পূজাৰ বতৰৰ চিন্তা

পূজাৰ বতৰৰ চিন্তা

শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ আন্দোলনে সৃষ্টি কৰা জনজাগৰণৰ ফলতে অসমত তাহানি দুৰ্গা পূজাৰ বিশেষ পয়োভৰ নাছিল যদিও সম্প্ৰতি ই আমাৰ ৰাজ্যতো সাৰ্বজনীন উৎসৱৰ লেখীয়া হৈ পৰিছে। কালক্ৰমত দুৰ্গোৎসৱৰ সাৰ্বজননীতা বৃদ্ধি পাইছে। চুবুৰীয়া ৰাজ্যৰ পশ্চিমবংগৰ দৰে অসমতো দুৰ্গা পূজা ধৰ্মীয় তথা আধ্যাত্মিকতাৰ পৰিধি অতিক্ৰম কৰি সৰ্বসাধাৰণ ৰাইজৰ উৎসৱত পৰিণত হৈছে।

অৱশ্যে কেৱল দুৰ্গা পূজাই নহয়, বিগত কিছু বছৰ ধৰি অসমত উৎসৱ-পাৰ্বণত ব্যাপকতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এফালৰ পৰা চাবলৈ গ'লে সমাজত ইয়াৰ নেতিবাচক আৰু ইতিবাচক- দুই ধৰণৰ প্ৰভাৱ পৰিছে। উৎসৱমুখৰ পৰিবেশতে মানুহৰ মাজত সম্প্ৰীতি বাঢ়ে। ঐক্য-সংগিতৰ বীজ ৰোপিত হয়।

ভাতৃত্ববোধৰ বন্ধ কপকপীয়া হয়। আনন্দ-উলাহৰ মাজতে সকলোৱে ভেদাভেদ পৰিহাৰ কৰি সমাজক গতিশীলতা প্ৰদান কৰে। এনেয়েও দুৰ্গোৎসৱৰ এক বিশেষ তাৎপৰ্য আছে। অন্যায়-অনীতি আৰু দুষ্কৃতিৰ বিৰুদ্ধে জাগ্ৰত হোৱা শক্তিৰূপী নাৰীক মহীয়সীৰ ৰূপত দুৰ্গা দেৱীৰ আধ্যাত্মিক কল্পনা কৰা হৈছে। দেৱী দুৰ্গাই অন্যায়ৰ প্ৰতিভূস্বৰূপ মহিষাসুৰক বধ কৰি সমাজলৈ ন্যায়ৰ বাৰ্তা প্ৰেৰণ কৰিছে। সেই ফালৰ পৰা ভাৰতীয় সনাতনী সংস্কৃতিত নাৰীক দেৱী দুৰ্গাৰ লগত তুলনা কৰা হয়।

দুৰ্গা পূজাৰ মাংগলিক কৰ্মৰ জৰিয়তে দেৱীক আৰাধনা কৰি ভক্ত সমাজে নাৰীৰ মহত্ত্বকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস চলাই আহিছে। কিন্তু দুৰ্গা পূজাৰ এই আধ্যাত্মিক চিন্তা-চেতনাৰ চৰ্চা লাহে লাহে কমি আহিছে। তাৰ পৰা ফালৰি কাটি আহি এতিয়া পূজাক কেৱল পণ্য সামগ্ৰীৰ বজাৰ তথা বজাৰ অৰ্থনীতিৰ সৈতে সাঙোৰ হৈছে।

কোনে কিমান লাখটকীয়া পেণ্ডেল সাজি দুৰ্গা আৰাধনা কৰিব তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চলিছে বিগত কেইবছৰমানৰ ভিতৰতে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে দুৰ্গা পূজাৰ নামত বহুজাতিক প্ৰতিষ্ঠানবোৰে দেখ দেখকৈ এক বৃহৎ বজাৰ গঢ়ি তুলিছে। জনসাধাৰণো ইয়াৰ লগত সংপৃক্ত হৈ পৰিছে ঠিকেই, কিন্তু কথা হ'ল- ভোগবাদৰ প্ৰতিযোগিতাত দৰিদ্ৰ-নিছলা ৰাইজ কিমান দূৰলৈ তিষ্ঠি থাকিব পাৰিব? ইফালে শাসকগোষ্ঠীৰ চূড়ান্ত উদাসীনতাৰ ফলতে দেশৰ অৰ্থনীতি ইতিমধ্যে বৃহৎ কৰ্প'ৰেটৰ হাতত বন্দী হৈ পৰিছে। জীৱনৰ নিৰাপত্তা আৰু জীৱিকাৰ অনিশ্চয়তাই সাধাৰণ শ্ৰমজীৱী লোকৰ দুৰ্দশা বঢ়াই তুলিছে।

চৰকাৰে সকলো ধৰণৰ দায়-দায়িত্বৰ পৰা হাত সাৰিবৰ বাবে দেশৰ সম্পদ এপদ এপদকৈ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিছে। এনে পৰিস্থিতিত উৎসৱ-আনন্দ, পূজা-পাৰ্বণেও জনসাধাৰণৰ নিস্তাৰ দিব নোৱাৰে। অসমৰ দৰে ৰাজ্যতো এতিয়া আৰম্ভ হৈছে তথাকথিত উদ্যোগীকৰণৰ লীলা খেলা। গাঁৱৰ কৃষকৰ কৃষিভূমি সংকুচিত কৰি নগৰীকৰণৰ জাল তৰা হৈছে। কৃষকে কৃষি কাৰ্যৰ পৰা আজৰি হৈ উৎসৱত ভাগ লোৱাৰ অৱকাশেই নাই। বৰং ওচৰৰ উদ্যোগ কাৰখানাৰ পৰা দুঘন্টা ছুটী লৈহে গাঁৱৰ দুৰ্গা পূজাস্থলীত কোনোমতে উপস্থিত হৈছেগৈ।

পূজাৰ কেইদিন তেওঁলোকে সকলো সমস্যাৰ কথা পাহৰি থাকিব পাৰিব। কিন্তু তাৰ পিছতেই কঠোৰ জীৱন সংগ্ৰামত কোনোবাটো কাৰখানাৰ শ্ৰমিক হিচাপে অথবা চহৰৰ বিগ শ্বপিং মলৰ ঠিকাভিত্তিক চাকৰিত দেহেকেহে খাটি পৰিয়াল চলাব লাগিব। ইফালে পূজাৰ বজাৰত মাহৰ সমস্ত আয়খিনিৰ তলি উদং হোৱা নিম্নবিত্ত-দৰিদ্ৰই পিচলৈ হা-হুতাহ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।

মুঠতে উৎসৱ-পাৰ্বণতো জনসাধাৰণৰ ওপৰত বিভিন্ন প্ৰকাৰে বহুজাতিক গোষ্ঠীৰ শোষণ চলিছে, যাৰ সৰ্বাত্মক ৰূপ দুৰ্গা পূজাৰ দিনকেইটাত প্ৰত্যক্ষ কৰা হৈছে। তাৰ মাজতো দুৰ্গোৎসৱৰ পবিত্ৰতাই মানুহৰ মনৰ কলুষতা আঁতৰাই এক অমলিন সমাজ জীৱন যাপন কৰাত সহায়ক হ'ব বুলি আমি আশাৰে বাট চাই ৰৈছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in