প্ৰত্যাহ্বানৰ সমুখত মুখ্যমন্ত্ৰী

প্ৰত্যাহ্বানৰ সমুখত মুখ্যমন্ত্ৰী

এখন শুদ্ধ আৰু সম্পূৰ্ণ এন আৰ চিৰ পক্ষত অসমৰ দল-সংগঠন নিৰ্বিশেষে যি জাতীয় সহমতৰ সৃষ্টি হৈছে, তাৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্যখনৰ জাতীয় শিবিৰ ঐক্যবদ্ধ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। জাতীয়তাবাদী শক্তিবোৰে এই সুযোগ গ্ৰহণ কৰি বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত চামিল হ'ব পাৰিলেহে তাৰ এক সুদূৰ প্ৰসাৰী ফলাফল ওলাব। অবৈধ বিদেশীৰ প্ৰশ্নটোৰ গণতান্ত্ৰিক সমাধানৰ ক্ষেত্ৰত এন আৰ চিয়ে মূল চালিকা শক্তিৰ ভূমিকা ল'ব।

বিগত কেইবাদশক ধৰি অসমৰ জাতি-জনগোষ্ঠীৰ মাজত আত্মপৰিচয়কেন্দ্ৰিক যি শংকা-সংশয়ৰ বাতাৱৰণে ক্ৰিয়া কৰি আহিছে, তাৰ বাস্তৱসন্মত সমাধান সূত্ৰে এন আৰ চিৰ জৰিয়েতেহে ওলাব। এনে এটা প্ৰেক্ষাপটতে অসমৰ জাতীয় শিবিৰে অসম বিৰোধী চক্ৰৰ সকলো ধৰণৰ চক্ৰান্ত মষিমূৰ কৰি এন আৰ চিৰ পক্ষে দৃঢ়মত পোষণ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে অসম চুক্তিৰ সফল ৰূপায়ণৰ দিশটোও ইয়াৰ সৈতে জড়িত হৈ আছে বাবেই জাতীয় শিবিৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিছে।

যদিহে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন আইনত পৰিণত হয়, তেন্তে এন আৰ চিৰ উন্নীতকৰণ আৰু অসম চুক্তিৰ কোনো অৰ্থই নাথাকিব। তেনেস্থলত 'জাতীয় নায়ক' তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত এই বিধেয়কখন আইনত পৰিণত কৰিবলৈ বদ্ধপৰিকৰ বুলি যি সিদ্ধান্ত লোৱা হ'ল, তাৰ পৰিণতি কি হ'ব? ইফালে অসমীয়াৰ জাতীয় অস্তিত্ব বিপন্ন কৰিবলৈ ওলোৱা এই বিধেয়কখনৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ স্থিতিয়েও সমগ্ৰ বিষয়টোকে চৰম অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে।

অসমৰ জনসাধাৰণৰ বাবে এয়া নিশ্চিতভাৱে এক জটিল সন্ধিক্ষণৰ সময়।এন আৰ চি উন্নীতকৰণৰ দীঘলীয়া পৰিক্ৰমাৰ অন্তিম পৰ্যায়ত নতুন দিল্লী আকৌ অসম বিৰোধী স্থিতিত অৱতীৰ্ণ হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্য চৰকাৰখনত মুখ্য ভূমিকা পালন কৰা অগপৰ জাতীয়তাবাদী নেতাসকলৰ সন্মুখত সম্প্ৰতি তীব্ৰ প্ৰত্যাহ্বান আহি পৰিছে। তেওঁলোকে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অসমত বসবাস কৰা ভাৰতীয় নাগৰিক তথা 'বৈধ অসমবাসী'ৰ পক্ষত থিয় দি জাতীয় সমস্যা সমাধানৰ বাট মুকলি কৰিব নে নতুন দিল্লীৰ বিভাজনমুখী ৰাজনীতিৰ পাকচক্ৰত ভৰি দিব, সেই বিষয়ে স্পষ্ট সিদ্ধান্ত ল'ব লাগিব।

দৰাচলতে মুখ্যমন্ত্ৰী সোণোৱালৰ সন্মুখতে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সম্পৰ্কে কাৰ্যনিৰ্বাহকত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সম্পৰ্কে লোৱা সিদ্ধান্তটোৰ ৰাজনৈতিক তাৎপৰ্য আছে। সেয়া হ'ল- বিজেপি-আৰএছএছ নিয়ন্ত্ৰিত চৰকাৰত থাকিলেও সোণোৱালৰ এটা জাতীয় পৰিচয় আছে। ভাষিক জাতীয়তাবাদৰ পটভূমিত থিয় হৈয়েই তেওঁ জাতীয় নায়কৰ মৰ্যাদা পাবলৈ সক্ষম হৈছে।

মুখ্যমন্ত্ৰী সোণোৱালক সন্মুখত ৰাখি এই ধৰণৰ প্ৰস্তাৱ লৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই আচলতে তেওঁৰ জাতীয়তাবাদী চৰিত্ৰৰো অগ্নিপৰীক্ষা ল'ব বিচাৰিছে। নতুন দিল্লীৰ ধাৰণা যিহেতু এইক্ষেত্ৰত এতিয়ালৈকে সোণোৱালৰ প্ৰতিক্ৰিয়া নাই, তাৰ অৰ্থ হ'ল- এই মুহূৰ্তত অন্ততঃ শাসকীয় শক্তিৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰাৰো দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই আনুষ্ঠানিক মান্যতা দিছে যদিও নতুন দিল্লীয়ে জানে যে তেওঁ এজন কঠোৰ পন্থী জাতীয়তাবাদী নেতা। অৱশ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰয়োজনত ৰাজ্যৰ অন্য নেতাকো সন্মুখলৈ অনাৰ প্ৰচেষ্টা চলাব।

প্ৰশ্ন হয়- এনে এক লবীকেন্দ্ৰিক ৰাজনীতি আৰু অসম বিৰোধী ষড়যন্ত্ৰ ওফৰাই মুখ্যমন্ত্ৰীয়ে শেষত গৈ অসম আৰু অসমীয়াৰ পক্ষে থিয় দিব পাৰিবনে? অগপ বা সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয়তাবাদী শক্তিয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত যিমানেই চৰকাৰবিৰোধী স্থিতি নলওঁক কিয়, মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে সংঘাতলৈ যোৱাৰ ইচ্ছা নাই। আচলতে মুখ্যমন্ত্ৰীৰ সমুখত এক জটিলল প্ৰত্যাহ্বান। ক্ষমতাই যদি মূৰত ধৰা নাই মুখ্যমন্ত্ৰী সোণোৱালে জাতিৰ পক্ষেই স্থিতি ল'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in