কৃষকৰ ক্ষোভ

কৃষকৰ ক্ষোভ

শাসকীয় দলবোৰৰ বাবে খেতিয়কৰ ভোট লাভ কৰাটো যে এতিয়া দেশত সহজসাধ্য হৈ থকা নাই, সেই কথা ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ বা ঘোষণাপত্ৰৰ দ্বাৰাই প্ৰতীয়মান হৈছে। ছত্তীশগড়ত ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্যখনৰ খেতিয়কক ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টল ২,১০০ টকালৈ দিয়া হ'ব আৰু তিনিশ টকা পৰ্যন্ত বোনাছো আদায় দিয়া হ'ব। এইবাৰৰ নিৰ্বাচনী ঘোষণাপত্ৰতো বিজেপিয়ে একেখিনি কথাকে আওৰাইছে। কিন্তু যোৱাবাৰৰ প্ৰতিশ্ৰুতিবোৰ কিয় পূৰণ কৰা নহ'ল, তাৰ কোনো উত্তৰ বিজেপিৰ ঘোষণাপত্ৰত নাই।

উল্লেখ্য যে ধান উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ছত্তীশগড় আগস্থানত আছে। এতিয়া বিলাহী, নহৰু আদি খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰতো ৰাজ্যখনৰ খেতিয়কসকলে অভিলেখ স্থাপন কৰিবলৈ ওলাইছে। পিচে বিগত ১৫ বছৰ একেৰাহে বিজেপিৰ শাসন চলা ছত্তীশগড়ত ক্ষুদ্ৰ আৰু মধ্যমীয়া খেতিয়কৰ বাবে শীতল ভঁৰাল নাই। ৰাজ্যখনৰ ভূমিহীন-দৰিদ্ৰ খেতিয়কৰ দুৰৱস্থাই চৰম সীমা অতিক্ৰম কৰিছে। ছত্তীশগড়ৰ প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ বাবে বিশেষকৈ খনি উদ্যোগ স্থাপনৰ বাবে বহুজাতিক গোষ্ঠীবোৰে চৰকাৰৰ সৈতে যোৱা সময়ছোৱাত এক অশুভ বুজাবুজি সম্পন্ন কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যখনৰ আদিবাসী অধ্যূষিত দুৰ্গম অঞ্চলবোৰতো এতিয়া বহুজাতিক কোম্পানীবোৰ গৈ খননকাৰ্য চলোৱাৰ নামত প্ৰতিযোগিতাত নামি পৰিছে। কিন্তু তাৰ দৰিদ্ৰ জনসাধাৰণ আৰ্থ-সামাজিক উন্নয়নৰ বিষয়টো অৱহেলিত হৈ ৰৈছে। ফলত সেই অঞ্চলবোৰতে সশস্ত্ৰ মাওবাদী সংগঠনবোৰে চৰকাৰবিৰোধী কাম-কাজৰ দ্বাৰা বলবৎ ৰাখিবলৈ সক্ষম হৈছে। সেইবোৰ অঞ্চলত নক্সালপন্থীৰ কাৰ্যকলাপ ৰোধ কৰাৰ নামত সৰ্বসাধাৰণ লোকক ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি কৰা হৈছে যদিও এই সমস্যাৰ সমাধান হোৱা নাই। বৰ্তমানৰ শাসক দল বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নক্সালপন্থীসকলক উৎসাহ যোগোৱাৰ অভিযোগ আনিছে।

কিন্তু দেখা গৈছে যে ছত্তীশগড়, মধ্যপ্ৰদেশ আদি ৰাজ্যত যোৱা সময়ছোৱাত কংগ্ৰেছৰে কেইবাগৰাকী নেতাৰ মাওবাদী উগ্ৰপন্থীৰ হাতত মৃত্যু হৈছে। এই সমস্যাৰ গুৰিতে অৰ্থনৈতিক অনগ্ৰসৰতা আৰু চৰকাৰৰ কৰ্প'ৰেট নিৰ্ভৰ অৰ্থনীতিয়ে ক্ৰিয়া কৰিছে যদিও শাসক পক্ষই ইয়াক অৱজ্ঞা কৰি আহিছে। দুদিন আগতে প্ৰখ্যাত সমাজকৰ্মী ড০ যোগিন্দৰ যাদৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা নিউজ চেনেলত কৈছে যে কেৱল ছত্তীশগড়তে নহয়, সামগ্ৰিকভাৱে দেশৰ পূৰ্বাঞ্চলতে আজিলৈকে বজাৰ বা 'মণ্ডী' নাই। অথচ পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যত সেই ব্যৱস্থা আছে, য'ত কৃষকৰ উৎপাদিত সামগ্ৰী পাইকাৰী হাৰত বিক্ৰীৰ এক সুব্যৱস্থা গঢ়ি তোলা হৈছে।

কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি কৃষিজাত সামগ্ৰীৰ বজাৰমূল্য নিৰীক্ষণৰ বাবে 'ই-নাম' শীৰ্ষক এক ইণ্টাৰনেট ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু ছত্তীশগড়ৰ দৰে ৰাজ্যৰ সাধাৰণ খেতিয়কৰ বাবে এই ব্যৱস্থা শিশুৰ পুতলাসদৃশ হৈ পৰিছে বুলিও যাদৱে মন্তব্য কৰিছে। প্ৰকৃত সত্যটো হ'ল- দেশৰ নিচেই কমসংখ্যক ৰাজ্যৰ বাহিৰে অন্য ৰাজ্যবোৰত চৰকাৰে কৃষকৰ পৰা কৃষিজাত সামগ্ৰী ক্ৰয় কৰাৰ কোনো ব্যৱস্থাই নাই। কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি বিভিন্ন খাদ্যশস্যৰ ন্যূনতম সমৰ্থন মূল্য ঘোষণা কৰিছে যদিও কাৰ্যক্ষেত্ৰত কৃষকে সেই মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।

দৰাচলতে কৃষকৰ সমস্যা বা নিবনুৱাৰ সংস্থাপনৰ দৰে মূল বিষয়বোৰ এতিয়াও দেশৰ নিৰ্বাচনত মুখ্য ইছ্যু হোৱাৰ পৰিবেশ সৃষ্টি হোৱা নাই। তাৰ পৰিৱৰ্তে হিন্দু-মুছলমান অথবা জাত-পাতকেন্দ্ৰিক ইছ্যুবোৰকহে নিৰ্বাচনত শাসকীয় দলবোৰে প্ৰক্ষেপ কৰে, যাতে প্ৰকৃত সমস্যাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই ৰাখি অৰ্থহীন আৱেগসৰ্বস্ব ৰাজনীতি কৰাৰ পথ প্ৰশস্ত হৈ পৰে। কিন্তু এই ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কৃষকৰ সমস্যাই বিধানসভা নিৰ্বাচক প্ৰভাৱিত কৰিব বুলি ৰাজনৈতিক বিশ্লেষণসকলে মত পোষণ কৰিছে। এতিয়ালৈকে ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপিৰ দলীয় নিৰ্বাচনী ইস্তাহাৰত কৃষকৰ বাবে বহু চমকপ্ৰদ আঁচনি লোৱা হৈছে।

মধ্যপ্ৰদেশতো দুয়ো দলৰ নিৰ্বাচনী ইস্তাহাৰত কৃষিজাত সামগ্ৰীৰ ন্যূনতম সামগ্ৰীৰ মূল্য অধিক হাৰত আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। কিন্তু তিনিওখন ৰাজ্যতে জনসাধাৰণে কৃষকক দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে শাসকপক্ষক জবাবদিহি কৰিছে। ৰাজস্থানত এতিয়ালৈকে কংগ্ৰেছ-বিজেপিয়ে নিৰ্বাচনী ঘোষণাপত্ৰ প্ৰকাশ কৰা নাই। আজি ছত্তীশগড়ত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ'ব।

ৰাজ্যখনত প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ সময়তে মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামত ৰাজনৈতিক দলবোৰৰ প্ৰচাৰে ক্ষিপ্ৰ গতি লৈছে। ইফালে অহা ১৯ আৰু ৩০ নবেম্বৰত মুম্বাইত পূৰ্বৰ দৰে পুনৰ কৃষকৰ লংমাৰ্চৰ লেখীয়া প্ৰতিবাদ অনুষ্ঠিত হ'ব বুলি খবৰ ওলাইছে। অৰ্থাৎ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলি থাকোতে দেশৰ ব্যৱসায়িক চহৰখন কৃষকৰ প্ৰতিবাদত উত্তাল হৈ পৰিব। এইদৰে বিভিন্ন প্ৰান্তত চলি থকা কৃষকৰ ধাৰাবাহিক প্ৰতিবাদে চৰকাৰৰ ব্যৰ্থতাকে উদঙাই দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in