পৰিবেশ দিৱসত

পৰিবেশ দিৱসত

৬৫ বছৰৰ অভিলেখ ভংগ কৰি ৰাজস্থানৰ চুৰু নামৰ ঠাইখন তাপমাত্ৰাই পাৰাস্তম্ভৰ ৫০.৮ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। তদুপৰি যোৱা কেইদিনৰ তাপমানৰ সমীক্ষাত বিশ্বৰ আটাইতকৈ উত্তপ্ত বুলি যি ১৫খন স্থান তালিকাত উঠিছে তাৰ ৮ খনেই ভাৰতৰ। আনহাতে, ওড়িশাৰ উপকুলৱৰ্তী সিতলপুৰ নামৰ এখন গাঁও আছে য'ত যোৱা কেইবছৰমানত প্ৰত্যেক বাৰিষাতে বান হোৱাটো অৱশ্যম্ভাৱী ঘটনাত পৰিণত হৈচে। গাঁওখনৰ বাসিন্দাসকলে বানৰ পানী শুকোৱাৰ বাবে ১৫ দিন পৰ্যন্ত অপেক্ষা কৰিব লাগে।

বংগোপ সাগৰত বা-মাৰলীৰ মাত্ৰা ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ ধৰা বাবেই সিতলপুৰৰ দৰে উপকুলৱৰ্তী অঞ্চলত বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগ জীৱন যাত্ৰাৰ অংশ হৈ পৰিছে। কিছুদিন পূৰ্বে বংগোপসাগৰত প্ৰলয়ংকাৰী 'ফণী' ধুমুহাৰ সৃষ্টি হ'বৰ সময়ত অন্ধ্ৰপ্ৰদেশৰ উপকুলৱৰ্তী অঞ্চল এটাৰ জনসাধাৰণ আনন্দত আত্মহাৰা হৈ পৰিছিল, কিয়নো সেই অঞ্চলটো বহুদিন ধৰি খৰাঙৰ কবলত পৰা বাবে বাসিন্দাসকলে অবৰ্ণনীয় দুৰ্ভোগ ভুগিবলগা হৈছিল।

'ফণী' ধুমুহাই অঞ্চলটোলৈ বৰষুণো আনিব বুলি কৰা আশাৰ বাবেই ভয়ংকৰ ধুমুহায়ো উৎফুল্লিত কৰি তুলিছিল সেই ঠাইৰ মানুহক। আমাৰ চৌদিশে ঘটি থকা এই বিচিত্ৰ ঘটনাপ্ৰৱাহেই উদঙাই দিছে কি হাৰত পৰিবৰ্তন ঘটিছে পৰিৱেশৰ। ব'হাগ বিহুৰ আগে-পিচে এইবাৰ আমাৰ ৰাজ্যৰ উজনি-নামনিৰ বিভিন্ন প্ৰান্তৰ লোকে বিপৰ্যস্ত হ'বলগা হ'ল বহুকেইজাক কোবাল ধুমুহাত। আগতে বিহুৰ বতৰত 'এজাক বৰদৈচিলা মাকৰ ঘৰলৈ আহিছিল আৰু কিছুদিন পিচত উভতি গৈছিল'।

যোৱা কেইবছৰমানত 'বৰদৈচিলা' অহা-যোৱাৰ হিচাপ নোহোৱা হৈছে। বাৰম্বাৰ তচনচ কৰি পেলাবলৈ ধৰিছে বাৰী-ঘৰ। যোৱা মাহটোত গোৱালপাৰা-দুধনৈ-ধূপধৰাৰ মানুহ একেলেথাৰিয়ে দহ-বাৰজাকমান ধুমুহাত জলৌ-জপৌ হ'বলগা হ'ল। বজ্ৰপাত এতিয়া অসমৰ প্ৰকৃতিত যেন প্ৰায় প্ৰাত্যহিক ঘটনা। এই সকলোবোৰ অঘটনৰ এটাই কাৰণ- বতৰৰ দ্ৰু পৰিবৰ্তন, যিটো সাম্প্ৰতিক বিশ্বৰ আটাইতকৈ গুৰুতৰ আৰু সৰ্বগ্ৰাসী সমস্যা হিচাপে চিহ্নিত হৈছে। আজি 'বিশ্ব পৰিৱেশ দিৱস'তো বিশ্বজুৰি জনতাৰ চৰ্চাৰ বিষয় এটাই- কেনেকৈ বতৰ পৰিৱৰ্তন, উষ্ণতা বৃদ্ধিৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পৰা যাব মানুহকে ধৰি ধৰিত্ৰীৰ প্ৰাণীকুলক। অগণন বিশ্ব সন্মিলনতো সন্ধান কৰা হৈছে উদ্ধাৰৰ পথ।

১৯৭৪চনৰ পৰা 'বিশ্ব পৰিৱেশ দিৱস' উদযাপন কৰা বিশ্বত কিন্তু পৰিৱেশ ৰক্ষাক লৈ যি ৰূপত সজাগতাৰ, সক্ৰিয়তাৰ আৰু ঐকান্তিকতাৰ সৃষ্টি হ'ব লাগিছিল সেইমতে হোৱা নাই, যাৰ বাবে দিনকদিনে ভয়াৱহহে হৈ গৈ আছে প্ৰকৃতি। হিমবাহ প্ৰতিনিয়ত গলি গলি বিশ্বক এক চৰম দুৰ্যোগৰ দিশে লৈ গৈ আছে। ক্ৰমবৰ্ধমান বানপানীয়ে বিশ্ব অৰ্থনীতিলৈ কঢ়িয়াইছে প্ৰচণ্ড ভাবুকি। ১৯৯৭চনৰ কিয়ট' প্ৰট'কল অনুসৰি ছবিধ 'গ্ৰীন হাউছ গেছ'ৰ নিৰ্গমন নিয়ন্ত্ৰণ কৰিবলৈ বিশ্বৰ ৰাষ্ট্ৰসমূহ চুক্তিবদ্ধ হৈছিল।

আনহাতে, ২০১৭চনৰ পেৰিছ চুক্তিমতে উষ্ণতা বৃদ্ধিৰ মাত্ৰ ২ ডিগ্ৰী চেন্টিগ্ৰেডৰ তলত ৰাখিবলৈ বিশ্বৰ সকলো ৰাষ্ট্ৰই পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰা হৈছিল। এনেদৰে বিভিন্ন ধৰণৰ আন্তৰ্জাতিক সন্মিলনৰ জৰিয়তে উষ্ণতা বৃদ্ধি প্ৰতিৰোধ আৰু বতৰ পৰিবৰ্তনৰ ভয়াৱহতাক নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হ'লেও প্ৰায় আঠশ কোটি লোকে বাস কৰা বিশ্বত পৰিৱেশ ৰক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়টো এতিয়াও এক মৰীচিকা হৈয়ে আছে।

সেই কাৰণেই ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ' গুটেৰেছে এইবাৰৰ পৰিৱেশ দিৱস উপলক্ষে দিয়া বাৰ্তাত স্পষ্টভাৱে ক'বলগা হৈছে- 'এতিয়া নিৰ্ণায়ক কৰ্মপন্থা লোৱাৰ সময়। বিশ্বৰ ৰাষ্ট্ৰসমূহৰ চৰকাৰলৈ মোৰ স্পষ্ট বাৰ্তা হ'ল- পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত কৰ আৰোপৰ ব্যৱস্থা লওঁক। জীৱাশ্ম ইন্ধনত ৰাজসাহায্য দিয়া বন্ধ কৰক আৰু নতুন কয়লাভিত্তিক প্ৰকল্প স্থাপন বন্ধ কৰক, আমাক সেউজ অৰ্থনীতি লাগে, ধূসৰ অৰ্থনীতি নহয়।'

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে কোৱা বুলিয়ে নহয়, বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জীৱন যাত্ৰাক সংযমী তথা পৰিৱেশ অনুকুল কৰি গঢ়ি তোলাৰ এক মানসিকতা প্ৰতিগৰাকী বিশ্ববাসীয়ে গঢ়িব নোৱাৰিলে কোনো আন্তৰ্জাতিক সন্মিলন কিম্বা চুক্তিৰে প্ৰকৃতিৰ ৰোষৰ পৰা বিশ্বক ৰক্ষা কৰিব পৰা নাযাব। যোৱা ৩ জুনত 'বিশ্ব চাইকেল চালনা দিৱস' উদযাপনৰ উদ্দেশ্যেও 'বিশ্ব পৰিৱেশ দিৱস'ৰ সমাৰ্থক।

আৰাম আৰু বিলাসিতাৰ স্বাৰ্থত আমি হাতৰ চাইকেলখন দলিয়াই জীৱাশ্ম ইন্ধন নিৰ্ভৰ বাহনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো, প্ৰকৃতিৰ অসন্তুষ্টিলৈ পিঠি দি সভ্যতা বিকাশৰ পথ গ্ৰহণ কৰি যন্ত্ৰনিৰ্ভৰ হৈ পৰিছো প্ৰতিগৰাকী প্ৰকৃতিৰ সন্তান। এনে বিকাশ-বিলাসিতা আৰু প্ৰকৃতি ৰক্ষা কেতিয়াও সমান্তৰালভাৱে নচলে- এই সত্যটো অনুধাৱন কৰিব পাৰিলেহে প্ৰকৃতি ৰক্ষা পৰিব, সুৰক্ষিত হ'ব প্ৰাণীৰ ভৱিষ্যৎ। অন্যথা অৰ্থহীন হৈয়ে ৰ'ব 'পৰিবেশ দিৱস' উদযাপন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in