মহীৰূহৰ সোঁৱৰণ

মহীৰূহৰ সোঁৱৰণ

মন্ত্ৰী-আমোলাৰ নীতিভ্ৰষ্ট আদৰ্শ, ৰাজনৈতিক নেতাৰ ক্ষয়িষ্ণু চিন্তা আৰু জাতীয় নেতৃত্বৰ চৰম সুবিধাবাদী স্থিতিৰ বিপৰীতে এক প্ৰকৃত সুস্থ জাতীয়তাবাদী অৱস্থানৰ পৰা গণতান্ত্ৰিক তথা ধৰ্মনিৰপেক্ষ প্ৰমূল্যৰে অসমত সংবাদিকতাৰ জয়ধ্বজা উৰুৱাই যোৱা তিলক হাজৰিকাদেৱৰ প্ৰাসংগিকতা ক্ৰমাৎ বৃদ্ধি পাইছে। তেওঁৰ মৃত্যুৰ পাঁচটা বছৰ উকলিবৰ পৰত আমি আজি সকলোৱে এই কথা অন্তঃকৰণেৰে উপলব্ধি কৰিছো। জাতিটোৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু সামগ্ৰিকভাৱে সামাজিক দায়বদ্ধতাৰে হাজাৰ প্ৰতিকুলতাৰ মাজতো কেনেকৈ গণমুখী সাংবাদিকতাক জনমানসত প্ৰতিষ্ঠা কৰিব পাৰি, সেই কথা অসমৰ আজিৰ প্ৰজন্মৰ সাংবাদিক-সংবাদকৰ্মীসকলে তেওঁৰ কৰ্মৰাজিৰ সঠিক বিশ্লেষণ কৰিলেহে ঠাৱৰ কৰিবলৈ সক্ষম হ'ব।

হাজৰিকাদেৱৰ চিন্তা-চৰ্চাক বুজিবলৈ হ'লে আমি 'নতুন অসমীয়া', 'অসম বাণী', বা 'সাদিন'-'প্ৰতিদিন'ত প্ৰকট হৈ উঠা তেওঁৰ দৃষ্টিভংগীৰ লগতে তেওঁৰ জীৱণ পৰিক্ৰমাই সামৰি লোৱা অসমৰ সমসাময়িক সমাজ-অৰ্থনীতি আৰু ৰাজনিতিকৰ সেই জটিল সময়ছোৱাৰ ঐতিহাসিক মূল্যাংকন কৰিব লাগিব- স্বৰাজোত্তৰ অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি অসম আন্দোলনে জোকাৰি যোৱা সমাজ-জীৱন আৰু তাৰ পৰৱৰ্তী কালছোৱাত অসমীয়া জাতিৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ হকে সূচনা হোৱা বিদ্ৰোহ-বিপ্লৱৰ ৰক্তাক্ত ইতিহাসলৈকে।

দিল্লাৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে সৃষ্টি হোৱা বিচ্ছিন্নতাবাদ আৰু জনগোষ্ঠীয় আত্মনিৰ্ধাৰণৰ সংগ্ৰামৰ প্ৰতিটো ঢাপত তেওঁ এগৰাকী আপোচহীন সাংবাদিক হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি গৈছিল। ৪০ ৰ দশকৰ শেষৰ ফালে দেৱকান্ত বৰুৱা সম্পাদিত 'নতুন অসমীয়া'ত উপ-সম্পাদকৰূপে যোগদান কৰাৰ পিচৰ সুদীৰ্ঘ ছটা দশকৰো অধিক কাল এইদৰে সংবাদ জগতৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা এইগৰাকী স্থিতপ্ৰজ্ঞ অসমীয়াৰ বিষয়ে জানিবলৈ হ'লে নতুন প্ৰজন্মই 'আড্ডা', 'কতকথা', 'ইত্যািদ' আৰু মনোৰম স্মৃতিকথা 'আবেলিৰ ছাঁ'ৰ দৰে গ্ৰন্থবোৰ অধ্যয়ন কৰিব লাগিব।

অসমৰ ভাষা-সংস্কৃতি, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অধিকাৰ আৰু সংগ্ৰামক মহীয়ান কৰি যোৱা প্ৰতিজন যুগনায়কৰ কৰ্মৰাজিৰ দ্বাৰা তেওঁ অনুপ্ৰাণিত। তেওঁৰ জীৱনৰ একমাত্ৰ সাহ আছিল তেওঁৰ শান দিয়া তৰোৱালসদৃশ কলমটো। সেই কলমটোৰেই তেওঁ নিজকে সংবাদ জগতখনত অপ্ৰতিদ্বন্দ্বীৰূপে গঢ়ি তুলিছিল। যাৰ ফলত তেওঁৰ আদৰ্শ তথা দৃষ্টিভংগীৰ ঘোৰ বিৰোধিতা কৰাসকলেও তেওঁৰ অকাট্য যুক্তিৰ ওচৰত ধাৰাশায়ী হৈ পৰিছিল।

কি আছিল সেই আদৰ্শ অথবা দৃষ্টিভংগী? এটা জাতিক বিশ্বায়নৰ কোবাল সোঁতৰ মাজতো থৰক-বৰক নোহোৱাকৈ থিয় হৈ থকাৰ সাহস-উদ্দীপনা যোগোৱাৰ আদৰ্শ। আৱেগৰ উচ্ছ্বাসত উটি-ভাহি নোযোৱাকৈ প্ৰগতিশীল চিন্তাৰে কেনেকৈ বিশ্ব জয় কৰিব পাৰি, অথবা এজন 'ভাল অসমীয়া' হৈও কেনেকৈ এজন 'ভাল ভাৰতীয়' হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰি- সেয়াই আছিল তিলক হাজৰিকাদেৱৰ আদৰ্শ আৰু দৃষ্টিভংগী। নিশ্চিতভাৱেই তেওঁ সেই আদৰ্শ জ্যোতিপ্ৰসাদ আগৰৱালা, হেম বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাসৰ দৰে মহান বিপ্লৱী পুৰুষৰ পৰা আহৰণ কৰিছিল। শংকৰ-আজানৰ এই অসমভূমিক বহিৰাগতৰ ৰূপত অহা শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা বচাবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।

অসমীয়াই কোন বাটেৰে খোজ দিব লাগিব- সেই বিষয়ে তেওঁৰ প্ৰতিটো সম্পাদকীয়ই আমাক এক অভিন্ন বাৰ্তা দি গৈছে। সেয়ে আজি তাৰ পুনৰ মূল্যায়ন জৰুৰী হৈ পৰিছে। জাতিৰ দুৰ্দিনত নবতিপৰ বয়সতো সাহস আৰু আত্মপ্ৰত্যয়েৰে একমাত্ৰ নিজৰ কলমটোৰে আমাৰ সকলোকে দিক নিৰ্দেশনা দি যোৱা এইগৰাকী মহীৰূহৰ মৃত্যু দিৱসৰ সোঁৱৰণত আমি তেওঁলৈ শ্ৰদ্ধাৰ্ঘ নিবেদিছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in