হিংসাৰ পথ নল’ব

হিংসাৰ পথ নল’ব

ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ গণতান্ত্ৰিকভাৱে ৰাজপথলৈ ওলাই আহি জাতিধ্বংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰা অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে দেশৰ ইতিহাসত এক নজিৰ সৃষ্টি কৰিছে। কেৱল ভাষা-সংস্কৃতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতে নহয়, অসমৰ জাতীয় দল-সংগঠনে দেশৰ সাংবিধানিক মৰ্যাদাৰ প্ৰতি আহি পৰা প্ৰত্যাহ্বানৰো মুখামুখি হৈছে। সংবিধানৰ মূল বৈশিষ্ট্যৰ ওপৰত আঘাত হানি ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিবলৈ ওলোৱা কেন্দ্ৰীয় চৰকাৰৰ এই ষড়যন্ত্ৰ বিৰুদ্ধে ইতিমধ্যে শাসকপক্ষৰ অন্তৰ্গত দলবোৰে পলমকৈ হ'লেও সোচ্চাৰ হৈ পৰিছে।

কিন্তু অসমৰ ৰাইজৰ এই জনজাগৰণক সংঘ পৰিয়ালে সাম্প্ৰদায়িক ৰূপ দিবলৈ পৰিকল্পিতভাৱে অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে। অথচ হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ প্ৰতিবাদত ৰাজ্যত সচেতন বাঙালী সমাজেও সম্প্ৰতি সক্ৰিয় ভূমিকা লোৱা দেখা গৈছে। আমি পূৰ্বৰে পৰা উনুকিয়াই আহিছো যে প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা অহা অবৈধ বিদেশীয়ে ৰাজ্যৰ থলুৱা বাঙালী সমাজৰো ক্ষতি কৰিব । ধৰ্ম যিয়েই নহওঁক কিয়, বিদেশী বিদেশীয়েই।

এইক্ষেত্ৰত মানৱাধিকাৰ আৰু নাগৰিকত্ব- এই বিষয় দুটা সম্পূৰ্ণ পৃথক। অসমৰ বাঙালী লোকে বাংলাদেশৰ হিন্দু অথবা মুছলমান অনুপ্ৰৱেশকাৰীৰ নাগৰিকত্ব আৰু সংস্থাপনৰ জৰিয়তে কোনোপধ্যেই লাভান্বিত নহয়। আজি অসমীয়া থলুৱা জনসাধাৰণে যিবোৰ বিষয় লৈ অস্তিত্বৰ সংকটত ভুগিছে, তাক তেওঁলোকেও অনুধাৱন কৰা উচিত। অসমৰ ভূ-ৰাজনৈতিক ইতিহাস তথা জনবিন্যাসৰ বৈচিত্ৰ্যই হ'ল সংঘ পৰিয়াল অথবা বৰ্তমানৰ শাসক পক্ষৰ হিন্দুত্ববাদী ৰাজনীতিৰ মূল প্ৰতিবন্ধক।

অসমীয়াই হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ বিৰুদ্ধে মাত মাতিলেই হিন্দুত্ববাদীসকলে 'মিঞা' অথবা বংগীয় মূলৰ 'ন-অসমীয়া'ৰ কথা কৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিব পাৰে। কিন্তু সেই ৰাজনীতিয়ে অসমীয়াক বিচলিত নকৰে। অসমীয়া ভাষা-সংস্কৃতিত জাহ যোৱা বংগীয় মূলৰ 'ন-অসমীয়া'সকলক প্ৰৰোচিত কৰিলেই হিন্দু বাংলাদেশীৰ নাগৰিকত্ব প্ৰশ্নটোৱে অসমীয়া জনমানসত বৈধতা নাপায়। 'ন-অসমীয়া' অভিধাটো আমি নতুনকৈ উপস্থাপন কৰা নাই।

জ্যোতিপ্ৰসাদে তাহানিতে তেওঁলোকক 'ন-অসমীয়া' বুলি আদৰি লৈছিল। অসমীয়াৰ সংস্কৃতি-ঐতিহ্যক লৈ দেশৰ হিন্দুত্ববাদীসলে শিকিবলগীয়া বহু কথা আছে। যিগৰাকী জ্যোতিপ্ৰসাদে বংগীয় মূলৰ অভিভাষী সম্প্ৰদায়ক 'ন-অসমীয়া' আখ্যা দিছিল, তেওঁ নিজেই আছিল প্ৰব্ৰজিত সম্প্ৰদায়ৰ। অথচ তেঁৱেই অসমীয়া জাতীয় সংস্কৃতিৰ পুৰোধা। গতিকে মিঞা, মৈমনসিঙীয়া অবিহনে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া যেনেকৈ সম্পূৰ্ণ নহয়, তেনেকৈ অসমত যুগ যুগ ধৰি বসবাস কৰা অন্য জাতি-ধৰ্ম-ভাষাৰ লোকসকলো জাতিটোৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে।

অসম চুক্তিৰ সময়সীমাক লৈ অসমত যি জাতীয় সহমত গঠন হৈছে, তাৰ আঁৰৰ যুক্তিসংগত কাৰকবোৰক কোনোপধ্যেই অগ্ৰাহ্য কৰিব নোৱাৰি। ১৯৭১চনৰ ২৫ মাৰ্চৰ আগতে আহি অসমত সংস্থাপন লোৱা মিছা, বাঙালী, নেপালী, হিন্দু-মুছলমান সকলো বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্ভুক্ত। আজি আৰএছ এছে ক'লে বুলিলেই যিদৰে অসমীয়াই পঞ্চাশ লাখ 'মিঞা'ৰ লগত সংঘাতত লিপ্ত হ'ব নোৱাৰে, সেইদৰে অসমীয়া-বাঙালীৰ মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্কয়ো অসমৰ বিকাশৰ পথ নিৰূপণ নকৰে।

অসমীয়া জাতি হিন্দুও নহয়, মুছলমানো নহয়। ই বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম-ভাষাৰ লোকেৰে সংমিশ্ৰিত এটা মহাজাতি। ধৰ্মক লৈ কাহানিও ক'তো জাতি গঠন হোৱাৰ দৃষ্টান্ত নাই। অথচ এইটো কথাকে বাৰে বাৰে বিভ্ৰান্তিকৰভাৱে অসমীয়াৰ জনমানসত সুমুৱাই দিব বিচাৰিছে হিন্দুত্ববাদী শাসক গোষ্ঠীয়ে। তেওঁলোকৰ এটাই লক্ষ্য- অসমত পৰৱৰ্তী সময়ত যি দলেই চৰকাৰ গঠন নকৰক কিয়, অসমীয়া বহুত্ববাদী সমাজখনত সাম্প্ৰদায়িকতাৰ বীজ এনেদৰে ৰোপণ কৰিব যাতে প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি কোনেও নিস্তাৰ নাপায়।

সম্প্ৰতি দেশৰ হিন্দু জনবসতিপ্ৰধান ৰাজ্যবোৰতে ক্ৰমান্বয়ে অপ্ৰাসংগিক হ'বলৈ ধৰা মূল শাসক দলটোৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে দৰাচলতে অসমত ত্ৰিপুৰা তথা কাশ্মীৰসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে। কিন্তু এই চক্ৰান্ত কেতিয়াও সফল নহয়, যদিহে অসমীয়াই সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে জাতীয় সংগ্ৰামৰ পথত অগ্ৰসৰ হয়। যোৱা বুধবাৰে ৰাজ্যত সংঘটিতদুটা ভিন্ন ঘটনাৰ পৰা প্ৰতিবাদী জাতীয় দল-সংগঠনবোৰে কিছু শিকনি ল'ব পাৰে।

প্ৰথমটো ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত। প্ৰতিবাদকাৰীয়ে ক'লা পতাকা দেখুৱাই বিজেপিৰ স্থানীয় সভাপতি এজনক খেদি খেদি প্ৰহাৰ কৰিছে। দ্বিতীয়টো ঘটনা হ'ল- হিন্দু বাংলাদেশীক সংস্থাপনৰ প্ৰতিবাদত অসম আন্দোলনৰ ছহিদ পৰিয়ালে চৰকাৰক ছহিদ স্মাৰক ওভতাই দিছে। আমি ভাবো-প্ৰথণটো ঘটনাই শেষত গৈ শাসক গোষ্ঠীকে উপকৃত কৰিব। কাৰণ আন্দোলনকাৰী ৰাইজে হিংসাত্মক পন্থা অৱলম্বন কৰিলেই নতুন দিল্লীৰ শাসকে তাক বিপথে পৰিচালিত কৰিব পাৰিব।

আন্দোলনৰ নেতৃত্বক কাঠগৰাত থিয় কৰাব পাৰিব। কিন্তু যেতিয়া ছহিদ পৰিয়ালে চৰকাৰে দিয়া সন্মান ওভতাই দিয়ে, তেতিয়া জাতীয় সংগ্ৰামৰ যুক্তি প্ৰতিপন্ন হ'ব। সেয়েহে এই মুহূৰ্তত অসমৰ সংগ্ৰামী জনসাধাৰণে এই কথা উলবদ্ধি কৰিব পাৰিব লাগিব- কোনবোৰ বিষয়ে আমাৰ সংগ্ৰামৰ ন্যায্যতা প্ৰতিষ্ঠা কৰিব। সাম্প্ৰদায়িকতা, হিংসা-বিদ্বেষৰ ৰাজনীতিয়ে যাতে অসমীয়াৰ জাতীয় সংগ্ৰাম কলুষিত কৰিব নোৱাৰে, তাৰ প্ৰতি সকলো সময়তে জনসাধাৰণ সচেষ্ট থকাৰ প্ৰয়োজন এতিয়া সৰ্বাধিক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in