পাপে চুব!

পাপে চুব!

অসমৰ সংসদীয় ইতিহাসত সম্ভৱতঃ সবাতোকৈ কৰুণ চৰিত্ৰৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। অথচ অতি উজ্জ্বল ভাবমূৰ্তিসম্পন্ন এটা ঐতিহাসিক ব্যক্তিত্ব হিচাপে অসমৰ ইতিহাসত স্থান দখল কৰি থৈ যোৱাৰ সুযোগ তেওঁ পাইছিল। সেই সুযোগ তেওঁ মাথোন ব্যক্তিগত প্ৰচেষ্টাৰে পোৱা নাছিল। বৰ্তমানৰ পৰিস্থিতিয়ে তাৰ সৃষ্টিত লৈছিল প্রধান ভূমিকা। সেইফালৰ পৰা সোণোৱাল আছিল ভাগ্যৱান। যি বিধানসভা নিৰ্বাচনটোৰ জৰিয়তে সোণোৱালে মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা পালে অসমত সেই বিধানসভা নিৰ্বাচনটো এনে এটা সময়ত আহিছিল যেতিয়া দেশত বিজেপিৰ সপক্ষে ৰাজনৈতিক বতাহ বলি আছিল।

এই বতাহ বলি আছিল বিজেপিৰ নেতৃত্বৰ সুকীৰ্তিৰ বাবে নহয়। তাৰ পূৰ্বৰ সময়চোৱাৰ কংগ্ৰেছৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰেৰে ভৰা অপশাসনে দেশৰ সাধাৰণ ৰাইজক কংগ্ৰেছৰ প্ৰতি অতি ক্ষুব্ধ কৰি তোলা বাবেহে। যি ভোটবাৰেৰে বিজেপি বিজয়ী হৈছিল সেইবোৰৰ সৰহখিনিয়েই আছিল কংগ্ৰেছ অপশাসনবিৰোধীৰ প্ৰতিবাদী ভোট। কংগ্ৰেছৰ বিকল্প হ'ব পৰা প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি সেই সময়ত যিহেতু আছিল কেৱল বিজেপি, সেয়ে তেনে প্ৰতিবাদী ভোটাৰসকলে বিজেপিক ভোট দিছিল। বিজেপি জিকক- সেইটোক প্ৰাধান্য দি নহয়, কংগ্ৰেছ হাৰক- সেই বিবেচনাৰেহে।

ৰাজনীতিত নোমটেঙৰ আৰু অতি সুবিধাবাদী বিজেপি নেতৃত্বই তেওঁলোকৰ সপক্ষে পৰিস্থিতিয়ে আনি দিয়া সুবিধাক অধিক প্ৰসাৰিত কৰিবলৈ তেওঁলোকৰ হিন্দুত্ববাদক যিমান পাৰে আৰু যেনেকৈ পাৰে প্ৰয়োগ কৰিছিল। এই দুয়োটাৰ সংযোগেৰেই বিজেপিয়ে যোৱা ৰাষ্ট্ৰীয় নিৰ্বাচনত প্ৰয়োজনাধিক তথা অভূতপূৰ্ব সংখ্যাগৰিষ্ঠতাৰে দখল কৰিছিল লোকসভা। অসমত বিগত বিধানসভাৰ নিৰ্বাচন হোৱাৰ সময়লৈকে দেশত বিজেপিৰ সপক্ষে বলি থকা বতাহ সম্পূৰ্ণ আঁতৰ হোৱা নাছিল।

আনহাতে হিন্দুত্ববাদী ৰাজনীতিৰ পৃষ্ঠপোষক বিজেপি যদিও লেখত ল'বলগীয়া অহিন্দু জনসংখ্যাসম্পন্ন অসমৰ বাবে বৰ সুবিধা কৰিব পৰা বিধৰ ৰাজনৈতিক দল নহয়, তথাপি বিজেপিয়ে অসমত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ দুটা অতি গুৰুত্বপূৰ্ণ কাৰণ আছিল- (এক) কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ শাসন, (দুই) অগপ আৰু বিপিএফ, অসমৰ এই দুটা প্ৰধান আঞ্চলিক দলৰ সৈতে গঢ়া ৰাজনৈতিক মিত্ৰতা। কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া অপশাসনে অসমৰ 'জাতি-মাটি-ভেটি'ৰ অস্তিত্বৰ অৱস্থা এনেদৰে কাহিল কৰিলে যে সেইবোৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি সজোৰে দিব পৰা যিকোনে শক্তিশালী অকংগ্ৰেছী দল বা জোঁটক সমৰ্থন জনাবলৈ অসমৰ সংখ্যাগৰিষ্ঠ ভোটাৰ ৰাইজ আগবাঢ়ি আহিবলগা হ'ল।

অসমত বাওঁ-গণতান্ত্ৰিক শিবিৰৰ অৱস্থা যিহেতু বৰ্তমানে দুৰ্বল, অগপৰো পুৰণা শৌৰ্য-বীৰ্য সম্প্ৰতি নাই, সেয়ে কংগ্ৰেছৰ অপশাসনবিৰোধী প্ৰতিবাদী ভোটাৰে বিজেপিকেই বাছি ল'বলগা হ'ল। কেন্দ্ৰতো বিজেপিৰ শাসন চলি থকাটোৱেও প্ৰভাৱ পেলালে। তদুপৰি আগতে বিজেপিয়ে অসম কাহানিও শাসন কৰা নাই। সেয়ে এওঁলোকে কিবা কৰিব পাৰে নেকি চোৱা যাওঁক। এই আশাবাদেও বিজেপিক সহায় কৰিছিল। সকলোতেকৈ গুৰুত্বপূৰ্ণ কথা আছিল- অসম চুক্তিৰ ভিত্তিত বিদেশী সমস্যাৰ সমাধান, বাংলাদশলৈ ভূমি হস্তান্তৰৰ বিৰোধিতা, বৃহৎ নদীবান্ধৰ বিৰোধিতা ইত্যাদি শ্ল'গান নিৰ্বাচনৰ অসমত বিজেপিয়ে দি অসমপ্ৰেমী অনেকৰ কাষ চাপিব পাৰিছিল।

সেইবাবেই যথেষ্টসংখ্যক ইছলামধৰ্মী আৰু খ্ৰীষ্টানধৰ্মী (চাহ জনগোষ্ঠী আৰু জনজাতীয় জনগোষ্ঠীৰ মাজত) লোক থকা আৰু হিন্দুসকলৰ মাজত নিম্নবৰ্ণীৰ সংখ্যা অতি বিপুল হোৱা সত্ত্বেও উচ্চবৰ্ণবাদী হিন্দুত্ববাদৰ প্ৰবক্তা বিজেপিয়ে অমত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। স্বাভাৱিকতেই এইবোৰ সৰ্বানন্দ সোণোৱালে নিজ প্ৰচেষ্টাৰে সৃষ্টি কৰা সুবিধা নাছিল। কাকতালীয় সংযোগেৰে সেই সৌভাগ্যৰ গৰাকী তেওঁ হৈছিল। সুবিধা যেনেকৈয়ে নাহক তেওঁৰ বাবে এইটো আছিল বিশাল সম্ভাৱনা থকা সুবিধা। আনহাতে মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰতো তেওঁ আছিল সৌভাগ্যৱান।

আছুৰ প্ৰাক্তন মুৰব্বী হিচাপে, অগপৰ প্ৰাক্তন মুৰব্বী হিচাপে তেওঁ আছু আৰু অগপৰ সকলো তলা-নলা জানে। বিদেশী অনুপ্ৰৱেশৰ সমস্যাৰ সমাধানৰ প্ৰতি থকা তেওঁৰ নিষ্ঠা আই এম ডি টিক চৰকাৰে ৰদ কৰিবলৈ বাধ্য হোৱাৰ ক্ষেত্ৰত তেওঁ লোৱা অগ্ৰগামীৰ ভূমিকাই প্ৰমাণ কৰি থৈছে। কিছুদিনৰ বাবে হ'লেও বিজেপিৰ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী হোৱাৰ অভিজ্ঞতা তেওঁৰ আছে। পুৰণা বিজেপিৰ মাজত তেওঁৰ প্ৰতিদ্বন্দ্বী হ'ব পৰা কোনো নাই। তেওঁ জনজাতীয় মুলৰ খাচ অসমীয়া।

অথচ বৈধ অসমবাসীৰ বাবে কেনে দুৰ্ভাগ্যৰ কথা যে যিগৰাকী সোণোৱালক জাতিৰ হকে দৃঢ়তাৰে থিয় দিয়াৰ বাবে আছুৱে 'জাতীয় নায়ক' সন্মান প্ৰদান কৰিছিল সেই সোণোৱালৰ ডিব্ৰুগড়ৰ বাসভৱন জাতীয় শক্তিয়েই ঘেৰাও কৰিবলগা হৈছে 'অসম চুক্তি'ক নস্যাৎ কৰিব খোজা নাগৰিক্ত আইন সংশোধনী বিধেয়ক, যিখনক বাতিল কৰাৰ দাবী তেওঁক 'জাতীয় নায়ক' সন্মন দিয়া আছুকে ধৰি অসমৰ সকলো জাতীয় সংগঠনে তুলিছে, সেইখনক সোণোৱালে বিৰোধিতা কৰাটো দূৰৰে কথা, কৌশলী সমৰ্থনহে আগবঢ়াইছে। ক্ষমতাই মানুহক ইমান অন্ধ কৰিব নাপায়। ই তেওঁৰ ভৰিৰ তলৰ মাটিয়েই খহাইছে। নিজ মাটিক পাহৰিলে পাপে চুবই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in