উপ-নিৰ্বাচনৰ বোজা

উপ-নিৰ্বাচনৰ বোজা

উপ-নিৰ্বাচন মানেই ৰাজকোষৰ ধনৰ অপচয় আৰু জনতাৰ অতিৰিক্ত হাৰাশাস্তি যদিও সাংবিধানিক বাধ্যবাধকতাৰ বাবে নিৰ্বাচন আয়োগে ইয়াক অনুষ্ঠিত নকৰি নোৱাৰে। সেই মৰ্মে অহা ৩০ অক্টোবৰত অসমৰ ৫ টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইয়াৰে দুটা সমষ্টিৰ নিৰ্বাচিত বিধায়ক দুজনৰ বিয়োগ হোৱা বাবে পুনৰ নিৰ্বাচন অৱশ্যম্ভাৱী আছিল যদিও আন তিনিটা সমষ্টিত সংশ্লিষ্ট বিধায়ককেইজনে ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ দল বাগৰা কাৰ্যত লিপ্ত হোৱাৰ বাবেই আকৌ নিৰ্বাচন অনুষ্ঠিত কৰিবলগা হৈছে।

এই উপ-নিৰ্বাচনৰ জয়-পৰাজয়ত বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰখনৰ ৰাজনৈতিক সমীকৰণত বিশে, প্ৰভাৱ নপৰে। কিন্তু ২০২৪ চনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী পক্ষই তেওঁলোকৰ উত্থানৰ উমান দিয়াৰ এক সুযোগ ল'ব পাৰে বুলিয়েই শাসক পক্ষ অধিক তৎপৰ হৈ পৰিছে।

কিন্তু নিজ নিজ দল এৰি শাসকীয় বিজেপিত যোগ দিয়া তিনিওজন প্ৰাক্তন বিধায়ককে গেৰুৱা দলটোৱে উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানেৰে সমগ্ৰ ব্যৱস্থাটোকে একপ্ৰকাৰ প্ৰহসনত পৰিণত কৰিছে। নিশাৰ ভিতৰতে ইটো দল এৰি সিটো দলত যোগ দিয়া ৰাজনৈতিক নেতাৰ এই বিশ্বাসঘাতকতা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰচলিত দল ত্যাগবিৰোধী আইনখনো দুখলগাকৈ ব্যৰ্থ।

এইক্ষেত্ৰত উপ-নিৰ্বাচনৰ যোগেদি পুনৰ জনপ্ৰতিনিধি হোৱাৰ বাট মুকলি থকাত বিধায়ক পদ এৰি হ'লেও শাসক দলত যোগদানৰ প্ৰৱণতা বৃদ্ধি পোৱাটো লক্ষণীয় হৈ পৰিছে। নীতি-আদৰ্শৰ প্ৰশ্ন নাই। শাসক দলত যোগ দিয়া মানেই যেন নতুন ৰাজনৈতিক ভাগ্য মুকলি। দল আৰু জনসাধাৰণৰ আস্থা-বিশ্বাসক জলাঞ্জলি দিয়া এনেবোৰ নেতাক ৰাইজে নিৰ্বাচনত সমুচিত শিক্ষা দিয়াৰ সুবিধা থাকে যদিও শাসকীয় পক্ষৰ ধন-জনবলৰ সুবাদতে তেওঁলোক পুনৰ নিৰ্বাচিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

বিৰোধীৰ ঐক্যহীনতাও এই পৰিস্থিতিৰ মূল কাৰণ। উদাহৰণস্বৰূপে এইবোৰ উপ-নিৰ্বাচনত বহুদিন আগৰে পৰা বিৰোধী দলসমূহ ঐক্যবদ্ধ হৈ একোটা সমষ্টিত একোজনকৈ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপত গুৰুত্ব আৰোপ কৰা দেখা গৈছিল। কিন্তু শেষ মুহূৰ্তত সেই ঐক্যৰ কোনো চিন-মোকাম নোহোৱা হ'ল।

ৰাইজৰ দলে বহু আগতেই থাওৰা সমষ্টিত নিজা প্ৰাৰ্থি ঘোষণা কৰিলে। কংগ্ৰেছে প্ৰথমেভৱানীপুৰ সমষ্টিটো ৰাইজৰ দললৈ এৰি দিছিল। এই সন্দৰ্ভত ৰাইজৰ দলৰ সঁহাৰি নোপোৱাৰ পিচত পাঁচোটা সমষ্টিতে কংগ্ৰেছে নিজ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। একেদৰে এ আই ইউ ডি এফেও তেওঁলোকৰ প্ৰভাৱ থকা দুটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে।

অৰ্থাৎ শাসক দলবিৰোধী ভোটখিনি বিভাজিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। তেনে পৰিৰপ্ৰেক্ষিতত শাসকীয় মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছ, ৰাইজৰ দল, এ আই ইউ ডি এফ অথবা আন বিৰোধী দলে গাইগুটীয়াকৈ যুঁজি বিজয় সাব্যস্ত কৰাটো যে সহজসাধ্য নহ'ব সেই কথা কাৰো বোধগম্য নোহোৱাকৈ থকা নাই।

সেয়ে শাসক দলক 'ৱাক অভাৰ' দিয়াৰ লক্ষ্যৰেই বিৰোধীয়ে কেতবোৰ আন্তঃসাৰশূন্য কচৰতেৰে ৰাইজক আভুৱা ভাঁৰি অহা বুলিও প্ৰশ্ন উঠিছে। পাৰস্পৰিক বিদ্ৰূপ, শ্লেষা৩ত্মক বাক্যবাণত লিপ্ত নাথাকি উপ-নিৰ্বাচনত বিৰোধী দলসমূহে প্ৰতীকী ৰূপত হ'লেও একতা প্ৰদৰ্শন কৰিব পৰা হ'লে ৰাজ্যৰ ৰাজনীতিৰ বাবেই এক ইতিবাচক পদক্ষেপ লোৱা হ'লহেতেন। ইয়াৰ বিপৰীতে বিৰোধী দলকেইটাই কেৱল শূ্ন্যত গদা ঘূৰাই নিৰ্বাচনী ৰণ জিকিব খোজা কাৰ্যই তেওঁলোকৰ নিশকতীয়া ৰূপটোকে উদঙাই দিছে।

বিৰোধীৰ শক্তিহীনতাই গণতন্ত্ৰক দুৰ্বল কৰে। অসমত শাসকীয় পক্,ই পৰিকল্পিতভাৱেই দীৰ্ঘদিনৰে পৰা বিৰোধীক শক্তিহীন কৰাৰ চক্ৰান্ত কৰি আহিছে। বিৰোধী দলৰ বিধায়কক নানা প্ৰলোভনেৰে গেৰুৱা দলটোলৈ অনাটো সেই প্ৰক্ৰিয়াৰে অংশ। এই চেষ্টা অব্যাহত ৰখাৰ ইঁগিত দিয়েই মুখ্যমন্ত্ৰী অথবা শাসক দলৰ জ্যেষ্ঠ নেতাই আৰু একাধিক বিৰোধী বিধায়ক বিজেপিলৈ আহিব বুলি মুকলিকৈ ঘোষণা কৰাও পৰিলক্ষিত হৈছে।

উদ্বেগৰ কথা হৈছে, কোনো এটা দলৰ নিৰ্বাচিত প্ৰতিনিধি আন দললৈ যোৱা মানেই বিধায়ক পদ খআৰিজ হোৱা সূত্ৰে আকৌ উপ-নিৰ্বাচনৰ বাট মুকলি কৰা। উপ-নিৰ্বাচনৰ যোগেদি নিৰ্বাচিত প্ৰতিনিধিয়েও সুবিধা বুজি পুনৰ আন দললৈ নাযাব বুলিও কোনো নিশ্চয়তা নাই। গতিকে এই 'আয়া ৰাম গয়া ৰাম" কেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাবলৈ কেৱল বিধায়ক পদ খাৰিজৰ ব্যৱস্থাই পৰ্যাপ্ত নিশ্চয় নহয়।

আইন সংশোধন কৰি হ'লেও তেনে দলত্যাগী জনপ্ৰতিনিধিয়ে পৰৱৰ্তী নিৰ্বাচনত প্ৰাৰ্থী হ'ব নোৱাৰাৰ চৰ্ত ৰখা উচিত। তদুপৰি জনপ্ৰতিনিধিজনৰ দল ত্যাগৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনৰ ব্যয় তেওঁৰ পৰাই আদায় কৰাৰ নিয়ম ধাৰ্য কৰিব লাগে। তেতিয়া অন্ততঃ অচিৰেই পুনৰ আন দলৰ পৰা বিধায়ক হোৱাৰ লক্ষ্য ৰাখি জনপ্ৰতিনিধিয়ে দল ত্যাগ কৰাৰ প্ৰৱণতা হ্ৰাস পাব। গণতান্ত্ৰিক ব্যৱস্থাৰ সুস্থ পৰম্পৰা বাহাল ৰাখিবলৈ তেনেবোৰ পদক্ষেপ গ্ৰহণ কৰিলেহে দল ত্যাগবিৰোধী আইনৰ সাৰ্থকতা থাকিব। অহেতুক উপ-নিৰ্বাচনৰ বোজাও কমিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in