সৰ্বাত্মক প্ৰতিবাদ

সৰ্বাত্মক প্ৰতিবাদ

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহি ৰাজহুৱা মঞ্চত ইয়াৰ সপক্ষে সদম্ভ ঘোষণা কৰি যোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰথম কথা- নতুন দিল্লী তথা মোডী চৰকাৰে ভাবিছে, হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব আৰু সংস্থাপন দিয়াব পাৰিলেই আগত লোকসভা নিৰ্বাচনত বিজেপি লাভান্বিত হ'ব।

বিশেষ হিন্দীবলয়ৰ অভিকেন্দ্ৰস্বৰূপ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দলটো শোচনীয় পৰাজয়ৰ সন্মুখীন হ'বলগা হোৱাৰ পিচত এতিয়া গেৰুৱা বাহিনীৰ বাবে উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিমবংগ, বিহাৰ ওড়িশাৰ দৰে ৰাজ্যবোৰ মূল লক্ষ্য হৈ পৰিছে। অমিত শ্বাহ বাহিনীয়ে ভাবিছে যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত হোৱা জনজাগৰণৰ আঁৰৰ মূল জাতীয় শক্তিবোৰৰ দুৰ্বল অৱস্থানে দলটোক ৰাজনৈতিকভাৱে বিশেষ ক্ষতি নকৰে। অৰ্থাৎ অসম গণ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় দল-সংগঠনে নিৰ্বাচনত সহজতে বিজেপি বিৰোধী অৱস্থান নলয় বুলি তেওঁলোকে ধাৰণা কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলেও এইক্ষেত্ৰত নতুন দিল্লীক উৎসাহিত কৰিছে। তদুপৰি অসম বিজেপিৰ প্ৰভাৱশালী নেতাসকলেও হয়তো দলৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বক এই কথা বুজাইছে যে অসমীয়া মানুহে প্ৰতিবাদ কৰিলেও সেয়া ৰাজনৈতিকভাৱে তেওঁলোকৰ বাবে ক্ষতিকৰ নহয়। তেওঁলোক এই কথাটোত নিশ্চিত যেন লাগিছে যে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক মেৰুকৰণে অসমতো ব্যাপক প্ৰভাৱ পেলাইছে। সেইবাবেই মুলতঃ বৰাক উপত্যকা আৰু পশ্চিমবংগৰ দৰে ৰাজ্যৰ বাঙালী হিন্দু সমাজত এইধৰণৰ স্থিতিয়ে বিজেপিক ৰাজনৈতিকভাৱে সুফল আদিয় কৰাত ইতিবাচক ভূমিকা ল'ব বুলি বিজেপিৰ শীৰ্ষ নেতৃত্ব পতিয়ন গৈছে।

তাৰ অৰ্থ হ'ল- অসমৰ জনসাধাৰণে কেন্দ্ৰ সংবিধানবিৰোধী তথা সাম্প্ৰদায়িক ব্যৱস্থাৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, শাসক পক্ষৰ ওচৰত সেয়া মূল্যহীন হৈ পৰিছে। অসমীয়াৰ গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা তেওঁলোকে সঠিকভাৱে অনুধাৱন কৰিব পৰা নাই বাবেই ৰাজ্যিক বিজেপিকে কেন্দ্ৰৰ নিৰ্দেশমৰ্মে জাতিধ্বংসী বিধেয়ক পক্ষত সৰ্বসন্মত প্ৰস্তাৱো গ্ৰহণ কৰিছে। এতিয়া মুখ্যমন্ত্ৰী সমন্বিতে ৰাজ্যিক নেতৃবৰ্গক লগত বহুৱাই প্ৰধানমন্ত্ৰী মোডীয়েও তাৰ আনুষ্ঠানিকতাহে সম্পন্ন কৰিছে।

গুৰুত্বপূৰ্ণ কথাটো হ'ল- আঞ্চলকিতাবাদী ৰাজনীতিৰ মুখ্য পৃষ্ঠপোষক অসম গণ পৰিষদৰ শেহতীয়া ভূমিকায়ো নতুন দিল্লীক অসমবিৰোধী অৱস্থান লোৱাৰ ক্ষেত্ৰত সাহস যোগাইছে। যদিহে অগপই বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ জৰিয়তে ৰাজ্য চৰকাৰখনৰ পৰা ওলাই আহিলহেঁতেন অথবা জাতীয় নায়কৰূপী মুখ্যমন্ত্ৰী সোণোৱালে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে কেন্দ্ৰক সামান্য হ'লেও সকীয়নি দিলেহেঁতেন, তেন্তে কেন্দ্ৰই এইধৰণৰ স্থিতি লোৱাৰ কথাই নাভাবিলেহেঁতেন।

অথচ সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিৰ অন্যতম মিত্ৰদল চিহ্নিত সংযুক্ত জনতা দলৰ নেতৃবৰ্গই অসমলৈ আহি বিধেয়কখনৰ বিৰুদ্ধে মতামত দিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে সামগ্ৰিকভাৱে ৰাজ্যৰ পৰিস্থিতিয়েও নতুন দিল্লীক বিধেয়কখনৰ প্ৰসংগত আগ্ৰাসী নীতি কাৰ্যকৰী কৰিবলৈ উদগনি যোগাইছে। কিন্তা তাৰ ভয়াৱহ পৰিণামৰ বিষয়ে শাসক অকণো ভাবি চোৱা নাই। আজি অসমৰ নাগৰিক সমাজকে ধৰি গণতান্ত্ৰিক তথা জাতীয় দল-সংগঠনে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পিচত ৰাজপথলৈ ওলাই আহি কেন্দ্ৰৰ বিৰুদ্ধে ধিক্কাৰ দিৱস পালন কৰিছে।

আছুকে ধৰি উত্তৰ-পূবৰ জাতীয়-জনগোষ্ঠীয় সংগঠনে অসম তথা উত্তৰ-পূব বন্ধৰ ঘোষণা দিছে। এই প্ৰতিবাদে যদি সময়ত ঐক্যৱদ্ধ ৰূপ লয়, তেতিয়াহে নতুন দিল্লীয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰিব। আমি ভাবো- নাগৰিকত্ব আইনৰ সাম্প্ৰদায়িক তথা সংবিধানবিৰোধী সংশোধনীৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰি অসমবাসীয়ে নতুন দিল্লীক শেষ সকীয়নি দিয়াৰ এয়াই উপযুক্ত সময়। শাসকীয় বিজেপিক ৰাজনৈতিকভাৱে বিপৰ্যস্ত কৰিব পাৰিলেহে অসমীয়াৰ  জাতীয় অস্তিত্ব ৰক্ষা পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in