মহানগৰীৰ অপৰাধ

মহানগৰীৰ অপৰাধ

মহানগৰীৰ অপৰাধ দৃশ্যপটৰ ক্রমবর্ধমান অবনতিয়ে শান্তি আৰু আইন-শৃংখলা ৰক্ষাকাৰী সংস্থাসমূহৰ ব্যৰ্থতা প্ৰতিপন্ন কৰাৰ লগতে সামাজিক অবক্ষয়ৰ ভয়াৱহ ৰূপটোও প্ৰকট কৰি তুলিছে। বিশেষকৈ আৰক্ষী-আইন-দণ্ড আদিলৈ ভ্ৰক্ষেপ নকৰা এচাম সমাজ বিৰোধী লোকৰ টিঘিলঘিলনি বাঢ়িছে, যিয়ে হত্যাৰ দৰে ভয়ংকৰ অপৰাধত লিপ্ত হ'বলৈও কুণ্ঠাবোধ নকৰা হৈছে। মহানগৰীৰ বেলতলাত শেহতীয়াকৈ সংঘটিত বৃদ্ধ দম্পতীৰ নৃশংস হত্যাকাণ্ড তেনে জিঘাংসাৰে পৰিণতি। এই হত্যাকাণ্ডত বৃদ্ধ দম্পতীৰ দীৰ্ঘদিনৰ পৰিচৰ্যাকাৰী এজন অভিযুক্তৰূপে চিহ্নিত হোৱাটো অধিক উদ্বেগজনক।
মানুহৰ আস্থা আৰু বিশ্বাসৰ ধাৰণাকেই যেন ই গভীৰ সংকটৰ সমুখীন কৰাইছে। লক্ষণীয়ভাৱে যোৱা কেইবছৰমানত মহানগৰীত এনে একাধিক অকলশৰীয়াকৈ থকা বৃদ্ধ হত্যাৰ বলি হৈছে। সামগ্রিকভাবে বয়োজ্যেষ্ঠ লোকসকল অপৰাধীৰ সহজ লক্ষ্য হৈ পৰা পৰিলক্ষিত হৈছে। আনকি পৰিয়ালৰ সদস্য বা অতি আপোনজনৰ হাততো জ্যেষ্ঠ নাগৰিক লাঞ্ছিত-প্রহৃত বা আন অপৰাধৰ বলি হোৱা ঘটনা ঘটিয়েই আছে। সমাজৰ এনে জ্যেষ্ঠ অভিভাবক শ্ৰেণীৰ সুৰক্ষাৰ হকে আইন বলবৎকাৰী সংস্থাসমূহৰ লগতে সমাজ কল্যাণ বিভাগৰে নিশ্চয় কৰণীয় আছে।

বয়োজ্যেষ্ঠ লোকৰ ওপৰত হোৱা অন্যায়-অপৰাধশূন্য সহনশীলতাৰ দৃষ্টিৰে বিচাৰ কৰা উচিত। আনহাতে ডকাইত বা আন অপৰাধীয়ে যাতে এই বয়স্ক লোকসকলৰ নিসংগতাৰ সুযোগ লৈ অপৰাধ সংঘটিত কৰিব নোৱাৰে, তাৰবাবে যথোচিত প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক। বেলতলাৰ হত্যাকাণ্ডৰ বুজ ল'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে বয়োজ্যেষ্ঠ নাগৰিক থকা অঞ্চলসমূহত চি চি টি ভি কেমেৰাৰ প্ৰসাৰণত গুৰুত্ব দিছে। এই ব্যৱস্থাৰ লগতে ভিতৰুৱা অঞ্চলসমূহতো নিশাৰ ভাগত আৰক্ষীৰ তহল তথা নিৰীক্ষণ বৃদ্ধি কৰিলে নিশ্চয়কৈ বহু অপৰাধ প্ৰতিৰোধ কৰাটো সম্ভৱ হ'ব।

বহু সময়ত অপৰাধীক ধৰা পেলোৱাত অথবা উপযুক্ত তথ্য-প্রমাণ গোটাই আদালতত দাখিল কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই অপৰাধ বৃদ্ধি পাইছে। এই কথা নক'লেও হ'ব যে মহানগৰীৰ বিভিন্ন থানাত ৰুজু হোৱা হেজাৰ হেজাৰ গোচৰত অভিযুক্ত অসংখ্য লোক আৰক্ষীৰ চকুৰ সন্মুখতে ঘূৰি ফুৰিছে। আৰক্ষী আয়ুক্ত ব্যৱস্থা প্রবর্তন হ'লেও গুৱাহাটীৰ দৰে ক্ৰম প্ৰসাৰিত মহানগৰী এখনৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ যি ধৰণৰ আধুনিকীকৰণৰ প্ৰয়োজন, সেয়া এতিয়াও সম্ভৱ হৈ উঠা নাই।

কেবল ওপৰ গধুৰ ব্যৱস্থাই আৰক্ষী-প্রশাসন কাৰ্যশীল কৰি তুলিব নোৱাৰে। একেবাৰে তলৰ পৰ্যায়ৰ আৰক্ষী কৰ্মীৰ পৰা শীৰ্ষ বিষয়ালৈ উপযুক্ত প্রশিক্ষণ আৰু সা-সুবিধাৰে সুসজ্জিত হোৱাৰ আৱশ্যক। অৱশ্যে ইয়াৰ লগে লগে আৰক্ষীৰ গাফিলতি বা অপৰাধীৰে অবাঞ্ছিত সম্পৰ্কৰ বিষয়টোও বিচাৰ কৰি চাব লাগিব। শেহতীয়াকৈ মাজনিশা মহানগৰীৰ ৰাজপথত এগৰাকী সুৰামত্ত মডেলে গাড়ীৰে কেইবাজনো কৰ্মৰত শ্রমিকক মহটিয়াই নিয়া ঘটনাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা কৰ্তব্যত গাফিলতিৰ চূড়ান্ত নিদর্শন।

এই ঘটনাৰ বাবে কেৱল আৰক্ষীৰ নিম্ন পৰ্যায়ৰ দুগৰাকী বিষয়ালৈ দোষ ঠেলি যি কাৰ্য ব্যৱস্থাৰ প্ৰহসন কৰা হ'ল, সেয়া মহানগৰীৰ স্মার্ট আৰক্ষীৰ কাঠামোৰ দুর্বলতাকে উদঙাই দিলে। আৰক্ষীৰ এনেবোৰ কৰ্মকাণ্ডৰ বাবেই অপৰাধীয়ে লাই পাই আৰু গুৰুতৰ অপৰাধ সংঘটিত কৰিবলৈও ভয় নকৰা হয়। আনহাতে, সৰু সৰু ঘটনাতো আৰক্ষীক সক্রিয় কৰাবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে নির্দেশ দিব লগা হোৱাটো বিভাগটোৰ বাবেই লাজৰ বিষয়।

মহানগৰ আৰক্ষীয়ে ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ পক্ষপাতহীনভাবে তৎপৰতাৰে কৰ্তব্য সম্পাদনৰ পৰিবেশ সৃষ্টি কৰিব পাৰিলেহে ৰাইজৰ আস্থা বাঢ়িব আৰু অপৰাধী-দুষ্কৃতিকাৰীও সদা সন্ত্রস্ত হৈ থাকিব। এইক্ষেত্ৰত আৰক্ষী আৰু নাগৰিক সমাজৰ পাৰস্পৰিক সহযোগিতাৰ মনোভাব থকাৰ প্ৰয়োজন। নাগৰিকৰ তীক্ষ্ণ নিৰীক্ষণেও বহু সময়ত অপৰাধ প্ৰতিৰোধত সহায় কৰে। কোনো অপৰাধ বা দুষ্কার্যৰ সম্ভেদ দিয়াজনক আৰক্ষীয়ে সুৰক্ষা দিয়াটোও এই প্রক্রিয়াৰে অংশ হোৱা উচিত।

অপৰাধীৰ দৃষ্টান্তমূলক শাস্তিয়েহে অপৰাধ প্রবণতা থকা আন লোকক তেনে দুষ্কার্য সংঘটিত কৰাৰ পৰা কিছু পৰিমাণে হ'লেও বাৰণ কৰাব পাৰে। গতিকে আৰক্ষীয়ে যিকোনো ঘটনাৰ তদন্ত কার্য ক্ষীপ্রতাৰে চলাই অপৰাধী কোনোপধ্যে সাৰি যাব নোৱৰাৰ ব্যৱস্থা কৰা উচিত। নিঃসন্দেহে ইয়াৰ বাবে উপযুক্ত শিক্ষণ প্ৰশিক্ষণৰ লগতে আৰক্ষী বিচক্ষণ আৰু নিষ্ঠাশীল হ'ব লাগিব। আধুনিক মহানগৰ আৰক্ষীৰ পৰাও ৰাইজৰ সেয়াই প্রত্যাশা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in