তৈলক্ষেত্ৰৰ নিলাম

তৈলক্ষেত্ৰৰ নিলাম

ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ লক্ষ্য পূৰণ কৰিবলৈ গৈ মুখেৰে যিয়েই নকওঁক কিয়, কেন্দ্ৰৰ মোডী চৰকাৰে যে কাৰ্যতঃ বহুজাতিক-কৰ্প'ৰে গোষ্ঠীৰ হাতত দেশৰ সম্পদ এপদ এপদকৈ গতাই দিব বিচাৰিছে, সেয়া ইতিমধ্যে প্ৰতিপন্ন হৈছে। দেশত হিন্দুত্ববাদী সাংস্কৃতিক জাতীয়তাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে আগবঢ়া শাসক পক্ষই স্বদেশী অৰ্থনীতিৰ শ্ল'গান আওৰালেও দৰাচলতে তেওঁলোকো বহুজাতিক গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰা নব্যউদাৰবাদী অৰ্থনীতিৰে মুখ্য পৃষ্ঠপোষক। যিটো কাম পূৰ্বৰ ইউ পি এ চৰকাৰে খৰতকীয়াভাৱে কৰিবলৈ কুণ্ঠাবোধ কৰিছিল, সেই কামটোকেই মোডী চৰকাৰে বিগত চাৰে চাৰিবছৰীয়া কাৰ্যকালত অতি সুচাৰুৰূপে তথা ক্ষিপ্ৰতাৰে কৰিবলৈ লৈছে।

প্ৰতিৰক্ষা, বেংক, বীমা, ৰে'ল, খুচুৰা ব্যৱসায়কে ধৰি অন্যান্য ক্ষেত্ৰবোৰত এক শতাংশলৈকে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ হাৰ বৃদ্ধি কৰিবলৈ তৎপৰ হোৱা প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশতে সম্প্ৰতি 'মেক ইন ইণ্ডিয়া'ৰ কৰ্মসূচীৰ নামত দেশৰ অৰ্থনীতিক বিদেশী কোম্পানীৰ মুনাফাকেন্দ্ৰিক বজাৰত পৰিণত কৰিবলৈ লোৱা হৈছে। অৰ্থাৎ ভাৰতক বিশ্বৰ এক নম্বৰ শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা সঘনাই উচ্চাৰণ কৰা প্ৰধানমন্ত্ৰী মোডীৰ উদ্যোগতেই আমেৰিকা, জাৰ্মানী, ফ্ৰান্স, ইজৰাইলৰ দৰে দেশৰ বহুজাতিক কোম্পানীৰ ওচৰত দেশ বিক্ৰীৰ পূৰ্ণ পৰ্স্তুতি চলিছে। কেৱল যুদ্ধ জাহাজ, বিমান বা অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাই নহয়, এতিয়া বিদেশৰ বহুজাতিক কোম্পানীয়ে আহি ভাৰতত কাৰখানাও প্ৰতিষ্ঠা কৰিব।

শেহতীয়াভাৱে বাহিৰৰ কোম্পানীয়ে আহি আমাৰ খুচুৰা ব্যৱসায়তো নামি পৰিছে। আজিহে যেন অসমৰ জাতীয় সংগঠনে উপলব্ধি কৰিছে যে কেন্দ্ৰই অসমীয়াৰ আৱেগ-অনুভূতিক চূড়ান্তভাৱে অৱহেলা কৰি ইটোৰ পিচত সিটো হঠকাৰী সিদ্ধান্ত লৈছে। অতি সম্প্ৰতি কেন্দ্ৰই গ্ৰহণ কৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ অধীনত থকা তৈলক্ষেত্ৰবোৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য জাতীয় দল-সংগঠনবোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি নাভাবো যে অসমৰ জাতীয় সংগঠনবোৰে পূৰ্বতে বিজেপিৰ দৰে সৰ্বভাৰতীয় শাসকীয় দলৰ চৰিত্ৰ বুজা নাছিল।

পৰিবৰ্তনৰ নামত বিজেপিক শাসনত বহুওৱাৰ ক্ষেত্ৰত জাতীয়তাবাদী শিবিৰৰ অৰিহণা স্বীকাৰ কৰিব নোৱাৰি। যিসকলে ইয়াৰ বিৰোধিতা কৰিছিল, তেওঁলোকৰ যুক্তি আছিল এটাই- সেয়া হ'ল বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ ছত্ৰছায়াত লালিত-পালিত এটা দলে দেশৰ বা জনসাধাৰণৰ প্ৰকৃত উন্নয়ন সাধিব নোৱাৰে। আজি বাস্তৱত সেয়াই প্ৰতীয়মান হৈছে। ৰাজ্যৰ শাসনভাৰ হাতত লৈয়েই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অনুমতিসাপেক্ষে কেন্দ্ৰই অসমৰ তৈলক্ষেত্ৰ নিলামৰ কাম সম্পাদন কৰিছিল। এতিয়া পুনৰ অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰ ডিব্ৰুগড় জিলাৰ জৰাজান আৰু টেঙাখাত তৈলক্ষেত্ৰৰ স্বত্ব বহুজাতিক পেট্ৰ-পুঁজিপতি গোষ্ঠী বেকাৰ্ছ, শ্লামবাৰ্জাৰ আৰু হেলিবাৰ্টানৰ হাতত নিলাম কৰিবলৈ ওলাইছে।

উল্লেখযোগ্য যে, যোৱা ১২ আগষ্টতে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষতম কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এইক্ষেত্ৰত সিদ্ধান্ত লৈছিল বুলি সংবাদমাধ্যমতো খবৰ ওলাইছে। সেই সিদ্ধান্ত অনুসৰিয়েই কেন্দ্ৰই অসমৰ তৈলক্ষেত্ৰবোৰ ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ প্ৰক্ৰিয়া চলাইছে। আমি ভাবো সামগ্ৰিকভাৱে এইবোৰ মোডী চৰকাৰৰ কৰ্প'ৰেট নিৰ্ভৰ অৰ্থনীতিৰে ফচল। যিদৰে ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰি তাৰ চোৱা-চিতা কৰাৰ দায়িত্ব অনিল আম্বানিৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ দ্বাৰা মোডী চৰকাৰে 'মেক ইন ইণ্ডিয়া'ৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিছে, সেইদৰে অসমৰ ৰাজহুৱা খণ্ডৰ তৈলক্ষেত্ৰবোৰ বহুজাতিক কোম্পানীৰ ওচৰত নিলাম কৰিও কেন্দ্ৰই অসমপ্ৰেমৰ বিৰল দৃষ্টান্তকে দাঙি ধৰিবলৈ ওলাইছে!

বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ এন ডি এ চৰকাৰৰ অসমপ্ৰেম কেৱল ইয়াতেই সীমাৱদ্ধ নাথাকে। পাৰিলে অসমৰ অন্য প্ৰাকৃতিক সম্পদৰ অধিকাৰো দেশ-বিদেশৰ বহুজাতিক গোষ্ঠীৰ হাতত অৰ্পণ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। অসম তথা উত্তৰ-পূবৰ জলসম্পদৰ লুণ্ঠন প্ৰক্ৰিয়াও ইতিমধ্যে পূৰ্ণগতিত চলিছে। অৰুণাচল সীমান্তৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰতো একেই নীতিকে কাৰ্যকৰী কৰিছে কেন্দ্ৰই যদিহে সকলোৱে মাৰবান্ধি থিয় নিদিয়ে, তেন্তে অসমৰ জনসাধাৰণক সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ মাজতে আৱদ্ধ কৰি ৰাখি কেন্দ্ৰৰ লুণ্ঠন প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in