা পৰিল।  শংকৰ গুৰুৱে নাম-ধৰ্মৰে অসমীয়াৰ ব্ৰেণ্ড তৈয়াৰ কৰিছিল। শংকৰৰ কথা ক'লে আজান ফকীৰক পাহৰিলে নহ'ব। কামৰুজৰ দৰে মানুহে কাৰ ব্ৰেণ্ডত কালিমা সানিছে, সেইটোও পাহৰা অনুচিত। অমসীয়া ট্ৰেজেডিও তাতেই । নিজৰ মাজৰে কোনোবাই ব্ৰেণ্ড তৈয়াৰ কৰে আৰু কোনোবাই সেই ব্ৰেণ্ডত সানে কালিমা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in