ইতিহাস গঢ়াৰ সময়

ইতিহাস গঢ়াৰ সময়

নিৰ্বাচনক যিমানেই কঠোৰভাৱে সমালোচনা কৰা নহওঁক কিয়, নিৰ্বাচন অবিহনে গণতান্ত্ৰিক ব্যৱস্থা চলাটো সম্ভৱ নহয়। আনহাতে গণতান্ত্ৰিক ব্যৱস্থাক যিমানেই তীব্ৰভাৱে সমালোচনা কৰা নহওঁক কিয়, গণস্বাৰ্থৰ দিশৰ পৰা গণতান্ত্ৰিক ব্যৱস্থাই যে শ্ৰেষ্ঠ ৰাষ্ট্ৰব্যৱস্থা সেইটো ইতিহাস স্বীকৃত। ইতিহাসে ইয়াকো সকীয়ায় যে যদিও অতীত চৰ্চায়েই ইতিহাস কিন্তু অতীতৰ প্ৰতিটো ক্ষণেই ঐতিহাসিক নহয়। বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত অতীতৰ যি বিশেষ ঘটনাবোৰে নিৰ্ণায়ক প্ৰভাৱ পেলাব, সেই ঘটনাবোৰ তথা তেনে ঘটনা ঘটা কালচোৱাহে ঐতিহাসিক গুৰত্বসম্পন্ন।

এই প্ৰভাৱ যিমানেই অধিক নিৰ্ণায়ক ৰূপৰ সিমানেই তাৰ ঐতিহাসিক গুৰুত্বও অধিক। সেইবাবেই সময়ৰ গতি যদিও অবিৰত, বৰ্তমান পিচ মুহূৰ্তত অতীত হ'বই, ভৱিষ্যৎ পিচলৈ বৰ্তমান হ'বই তথাপি সময়গতিৰ বেছিখিনি কালেই Period of No-history। সেইবোৰ ক্ষণ আহিছে-গৈছে। সময়ৰ নৈৰ পাৰত স্থায়ী কোনো সাঁচ পেলাই থৈ যাব পৰা নাই। কিন্তু সেইবোৰৰ মাজত এনে ক্ষণ মাজে মাজে আহে, যিবোৰে সময় নদীৰ গতিপথ নিৰ্ণয় কৰি দিয়ে। সেইবোৰেই Period of history।

আজিৰ ভাৰত বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। এই গণতান্ত্ৰিক ব্যৱস্থাত ১৯৫০চনৰ পিচৰ পৰা অনেক নিৰ্বাচন, উপ-নিৰ্বাচন বিভিন্ন পৰিসৰৰ সংসদীয় ক্ষেত্ৰলৈ আহিছে। সৰ্বোচ্চ ক্ষেত্ৰখন হ'ল কেন্দ্ৰীয় সংসদ।  তাৰ পিচতেই বিধানসভাসমূহ। তৃণমূলত আছে স্বায়ত্তশাসিত ব্যৱস্থাবোৰ। আমাৰগণতন্ত্ৰৰ বাবে ভীষণ অমংগলৰ কথা যে যদিও গণতান্ত্ৰিক ব্যৱস্থাক তৃণমূলত শক্তিশালী কৰিবৰ বাবেই স্বায়ত্তশাসিত ক্ষেত্ৰবোৰৰ সৃষ্টি কৰা হৈছে। কিন্তু বাস্তৱত কেন্দ্ৰ আৰু ৰাজ্যত, বিশেষকৈ কেন্দ্ৰত যি দলৰ চৰকাৰ থাকে সেই দলেই স্বায়ত্তশাসিত ক্ষেত্ৰবোৰত ক্ষমতা দখল কৰে। তাৰ সৈতে আদৰ্শৰ কোনো প্ৰশ্ন নাই।

আৰ্থিক তথা আন সুবিধাবোৰৰ প্ৰশ্নহে জড়িত।ফলত স্বায়ত্তশাসিত ক্ষেত্ৰবোৰৰ নিৰ্বাচনে গণতান্ত্ৰিক আদৰ্শৰ দিশৰ পৰা গুৰুত্ব হেৰুৱা ধৰিছে। প্ৰায়ে দেখা গৈছে কেন্দ্ৰ, অথবা ৰাজ্যত বেলেগ দল ক্ষমতালৈ অহাৰ লগে লগে স্বায়ত্তশাসিত এলেকাৰ শাসকে ৰাতিটোৰ ভিতৰতে দল বাগৰিছে। আনহাতে ক্ষমতা হস্তান্তৰৰ পিচত বহুকেইটা কেন্দ্ৰীয় সংসদৰ নিৰ্বাচন যদিও আহিছিল, কিন্তু তাৰে প্ৰতিটোৰ গুৰুত্ব সমান নহয়। বেছিখনি নিৰ্বাচনেই ৰাইজৰ বাবে আহিছে আৰু গৈছে বিধৰ। তাৰ ভিতৰত ১৯৭৭চনৰ লোকসভা নিৰ্বাচনটো আছিল ঐতিহাসিক। এই নিৰ্বাচনত 'গণতন্ত্ৰ নে স্বৈৰতন্ত্ৰ' এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মীমাংসা হৈছিল। ২০১৯চনৰ লোকসভা নিৰ্বাচনোঐতিহাসিকভাৱে গুৰুত্বৰ হ'বলৈ গৈ আছে।

হিন্দী-হিন্দু-হিন্দুত্ববাদৰ স্বৈৰাচাৰ নে ভাৰতীয় বহুত্বক উজ্জ্বল কৰি ৰখা বহুত্ববাদী গণতন্ত্ৰ? সেই প্ৰধান ইছ্যুটো উত্থাপিত হ'ব ধৰিছে। প্ৰতিবাৰ এনে ঐতিহাসিক গুৰুত্বসম্পন্ন  ক্ষণ যেতিয়াই আহে তেতিয়াই সমগ্ৰ পৰিস্থিতিটোত ৰাজনৈতিক শক্তি শিবিৰবোৰৰ পুনৰ বিন্যাসে অতি নিৰ্ণায়কৰূপ ধাৰণ কৰে। বৰ্তমানে দেশ তথা অসমত সেইটোৱেই ঘটিব ধৰিছে। বিজেপিয়ে হিন্দুত্ববাদী ৰাজনীতিৰ নৃশংস ৰূপটো উদঙাব ধৰিছে। বিজেপি এটা উগ্ৰ ধৰ্মবাদী দল। স্বাভাৱিকতেই তেনে ধৰ্মতান্ত্ৰিকতাত খাদ্য-বস্ত্ৰ-সংস্থানৰ দৰে জনগণৰ মৌলিক সমস্যাবোৰৰ কোনো গুৰুত্ব নাই। ধৰ্মীয় বিষবাষ্প বিয়পোৱাটোৰ ওপৰতেই তাৰ শক্তি নিৰ্ভৰশীল। ধৰ্মী বিদ্বেষক ব্যৱহাৰ কৰিয়েই বিজেপি টিকি আছে। পিচে এনে ধৰ্মীয় ৰাজনীতিৰ চোক লাহে লাহে কমিছে। ফলত নতুন অস্ত্ৰ হিচাপে বিজেপি নেতৃত্বই ভাষাবিদ্বেষক নতুন ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু তাৰ বাবে বাছি লৈছে হিন্দু বাঙালীৰ মাজত উগ্ৰ হিন্দুত্ববাদক উচটনি দিয়াৰ কৌশল।

বিজেপি নেতৃত্বৰ চকু পশ্চিমবংগ, পূব ওড়িশ্যা, ত্ৰিপুৰা, অসমৰ কিছু নিৰ্দিষ্ট এলেকা আৰু দেশৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা হিন্দু বাঙালী ভোটাৰসকলৰ ওপৰত। একমাত্ৰ সেইবাবেই ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক উলাই কৰি আৰু সম্পূৰ্ণ যুক্তিহীনভাৱে দেশৰ নাগৰিকত্ব আইন সংশোধন কৰিবলৈ ওলাইছে আৰু বিজেপিৰ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থৰ বলিশালত অসমীয়াকে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীবোৰৰ অস্তিত্ব বলি দিবলৈ ওলাইছে। সেই শক্তিৰ থলুৱা দালালচামে এনে কুকাণ্ডক জনাইছে নিৰ্লজ্জ সমৰ্থন। পিচে প্ৰতিটো ক্ৰিয়াৰে সমান প্ৰতিক্ৰিয়া থাকে। সেই পৰিস্থিতিটো সেইটো ঘটিছে। নতুন ৰাজনৈতিক পুনৰ বিন্যাসৰ সৃষ্টি হৈছে।

এইবাৰৰ অসম বিধানসভাত বিৰোধী সকলো দলে বিজেপি চৰকাৰক বিৰোধিতা কৰি নাগৰিকত্ব আইন সংশোধনীৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বিজোপি বিৰোধী নেতাসকল গুৱাহাটীত এই উদ্দেশ্যে গোট খাইছেহি। জে ডি (ইউ)ৰ নেত়ৃত্বয়ো গুৱাহাটীত বিধেয়কৰ বিৰোধিতা ঘোষণা কৰিছে। এই সমগ্ৰ শুভ প্ৰক্ৰিয়াৰ সফলতাৰ ওপৰতেই নিৰ্ভৰ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ ভৱিষ্যৎ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in