প্ৰধানমন্ত্ৰীৰ ভাষণ

প্ৰধানমন্ত্ৰীৰ ভাষণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্রথমবাৰৰ বাবে চৰকাৰীভাৱে আয়োজিত এখন ৰাজহুৱা সভাত অসমৰ সংবাদ মাধ্যমত নিৰপেক্ষ সংবাদ পৰিবেশন নকৰা বুলি এক প্ৰকাৰ জবাবদিহি কৰিলে। দুদিন আগতে চাংসাৰিৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সুদীৰ্ঘ ভাষণৰ আৰম্ভণিতে ৰাজ্যৰ বাতৰি কাকতৰ মালিকগোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি কৈছিল যে অসমৰ বাতৰি কাকতে ইতিবাচক খবৰ প্ৰকাশ নকৰে। প্ৰধানমন্ত্ৰীৰ দৰে দেশৰ সৰ্বোচ্চ মৰ্যাদা সম্পন্ন পদত থাকি নৰেন্দ্ৰ মোডীয়ে কৰা এই মন্তব্যই সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ ওপৰত আঘাত হানিছে বুলি ক'লেও ভুল নহ'ব। নিৰ্বাচনী সভাৰ কথা সুকীয়া।

এখন চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানৰ 'ভূমিপূজন' কৰিবলৈ আহি চাংসাৰিৰ লক্ষাধিক লোকৰ সমুখত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰ কাম-কাজৰ বিৰোধিতা কৰাসকলক নস্যাৎ কৰিব বিচৰা এই কাৰ্য সঁচাকৈয়ে গৰিহণাযোগ্য। অসমৰ সংবাদ মাধ্যম তথা বাতৰি কাকতে নাগৰকিত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত জনসাধাৰণৰ প্ৰতিবাদক যিদৰে গুৰুত্ব দিছে, সেইদৰে কেন্দ্ৰীয় চৰকাৰ উন্নয়নমূলক কাম-কাজৰো সবিশেষ বাতৰি প্ৰকাশ কৰি আহিছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে দেশৰ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ অসাংবিধানিক ব্যৱস্থাৰ প্ৰতি অসমৰ সংবাদ মাধ্যমে অকুণ্ঠ সমৰ্থন দিব।

সংবাদ পৰিবেশনৰ নামত জাতিৰ ভাষা-সংস্কৃতি-অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন আৰু দেশৰ ধৰ্মনিৰপেক্ষ ঐতিহ্যৰ প্ৰতি আহি পৰা সংকটক কোনেও এৰাই চলিব নোৱাৰে। ৰাইজৰ পক্ষত থকা আৰু শাসকৰ স্বেচ্ছাচাৰিতাক সমৰ্থন দিয়া একে বিষয় হ'ব নোৱাৰে। দেশৰ প্ৰধানমন্ত্ৰী এজনে কাৰোবাক অপপ্ৰচাৰক নভবা-নিচিন্তাকৈ উদগনি দিয়াটো সঠিক হোৱা নাই। অসমৰ সংবাদ মাধ্যমে দেশৰ অখণ্ডতা আৰু সাংবিধানিক সুৰক্ষাৰ হকে মাত মাতি যাব।

আমি ভাবো প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজহুৱা মঞ্চত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰি অসম চুক্তিৰ আইনগত মৰ্যাদাক অস্বীকাৰ কৰাই নহয়, এইক্ষেত্ৰত আমাৰ জাতীয় সহমতকো চৰম উপেক্ষা কৰিছে। দল-মত নিৰ্বিশেষ অসমৰ জনসাধাৰণে ১৯৭১চনৰ ২৫ মাৰ্চৰ সময়সীমাক মানি লৈয়ে অবৈধ বিদেশীৰ সমস্যা সমাধানৰ দিশত ঐকমত্য পোষণ কৰিছে। যি অসম চুক্তিৰ সময়সীমাৰ ওপৰত ভিত্তি কৰি সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সময়মতে সম্পন্ন কৰিবলৈ কেন্দ্ৰক বাৰে বাৰে নিৰ্দেশনা দি আহিছে, সেই অসম চুক্তিকে আজি মোডী চৰকাৰে অসাৰ প্ৰতিপন্ন কৰিবলৈ ওলাইছে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন আইনত পৰিণত হ'লে অসম চুক্তি আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কোনো অৰ্থই নাথাকিব। বিশ্বৰ ইতিহাসত এনে কোনো জাতি নাই, যি ধৰ্মৰ ভিত্তিত গঢ়ি উঠিছে। কেন্দ্ৰৰ হিন্দুত্ববাদী চৰকাৰখনে জাতিধ্বংসী বিধেয়কখন সংসদত উপস্থাপন কৰি অসমীয়া জাতিক চৰম প্ৰতাৰণা কৰিবলৈ ওলাইছে। এই কথা ইতিমধ্যে মোডী চৰকাৰৰ অংশীদাৰী দলবোৰেও অনুধাৱন কৰিবলৈ লৈছে।

অসমীয়াক সন্তুষ্ট কৰিবলৈ গৈ দেশৰ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ ভোট হেৰুওৱাৰ ভয়তে সৰ্বভাৰতীয় শাসকীয় দলবোৰে এতিয়ালৈকে বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হোৱা নাই যেনিবা। কিন্তু সময়ত তেওঁলোকেও অসমীয়াই কৰা প্ৰতিবাদৰ মৰ্ম বুজি উঠিব। মুঠতে প্ৰধানমন্ত্ৰী মোডীয়ে অসমৰ মাটিত থিয় হৈ বিজেপিৰ হিন্দুত্ববাদী কৰ্মসূচী ৰূপায়ণ কৰাৰ কথা বীৰদৰ্পে ঘোষণা কৰিছে ঠিকেই, কিন্তু ৰাজ্যৰ জাতীয় দল-সংগঠন আৰু নাগৰিক সমাজে তাৰ প্ৰতিবাদ কৰাৰ গণতান্ত্ৰিক অধিকাৰ তেওঁ কাঢ়ি ল'ব নোৱাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in