প্ৰতাৰক মুখ্যমন্ত্ৰী

প্ৰতাৰক মুখ্যমন্ত্ৰী

অৱশেষত মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ আপাত নিৰীহ অভিব্যক্তিৰ গণ্ডীৰ পৰা ওলাই আহি অসমীয়া মানুহক কা চৰম প্ৰতাৰণাৰ মূৰ্ত প্ৰকাশ ঘটিল। এক অৰ্থত তেওঁৰ স্বৰূপ প্ৰকাশ পালে। নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হোৱা জনজাগৰণক নিৰ্বাচনকেন্দ্ৰিক প্ৰতিবাদ আখ্যা দি মুখ্যমন্ত্ৰী সোণোৱালে ইমানদিনে পিন্ধি থকা তেওঁৰ মুখাখন লাজ লগাকৈ খুলি দিলে। এসময়ত সংবাদ মাধ্যমৰ সম্পাদসকলক মাতি নি পৰামৰ্শ বিচৰা এইজন মুখ্যমন্ত্ৰীয়েই জাতিৰ সন্ধিক্ষণত কংগ্ৰেছ আৰু বাওঁপন্থীক জগৰীয়া কৰি নিজকে নতুন দিল্লীৰ শাসকীয় ৰাজনীতিৰ যোগ্য প্ৰতিনিধি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দ্বিধাবোধ নকৰিলে।

ধৰ্মৰ নামত অসমীয়া জাতিৰ মাজত বিভাজন সৃষ্টি কৰি হিন্দুত্ববাদী ৰাজনীতিৰ উদ্যোক্তাসকলৰ সুৰতে সুৰ মিলাই সোণোৱালেও নগাঁৱৰ ভোগালী উৎসৱত এই কথা স্পষ্ট কৰিলে যে তেওঁ 'জাতিৰ নায়ক' নহয়, 'নাগপুৰ'ৰহে পৃষ্ঠপোষক। অথচ এইজন মুখ্যমন্ত্ৰীয়ে ইমানদিনে অসমৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা কোনো কাম নকৰে বুলি কৈ জাতীয় শক্তিবোৰক দোধোৰ-মোধোৰত ৰাখিছিল। বেছিভাগ জাতীয় নেতাই ভাবিছিল- শেষত মুখ্যমন্ত্ৰীয়ে জাতিৰ হকে কিবা এটা সিদ্ধান্ত লয়েই কিজানিবা! কিন্তু সকলোৰে আশা-প্ৰত্যাশাক নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ অসমীয়া শংকিত হোৱাৰ কোনো কাৰণ নাই। অৰ্থাৎ ইমানখিনি হোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহ বাহিনীৰ শ্ৰুতলিপিকে আখৰে আখৰে পালন কৰিলে।

অসমৰ ছাত্ৰ-নাগৰিক সমাজকে ধৰি সৰ্বসাধাৰণ ৰাইজে সবলভাৱে উত্থাপন কৰা মূল বিষয়টোৱেই তেওঁ অস্বীকাৰ কৰিলে। ৰাজ্যৰ প্ৰধান আঞ্চলিক দলটোৱে যিটো প্ৰশ্নক লৈ চৰকাৰৰ পৰা ওলাই আহিছে, দল-মত নিৰ্বিশেষে সকলোৱে বিধেয়কখনত জাতিধ্বংসী  আখ্যা দিছে, আনকি শাসকীয় পক্ষৰো কেইবাজনো বিধায়কে বিধেয়কখনৰ বিৰুদ্ধে অৱস্থান লৈছে, সেই সময়ত মুখ্যমন্ত্ৰীয়ে কৌশলপূৰ্ণভাৱে সদৌ অসম ছাত্ৰ সন্থাক একাষৰীয়া কৰি আন সকলোবোৰকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁৰ মতে বাওঁপন্থী আৰু কংগ্ৰেছেহে অসমীয়াক বিপথে পৰিচালিত কৰিছে।

মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে যে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকল কংগ্ৰেছ অথবা বাওঁপন্থী। অসমৰ জনসাধাৰণৰ মাজত এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিব- মুখ্যমন্ত্ৰী সোণোৱালৰ জাতীয়তাবাদী চৰিত্ৰটোৱেই ভুৱা নেকিয জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সংগঠিত সৰ্বস্তৰৰ প্ৰতিবাদক সম্পূৰ্ণৰূপে উলাই কৰিব বিচৰা মুখ্যমন্ত্ৰীয়ে নিজকে সৰ্বকালৰ প্ৰতাৰক মুখ্যমন্ত্ৰী হিচাপে পৰিচয় দি বিচাৰিছে নেকি? জাতীয় প্ৰশ্নত অতি কঠোৰ দৃষ্টিভংগী পোষণ কৰি কৰি এসময়ত 'গণশত্ৰু'ৰ আখ্যা পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়ায়ো আনকি দুটাকৈ কাৰ্যকাল শেষ কৰিছিল।

তাৰ পিচৰ পৰ্যায়ত জনসাধাৰণক দুৰ্নীতি-ভ্ৰষ্টাচাৰত নিমজ্জিত কৰি ৰাখি হ'লেও তৰুণ গগৈয়েও তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। কিন্তু জাতীয় নায়কৰ অভিধাৰে বিভূষিত সৰ্বানন্দ সোণোৱালে আঢ়ৈটা বছৰতে জাতিৰ খলনায়ক হ'বলৈ ওলাইছে। এয়াও কংগ্ৰেছ আৰু বাওঁপন্থীৰ বাবেহে নেকিয নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা সৰ্বাত্মক প্ৰতিবাদক বাওঁপন্থী আৰু কংগ্ৰেছৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰতিবাদ বুলি কোৱা মুখ্যমন্ত্ৰীজনৰ হাতত সমিধান নিশ্চয় নাই। প্ৰশ্ন হয়- তেওঁ কোনখন অসমৰ কথা ক'বলৈ বিচাৰিছে? এইজন মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা 'এডভাণ্টেজ আছাম'ৰ কৃপাতে অসমৰ কাগজ কল দুটা বন্ধ হ'ল। শিক্ষা খণ্ড ৰসাতলে গ'ল। ৰাজহুৱা খণ্ডৰ তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণো তেওঁৰ দিনতে সম্পন্ন হ'ল।

এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মা, হেমাংগ বিশ্বাস, কেশৱ মহন্তকে আদি কৰি বাওঁপন্থীসকলে গঢ়ি যোৱা অসমখনক মুখ্যমন্ত্ৰী সোণোৱালে বাওঁপন্থীমুক্ত কৰিব বিচাৰিছে। যদিহে বাওঁপন্থীয়ে এই আন্দোলনৰ উদ্যোগ লৈছে, তেন্তে তাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে তেওঁলোকক ধন্যবাদহে জ্ঞাপন কৰিব লাগিছিল। কাৰণ আই এম ডি টি আইন বাতিলৰ হকে সৰ্বোচ্চ ন্যায়ালয়ত অহোপুৰুষাৰ্থে কৰা সোণোৱালে নিশ্চয় এখন বিদেশীমুক্ত অসমেই নিৰ্মাণ কৰিব বিচাৰিছিল।

মুখ্যমন্ত্ৰীয়ে এই কথাটো নজনা নহয় যে বিধায়কখনৰ বিৰুদ্ধে হোৱা আন্দোলনৰ মূল উদ্দেশ্যই হৈছে প্ৰকৃত বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰা। কথা ক'ল- দিল্লীৰ নিৰ্দেশত ওভতগোৰে নচা তেওঁৰ অনুচৰবৰ্গৰ ৰাজনৈতিক চতুৰালিক লৈ জনসাধাৰণৰ অকণো সন্দেহ নাই। কিন্তু সততে সততা, নিষ্ঠাৰ ভাও দিয়া মুখ্যমন্ত্ৰীৰ প্ৰতাৰণাইহে অসমীয়াক শংকিত কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in