দ্ৰোহ

দ্ৰোহ

সম্প্ৰতি দেশত 'দেশদ্ৰোহ' সম্পৰ্কীয় আলোচনাই বিশেষ গুৰুত্ব লাভ কৰা দেখা গৈছে। সংখ্যাৰ দিশৰ পৰা বৰ্তমানৰ ভাৰত বিশ্বৰ বৃহত্তম গণতন্ত্ৰ। ভিন্ন মত গণতন্ত্ৰৰ প্ৰাণশক্তি। এটা বিষয়ৰ শুদ্ধতা তথা তাৰ সুস্থ বিকাশ সম্পূৰ্ণ নিৰ্ভৰ কৰে সেই বিষয়টোত কিবা ক্ৰটি অথবা অসম্পূৰ্ণতা আছে নেকি তাক বস্তুনিষ্ঠতাৰে চালি-জাৰি চাই সেইখিনিক আঁতৰ কৰাৰ ওপৰত। তাৰবাবে প্ৰয়োজন সমালোচনাৰ।

ভিন্ন মত প্ৰকাশৰ স্বাধীনতাই সমালোচনাক মুকলিমূৰীয়াকৈ প্ৰকাশ কৰাৰ একমাত্ৰ পথ। সাম্প্ৰতিক বিশ্বৰ বৃহত্তম গণতন্ত্ৰখনত বৰ্তমানে ঘটি আছে কি? বৰ্তমানে দেশত 'দেশদ্ৰোহ'ৰ বিষয়টোক হিন্দুত্ববাদী শাসক শ্ৰেণীয়ে পাঁচগৰাকী অতি প্ৰখ্যাত প্ৰগতিশীল ব্যক্তি পি বাৰবাৰা ৰাও, সুধা ভৰদ্বাজ, অৰুণ ফেৰেৰিয়া, গৌতম নাভলাখা আৰু বেৰনন গঞ্জালভেজক সম্পূৰ্ণ মনেসজা গোচৰত আটক কৰা অভাৱনীয় কাণ্ডই গণতান্ত্ৰিক মহলত সৰ্বাধিক গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় কৰি তুলিছে।

তেওঁলোকৰ বিৰুদ্ধে অভিযোগ অনা হৈছে যে এই বছৰৰ জানুৱাৰীত মহাৰাষ্ট্ৰৰ ভীমা কৰেগাঁৱত অনুষ্ঠিত দলিত সকলৰ যি সভাখনত দলিত-হিন্দুত্ববাদীৰ মাজত সংঘৰ্ষ হৈছিল আৰু ই সমগ্ৰ ৰাজ্যলৈ বিয়পিছিল, সেই উত্তেজনা সৃষ্টিত তেওঁলোকে আগভাগ লৈছিল। অথচ বাস্তৱত সেই সভাত এই পাঁচগৰাকীয়ে যোগদানেই কৰা নাছিল আৰু যি 'এলগাৰ পৰিষদে' এই সভাৰ আয়োজন কৰিছিল সেই পৰিষদৰ লগত এওঁলোক জড়িতও নহয়।

এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে পৰিষদৰ মুখ্য আয়োজক তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ পি বি চৱন্ট আৰু মুম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি জি কোলচে পাটিলে। অভিযোগৰ নমুনা দেখি খোদ উচ্চতম ন্যায়ালয় স্তম্ভিত হৈছে আৰু সেই পাঁচগৰাকীক জে'ললৈ নিক্ষেপ কৰাত আৰক্ষীক বাধা আৰোপ কৰি গৃহবন্দী হিচাপে ৰখাৰ আদেশ দিব লগাত পৰিছে। এই দুৰ্ঘোৰ অন্যায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপা ৰমিলা থাপাৰ, দেৱীকা জৈন, প্ৰভাৱ পাটনায়ক, সতীশ দেশপাণ্ডে, মাজা দাৰুৱালে অথবা এই অন্যায়ৰ ঘোৰ প্ৰতিবাদ কৰা অৰুন্ধতী ৰয়, ৰামচন্দ্ৰ গুহ, মনু সিংভী আদি অতি প্ৰখ্যাত ব্যক্তিসকলক বিজেপি নেতৃত্বই 'অখ্যাত ব্যক্তি' আখ্যা দিবলৈ দুঃসাহস কৰিছে!

আটক কৰা আৰু এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলৰ ওপৰত হিন্দুত্ববাদক দেশপ্ৰেমৰ ভুৱা সাজ পিন্ধোৱা বিজেপি নেতৃত্বই 'দেশদ্ৰোহিতা'ৰ অপবাদ জাপি দিছে। তেওঁলোকৰ 'অপৰাধ' কি? তেওঁলোকে শাসক শ্ৰেণীৰ সম্পূৰ্ণ অগণতান্ত্ৰিক মতৰ বিৰুদ্ধে ভিন্ন মত প্ৰকাশ কৰিছিল। কিন্তু এইক্ষেত্ৰত 'অপৰাধী' আচলতে কোন? ভাৰতৰ সংবিধান অনুসৰি প্ৰতিগৰাকী নাগৰিকৰ ভিন্ন মত প্ৰকাশৰ স্বাধীনতা আছে। সেয়ে এইক্ষেত্ৰত সংবিধানৰ ধাৰা ভংগ ভিন্ন মত প্ৰকাশ কৰোতা কেইজনে কৰা নাই। কৰিছে ভিন্ন মত প্ৰকাশ কৰাৰ বেবে গ্ৰেপ্তাৰৰ আদেশ দিয়া চৰকাৰেহে।

সংবিধানৰ ধাৰা ভংগ কৰাটো যিহেতু দেশদ্ৰোহ সেয়ে এইক্ষেত্ৰত তেওঁলোকহে দেশদ্ৰোহী। ৰাজধৰ্ম পালনেই ৰাষ্ট্ৰচালকসকলৰ প্ৰধান দায়িত্ব। নিকা ৰূপেৰে ৰাজধৰ্ম পালন কৰিছে নে নাই তাৰ ওপৰতেই নিৰ্ভৰ কৰে। ৰাষ্ট্ৰচালকৰ দেশপ্ৰেম। প্ৰজাৰ হিত সাধনেই ৰাজধৰ্ম সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ আৰু ৰাষ্ট্ৰচালকৰ প্ৰধান কৰ্তব্য। অৰ্থনীতি ৰাষ্ট্ৰৰ ভেটি। ৰাজনীতিয়ে তাক পৰিচালনা কৰে। ৰাষ্ট্ৰচালকৰ দেশপ্ৰেম প্ৰতফলিত হয় তেওঁলোকে প্ৰচলন কৰা অৰ্থনীতিয়ে প্ৰজাৰ স্বাৰ্থ পূৰণ কৰিছে এনে নাই তাৰ ওপৰত। যদি কৰা নাই তেন্তে সেই শাসক শক্তি দেশদ্ৰোহেৰে জগৰীয়া নহয়নে? কাৰণ ৰাজধৰ্মৰ মূল দায়িত্বটোৱেই তেওঁলোকে পালন কৰাতো দূৰৰে কথা, তাৰ ক্ষতিহে কৰিছে।

আজিৰ যুগত প্ৰজাৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল- নিত্য, ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। তাৰ ওপৰতেই নিৰ্ভৰ কৰে তেওঁলোকৰ জীৱনযাত্ৰা। আকাশলংঘী মূল্যবৃদ্ধিয়ে তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰকেই ভয়ানক ৰূপেৰে আঘাত কৰে। আনহাতে আজিৰ যুগত নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যকে ধৰি দৈনন্দিন জীৱনযাত্ৰাৰ সকলো দিশতে সবাতোকৈ বেছি প্ৰভাৱ পেলায় ইন্ধনে। কাৰণ গতিয়েই আজিৰ সভ্যতাৰ চালিকা শক্তি আৰু ইন্ধনেই সেই গতিৰ প্ৰাণশক্তি।

পৰিবহণ অবিহনে আজিৰ সভ্যতা নচলে আৰু ইন্ধন অবিহনে পৰিবহণ নচলে। তেনে অৱস্থাত পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যই সমাজ জীৱনৰ প্ৰাণশক্তিক কেনেকৈ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিছে সেইটো ওলাই আছে। অথচ বৰ্তমানৰ হিন্দুত্ববাদী বিজেপি চৰকাৰৰ এই চাৰিবছৰীয়া শাসনত পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য দুগুণ বাঢ়িলে। নিজ প্ৰজাৰ জীৱনযাত্ৰাকেই ই দুৰ্বিষহ কৰি তুলিছে। অথচ তথাকথিত 'মুক্ত বজাৰ'ৰ দোহাই দি চৰকাৰে দাম কমাব নোৱাৰো বুলি কৈছে। জি এছ টি জাপি দি সাধাৰণ গ্ৰাহক ৰাইজক, ক্ষুদ্ৰ ব্যৱসায়িক ধোঁৱা-কোঁৱা দেখুৱাইছে।

অথচ দুগৰাকীমান অতি বৃহৎ পুঁজিপতিৰ লাভৰ বাবে পেট্ৰ'লজাত সামগ্ৰীক জি এছ টিৰ অধীনলৈ চৰকাৰে অনা নাই। নিজ পাৰ্টি আৰু কেইগৰাকীমান বৃহৎ পুঁজিপতিৰ লাভৰ বাবে নৱমুদ্ৰায়ন চৰকাৰে কৰিলে। ক'লা ধন ধৰা নপৰিল। অথচ মুদ্ৰা ব্যৱস্থাত এনে খেলিমেলি লাগিল যে আন্তৰ্জাতিক বজাৰত টকাৰ মূল্য কাহানিও নোহোৱা ধৰণে হ্ৰাস হ'ল। যিকোনো মুহূৰ্তত দেশৰ অৰ্থনীতি ভাগি পৰিব পাৰে। সেয়ে দেশদ্ৰোহী কোন? দেশক এনে বিপৰ্যয়ত পেলোৱা চৰকাৰ তথা শাসকশ্ৰেণী, নে ভিন্ন মত প্ৰকাশ কৰা গণতন্ত্ৰীসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in