সংঘাতৰ প্ৰেক্ষাপট

সংঘাতৰ প্ৰেক্ষাপট

লাইলাপুৰৰ সংঘৰ্ষ, ড্ৰাগছ সৰবৰাহ বিৰোধী অভিযান, মাটিৰ দালাল গ্ৰেপ্তাৰ আৰু শেহতীয়াকৈ গৰুখুঁটি কৃষি প্ৰকল্প কেন্দ্ৰিক ধলপুৰ কাণ্ড- থ্ৰীলাৰৰ কাহিনীৰ দৰেই যোৱা তিনি মাহত ঘটি থকা এই ঘটনাবিলাকে জনসাধাৰণৰ মাজত কেনেধৰণৰ চাঞ্চল্যৰ সৃষ্টি কৰিআছে, তাক দোহৰাৰ প্ৰয়োজন নাই। চাঞ্চল্য যিমানেই বাঢ়িছে তাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে উদ্বেগ-শংকাও। প্ৰেক্ষাপটত নিৰপেক্ষভাৱে দৃষ্টিপাত কৰা লোকসকলৰ মনত ঘটনাপ্ৰবাহৰ আঁৰৰ দৃষ্টিভংগীক লৈ বহু প্ৰশ্নৰ উদয় হয়।

ভালকৈ লক্ষ্য কৰিলে এই সমগ্ৰ ঘটনাপ্ৰবাহৰ আঁৰত এক অদৃশ্য যোগসূত্ৰ থকা বুলিও ধাৰণা কৰিব পাৰি। লাইলাপুৰৰ ঘটনাটোলৈকে লক্ষ্য কৰা যাওঁক। নিশ্চিতভাৱে এই ঘটনাত অসম চৰকাৰ আৰু কাছাৰ জিলা প্ৰশাসন-আৰক্ষীৰ অদূৰদৰ্শিতা উন্মোচন হৈছে, যাৰ পৰিণতিত অসম আৰক্ষীৰ পাঁচজনকৈ জোৱানে প্ৰাণ হেৰুৱাবলগা হ'ল। কিন্তু এই ঘটনাৰ আঁৰত একাংশ সন্দেহযুক্ত নাগৰিকৰ প্ৰৰোচনামূলক কৰ্মকাণ্ড নিহিত হৈ থকা বুলি খোদ মিজোৰামৰ কৰ্তৃত্বশীল প্ৰশাসনীয় মহলেই অভিযোগ কৰিছে। ড্ৰাগছৰ ক্ষেত্ৰতো অনুৰূপ এক প্ৰচ্ছদপট দেখা যায়।

চীন-ব্ৰহ্মদেশ-মণিপুৰৰ সোণালী ত্ৰিভুজৰ পৰা এটা শক্তিশালী আন্তঃৰাষ্ট্ৰীয় চক্ৰই বিস্তাৰ কৰা ড্ৰাগছৰ জালখন অসমত কোনে বহলাই আছে, প্ৰতিভাৱান যুৱ প্ৰজন্ম এটাক ড্ৰাগছ আসক্ত কৰি অসমীয়া জাতিটোক পংগু কৰি পেলোৱাৰ ষড়যন্ত্ৰ কোনে কৰিছে, ড্ৰাগছৰ পেডলাৰ বা সৰবৰাহকাৰীসকল কোন সেইটো বুজি পোৱাত এতিয়া অসুবিধা নাই। প্ৰশ্নটো উঠিছে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে কৰা গুলীচালনাক লৈ যাক 'গুলীওৱাৰ পেটাৰ্ন' বুলি এটা অভিধাৰে বিভূষিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

গুলীওৱাটো নিশ্চিতভাৱে অমানৱীয় পদক্ষেপ। কিন্তু যিবিলাক পৰিয়ালৰ কৈশোৰ-যৌৱন গৰকা প্ৰতিভাৱান ল'ৰাটো বা ছোৱালীজনী ড্ৰাগছ সেৱন কৰি জীয়াই জীয়াই মৃত্যুৰ পথলৈ আগবাঢ়িছে, সেই মৰ্মন্তুদ অৱস্থাটো ভোগ কৰা বা দেখি থকাসকলে সেই ড্ৰাগছ সৰবৰাহকাৰী সকলক দ্বিতীয়বাৰ এনে কামত জড়িত হ'বলৈ সাহস নকৰা কঠোৰ শাস্তি প্ৰদান কৰাকেই কামনা কৰিব। মাটিৰ দালালৰ ক্ষেত্ৰতো একে কথা। কিছু বছৰ আগলৈকে ৰাজ্যৰ থলুৱা জনসাধাৰণৰ গৰিষ্ঠ সংখ্যকৰে মাটি-বাৰী সংক্ৰান্তত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনেই হোৱা নাছিল। পাৰিবাৰিক পৰম্পৰামতে চলি আছিল ভোগ-দখল, আনকি ক্ৰয়-বিক্ৰয়ো। কিন্তু অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন তীব্ৰ হৈ অহাৰ লগে লগে অন্য চৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বিলাকতো ক্ৰমবৰ্ধমান গতিত ঘটিল মধ্যভোগী কিম্বা দালালৰ উত্থান। ধনৰ টোপোলা নাপালে লৰচৰ নকৰা হ'ল মণ্ডল কাননগোৱে। কেই বছৰমান পিচতে ৰাজহ চক্ৰ বিষয়া একোজন বিশাল মাটি সম্পত্তিৰ গৰাকী পৰিণত হোৱা দেখা গ'ল।

আনহাতে, মাটি বাৰী সংক্ৰান্তীয় বিষয়বোৰ দুৰ্বিষহ সমস্যা হৈ পৰিবলৈ ধৰিলে সাধাৰণ মানুহৰ বাবে। তেনে অৱস্থাত মাটিৰ দালালৰ বিৰুদ্ধে চলা ব্যাপক অভিযানে ভুক্তভোগী মানুহক উল্লসিত কৰি তোলাই স্বাভাৱিক। সৰ্বশেষ অধ্যায়টো হ'ল গৰুখুঁটি। গৰুখুঁটিত সন্দেহযুক্ত নাগৰিকৰ ব্যাপক আগ্ৰাসনৰ বিৰুদ্ধে থকা গণ ক্ষোভ বহু পুৰণি। কেৱল ছিপাঝাৰৰ সেই ঠাইতে নহয়, ৰাজ্যৰ আন বহু স্থানত এনেদৰে সন্দেহযুক্ত লোকে চৰকাৰী কিম্বা অন্য লোকৰ মাটি বেদখল কৰি প্ৰভুত্ব প্ৰতিষ্ঠা কৰাৰ বহু অভিযোগ আছে। কাৰণ এনে বেদখলৰ ফলত সংশ্লিষ্ট স্থানবোৰত থলুৱা মানুহৰ জীৱন ধাৰণা বিপদাপন্ন হৈ পৰিছে। বহু অবাঞ্চিত ঘটনাৰ সন্মুখীন হ'বলগা হৈছে খিলঞ্জীয়া মানুহে।

সেয়েহে এই অগ্ৰাসন আৰু অনুপ্ৰৱেশ সমস্যাৰ এটা স্থায়ী সমাধান জনসাধাৰণে বিচাৰে। কিন্তু গৰুখুঁটিত যেতিয়া চৰকাৰীভাৱে এটা কৃষি প্ৰকল্পৰ সূচনা কৰা হ'ল, তেতিয়া বেদখলকাৰীৰ পক্ষৰ পৰা আহিল প্ৰতিক্ৰিয়া। তাত উচ্ছেদৰ সময়ত গুলীবিদ্ধ মৃতদেহক প্ৰহাৰ, মৃতদেহৰ ওপৰত জঁপিয়াই উন্মত্ত আচৰণ কৰা ঘটনাটোক মানৱীয় অনুভূতিসম্পন্ন সকলোৱেই গৰিহণা দিছে। কিন্তু দা-যাঠি লৈ বেদখল উচ্ছেদ কৰিবলৈ যোৱা চৰকাৰী দলক আক্ৰমণ কৰিবলৈ জাকপাতি ওলাই অহা কাৰ্যকো সমৰ্থন দিব নোৱাৰি।

এই সমগ্ৰ ঘটনাৱলীৰ পৰ্যালোচনা কৰি এটা কথা ক'ব পাৰি যে অনুপ্ৰৱেশ তথা অবৈধ নাগৰিকৰ সমস্যাটোৰ এটা স্থায়ী সমাধান নোহোৱাৰ ফলত আমাৰ শান্তিপূৰ্ণ সমাজখনত অশান্তিৰ সৃষ্টি কৰিব পৰা কাম-কাজ বাঢ়ি আহিছে। সমান্তৰালকৈ বৃদ্ধি পাই গৈছে সংঘাত। এই গোটেই পৰিস্থিতিটোৰ বাবে দায়ী ইমানদিনে চৰকাৰে এই সংঘাতৰ পটভূমি সৃষ্টি হোৱাত আগবঢ়াই থকা প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতা। এতিয়া চৰকাৰে অভিযান আৰম্ভ কৰি চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু প্ৰশ্ন হৈছে- চৰকাৰে মূল সমস্যাবোৰৰ সমাধানৰ লক্ষ্যৰে এই অভিযানবোৰ চলাইছে নে, ইয়াৰ অন্তৰালত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ লক্ষ্য নিহিত হৈ আছে?

যদি মূল সমস্যাবোৰৰ সমাধান কৰিবলৈ চৰকাৰৰ আগ্ৰহ আছে, তেন্তে এই দুটা বিক্ষিপ্ত অভিযানেৰে চমক সৃষ্টি কৰিলে নহ'ব, ইয়াৰ বাবে লাগিব এটা নিৰন্তৰ সুসংঘবদ্ধ পদক্ষেপ। তদুপৰি সন্দেহযুক্ত নাগৰিকক লৈ ধূসৰ এটা পৰিৱেশ অব্যাহত ৰাখিলে নহ'ব। কোন বৈধ, কোন অবৈধ সেয়া স্পষ্ট কৰিব লাগিব। অন্যথা চৰকাৰৰ অভিযানবোৰ সময়ত বুমেৰাং হোৱাৰ আশংকা প্ৰবল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in