জনতাৰ হাহাকাৰ

জনতাৰ হাহাকাৰ

দেওবাৰৰ দিনটোত গুৱাহাটীত পেট্ৰ'লৰ মূল্য ১০৩.৫৯ টকা , ডিজেলৰ ৯৬.১৩ টকা। যোৱা ছয় দিন ধৰি দৈনিক এই দুবিধ পেট্ৰ'লিয়াম ইন্ধনৰ দাম বৃদ্ধি পাই আছে আৰু যি গতি গোত্ৰ দেখা গৈছে তাৰ পৰা বুজিব পাৰি যে এই বৃদ্ধি অব্যাহত থাকিব। এই পৰিস্থিতি জনসাধাৰণৰ বাবে কল্পনাতীত। ইন্ধনৰ মূল্য বৃদ্ধি হয়, কাৰণ আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম উত্থান পতনৰ লগত এই বৃদ্ধিৰ সম্পৰ্ক থাকে। কিন্তু আমাৰ দেশত যি গতিত ইন্ধন দুবিধৰ দাম বাঢ়িবলৈ ধৰিছে, তাৰ পটভূমি আচলতে কি সেয়া সাধাৰণ মানুহৰ জনাৰ উপায় নাই।

যোৱা কিছুদিনত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে হয়, কিন্তু ভাৰতত হোৱা দাম বৃদ্ধিৰ ক্ষেত্ৰত এই পৰিস্থিতিৰ সামঞ্জস্য আছেনে নাই সেইটো দেশবাসীৰ বাবে দুৰ্বোধ্য হৈ পৰিছে এইবাবেই যে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৰ্তমানতকৈ যথেষ্ট কম থকা অৱস্থাত কিন্তু ইয়াত ইন্ধন দুবিধৰ দাম হ্ৰাস পোৱা নাছিল। তদুপৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত ঘটা ইন্ধনৰ মূল্যবৃদ্ধি আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰো আকাশ-পাতাল তফাৎ দেখিবলৈ পোৱা যায়।

কংগ্ৰেছৰ দিনতে পেট্ৰ'-পণ্যৰ চৰকাৰী মূল্য নিয়ন্ত্ৰণৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰি তেল কোম্পানীবোৰক ইয়াৰ দাম নিৰ্ধাৰণৰ কৰ্তৃত্ব দিয়াৰ ফলতে এই সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অস্থিৰতাৰ দশা জনসাধাৰণে ভোগ কৰিবলগা হয় যদিও কংগ্ৰেছ আমোলত মূল্যবৃদ্ধিৰ গতি বৰ্তমানৰ দৰে অবুজ তথা কাল্পনাতীত পৰ্যায়লৈ যোৱা নাছিল। জনসাধাৰণৰ উদ্বেগ দুৰ্ভাৱনাক সেই চৰকাৰে গুৰুত্ব দিয়াৰ চেষ্টা কৰিছিল আৰু দুই এবাৰ চৰকাৰৰ দ্বাৰা আৰোপিত কৰ কিছু লাঘৱ কৰিও মূল্যবৃদ্ধিৰ প্ৰকোপৰ পৰা জনসাধাৰণক সকাহ দিয়া দেখা গৈছিল। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ এইক্ষেত্ৰত জনসাধাৰণৰ প্ৰতি যেন কোনো দায়িত্বই নাই! নিৰন্তৰ ইন্ধনৰ মূল্য বৃদ্ধি হৈ আছে, চৰকাৰৰ কোনো ভ্ৰূক্ষেপেই নাই।

ইন্ধনৰ মূল্যবৃদ্ধিৰ বৰ্তমানৰ যিটো পৰিস্থিতি, সি ক'বলৈ গ'লে সৰ্বকালৰ ভয়াৱহ। চৰকাৰৰ নিৰুদ্বিগ্ন ভূমিকাৰ পৰা ধাৰণা কৰাৰ উপায়ো নাই আগত দিনবোৰত পেট্ৰ'ল ডিজেলৰ দাম আৰু কিমান বাঢ়িব। যদি বিজেপিৰ চৰকাৰখনে নিজকে কল্যাণকামী আৰু জনসাধাৰণৰ প্ৰতি দায়ৱদ্ধ বুলি ভাবে, তেন্তে অনতিপলমে এই বিষয়টোত নিজস্ব এটা বক্তব্য প্ৰকাশ কৰা উচিত আছিল। প্রধানমন্ত্ৰী হোৱা দিন ধৰি মন কী বাতত নৰেন্দ্ৰ মোডীয়ে বহু কথা কৈ আহিছে। কোৰোনা প্ৰতিষেধক প্ৰদানে ১০০ কোটি লোকক সামৰা উপলক্ষেও প্রধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি ভাষণ দিছে। ইয়াৰ কৃতিত্বদাবীৰে প্ৰবন্ধও লিখিছে। কিন্তু পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ দেশবাসীক সম্বোধন কৰাৰ কোনো তাগিদা তেখেতে অনুভৱ কৰা নাই। চৰকাৰে আচলতে সমগ্ৰ বিষয়টো সামৰি এখন শ্বেতপত্ৰ প্ৰকাশ কৰা উচিত আছিল আৰু এই পৰিস্থিতিৰ পৰা জনসাধাৰণক কিঞ্চিৎ সকাহ দিয়াৰ কিবা উপায় আছে নেকি তাক পৰ্যালোচনা কৰা আৰু তদানুসৰি ব্যৱস্থা ল'ব লাগিছিল। কিন্তু দেশবাসীৰ দুৰ্ভাগ্য তেনে অনুকম্পা চৰকাৰৰ নাই।

চৰকাৰৰ নিৰ্বিকাৰ দৃষ্টিভংগীৰে এনে এটা ধাৰণা হয়তো দিব খোজা হৈছে যে পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধি একাংশ যান-বাহনৰ গৰাকীৰহে সমস্যা, ইয়াত গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। ডাল দৰিদ্ৰৰ পৰা মুষ্টিমেয় আয়েৰে কথমপি জীৱন নিৰ্বাহ কৰি থকা নিম্ন মধ্যবিত্তলৈকে দেশৰ গৰিষ্ঠ অংশৰ জনসাধাৰণ যে ইয়াৰ ফলত ক্ষতিগ্ৰস্ত গৈছে, দুৰ্বিষদ জীৱন যাপনৰ লগতে অনিশ্চিত ভৱিষ্যতৰ ক্ষণ গণিবলগা হৈছে সেই দিশটো চৰকাৰে ইচ্ছাকৃতভাৱে আওকাণ কৰি কিছুমান হিতাধিকাৰীৰমূলক আঁচনিৰ গৰিমা বখানি ভয়াৱহ অৱস্থাটোক তল পেলাই ৰাখিব খুজিছে।

প্রধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনাৰ পৰা চাউল দিছে, কিন্তু যোৱা এটা বছৰত ৰান্ধনিঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৪০ৰ পৰা ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে। মিঠাতেলৰ দাম লিটাৰত ২৩০ টকা পৰ্যান্ত, ৰিফাইন তেলৰ ১৫০/১৬৫ টকা হৈছেগৈ। তদনুৰূপভাৱে বাঢ়িছে দাইল, আটা, আলু, পিঁয়াজ, পাচলিকে ধৰি প্ৰতিবিধ খাদ্য সামগ্ৰীৰ দাম। মাছ মাংস লাহে লাহে বিত্তৱানৰ খাদ্যতহে পৰিণত হ'বলৈ গৈ আছে। অন্যান্য প্ৰতিবিধ বস্তু, ঔষধ বা আহিলাৰ কি হাৰত দাম বৃদ্ধি হৈছে তাৰ তালিকা দাখিলৰ প্ৰয়োজন নাই। জনসাধাৰণ ভুক্তভোগী।

এনে পৰিস্থিতিত পেট্ৰ'ল ডিজেলৰ মূল্য এনেদৰে নিয়ন্ত্ৰণহীনভাৱে বাঢ়ি গৈ থাকিলে সাধাৰণ মানুহৰ বাবে যে জীৱন নিৰ্বাহ অসম্ভৱ হৈ পৰিব তাক দোহৰা নিষ্প্ৰয়োজন। পেট্ৰ'ল ডিজেলৰ দাম বৃদ্ধি মানে যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি, সামগ্ৰী পৰিবহণৰ ভাড়া বৃদ্ধি আৰু মূৰকত তাৰ মাধমাৰ পৰিব দুখীয়া, নিম্নমধ্যবিত্ত সাধাৰণ মানুহৰ ওপৰত। দেশবাসীৰ বাবে পৰিহাসৰ কথা হ'ল এনেদৰে মূল্যবৃদ্ধিৰ মাধমাৰ খাই খাই সাধাৰণ মানুহৰ লেবেজান হৈ পৰিছে। আনহাতে চৰকাৰে দৰিদ্ৰৰ কল্যাণ, দুখীয়াৰ আয় বৃদ্ধি, দেশৰ প্ৰগতিৰ দুৰ্বোধ্য বক্তব্যৰ জনসাধাৰণক মোহান্ধ কৰি ৰাখি আচল সমস্যাৰ পৰা মূৰপোলোকা দি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in