ঘৃণাৰ ৰাজনীতি

ঘৃণাৰ ৰাজনীতি

সাম্প্রতিক ৰাজনীতিত বিস্তাৰ লাভ কৰা ঘৃণামূলক বিষয় কিছুমানে সামাজিক পৰিবেশটোকো লাহে লাহে ইমান আক্রান্ত, ভাৰাক্ৰান্ত আৰু প্ৰদূষিত কৰি তুলিবলৈ ধৰিছে যে যিকোনো বিষয় এটাক সাম্প্রদায়িক কিম্বা গোষ্ঠীগত দৃষ্টিকোণেৰে গ্ৰহণ তথা পর্যালোচনাৰে কল্পিত শত্রুপক্ষ এটা সৃষ্টি কৰি যুযুধান পৰিবেশ এটা ৰচনা কৰাৰ মানসিকতা সাধাৰণ মানুহৰ মাজতে গঢ় লোৱা পৰিলক্ষিত হৈছে। এইটো অতি বিপজ্জনক কথা। মহাপুৰুষ শংকৰদেৱৰ দৰে বৈপ্লবিক চিন্তাৰ ধৰ্মগুৰুৰ সমন্বয়ৰ সমাজ গঢ়াৰ আদৰ্শ, নৱজাগৰণৰ চিন্তা-চেতনাৰে প্ৰবুদ্ধ হৈ ঊনবিংশ শতিকাৰ উদাৰবাদী এচাম মনীষীয়ে ৰক্ষণশীলতামুক্ত, অন্ধবিশ্বাসমুক্ত সমাজ গঢ়াৰ বাবে গ্ৰহণ কৰা কর্ম-আদর্শ তথা আধুনিক শিক্ষাৰ বিকাশ আৰু প্ৰভাৱে ভাৰতীয় সমাজখনৰ পৰা ভেদাভেদৰ কৰাল আঁতৰাই এখন সুস্থ-শিক্ষিত বিকাশমুখী সমাজ গঢ়াৰ পৰিবেশ ৰচনা কৰিছিল। মহাত্মা গান্ধীৰ কৰ্ম-আদৰ্শয়ো এই দিশত ভাৰতবাসীৰ ওপৰত পেলোৱা প্রভাব অনস্বীকার্য।

সাংস্কৃতিক বৈচিত্ৰ্যৰে ভৰপূৰ আমাৰ দেশখনৰ ভিন্ন জাতি ধৰ্ম-ভাষাৰ মানুহে এক ভাৰতবাসী হৈ আগবঢ়াৰ স্বাৰ্থতে স্বৰাজোত্তৰ কালত আনকি সংবিধানৰ প্ৰস্তাৱনা সলনি কৰি ধৰ্মনিৰপেক্ষতাক দেশৰ অন্যতম মূল চৰিত্ৰৰূপে উদ্ভাসিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। দেশত ধর্মীয় আৰু গোষ্ঠীগতভাবে স্পর্শকাতৰ বিষয় কিছুমানক স্ফুলিংগ হিচাপে ব্যৱহাৰ কৰি বিভিন্ন ধর্ম-বর্ণ-ভাষা গোষ্ঠীৰ মানুহৰ মাজত সংঘাত-সংঘর্ষ সৃষ্টিৰ যি লজ্জাজনক ইতিহাস, তাক পাহৰি সম্প্ৰীতিৰ বাতাৱৰণত প্ৰগতিৰ বাটেৰে আগবঢ়াৰ বাবে আধুনিক মনৰ মানুহে প্ৰয়াস কৰিছিল। বহুক্ষেত্ৰত সমাজলৈ সুস্থিৰতা ঘূৰি আহিছিলো। কিন্তু পাহৰিব বিচৰা বিষয়বিলাকে পুনৰ প্ৰাসংগিক কৰি ঘৃণাৰ পৰিবেশ গঢ়াৰ নতুন প্রৱণতা এটাই আমাৰ দেশক পুনৰ আক্ৰান্ত কৰিবলৈ ধৰিছে।

ইয়াৰ ভিত্তি কি–তাক আলোচনা নকৰিলেও বিবেকৱানসকলে বুজিব পাৰিছেই। অলাগতিয়াল, আবর্জনাসদৃশ বিষয় কিছুমানেৰে সমাজৰ সুস্থিৰতা ব্যাহত কৰাৰ প্ৰচেষ্টাৰ পৰিণতিত বিঘ্নিত হ'বলৈ ধৰিছে সমাজৰ শান্তি-সহাৱস্থান। সৰু এটা উদাহৰণ— দীর্ঘদিনৰ বিৰতিৰ মূৰত হোৱা ভাৰত পাকিস্তানৰ মাজৰ টি-২০ বিশ্বকাপৰ গ্ৰুপৰ মেচখনত কিহৰ কাৰণে ভাৰত হাৰিল, মেচখন চোৱা সকলোৱেই গম পাইছেই। পাকিস্তানৰ শক্তিশালী বলিঙে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ 'বেটিং লাইনআপ' বুলি চিহ্নিত ভাৰতীয় দলৰ বেটিং শক্তি তাচ পাতৰ ঘৰৰ দৰে খহাই পেলাইছিল। কোনোধৰণৰ প্ৰত্যাহ্বান জনাব নোৱৰাকৈয়ে কম কম ৰানত পেভিলিয়নলৈ উভতিছিল ৰোহিত শর্মা, কে এল বাহুল, ঋষভ পন্ট, হার্ডিক পাণ্ডিয়া, সূর্যকুমাৰ যাদৱৰ দৰে শক্তিশালী বেটছমেন। তাৰ বিপৰীতে ভুবনেশ্বৰ কুমাৰ, যশপ্রীত বুমৰাহ, মহম্মদ ছামি, ৰবীন্দ্র জাদেজা, বৰুণ চক্ৰৱৰ্তীৰে গঠিত ভাৰতীয় বলাৰ বাহিনীয়ে পাকিস্তানৰ ওপৰত কোনো প্রভাবেই পেলাব নোৱাৰিলে।

ফলত দহ উইকেটত পাকিস্তান জিকিল মেচখনত। ভাৰতৰ গোটেই দলটোৱেই ব্যর্থ, কিন্তু অতি হিন্দুত্ববাদী এচাম ভাৰতপ্ৰেমীৰ ক্ষোভ কেন্দ্রীভূত হ'ল মহম্মদ ছামিৰ ওপৰত। কাৰণ তেওঁ মুছলমান। এই চামটোৱে মেচখনত ভাৰত হৰা বাবে কেৱল মহম্মদ ছামিক দোষী সাব্যস্ত কৰি সামাজিক মাধ্যমত তাল-ফাল লগাই দিলে। অথচ এইজন ছামিয়েই ইয়াৰ পূৰ্বে বহু মেচত ভাৰতৰ বিজয়ৰ নায়ক আছিল। এনেকৈয়ে সদ্ভাৱ বিনষ্ট কৰা, শান্তি বিঘ্নিত কৰিব পৰা অপচেষ্টা কিছুমান যোৱা কিছুদিনত আমাৰ দেশত পুনৰ চলিবলৈ ধৰিছে। মূৰ দাঙি উঠিছে এচাম স্বয়ম্ভূ ভাৰতপ্রেমীয়ে। কেৱল ভাৰততে নহয়, পাকিস্তান আৰু বাংলাদেশতো একেই পৰিবেশ-পৰিস্থিতি। সাধাৰণ ভাৰতীয় বা সাধাৰণ পাকিস্তানী অথবা সাধাৰণ বাংলাদেশীৰ মাজত শত্রুতা নাই। কিন্তু প্রতিক্রিয়াশীল মৌলবাদী চক্রই তিনিওখন দেশতে এনে কিছুমান উদ্দেশ্যপ্রণোদিত বিষয়ৰ আলমত দেশকেইখনৰ মাজৰ সম্পর্ক স্থায়ীভাৱে বিদ্বেষপূর্ণ কৰি ৰখাৰ ষড়যন্ত্র চলাই আহিছে।

অথচ ভাৰত-পাকিস্তান আৰু বাংলাদেশৰ বিভাজন তিনিওখন দেশৰ সন্মতি সাপেক্ষেই হৈছিল। ভাৰত-পাকিস্তানৰ সংঘাতৰ মূল বিষয় কাশ্মীৰ, ভাৰত বাংলাদেশৰ সংঘাতৰ কাৰণ অনুপ্ৰৱেশ। ৰহস্যজনক কথাটো হ'ল এই মূল সমস্যাকেইটাৰ স্থায়ী সমাধানৰ পদক্ষেপ কোনো এখন ৰাষ্ট্ৰয়েই নলয়। বাংলাদেশত এটা চক্ৰই মন্দিৰ-পূজা মণ্ডপত তাণ্ডৱ চলাইছে। সেই দেশৰ অধিকাংশ মানুহেই সেই কাণ্ডটো ভাল পোৱা নাই, কিন্তু ঘটনাবোৰ ঘটি আছে। অসমত হিন্দুত্ববাদী চৰকাৰে মুছলমান সংখ্যাগৰিষ্ঠতাৰ ভীতি প্রদর্শনেৰে অ-মুছলমান মানুহক উত্তেজিত কৰি ৰাজনৈতিক মুনাফা অৰ্জনৰ চেষ্টাৰে অহৰহ উগ্ৰ ভাষণ দি থাকে, কিন্তু অনুপ্রবেশ ৰোধ কিম্বা অবৈধ বিদেশীক চিনাক্ত আৰু বহিষ্কাৰৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰে। এয়া হৈছে ঘৃণাৰ ৰাজনীতি। বিকাশৰ ৰাজনীতি কৰাৰ ক্ষমতা নথকাসকলেই ঘৃণাৰ ৰাজনীতিৰ আশ্ৰয় লয়। সৰু সৰু স্পর্শকাতৰ বিষয়ৰ অৱতাৰণাৰে সমাজ প্ৰদূষিত কৰি ৰাখিব পাৰিলে এই ৰাজনীতিৰ উদ্যোক্তাসকল লাভৱান হয় আৰু এনে ৰাজনীতিৰ বলি হ'বলগা হয় নিৰপৰাধী কিছুমান মানুহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in