ধৰ্মহীন মিত্ৰতা

ধৰ্মহীন মিত্ৰতা

বিজেপি আৰু অগপ- এই দুয়োটা দলৰ নেতাৰ মুখত সম্প্ৰতি 'মিত্ৰতাৰ ধৰ্ম' বাক্যাংশটো সঘনে উচ্চাৰিত হৈছে। বিজেপিয়ে অভিযোগ কৰিছে যে অগপই 'মিত্ৰতাৰ ধৰ্ম' উলংঘা কৰিছে আৰু অগপই প্ৰতি-আক্ৰমণ কৰি বিজেপিক দোষাৰোপ কৰিছে যে মিত্ৰতাৰ মৰ্যাদা ৰক্ষাত বিজেপিহে ব্যৰ্থ হৈচে। এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ কাৰণ কি সেয়া ৰাজ্যবাসীয়ে গম পাইছে। এফালে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ দাৱানল, আনফালে পঞ্চায়ত নিৰ্বাচনৰ তীব্ৰতা।

২০১৪চনৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত মিত্ৰতাপাশত আৱদ্ধ হৈ দল দুটাই আন চাৰিটা সহযোগী শক্তি বি পি এফ, গণশক্তি, ৰাভা জাতীয় ঐক্য মঞ্চ আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ লগত মিত্ৰজোঁট গঠন কৰি ২০১৬ৰ অসম বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল। স্বৰাজোত্তৰ অসমৰ যি জনগাঁথনি তথা ৰাজনৈতিক প্ৰেক্ষাপট, তাত এই বিজয় এক কথাত ক'বলৈ গ'লে অভাৱনীয়। এই বিজয়ৰ পিচত অসমত থলুৱা জাতি-জনগোষ্ঠীৰ অধিকাৰ প্ৰতিষ্ঠা হ'ব, বিদেশী নাগৰিকৰ সমস্যাই এক স্থায়ী সমাধান লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ কেতবোৰ কৰ্ম আৰু সিদ্ধান্তই ৰাজ্যবাসীৰ চিন্তাৰ ধাৰাটোত আউল লগাই দিলে।

বাংলাদেশৰ ভূমি হস্তান্তৰ পৰ্বৰে সৃষ্টি হোৱা সন্দেহৰ বাতাবৰণক নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনে এনে এক পৰ্যায়লৈ লৈ গ'ল যে অসমৰ স্পৰ্শকাতৰ অবৈধ বাংলাদেশী সমস্যাটোক লৈ বিজেপিৰ দৃষ্টিভংগী প্ৰকৃততে কি সেইটোৱেই এতিয়া ধূসৰ আৰু দুৰ্বোধ্য হৈ পৰিছে। অসমৰ স্পৰ্শকাতৰতা, ইয়াৰ জনসাধাৰণৰ মনস্তত্ত্ব আৱেগ-অনভূতিক গুৰুত্ব নিদি প্ৰতিবেশী ৰাষ্ট্ৰৰ হিন্দুকে ধৰি অন্য কেইটামান ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ লক্ষ্যৰে সংসদত হঠাৎ নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন উত্থাপন কৰাৰ পিচত অসমত যি প্ৰতিবাদৰ উত্থান ঘটিছে, সেয়া অৱধাৰিত।

এনে পৰিস্থিতিত আঞ্চলিকতাবাদী দল হিচাপে, সৰ্বোপৰি অসম আন্দোলনৰ গৰ্ভৰ পৰা জন্ম হোৱা সূত্ৰে অগপ এই বিধেয়কখনৰ বিৰুদ্ধে থিয় হোৱাটো বা ইয়াৰ বাতিলৰ দাবীত সংগ্ৰামৰ পথ লোৱাটোত আচৰিত হ'বলগীয়া একো নাই। বিধেয়কখনক লৈ সৃষ্টি হোৱা সংঘাত পৰিণতিতে দলটোৱে পঞ্চায়ত নিৰ্বাচনত নিজৰ পৃথক সত্তাটোক জনসাধাৰণৰ আগত তুলি ধৰিবলৈকে পঞ্চায়ত নিৰ্বাচনৰ যুঁজখনত অকলে অৱতীৰ্ণ হৈছে। নিৰ্বাচনী প্ৰচাৰ সভাবোৰত দলটোৰ নেতৃত্বই অবৈধ বাংলাদেশীৰ ইছ্যুটোক লৈ বিজেপি নেতৃত্বাধীন চৰকাৰক মুকলিকৈ আক্ৰমণ কৰাত প্ৰবৃত্ত হৈছে।

ইয়াতেই ক্ষুব্ধ হৈ বিজেপি নিয়ন্ত্ৰণাহীন নৰ্থ-ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স চমুকৈ 'নেডা"ৰ আহ্বায়কৰ দায়িত্বত থকা ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অগপৰ বিৰুদ্ধে 'মিত্ৰতাৰ ধৰ্ম' উলংঘাৰ অভিযোগ অনাতেই ক্ষান্ত নাথাকি অসম চুক্তিৰ জৰিয়তে অগপই অসমৰ এক অনাতেই ক্ষান্ত নাথাকি অসম চুক্তিৰ জৰিয়তে অগপই অসমৰ এক কোটি অবৈধ বাংলাদেশীক নাগৰিকত্ব লাভৰ পথ সুচল কৰি দিয়া বুলি সাংঘাতিক অভিযোগ উত্থাপন কৰিছে। 'নেডা"ৰ আহ্বায়কগৰাকীৰ অগপৰ বিৰুদ্ধে আক্ৰমণৰ তীব্ৰতা ইমানেই বেছি আছিল যে আঞ্চলিক দলটোৱে বিজেপি মিত্ৰজোঁটৰ পৰা ওলাই যোৱাটোৱেই যে বিজেপিয়ে বিচাৰিছে, সেইটো প্ৰকট হৈ পৰিছিল। বিজেপি অগপৰ প্ৰতি ইমান বিতুষ্ঠ কিয় তাক বুজাত অসুবিধা নাই।

মিত্ৰ অগপৰ নাগৰিকত্ব বিধেয়কবিৰোধী অৱস্থানে বিজেপিক চৰম অস্বস্তিত পেলাইছে। অবৈধ বাংলাদেশীক লৈ দলটোৰ স্বৰূপ জনসাধাৰণৰ সন্মুখত উন্মোচিত হৈছে। ফলত ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সন্মুখত দলটোৰ বিশ্বাসযোগ্যতা হেৰাই যোৱাৰ উপক্ৰম হৈছে। এনে অৱস্থাত অগপক আক্ৰমণৰ ৰাজনীতিৰে দলটোৱে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ কৌশল যে অৱলম্বন কৰিছে, সেইটো সাধাৰণ বুদ্ধিৰ মানুহেও বুজি পাইছে। অগপই বিজেপি নেতাজনৰ এই কাৰ্যৰ প্ৰতিবাদ কৰিছে।

অসম আন্দোলনৰ পৰা জন্ম হোৱা দল হিচাপে অগপই 'অসম চুক্তি'ৰ পৰিপন্থী নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰাটো অক যুক্তিসিদ্ধ পদক্ষেপ, তেনেস্থলত ইয়াত 'মিত্ৰতা ভংগ'ৰ প্ৰশ্ন আহিল ক'ৰ পৰা? মিত্ৰতা মানে নেতাগৰাকীয়ে বিজেপিৰ ওচৰত অগপৰ সাৰ্বিক আত্মসমৰ্পণক বুজাইছে নেকি? এনে প্ৰশ্ন ৰাইজৰ মনত জাগ্ৰত হৈছে আৰু 'নেডা'ৰ আহ্বায়কগৰাকীৰ মুখত স্বৈৰাচাৰী সুৰ এটাহে ফুটি উঠাত বিজেপিৰ অভিপ্ৰায়ক লৈ শংকৰ বাতাৱৰণটো অধিক ঘনীভূত হৈছে।

ইফালে অগপৰ সভাপতিসহ শীৰ্ষ নেতাসকলে 'নেডা'ৰ আহ্বায়কগৰাকীৰ বক্তব্যৰ প্ৰতিবাদ জনাই চৰকাৰত থাকিয়েই জাতিধ্বংসী বিধেয়কখনৰ প্ৰতিবাদ কৰি যাব বুলি ঘোষণা কৰিছে। কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ তেওঁলোক 'অসম চুক্তিত অগপই স্বাক্ষৰ কৰা নাছিল' বুলি প্ৰকাশ কৰা মন্তব্যই ৰাজ্যবাসীক হতবাক কৰিছে। যদি অগপই অসম চুক্তিৰ দায়িত্ব নলয়, তেন্তে ই মূৰকত 'অবৈধ সন্তান' হিচাপে পৰিগণিত হ'বগৈ নেতি, তাক লৈ এতিয়া নতুন শংকাৰ উদ্ৰেক ঘটিছে। এই সামগ্ৰিক ঘটনা প্ৰবাহৰ পৰা বিজেপি-অগপৰ মিত্ৰতা যে কোনো নীতিৰ আধাৰত হোৱা নাছিল, বৰঞ্চ ই ক্ষমতা দখলৰ এক বুজাবুজিহে আছিল, সেইটোৱেই মূৰকত প্ৰমাণিত হোৱাৰ লক্ষণ ফুটি উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in