উন্নয়নৰ ৰূপ

উন্নয়নৰ ৰূপ

পৌৰসভাসমূহৰ নিৰ্বাচন হৈ যোৱা আৰু তাত বিশাল সফলতা লাভ কৰাৰ পিচত গুৱাহাটী পৌৰ নিগমৰ নির্বাচনতো চমকপ্রদ সাফল্য প্ৰদৰ্শনৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত নামি পৰা শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে মহানাগৰিক ভোটাৰৰ সমৰ্থন আদায়ৰ চেষ্টাত অলপো ত্রুটি কৰা নাই। প্রার্থী কিম্বা দলীয় আন বিষয়ববীয়াসকলৰতো কথাই নাই, খোদ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বুথ পৰ্যায়ৰ সকলো কর্মকর্তালৈকে সকলো জঁপিয়াই পৰিছে ৰণক্ষেত্ৰত সকলোৰে মুখত কেৱল উন্নয়নৰ কথা।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে সৌ সিদিনা এলানি নির্বাচনী সভাত ভাষণ দি দাবী কৰিলে— বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ আমোলত যিমান উন্নয়ন হৈছে, তেনে কেতিয়াও হোৱা নাছিল। প্ৰাৰ্থীসকলেও ঘৰে ঘৰে গৈ একেটা সুৰতে কথা কৈছে— জয়লাভ কৰিলে হেনো তেওঁলোকে গুৱাহাটীত উন্নয়নৰ বন্যা নমাৰ। মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা সমাধান কৰিব! সাম্প্ৰতিক সময়ৰ নিৰ্বাচনী প্রেক্ষাপটত অৱশ্যে এনেধৰণৰ কথা বতৰা, আচৰণত অস্বাভাবিকতা নাই।

প্ৰতিশ্ৰুতিৰ পাহাৰেৰে ভোটাৰৰ মাজত চমক সৃষ্টিৰ প্ৰতিযোগিতা চলে, নিৰ্বাচনৰ পিচত ফুটুকাৰ ফেন। কিন্তু পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি উন্নয়নৰ দাবী কৰিলে বা শাসকীয় অন্য মন্ত্ৰী-নেতাৰ মুখতো সততে শুনিবলৈ পোৱা এই দাবীৰ আধাৰ কি? নতুন মেডিকেল কলেজৰ কিছুমান ভৱন? কেইখনমান ফ্লাইঅভাৰ, কিছুমান পথ, কেইখনমান দলং?

জনসাধাৰণৰ ওপৰত নিত্য নতুন কৰ-কাটলৰ বোজা, মূল্যবৃদ্ধিৰ বোজা জাপি দি আহৰণ কৰা বিশাল ধনৰ সামান্য অংশ এটাৰে সম্পন্ন কৰা এনে দুই এটা কামত নতুনত্ব একো নাই। অনুৎপাদনশীল জনমোহনী আঁচনি কিছুমানৰ নামত ৰাজকোষৰ বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাটোকো উন্নয়নৰ চানেকী বুলি নিশ্চয় ক'ব নোৱাৰি। এইবোৰ গতানুগতিক কাম, আগৰ চৰকাৰেও কৰিছিল। এনেকুৱা কিছুমান কামে মুষ্টিমেয় মানুহৰ স্বাৰ্থ পূৰণ কৰিলেও সামগ্রিক বিকাশৰ ক্ষেত্ৰত ইয়াৰ বিশেষ অৱদান দেখা নাযায়।

উন্নয়নৰ ভেক্ষীবাজিৰ আঁৰত থকা পৰিহাসমূলক অধ্যায়বোৰ কিন্তু কৌশলেৰে ঢাকি ৰখা হয়। বৃহত্তৰ গুৱাহাটীৰ চাৰিখন পানী যোগান আঁচনিৰ নামত যোৱা চৈধ্য বছৰে যে কিমান নাটক প্রদর্শন হৈ আছে। জনসাধাৰণক ঢেঁটু চেপা দি অনা বৃহৎ পৰিমাণৰ ধনৰ ব্যয় ঠিকেই হৈছে, কিন্তু মহানগৰবাসীয়ে প্ৰকৃততে পানী পাবনে নাই, সেয়া আজিলৈকে ধূসৰ হৈয়ে আছে।

এইক্ষেত্ৰত চৰকাৰে প্ৰত্যয়জনক একো কথাই কোৱা নাই। ৰাজ্যৰ অন্য প্ৰান্তৰ কথা বাদেই, খোদ মহানগৰীতে বহু পথ এতিয়া বিধ্বস্ত। জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত দুর্বিষহ অবস্থা। তাৰ মাজতে কিছুমান পথৰ মেৰামতি আৰু উন্নীতকৰণ হয়। সেয়াও এক অবুজ সাঁথৰ। কাৰণ বিশাল পৰিমাণৰ ধন ব্যয় কৰি পুনৰ নিৰ্মাণ কৰা তেনে কিছুমান পথ কেইদিনমান পিচতে ভাগি-ছিগি বখলা-বখল হৈ পৰে।

দুর্নীতি-অনিয়মেৰে সজা পথবোৰৰ নামত ব্যয় কৰা ধনৰ সিংহভাগ কাৰ পেৰাত সোমায়, জনসাধাৰণে জনাৰ উপায় নাই। এইখন চৰকাৰৰ উন্নয়নৰ অন্য এক উদাহৰণ কেইবাখনো অভাব্ৰীজ। ব্যয় বিশাল।কিন্তু তাৰে এখন অভাব্ৰীজৰ একাংশ ভাঙি পেলোৱা হৈছে কেইদিনমান পূৰ্বে আদালতৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত। কাৰণ সেই অভাৰব্ৰীজৰ নিৰ্মাণ যথানিয়মেৰে হোৱা নাছিল।

মহানগৰীত সততে দৃশ্যমান হোৱা আন এক ৰহস্যজনক কাণ্ড হ'ল— বহু পৰিমাণৰ ধন-শ্রম ব্যয় কৰি নিৰ্মাণ কৰা পথ একোটা নিৰ্মাণৰ কিছুদিন পিচতে অন্য কোনোবা এটা বিভাগে খান্দি পেলায়। হয় কেৱল পোতে, নহয়বা পাইপ। কামৰ কোনো সমন্বয় নাই। ফলত অপব্যয় হয় ৰাজকোষৰ ধন। উন্নয়নৰ নামত এনে কিছুমান কর্ম-কাণ্ডই ঘটি আহিছে জনসাধাৰণৰ সন্মুখত।

তেনেধৰণৰ 'উন্নয়ন'ৰ ভেটিতে নতুনকৈ উন্নয়নৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই পৌৰ নিগমৰ নিৰ্বাচনৰ যুদ্ধত অৱতীৰ্ণ হোৱা বিজেপিয়ে যিখন ইস্তাহাৰ বা সংকল্পপত্ৰ যোৱা সোমবাৰে প্ৰকাশ কৰিছে, তাত অন্য বহু উন্নয়নৰ প্ৰতিশ্ৰুতিৰ লগতে আছে এটা স্পর্শকাতৰ প্ৰতিশ্ৰুতিও। সেয়া হল পাহাৰ, গো-চৰণীয়া পথাৰত বসবাস কৰাসকলক ভূমিৰ অধিকাৰ দিব বিজেপি নেতৃত্বাধীন চৰকাৰে।

পাহাৰ বা চৰণীয়া পথাৰত বসবাস কৰি থকা মানুহখিনিৰ বাবে এয়া নিশ্চিতভাৱে উলাহৰ বতৰা, কিন্তু গুৱাহাটী মহানগৰীৰ পৰিবেশ ৰক্ষা তথা ৰাজধানী মহানগৰখনৰ ভৱিষ্যতৰ স্বাৰ্থত এই প্ৰতিশ্ৰুতি কিমান সমর্থনযোগ্য? কিছুদিন পূর্বে উত্তৰপাৰৰ বহু গো-পালকে তেওঁলোকৰ গৰু-ম'হবোৰ সমদল কৰাই উপায়ুক্তৰ কাৰ্যালয় অভিমুখে গৈ এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কাৰণ গৰু ম'হবোৰ চৰাবলৈ চৰণীয়া পথাৰ নোহোৱা হৈ গৈ আছে।

মহানগৰীৰ ইটোৰ পিচত সিটো পাহাৰ বখলিয়াই, কাটি-ছিঙি স্থানান্তৰিত লোকৰ আবাসথলত পৰিণত কৰাৰ পৰিণতিত ক্রমান্বয়ে কেনেকৈ প্ৰকৃতিৰ অক্সিজেন ভাণ্ডাৰ শূন্য হৈ আহিছে, অন্য প্রাণীকুলৰ বসতিৰ ঠাই নোহোৱা হৈছে, প্রাকৃতিক দুৰ্যোগৰ ৰূপবোৰ ভয়াৱহ হৈ আহিছে, সেই কথা কোনে নুবুজে।

তথাপি চৰকাৰে এনেধৰণৰ প্ৰতিশ্ৰুতি ভোটৰ আশাত লিখিত ৰূপত দিব পৰাটো উন্নয়নৰ নে ধ্বংসৰ প্ৰৱণতা, তাৰ ব্যাখ্যা নিষ্প্রয়োজন। দূৰদৰ্শী আৰু দায়বদ্ধ হোৱা হ'লে চৰকাৰে পাহাৰ-চৰণীয়া পথাৰৰ দৰিদ্ৰ আবাসীসকলৰ বিকল্প সংস্থাপনৰ কথাহে চিন্তা কৰিলেহেঁতেন। এনেকৈয়ে পৰিবেশ ৰহস্যময় কৰি, বহু প্ৰশ্নৰ প্ৰতিধ্বনি তুলি বাজিছে উন্নয়নৰ ঢোল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in