তেজৰ ফাকু খেল

তেজৰ ফাকু খেল

মণিপুৰৰ চূড়াচান্দপুৰ জিলাত দেওবাৰে উগ্ৰপন্থীৰ এক ভয়াৱহ আক্ৰমণত কর্নেল বিপ্লব ত্রিপাঠীসহ পাঁচজনকৈ অসম ৰাইফল্‌ছৰ জোৱানে প্রাণ হেৰুওৱাৰ লগতে কর্নেলগৰাকীৰ পত্নী আৰু আঠ বছৰীয়া পুত্ৰয়ো মৃত্যুবৰণ কৰিব লগা হোৱা ঘটনাই মানবীয় অনুভূতি সম্পন্ন প্রতিগৰাকী ব্যক্তিকে হতচকিত কৰি তুলিছে। মৃত্যু এনেয়েই হৃদয়বিদাৰক, তেনেস্থলত এনেধৰণৰ অপঘাত মৃত্যুৰ ঘটনাবিলাকে নির্দিষ্ট পৰিয়ালবিলাককে নহয় যিকোনো হৃদয়বান মানুহৰ অন্তৰত কেনে আঘাত দিয়ে, সেয়া কেৱল অনুভৱহে কৰিব পাৰি, বৰ্ণনা অসম্ভৱ। বিপ্লব ত্ৰিপাঠীৰ পৰিয়ালটো তথা অন্য পাঁচজন নিহত জোৱানৰ ক্ষেত্ৰতো একে অৱস্থা হৈছে। এওঁলোকক নির্মমভাৱে বোমা বিস্ফোৰণ আৰু গুলীবৰ্ষণেৰে হত্যা কৰা হ'ল এইবাবেই যে তেওঁলোক অসম ৰাইফলছৰ জোৱান আছিল।

পেটৰ দায়ত কিম্বা দেশসেৱাৰ অদম্য তাগিদাত জোৱানৰ পেছাক আদৰি লোৱাটোৱেই তেওঁলোকৰ অপৰাধ যেনেকৈ স্বাধীনতা কিম্বা স্বাধিকাৰৰ সপোন লৈ সশস্ত্র সংগ্ৰামৰ ক্ষেত্ৰখনত নামি পৰা বহু সম্ভাৱনাপূর্ণ যুৱক যুৱতীৰ অকাল আৰু অনর্থক মৃত্যুৱে বেদনা দিয়ে, তেনেকৈয়ে দুটা পক্ষৰ অবুজ সংঘাতৰ মাজত বিৰিণাৰ দৰে অৱস্থা হোৱা ৰাষ্ট্ৰবাহিনীৰ জোৱান সন্তানৰ অনাকাংক্ষিত মৃত্যুৱেও সকলোকে একেই মনোকষ্ট দিয়ে। অসমসহ উত্তৰ-পূবৰ যোৱা চাৰিটা দশকত এনেকুৱাই হৈ আছে। উগ্রপন্থী হৈ বা জোৱান হৈ হেজাৰ হেজাৰজনে প্রাণ হেৰুওৱাৰ উপৰি উগ্ৰপন্থীৰ কূটাঘাতে জীৱন কাঢ়ি নিছে অজস্ৰজনৰ, পংগুও হৈছে বহুত। অন্য কিমান ক্ষয়-ক্ষতি হৈছে, তাৰ সীমা-সংখ্যা নাই।

সশস্ত্র সংগঠনবিলাকে তেওঁলোকৰ সংগ্ৰামৰ সমৰ্থনত বহু যুক্তি দিয়ে, কিন্তু তেওঁলোকৰ এই জনসম্পৰ্কবিহীন সংগ্ৰামৰ নামত যেতিয়া নির্দোষী-সৎ-সম্ভাৱনাপূর্ণ মানুহে জীৱন হেৰুৱাবলগীয়া হয়, তেতিয়া হ'লে তাক জিঘাংসা বা হঠকাৰিতাৰূপে অভিহিত কৰিবলৈ সাধাৰণ মানুহ বাধ্য হয়। কর্নেল বিপ্লৱ ত্ৰিপাঠীৰ ক্ষেত্ৰতো মানুহৰ মনত হোৱা প্ৰতিক্ৰিয়া তেনেকুৱাই। বিপ্লৱৰ ককাক আছিল স্বাধীনতা সংগ্রামী তথা সংবিধান সভাৰ সদস্য, প্রাক্তন সাংসদ, দেউতাক সমাজকর্মী, মাক আছিল অধ্যাপিকা। দেশৰ বাবে তথা জন্মভূমিৰ বাবে সেই পৰিয়ালটোৰ অৱদান অপৰিসীম। সেই পৰিয়ালৰ সন্তান হৈ দেশসেৱাৰ বাসনাৰে ভাৰতীয় সেনা বাহিনীত যোগদান কৰা বিপ্লৱ ত্ৰিপাঠীৰো অন্তৰত আছিল সেৱাৰ মনোভাব।

সেইবাবে তেওঁ মণিপুৰৰ স্থানীয় সমাজখনৰ সৈতে মিলিব খুজিছিল, কৰিছিল বহু জনহিতকৰ কাম। দেৱালীৰ সময়ত বৃদ্ধ পিতৃ-মাতৃকো লৈ আনিছিল মণিপুৰৰ কৰ্মস্থলীলৈ। চাকৰিসূত্রে তেওঁ উগ্রপন্থীবিৰোধী অভিযানত জড়িত হৈছিল। লগতে তৰুণ প্রজন্মটোক পংগু কৰি পেলোৱা ড্রাগ্‌ছ সৰবৰাহৰ বিৰুদ্ধে তেওঁৰ নেতৃত্বত চলিছিল অভিযান। তেনে এজন সেনাবিষয়াক উগ্রপন্থীয়ে পত্নী আৰু কণমানি পুত্ৰৰ সৈত নিৰ্মমভাৱে হত্যা কৰি চৰম অমানৱীয়তাৰ নিদৰ্শনতো দাঙি ধৰিলেই, এই ঘটনাই ছত্তীশগড়ৰ সাধাৰণ মানুহকো উত্তৰ-পূবৰ প্ৰতি বেয়া ধাৰণা লবলৈ প্ৰভাৱিত কৰাৰ আশাংকা আছে। এনেধৰণৰ হত্যাই উন্নপন্থীসকলৰ স্বাধীনতাৰ স্বপ্ন পুৰণতো সহায় কৰাৰ মুঠেও সম্ভাবনা নাই।

মৃত্যুৰ পিচত প্রকাশিত কর্নেল ত্ৰিপাঠীৰ পৰিয়ালৰ হাঁহিভৰা ফটোখনে হৃদয়বান লোকক যেনেদৰে ব্যথিত কৰিছে, একেই অৱস্থা হৈছে বাক্সাৰ সুমন স্বর্গীয়াৰীৰ ৩ বছৰীয়া পুত্ৰক বুকুত সাবটি কমবয়সীয়া পত্নীয়ে হিয়াঢাকুৰি কন্দা মৰ্মন্তুদ ৰূপটো দেখিও। ২০১১ চনত আছাম ৰাইফলছত যোগদান কৰা বাক্সাৰ সুমনেও প্রাণ হেৰুৱাইছিল চূড়াচান্দপুৰৰ ঘটনাটোত। মণিপুৰৰ পি এল এ আৰু এম এন পি এফ নামৰ উগ্রপন্থী সংগঠন দুটাই অন্যসকলৰ লগতে সুমনকো নির্দয়ভাৱে হত্যা কৰিছিল পেটৰ তাড়নাত তেওঁ আছাম ৰাইফলছত যোগদান কৰাৰ বাবে। আনহাতে সুমনৰ পিতৃ কনক স্বৰ্গীয়াৰীক চৈধ্য বছৰ আগতে বড়ো জনগোষ্ঠীয় উগ্রপন্থীয়ে দহটাকৈ গুলীৰে থকা-সৰকা কৰি হত্যা কৰিছিল, তেওঁ উগ্রপন্থাৰ বিৰুদ্ধাচৰণ কৰি 'শান্তি কমিটী'ত অংশগ্রহণ কৰাৰ বাবে।

একেটা পৰিয়ালৰ দুটা প্ৰজন্মৰ দুই ব্যক্তিয়ে এনেকৈ দুটা পৃথক পৰিবেশত উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱাবলগা হোৱা কথাই সশস্ত্ৰ সংগ্ৰামৰ নামত চলা জিঘাংসাৰ ছবিখনকে স্পষ্ট কৰি তুলিছে। সেই ইতিহাসকে আজীৱন কঢ়িয়াই ডাঙৰ হ'ব সুমনৰ তিনি বছৰীয়া সন্তানটো। সভ্য সমাজৰ বাবে কম পৰিহাসৰ কথানে! এনেদৰে সশস্ত্র সংগ্ৰাম আৰু সশস্ত্র সংগ্রাম দমনৰ নামত সমান্তৰালভাৱে যিবোৰ ঘটনা ঘটি আছে সেয়া সমাজৰ বাবে মুঠেও গ্রহণযোগ্য নহয়। শান্তিপ্রিয় সমাজৰ দাবী—শীঘ্ৰে বন্ধ হ'ব লাগে সশস্ত্র সংগ্ৰামৰ নামত চলা ৰক্তপাতৰ ফাকু খেল। চৰকাৰে উগ্ৰপন্থী দমনৰ কথা মুখেৰে ক'লেও সদায় উগ্রপন্থীৰ ক্ষেত্ৰত নমনীয়তাহে প্ৰদৰ্শন কৰি অহা দেখা গৈছে। মূলসুঁতিলৈ ঘূৰাই অনাৰ নামত ঘাতক উগ্রপন্থীক ৰাজআতিথ্য প্ৰদান কৰা হৈছে। তথাকথিত অস্ত্র সম্বৰণৰ নাটকেৰে নায়কত পৰিণত কৰিব খোজা হৈছে দুর্ধর্ষ উগ্রপন্থীক। তেওঁলোকৰ হাতত তুলি দিয়া হৈছে ৰাজনৈতিক ক্ষমতাৰ লগতে অর্থ উপাৰ্জনৰ অপর্যাপ্ত সুযোগ, যাৰ বাবে উগ্রপন্থী কমক চাৰি নতুন নতুন উগ্ৰপন্থীৰ সৃষ্টি হৈহে আছে।

উগ্ৰপন্থীৰ গুলী-বোমাত প্ৰাণ হেৰুৱায়ে আছে নির্দোষী-সম্ভাৱনাপূর্ণ লোকে। উগ্রপন্থীৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগী তথা উগ্ৰপন্থীয়ে পোৱা ৰাজকীয় সুযোগ-সুবিধা দেখিয়েই বোধহয় কেইদিনমান পূর্বে তিনিচুকীয়া লখিমপুৰ-ধেমাজি-মৰিগাঁও-মাজুলীৰ পাঁচগৰাকী যুৱতীয়ে আলফা (স্বাধীন)ত যোগদানৰ বাবে ম্যানমাৰলৈ যোৱা ফটো নিজেই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিবলৈ সাহস কৰিছে। এনেবোৰ ঘটনা দেখি সাধাৰণ মানুহৰ মনত প্রশ্ন জাগিছে বন্ধ নহ'ব নেকি তেজৰ এই ফাকু খেল?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in