সীমাৰ ভাগ-বাটোৱাৰা

সীমাৰ ভাগ-বাটোৱাৰা

বৰ অসম বিভাজিত হৈ সাংবিধানিক প্ৰক্ৰিয়াৰেই নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্রদেশ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় ৰাজ্য গঠন হয় যদিও 'সাতভনী'ৰ অভিধাৰে জনাজাত উত্তৰ-পূবৰ এই ৰাজ্যকেইখনৰ মাজত পাৰস্পৰিক সীমা বিবাদ দীর্ঘদিনীয়া। নতুন নতুন ৰাজ্য গঠনৰ লগে লগে ভৱিষ্যতে কোনো ওজৰ-আপত্তি বা বিবাদ গা কৰি নুঠিবলৈ ইয়াৰ সীমা স্পষ্ট ৰূপত সুৰক্ষিত কৰি ৰখাটো কাৰ্যপালিকাৰ দায়িত্ব। কিন্তু অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সীমা যেন কেৱল মানচিত্ৰতহে ৰৈছেগৈ। বাস্তব ক্ষেত্ৰত সীমাৰেখা বা সীমাৰ খুঁটাৰ সুৰক্ষাৰ প্ৰতি কোনো প্রশাসনিক তৎপৰতা নথকাৰ বাবেই অসমৰ সীমা সমস্যাই বছৰ বছৰ ধৰি সীমান্তবাসীক জীয়াতু ভোগাই আহিছে।

সীমান্তত সঘনে সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা। ৰাজ্যিক সীমাৰ বিবাদে অশান্তি বিয়পোৱাই নহয়, উন্নয়ন প্রক্রিয়াতো ব্যাঘাত জন্মায়। গতিকে সীমা সমস্যাৰ স্থায়ী সমাধান সময়ৰে আহ্বান। অৱশেষত দিয়া আৰু লোৱা' নীতিৰ আধাৰত অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তি কৰিব খোজা হৈছে বুলি চৰকাৰে দাবী কৰিছে। সেইমৰ্মে তিনি আঞ্চলিক সমিতিৰ অনুমোদনৰ ভিত্তিত অসম মেঘালয়ৰ মুখ্যমন্ত্ৰী পৰ্যায়কে ধৰি বহু আলোচনা-বিলোচনাৰ অন্তত বিবদমান ১২ টা এলেকাৰ ৬ টাৰ ক্ষেত্ৰত সমাধান সূত্ৰ উলিয়াইছে।

অৱশ্যে এই সূত্ৰ কিমানদূৰ সফলকাম হয়, সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব। অসম চৰকাৰে ইয়াক 'দিয়া আৰু লোৱা ব্যৱস্থা বুলি সন্তুষ্টি লভিছে যদিও চৰ্চা হোৱা মতে হাহিম, পিলিংকাটা গিজাং, বকলাপাৰা, তাৰাবাৰী আৰু ৰাতাচেৰাৰ বিবদমান ৩৬.৭৯ বর্গকিলোমিটাৰ ভূমিৰ প্ৰায় আধা অংশ অর্থাৎ ১৮.২৮ বর্গকিলোমিটাৰ মেঘালয়ক গতাইহে দিব। অসমৰ দখলত থাকিব কেৱল ১৮:৫১ বর্গকিলোমিটাৰ। ইতিমধ্যে উভয় ৰাজ্যৰ কেবিনেটে এই সমাধান সূত্রত অনুমোদন জনোৱাৰ পিচত দুই মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছে।

আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ যিহেতু কেন্দ্ৰীয় চৰকাৰৰ বিষয়, সেয়ে কেন্দ্রই ছীল-মোহৰ মৰাৰ পিচতেই চূড়ান্ত ৰূপ ল'ব। মন কৰিবলগীয়া যে অসম চৰকাৰে ৬ টা এলেকাৰ বিবাদ নিষ্পত্তিৰ বিষয়টো কেবিনেটত গ্ৰহণ কৰাৰ আগদিনা মুখ্যমন্ত্ৰীয়ে সর্বদলীয় আৰু ছাত্র সংগঠনেৰে নিয়মমাফিক বৈঠকো অনুষ্ঠিত কৰে। সেই বৈঠকত বিৰোধী নেতা আৰু ছাত্ৰ প্রতিনিধিসকলে দিয়া বক্তব্যলৈ কর্ণপাত নকৰি ততাতৈয়াকৈ কেবিনেটত অনুমোদন কৰাই বিষয়টো দিল্লীলৈ প্ৰেৰণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো স্বাভাবিক।

বিবদমান এলেকাৰ গঞাৰ মতামত লোৱাৰ পিচতহে বিষয়টো চূড়ান্ত কৰিব লাগে বুলি বিৰোধী তথা ছাত্র নেতাসকলে দাবী জনাইছিল। এতিয়া চৰকাৰৰ ৰাজনৈতিক সিদ্ধান্তই এলেকাকেইটাত বসবাস কৰা লোকসকলৰ মনতো গভীৰ সন্দেহ-শংকাৰসৃষ্টি কৰিছে। দিছপুৰৰ গাতে লাগি থকা পিলিংকাটাবাসীৰ মাজতে হাহাকাৰ লাগিছে। অসমীয়া বসতিপ্রধান অঞ্চল কোনো কাৰণতে মেঘালয়ক গতাই দিয়াটো নামানে বুলি ৰাইজে হুংকাৰো দিছে। এই অঞ্চলত মেঘালয়ৰ আগ্ৰাসন সম্পর্কে বহু আগতেই ৰাইজে অসমৰ প্ৰশাসনক অৱগত কৰি আহিছিল। কিন্তু প্ৰশাসনৰ অমনোযোগ তথা শিথিলতাৰ বাবে ক্ৰমে পৰিস্থিতি জটিল হৈ পৰে।

এতিয়া বিবদমান এলেকাৰ নামত অসমৰ ভূমি এৰি দিবলগা হোৱাটো জাতি-মাটি-ভেটি ৰক্ষাৰ অংগীকাৰ কৰা চৰকাৰৰ লজ্জাজনক আত্মসমর্পণ বুলি স্থানীয় ৰাইজে ক্ষোভ উজাৰা পৰিলক্ষিত হৈছে। বাকীকেইটা এলেকাতো আগ্ৰাসনৰ ইতিহাস একেই। স্থানীয় ৰাইজে ওজৰ-আপত্তি কৰি আহিলেও অসমৰ প্ৰশাসনে কাণসাৰ দিয়া নাছিল। চৰকাৰে নতুন নিষ্পত্তি সূত্র কাৰ্যকৰী কৰিবলৈ যোৱাৰ পূৰ্বে এই অঞ্চলবাসীৰ ক্ষোভ-বেদনাকো বিবেচনালৈ অনা উচিত হ'ব। এই কথাৰো আশংকা নোহোৱা নহয় যে দাবী কৰা এলেকা নিৰ্বিবাদে এৰি দিয়া দেখি ভৱিষ্যতেও চুবুৰীয়া ৰাজ্যৰ লোকৰ অসমৰ ভূমিত আগ্রাসনৰ চেষ্টা অব্যাহত থাকিব।

গতিকে নতুনকৈ নিৰ্ধাৰিত সীমা যাতে অক্ষুণ্ণ থাকে, তাৰ প্ৰতি ৰাজ্য চৰকাৰে সদা সতর্ক দৃষ্টি ৰাখিব লাগিব। বহু সময়ত নিজৰ ৰাজ্যৰ প্ৰশাসনৰ বৈষম্য অথবা উপেক্ষা অৱহেলাৰ বাবেও সীমান্তৰ গঞা ক্ষুব্ধ হৈ সা-সুবিধা বিচাৰি চুবুৰীয়া ৰাজ্যৰ শৰণাপন্ন হোৱা দেখা যায়। সীমা সুৰক্ষিত কৰি ৰাখিব খুজিলে অসম চৰকাৰে এই দিশটোৰ প্ৰতিও গুৰুত্ব দি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মেঘালয়ৰ সমাধান সূত্র সফলভাৱে কাৰ্যকৰী হ'লেহে নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সৈতেও দীৰ্ঘদিন ধৰি চলি অহা অসমৰ সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত ইতিবাচক প্রভাৱ পৰিব বুলি আশা কৰিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in