সংসদত মোডী

সংসদত মোডী

গণতন্ত্ৰত বিৰোধীৰ শক্তিশালী ভূমিকা অনিবাৰ্য্য আৰু সংসদত বিপক্ষৰ প্ৰতিটো শব্দই মূল্যৱান বুলি ঘোষমা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে সংসদৰ বাজেট অধিবেশনৰ প্ৰথমটো দিনতে তেওঁৰ ৰাজনৈতিক বুদ্ধিমত্তা আৰু বাকপটুতাৰ পৰিচয় দাঙি ধৰিলে। মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতে কালি সংসদৰ বাজেটৰ অধিবেশন আৰম্ভ হৈছে। প্ৰায় চল্লিশ দিন ধৰি চলিব লগা এই অধিবেশনমতে আগত বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেট উত্থাপন কৰা হ'ব।

তাৰ আগতে অৰ্থনৈতিক সমীক্ষাও চৰকাৰৰ ফালৰ পৰা সদনত দাখিল কৰা হ'ব। তদুপৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক এইবাৰৰ সংসদত শাসক পক্ষই উত্থাপন কৰিব। মোডী চৰকাৰৰ বিগত কাৰ্যকালত গৃহীত নোহোৱা কেইবাখনো বিধেয়ক চৰকাৰে এইবাৰ পুনৰ সংসদত উত্থাপন কৰাৰ সম্বাৱনা আছে। ইয়াৰে ভিতৰত মহিলা সংৰক্ষণ, তিনি তালাক সম্পৰ্কীয় বিধেয়ক অথবা 'কেব'ৰ দৰে বহুচৰ্চিত বিধেয়কৰ প্ৰসংগ আহি পৰিব।

তাৎপৰ্যপূৰ্ণভাৱে যোৱা বাৰতকৈ অধিক আসনত বিজয়ী হৈ মোডী চৰকাৰৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন ঘটিছে যদিও ৰাজ্যসভাত এতিয়াও শাসক পক্ষৰ সংখ্যাগৰিষ্ঠতা নাই। সেইবাবেই সদ্যহতে অনন্তঃ চৰকাৰে সংসদত বিৰোধীক সহজতে নস্যাৎ কৰিব নোৱাৰে। সংসদীয় গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিও সেয়েহে প্ৰধানমন্ত্ৰী মোডীয়ে সংসদত সামুহিক চিন্তাৰ বিষয়টোও কৌশলপূৰ্ণভাৱে দোহাৰিছে।

আমি ধাৰণা কৰিছো যে বিগত পাঁচ বছৰীয়া শাসন কাৰ্যৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ সংসদীয় কাম-কাজ সম্পৰ্কীয় অনুভৱ বাঢ়িছে। যাৰ ফলশ্ৰুতিত তেওঁ সংসদত প্ৰাণৱন্ত বিতৰ্ক আৰু ৰচনাত্মক চিন্তা-চৰ্চাৰে প্ৰতিজন সাংসদে নিজৰ দায়িত্ব পালন কৰিব বুলি আশা ব্যক্তও কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে যদিহে সুস্থ পৰিৱেশত চৰকাৰৰ কাম-কাজৰ সমালোচনাও হয়, তেন্তে সপ্তদশ লোকসভাত তাৰ দ্বাৰা ইতিবাচক চিন্তাই নতুন শক্তি লাভ কৰিব।

তেওঁ প্ৰতিপক্ষক আসনৰ সংখ্যাৰ কথা পাহৰি সংসদত সক্ৰিয় হৱাৰ আহ্বান জনাইছে। ই নিতান্তই ইতিবাচক চিন্তা। কিন্তু প্ৰধানমন্ত্ৰীৰ এই ধৰণৰ বক্তব্যৰ মৰ্ম সংসদীয় গুণ-গৰিমাতে আবদ্ধ থকা নাই, বৰং তাৰ জৰিয়তে দুৰ্বল বিৰোধীৰ প্ৰতি তেওঁৰ এক ধৰণৰ 'সহমৰ্মিতা'ও প্ৰকাশ পাইছে। কিন্তু প্ৰশ্ন হৈছে- এইবাৰ সংসদত বিৰোধীয়ে পৰাজয়ৰ গ্লানি পাহৰি শাসকৰ সৈতে বিতৰ্ক আলোচনাত অংশ ল'বলৈ সাজুনে? কথা হ'ল, এতিয়ালৈকে বিৰোধীক সংসদত নেতৃত্ব কোনে দিব, সেয়াও আনকি স্পষ্ট হোৱা নাই।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচত আজিলৈকে বিৰোধী দলবোৰৰ মাজত এখনো আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হোৱা নাই। চলিত অধিবেশনত বিৰোধীয়ে দেশৰ জ্বলন্ত সমস্যাৰাজিক লৈ চৰকাৰক জবাবদিহি কৰাৰ শক্তি গোটাব পাৰিব নে নাই সেয়াহে বিচাৰ্যৰ বিষয় হৈ পৰিছে। ইফালে যোৱা সময়চোৱাত মোডী চৰকাৰে সংসদত বিধেয়ক গৃহীত কৰাৰ পৰিবৰ্তে অধ্যাদেশ জাৰি কৰাক লৈহে অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছিল।

যোৱা এবছৰত দহখনকৈ বিধেয়ক গৃহীত কৰাৰ সময়ত কেন্দ্ৰই চাৰিখনকৈ অধ্যাদেশ জাৰি কৰি বিৰোধীৰ সংসদীয় ভূমিকাক নস্যাৎ কৰিছিল। এইবাৰ সংসদত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা, নিৰ্বাচনী সংস্কাৰ, নিবনুৱাৰ সমস্যা বা কৃষি খণ্ডৰ দুৰাৱস্থাক লৈ বিৰোধীয়ে সংসদত ইতিবাচক বিতৰ্ক কৰাৰ কথা তৃণমূল কংগ্ৰেছৰ নেতাই ঘোষণা কৰিছে। কিন্তু বিৰোধীৰ কৰ্মসূচী সম্পৰ্কে এতিয়াও সংবাদমাধ্যমত সবিশেষ চৰ্চা হোৱা নাই। দৰাচলতে বিৰোধীয়ে সংসদত ইতিবাচক ভূমিকা ল'লে শাসক পক্ষই অধ্যাদেশ অনাৰ সুৰুঙা নাথাকিব। সংসদৰ বাজেট অধিবেশনৰ আৰম্ভণিতে এইবোৰ কথা বিৰোধীয়ে অনুধাৱন কৰা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in