অসুৰটো নমৰিল

অসুৰটো নমৰিল

নিজৰ বেয়াখিনিক হত্যা কৰি ভালখিনিক জীয়াই ৰখাৰ চেষ্টা চলাবলৈ গৌতম বুদ্ধই আজীৱন শিক্ষা দি গৈছিল। সেইবাবেই বুদ্ধৰ বাণী মানৱ জীৱনৰ পাথেয় হৈ আহিছে। পিছে সেই বাণী হাতে-কামে প্ৰয়োগ নকৰাটোহে মানুহৰ জীৱনৰ অপাথেয় চিন্তা হিচাপে বিবেচিত হৈছে। তেওঁৰ হেজাৰটা বাণীৰ মাজত বুদ্ধই কৈছিল- হেজাৰখন যুদ্ধত জয়ী হোৱাতকৈ নিজৰ ওপৰত বিজয় সাব্যস্ত কৰা উচিত।

তেতিয়া সেই বিজয় হ'ব কেৱল নিজৰ। এই বিজয় তোমাৰ পৰা অসুৰেও কাঢ়ি নিব নোৱাৰে। এই যে অসুৰটো, সেইটো তেতিয়াও আছিল আৰু এতিয়াও আছে। কলিংগৰ যুদ্ধই অশোকৰ ভিতৰত থকা অসুৰটোকো হত্যা কৰিছিল। অসুৰটোক কিন্তু সকলোৱে মাৰিব নোৱাৰে। দছেৰাত ভাৰতবৰ্ষৰ বুকুত কিমানবোৰ ৰাৱণ বধ নোৱাৰে। দছেৰাত ভাৰতবৰ্ষৰ বুকুত কিমানবাৰ ৰাৱণ বধ কৰা হ'ল, কিমানবাৰ ৰাৱণ দাহ কৰা হ'ল তাৰ লেখ-জোখ নাই।

সত্ৰবোৰত কিমানবাৰ অসুৰ বধৰ ভাওনা অনুষ্ঠিত হ'ল  তাৰো কোনো হিচাপ নাই। তথাপি দেখোন অসুৰৰ বিনাশ নাই। মানুহৰ সমাজত নিত্যনতুন ৰূপত অসুৰৰ আৱিৰ্ভাৱ হৈয়েই আছে। আমি দেৱী পূজাত গুৰুত্ব দিওঁ। কালী, দুৰ্গা, লক্ষ্মী, সৰস্বতী, মনসা সকলোবোৰেই দেৱী। মৃণ্ময়ৰ দেৱীক আমি যিমান উন্মাদনাৰে পূজা কৰো, তাতকৈ অধিক উন্মাদনাৰে তেজ-মঙহৰ দেৱীক বিবস্ত্ৰ কৰো। দৰাচলতে দেৱী দুৰ্গাৰ সৈতে থকা অসুৰটোকো যেতিয়ালৈকে পূজা-অৰ্চনা কৰি থকা হয়, তেতিয়ালৈকে মানুহৰ ভিতৰত থকা অসুৰটোক বধ কৰা অসম্ভৱ।

দুৰ্গা প্ৰতিমাৰ পূজা বুলি ক'লেও আমি জ্ঞাতে-অজ্ঞাতে কিন্তু দেৱীৰ কাষতে থকা অসুৰটোকো পূজা কৰি আহিছো। সেইবাবেই অসুৰৰ মৃত্যু নাই। কোনোবাই উচিত অৰ্থতে কৈছিল- অসুৰটো আজিও জীয়াই আছে বাবেই কেতিয়াবা গৰ্ভৰ দেৱীক, কেতিয়াবা গৃহিণীৰূপী দেৱীক, কেতিয়াবা পথচাৰী দুৰ্গাক হত্যা-শোষণ কিম্বা বলাৎকাৰ কৰি আছে। এইবোৰৰ পিছত অসুৰৰূপী মানুহেই মাটিৰ প্ৰতিমা সাজি দুৰ্গাৰ পূজা পাতিছে। আচলতে সকলোকে লাগে শোষণৰ এটা মাধ্যম।

বিড়িটো হুপিবলৈ সূতাজাল, চিগাৰেটত সুখ টান দিবলৈ ধপাতৰ মিশ্ৰণখিনিৰ যিদৰে প্ৰয়োজন, দেৱীসকলক যিকোনো প্ৰকাৰে শোষণ কৰিবলৈ এটা মাধ্যম লাগে। সেই মাধ্যমটো বিচাৰি উলিয়ায় আকৌ অসুৰবোৰেই। প্ৰেমত বিঞ্চত হ'লে এচিড ছটিওৱা, যৌতুকত দাবী কৰা ধন নাপালে জ্বলাই দিয়া, কন্যা সন্তানক জাবৰৰ দ'মত পেলাই অহা মানুহবোৰৰ মাজতে থাকে অসুৰবোৰ। এনে অসুৰৰ কেতিয়াও মৰণ নাই। জ্বলাবও নোৱাৰি, বধিবও নোৱাৰি।

২০১১চনত মুক্তিলাভ কৰিছিল 'ডেমনছ নেবাৰ ডাই'  নামৰ ব্ৰিটিছ ছবিখন। চিনেমাখনত এদল কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰে। মানুহে দেখাকৈ সিহঁতে হাঁহি-মাতি থাকে যদিও ভিতৰি ভিতৰি কিন্তু সিহঁত মানসিকভাৱে বিধ্বস্ত হৈ পৰিছে। পিচে আত্মহত্যাৰ বাবে ব্যাকুল ছাত্ৰ-ছাত্ৰীসকলক কোনোবাই এফালৰ পৰা হত্যা কৰি থাকে।

কাহিনীৰ সাৰকথা এনেকুৱা- মৰিব খুজিলেও মৰিবলৈ নিদিয়া আৰু মাৰিব খুজিলেও মাৰিব নোৱৰাৰ নামেই অসুৰ। দশমীৰ বিষণ্ণ সন্ধ্যা দেৱীৰ সৈতে অসুৰক কিমানবাৰ বিসৰ্জন দিয়া হ'ল, তথাপি দেখোন অসুৰবোৰ জীয়াই আছে। সমাজ ব্যৱস্থাক উঁইপোকৰ দৰে কুটি কুটি খোৱা, ধৰ্ম-সম্প্ৰদায়ৰ নামত ৰক্তপাত ঘটোৱা, দুৰ্নীতিৰে অৰ্থনীতিক কাঙাল কৰাসকলৰ মাজতে লুকাই থাকে অসুৰ। সেইবাবে অসুৰটোৰ কেতিয়াও মৃত্যু নহয়। এইবাৰো অসুৰটো নমৰিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in