আঞ্চলিকতাবাদৰ ভৱিষ্যৎ

আঞ্চলিকতাবাদৰ ভৱিষ্যৎ

ভাৰতবৰ্ষৰ দৰে এখন বিশাল তথা বৈচিত্ৰময় দেশৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ স্বাৰ্থতে আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক দলবোৰৰ প্ৰয়োজনীয়তা সৰ্বাধিক। সমবিকাশ আৰু সমউন্নয়নৰ বাবে কেন্দ্ৰক হেঁচা দিয়াৰ ক্ষেত্ৰতো আঞ্চলিক দলবোৰৰ গুৰুত্ব অনস্বীকাৰ্য। অসমৰ দৰে অনগ্ৰসৰ অঞ্চলৰ আৰ্থ-সামাজিক ধ্বজা বহনকাৰী অসম গণ পৰিষদৰ ভূমিকাক লৈও সেয়ে সঘনাই চৰ্চা হৈছে।

কিন্তু সম্প্ৰতি আঞ্চলিক দলটোৱে নিজস্বতা পৰিত্যাগ কৰি ৰাষ্ট্ৰীয় শাসক দলৰ শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণ হিচাপে চিহ্নিত হৈছে একাংশ নেতাৰ আপোচকামিতা আৰু ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ স্বাৰ্থ পূৰণৰ হাবিয়াহ। তাৰ সমান্তৰালকৈ আঞ্চলিক দলটোত জাতীয়তাবাদী মনোভাবাপন্ন শক্তিশালী, নিষ্ঠাৱান নেতাৰ অভাৱো পৰিলক্ষিত হৈছে।

অথচ ইয়াৰ বিপৰীতে তৃণমূলৰ দলীয় নেতা-কৰ্মীৰ মাজত এতিয়াও সাংগঠনিক তৎপৰতা আৰু জাতীয়তাবাদী চিন্তা অটুট আছে। কিন্তু নেতৃত্বই দলটোক এনে এক পৰ্যায়লৈ লৈ গৈছে, য'ত অসমৰ জাতি-জনগোষ্ঠীগত আশা পূৰণৰ ক্ষেত্ৰত সৰ্বভাৰতীয় শাসকীয় স্বাৰ্থই বিধি-পথালি দিয়াৰ পৰিৱেশ সৃষ্টি হৈছে। আনকি শেহতীয়াভাৱে অতি ৰাষ্ট্ৰবাদী আগ্ৰাসী ৰাজনীতিৰ কবলত পৰি খিলঞ্জীয়াৰ ভাষিক-সাংস্কৃতিক পৰিচিত অস্তিত্বৰ সংকটত ভূগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তো অসম গণ পৰিষদৰ নেতৃত্বই তাক সবলভাৱে প্ৰতিহত কৰাৰ সক্ষমতা হেৰুৱাইছে।

অসমৰ স্বাৰ্থত বলিষ্ঠভাৱে মাত মতাৰ সাহস অগপ নেতৃত্বৰ নাই বুলিও সচেতন মহলত সমালোচনা হৈছে। অৰ্থাৎ সামগ্ৰিকভাৱে দলটোৱে জাতীয়তাবাদী চৰিত্ৰ ক্ৰমশঃ হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছে। বিগত প্ৰায় দুই দশকত অগপ দলটো ৰাজনৈতিকভাৱে ইমানেই শক্তিহীন হৈ পৰিছে যে অসমৰ কোনো এটা জাতীয় সমস্যাক লৈ নতুন দিল্লীৰ ওচৰত প্ৰত্যয়েৰে সৈতে মাত মাতিব পৰা নাই। উদাহৰণস্বৰূপে ইমানদিনে অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিম বুলি কেন্দ্ৰই অগপ নেতৃত্বক নিচুকনি গীত শুনাই শুৱাই থৈছে।

এই সময়ছোৱাত কেন্দ্ৰই ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যাদাও একপ্ৰকাৰ নোহোৱা কৰিছে। কেন্দ্ৰৰ সৈতে অসম চুক্তি সম্পন্ন কৰি অসমৰ আন্দোলনৰ পৰিসমাপ্তি ঘোষণা কৰা তাহানিৰ আন্দোলনকাৰী নেতা আৰু আজিৰ অগপ নেতৃত্বৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দৃঢ়তা কিমান, তাক লৈও যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে। যেতিয়ালৈকে অসমৰ দৰে ৰাজ্যৰ অনগ্ৰসৰতা দূৰ নহ'ব, জ্বলন্ত সমস্যাই জনসাধাৰণক দুৰ্ভোগ ভোগাব তেতিয়ালৈকে আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰাসংগিকতাও থাকিব।

কিন্তু প্ৰশ্ন হয়- অগপই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ধৰ্মাৱলম্বী থলুৱা ৰাইজৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক দাবীবোৰ কেন্দ্ৰৰ ওচৰত উপস্থাপন কৰাৰ ক্ষেত্ৰত এক বিকল্প ৰাজনৈতিক মঞ্চ হৈ থাকিব পাৰিবনে নাই? ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনীতিৰ পৃষ্ঠপোষকতা কৰা সকলে ইতিমধ্যে ইতিহাস খুঁচৰিবলৈ লৈছে। এইটো ঠিক যে অম্বিকাগিৰীৰ পৰা আৰম্ভ কৰি অসমীয়া জাতীয়তাবাদৰ মহানায়কসকলে গঢ়ি যোৱা ইতিহাস ৰাষ্ট্ৰীয় ৰাজনীতিৰ কোবাল সোঁতত বিলীন হৈ নাযায়।

অগপৰ বিকল্প ৰাজনৈতিক মঞ্চ গঠনৰ প্ৰচেষ্টাৰ আঁৰতো এইধৰণৰ জাতীয়তাবাদী চিন্তা-চৰ্চাই ক্ৰিয়া কৰিছে। ৰাজনৈতিকভাৱে অসম আৰু অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰিবৰ জোখাৰে অগপই ৰাইজৰ আস্থা পুনৰ অৰ্জন কৰিব নোৱাৰিলে এনেধৰণৰ প্ৰচেষ্টা আগত দিনত অব্যাহত থাকিব।

যিটো আঞ্চলিক দলৰ সামাজিক ভেটি ইতিমধ্যে সৰ্বভাৰতীয় শাসকপক্ষই প্ৰায় উছন কৰিলে সেই দলটোৰ নেতৃত্বই এইবাৰৰ নিৰ্বাচনী ব্যৰ্থতাকো আনকি একাংশ নেতাৰ ক্ষমতাকেন্দ্ৰিক সফলতাৰ আঁৰত ঢাকি ৰাখিব বিচাৰিছে। এই অপচেষ্টাই নিশ্চিতভাৱে অসমত জাতীয়তাবাদী ৰাজনীতিৰ পুনৰুত্থানৰ পথ মুকলি কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in