কালপুৰুষ

কালপুৰুষ

ভালক ভাল বুলি ক'বই লাগিব। সেইদৰে বেয়াক বেয়া নুবুলি অন্য উপায় নাথাকে। নিৰ্বাচনৰ আগলৈ যিবোৰ মানুহক কাল বুলি আঙুলিয়াই থকা হৈছিল, নিৰ্বাচনৰ ফলাফলে তেওঁলোকক ভাল কৰি পেলালে। ভাল আৰু কাল দুয়োটাই কিন্তু স্বতঃস্ফূৰ্ত সিদ্ধান্ত নহয়। যেতিয়া সমুখৰ পৰিস্থিতিয়ে সমাজত ইতিবাচক পৰিৱেশ ৰচনা কৰে, তেতিয়া বুজা উচিত যে ফলাফল সেই পৰিৱেশৰ আধাৰতে ৰচিত হ'ব। সেই সময়ত ভালৰ কথা নকৈ কালৰ কথা ক'লে বিপদ বাঢ়ে।

বিৰোধী দলবোৰে এইবাৰ সেই পৰিৱেশ অনুধাৱন কৰিব নোৱাৰিলে। বিৰোধীৰ আসনত বহাৰ যি সন্মান তাকো এই নুবুজাৰ দোষতে অৰ্জন কৰিব নোৱাৰিলে। প্ৰয়োজনীয় ৫৫ আসনৰ লক্ষ্যত এইবাৰো উপনীত হ'ব নোৱাৰিলে বিৰোধী। কিবা এটা অৰ্জন অৰ্জুনৰ 'নিচান'ৰ দৰে। লক্ষ্য সঠিক নহ'লে চালে-বেৰে কোবাই একো অৰ্জন কৰিব নোৱাৰি। বুৰঞ্জীৰ পৃষ্ঠাত সদায় বীৰৰ কাহিনীয়ে স্থান পায়। কাপুৰুষ সদায় নিন্দনীয়। কাপুৰুষ কেতিয়াও কালপুৰুষ হ'ব নোৱাৰে। বুৰঞ্জী কপুনৰ নিৰ্মাণ নহয়। বুৰঞ্জীৰ পাঠক সংযোজনহে কৰিব পাৰে।

আচলতে আমাৰ সমাজত কালপুৰুষেই সকলো ভৱিষ্যদ্বাণী কৰাৰ দৰেই কথাবোৰ। জীৱনৰ অমিয়া লুকাই থাকে প্ৰাপ্তিৰ মাজত। সেই প্ৰাপ্তিকো একবিংশ শতিকাত 'হাই টেক' প্ৰচাৰ আৰু ক্ষমতাৰ বলত নিজৰ ফলীয়া কৰিব পাৰি। পৃথিৱীত যিসকল ব্যক্তিয়ে নিজৰ সময়ছোৱাত কালপুৰুষৰ চৰিত্ৰ ৰূপায়ণ কৰি গৈছে সেই আটাইবোৰ আছিল বাক্ পটু। নিজক প্ৰচাৰৰ বাবে ৰাখিছিল প্ৰ'পাগাণ্ডা মিনিষ্টাৰ। যিসকলে কালপুৰুষৰ হুকুমনামা অৱজ্ঞা কৰিছিল তেওঁলোকক বহতীয়া আৰু আজ্ঞাবাহীসকলে হত্যা কৰিছিল।

কালপুৰুষৰ কৰ্মকাণ্ডৰ বুৰঞ্জীৰ নপঢ়াকৈ কেৱল সোঁৱৰাই দিলেই যথেষ্ট। ব্যক্তি কেতিয়া উদ্ধত হয়? সাধাৰণ উদাহৰণ এটা এনেকুৱা- এজন মানুহ বহুদিন ভোকত আছিল। পকেটত ফুটাকড়িও নাছিল। এদিন মানুহজনৰ হাতলৈ ঐশ্বৰ্য-বিভূতি সকলো আহিল। মানুহজনে কি কৰিব? উত্তৰটো সহজ।

কিন্তু কোনেও নকয় সেইজন মানুহে ঐশ্বৰ্য-বিভূতি পায়ো সমাজৰ মাত্ৰ এজন হ'লেও দৰিদ্ৰক ধনী কৰাৰ সংকল্প কিয় নল'লে। কালপুৰুষ হোৱা কঠিন কাম। যিসকলে হৈছে তেওঁলোকে কিন্তু অৰ্জনৰ অৰ্জুনৰ নিচানডাল ঠিকেই পোনাব পাৰিছে। ইতিহাসৰ পৃষ্ঠাত এনে এজন কালপুৰুষৰ খালী ঠাই পূৰোৱাৰ অপেক্ষা আৰম্ভ হৈছে। কোনেও কিন্তু গমকে নাপাব। কাৰণ সমাজ বা সামাজিকক সুধি কোনেও বুৰঞ্জী নিলিখে।

বেতনি-পিটনি

বেতনিত ঔ পৰিল বাসুদেৱায় নমঃ। এই কথাষাৰ শুনাৰ পিচত বহুজনে বলে নোৱৰা শিলক পৰি নমস্কাৰ কৰিব আহিছে। পিনটিত খোৱা বস্তু পৰিল বুলি তাৰ পৰা তুলি আনি নোখোৱা মানুহ নথকা নহয়। বেতনিত ঔ পৰিল বুলি সেইটোও তুলি অনা মানুহ ওলাব। যিসকলে পাৰে তেওঁলোকেই বেতনি-পিটনিৰ কাঠিন্যলৈ কেৰেপ নকৰে।

কেৰালাৰ কোচি জিলাৰ আলুভা অঞ্চলৰ কাহিনী এটাক উদাহৰণ হিচাপে ল'ব পাৰি। আলুভা অঞ্চলৰ মাজেৰে যোৱা পকী পথ এটাৰ কাষতে এটুকুৰা মুকলি ঠাই আছিল। আচলতে ঠাইখন আগতে খেতিপথৰ আছিল। কিন্তু লাহে লাহে ঠাইখন ৰাইজৰ আৱৰ্জনা পেলোৱা বিশাল মুক্ত ডাষ্টবিনলৈ পৰ্যবসিত হ'ল। এদিন উক্ত ঠাইখন চকুত পৰিল সোতৰজন যুৱকৰ।

তাৰ পিচত আৰম্ভ হ'ল ঠাইখন কিদৰে আৱৰ্জনাৰ পৰা মুক্ত কৰি সেউজ ভূমি কৰিব পাৰি। প্ৰায় তিনি বছৰ ধৰি সেই ৫০ একৰ মাটিক এখন সেউজীয়া পথাৰ কৰাৰ প্ৰচেষ্টাৰে ১৭জন যুৱকে সহায়-পৰামৰ্শ ল'লে কৃষি বিভাগ আৰু কৃষি বিজ্ঞানীৰ। এতিয়া সেই ৫০ একৰ মাটিত যুৱককেইজনে 'চুৰ্নিক্কাৰা' নামৰ নতুন প্ৰজাতিৰ ধান সিঁচি পৰিৱেশ চালে চকুৰোৱা কৰিছে।

পথাৰৰ কাষতে নিৰ্মাণ কৰি দিছে এখন পাৰ্ক। যাতে 'ৰৈ যোা বাটৰুৱা পৰাণ জুৰাই যোৱা' বুলি স্বগতোক্তি কৰিব পাৰি। এই কাহিনীটো কোৱাৰ কাৰণ দুটা। এক- ছ'চিয়েল মিডিয়াত বিপ্লৱৰ পোষ্ট দিয়াসকলে এনেদৰে আৱৰ্জনাৰ মাজত মুকুতাৰ সন্ধান কৰক। দুই- গুৱাহাটীৰ ৰাজধানী নাৰ্ছাৰীৰ সেই কুখ্যা পৌৰ নিগমৰ আৱৰ্জনা নিষ্কাশন কেন্দ্ৰটোৰ ঠাইত পাৰিলে ফুলনি, নোৱাৰিলে গছপুলি কেইটামান ৰুই দিয়ক।

অভিজাত জু-ৰোডক জহুদলৈ পৰ্যবসিত কৰিছে এই জাৱৰভৰ্তি কেন্দ্ৰটোৱে। অকল এইখিনি ঠাইৰ কথাই নহয়, চকু ফুৰালে এনে বহু ঠাই ওলাব, য'ত যাবৰ জ্ঞান আৰু নিবনুৱাক সংস্থাপন দিয়াৰ বহু বাট ওলাব। কৃষি বিভাগতো এনে দক্ষতা বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ কৰক। তেতিয়াহে বেতনি-পিটনি বুলি কোনেও নাক কোঁচোৱাৰ চেষ্টা নকৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in