বিজেপিৰ যুগ…

বিজেপিৰ যুগ…

চলিত দশকটোত ভাৰতীয় ৰাজনীতিত কিছুমান মৌলিক পৰিৰ্বতন ঘটিছে। কিন্তু ক্ষমতাৰ সোৱাদ পোৱা অধিকাংশ দলেই এই পৰিবৰ্তনৰ ধাৰাটোৰ গভীৰতাক অনুধাবন কৰিব নোৱৰা বাবেই অথবা ইয়াৰ সৈতে তাল মিলাব নোৱৰা বাবে সাম্প্ৰতিক ৰাজনীতিত টিকি থকাটোৱেই এই দলবিলাকৰ বাবে কঠিন প্ৰত্যাহ্বান হৈ পৰিছে। হায়দৰাবাদত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক অংশ লৈ যোৱা দেওবাৰে গৃহ মন্ত্ৰী অমিত শ্বাহে যিটো ভাষণ দিলে, সেইটো আচলতে এতিয়াও ঠায়ে ঠায়ে ক্ষমতাহীন হৈ থকা প্ৰতিটো দললৈকে মুকলি প্ৰত্যাহ্বান, সেয়া আঞ্চলিকেই হওক বা ৰাষ্ট্ৰীয় দলেই হওক।

এই ৰাজনৈতিক দলবিলাকৰ দুৰ্বলতাবোৰক আঘাত কৰিব পৰা ৰণকৌশলেৰে মজবুত হৈ থকা বাবেই হয়তো দেশৰ গৃহ মন্ত্ৰীগৰাকীয়ে মুকলিকৈ ঘোষণা কৰি দিবলৈ সক্ষম হৈছে যে 'অহা ত্ৰিশ-চল্লিশ বছৰ হ'ব বিজেপিৰ যুগ।' ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ যুদ্ধখনত অৱতীৰ্ণ হোৱা নেতাসকলে কিছুমান স্পৰ্শকাতৰ কথা অতিৰঞ্জিতভাৱে তুলি নধৰা নহয়। সেই দিশৰ পৰা অমিত শ্বাহৰ কথাখিনিও অন্য দলবিলাকক নিৰুৎসাহিত কৰিবলৈ তথা জনসাধাৰণৰ দৃষ্টি বিজেপিৰ প্ৰতি অতি গভীৰ কৰাৰ মানসেৰে নিক্ষেপ কৰা এপাট বাক্যবাণ বুলিও ভাবিব পাৰি।

পিচে আজিৰ প্ৰেক্ষাপটত কথাখিনি ভিত্তিহীন বুলি উলাই কৰিব পৰাৰো থল নাই। হয়, ২০১৪ চনত ৰাজনৈতিক ছুনামিৰ সৃষ্টি কৰি নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে অভাৱনীয় সাফল্যৰে দেশৰ ক্ষমতা মুষ্টিবদ্ধ কৰিছিল আৰু ২০১৯ চনৰ নিৰ্বাচনতো তাৰেই পুনৰাবৃত্তি ঘটিছিল যদিও এতিয়াও দলটোৱে সমগ্ৰ দেশত নিৰংকুশ আধিপত্য বিস্তাৰ কৰিবৈল সক্ষম হোৱা নাই। একক দলীয় শক্তিৰে শাসন কৰা ৰাজ্য বিজেপিৰ হাতত বেছি নাই। কেইখনমান ৰাজ্যত অন্য আঞ্চলিক কিম্বা ক্ষুদ্ৰ ৰাষ্ট্ৰীয় দলৰে মিত্ৰতা কৰিহে বৰ্তাই ৰাখিছে শাসনৰ ক্ষমতা।

বিজেপিৰ পছন্দ ৰাজনৈতিক প্ৰভুত্বৰ পিচতো অৰবিন্দ কেজৰিৱাল, মমতা বেনাৰ্জী, এম কে ষ্টেলিন, কে চন্দ্ৰশেখৰ ৰাও, অশোক গেহলটৰ দৰে নেতাই গেৰুৱা দলটোক ৰাজ্যভেদে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। গেৰুৱা প্ৰতাপৰ মাজতো সুকীয়া অস্তিত্ব বৰ্তাই ৰাখিবলৈ সক্ষন হৈছে নীতিশ কুমাৰ, নবীন পাটনায়ক, জগন মোহন ৰেড্ডিৰ দৰে নেতাই। এই নেতাসকল ৰ ব্যক্তিগত চমকৰ আধাৰতে সংশ্লিষ্ট ৰাজ্যবোৰত বিজেপিবিৰোধী নিচান উৰি আছে আৰু এওঁলোকৰ সমন্বয়ৰ জোৰতে দেশত পৰৱৰ্তী সময়ত বিজেপিৰ উৎখাত সম্ভৱ হৈ উঠিব বুলি বহুতেই আশা কৰি আছে ঠিকেই, কিন্তু কেৱল কেইগৰাকীমান নেতাৰ ব্যক্তিগত চমকেৰে আজিৰ পৰিবৰ্তিত ৰাজনীতিত দল এটাই ক্ষমতা কায়েম ৰখাটো দূৰৰ কথা, শক্তিশালী দল হিচাপে টিকি থকাটো সম্ভৱনে?

এই দলবিলাকৰ জনপ্ৰিয়তা থকা দ্বিতীয় নেতা কোন? তদুপৰি আজিৰ তাৰিখত বিজেপিক বাদ দি কোনোটো দলৰে যথাৰ্থ গণতান্ত্ৰিক গাঁথনি নাই। বেছিভাগ দলেই হাইকমাণ্ড বা মূল নেতাসকলৰ ওপৰত নিৰ্ভৰশীল। কংগ্ৰেছ দেশৰ প্ৰধান বিৰোধী দল, কিন্তু এই দলটোৱে নেহৰু, গান্ধী পৰিয়ালক বাদ দি আগবাঢ়ি যোৱাৰ কথা চিন্তাই কৰিব নোৱাৰে। দলটোত প্ৰকাৰন্তৰে চলা একনায়কত্ববাদৰ এচাম জ্যেষ্ঠ নেতা অসন্তুষ্ট। কপিল ছিবালৰ দৰে জ্যেষ্ঠ নেতাই নিৰ্দলীয় প্ৰাৰ্থীৰূপে সমাজবাদী পাৰ্টিৰ সমৰ্থনত ৰাজ্যসভালৈ নিৰ্বাচিত হ'বলগা হ'ল।

আন বহু নেতাই এতিয়া ঠেং দাঙি আছে অন্য কোনোবা ৰাজনৈতিক দলত নামটো সুমুৱাই ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰখাৰ বাবে। কিন্তু ইয়াৰ বিপৰীতে বিজেপিয়ে নিজৰ গণতান্ত্ৰিক পৰম্পৰাৰ জৰিয়তে প্ৰমাণ কৰি দিছে যে ইয়াত দল সকলোৰে ওপৰত, নেতা গৌণ।এই পৰম্পৰাৰ বাবেই দলটোৱে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নতুন নেতাক দলৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰি আহিছে। এসময়ত বিজেপিৰ বাজপেয়ী-আদৱানিৰ দৰে শক্তিশালী নেতাৰ বৰ্তমানতে ৰাজনাথ সিং, গাডকাৰী, ভেকায়া নাইডুৰ দৰে নেতাৰ নেতৃত্বত দল চলিছিল। এতিয়া মোডী-অমিত শ্বাহ-নাড্ডাই চলাইছে। কাইলৈ হয়তো অন্য কোনো নেতা জিলিকি উঠিব।

তদুপৰি ৰাষ্ট্ৰীয় সভাপতিৰ পৰা বুথ পৰ্যায়ৰ পৃষ্ঠা প্ৰমুখলৈকে সকলো স্তৰৰ নেতাই দলটোৰ বাবে যিদৰে জান-প্ৰাণ দি কাম কৰে, অন্য দলত তেনেকুৱা নিৰ্দশন কিমান আছে। বিজেপি এতিয়া আটাইতকৈ ধনৱান দল ঠিকেই, কিন্তু কংগ্ৰেছকে ধৰি অন্য বহুকেইটা দলৰোতো আছিল প্ৰচুৰ ধন-সম্পত্তি। সেই ধন-সম্পত্তিৰে দলবোৰে জানো নিজৰ পূৰ্বৰ আধিপত্য বৰ্তাই ৰাখিব পাৰিলে? আচলতে ধন নহয়, সঠিক ৰাজনৈতিক পৰিকল্পনা আৰু নিষ্ঠা, দায়বদ্ধতাইহে দল একোটাক আগবঢ়াই নিয়ে।

১৯৯২ চনৰ অতি চালুকীয়া বিজেপি আজি প্ৰচণ্ড শক্তিশালী হোৱাৰো মূলমন্ত্ৰ এয়াই। আজি ক্ষমতাত থকা অৱস্থাতো বিজেপিৰ নেতা-কৰ্মীসকলে দলৰ প্ৰতি সমৰ্পণৰ মনোভাবক প্ৰাধান্য দিয়া সত্যটোক সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকখনত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল- অন্য দলৰ নেতাবোৰক তুচ্ছ-তাচ্ছিল্য কৰি থকাতকৈ তেওঁলোকৰ ভুলবিলাকৰ পৰা শিক্ষা ল'বলৈ চেষ্টা কৰা উচিত। আজি প্ৰধানমন্ত্ৰী এজনে সেই কথা কৈছে, কিন্তু অন্য দলৰ নেতাই ভুলৰ পৰা শিক্ষা লোৱাৰ কথা ক'ৰবাত কেতিয়াবা কৈছেনে? ক্ষমতাৰ ৰাজনীতি অন্যবোৰৰ দলে যেনেকৈ কৰিছে, বিজেপিয়েও কৰিব।

পিচদুৱাৰৰ ৰাজনীতিয়ে আজি মহাৰাষ্ট্ৰত চৰকাৰ ভাঙিছে, কাইলৈ তেলেংগানা বা তামিলনাডু-বংগত হাত দিব। এনে ৰাজনীতিয়ে এসময়ত কংগ্ৰেছেও কৰিছিল। কিন্তু ভিন্ন ধৰ্ম-ভাষা, গোষ্ঠী, জাতি, সম্প্ৰদায়ৰ দেশ ভাৰতত হিন্দুত্ববাদৰ আদৰ্শ সন্মুখত ৰাখি বিজেপিয়ে  আজি ক্ষমতাৰ অশ্বমেধৰ ঘোঁৰা দৌৰাব পাৰিছে, জনতাক ভাৰাক্ৰান্ত কৰা বহু কঠোৰ অৰ্থনৈতিক সিদ্ধান্তৰে দেখাত জোকাৰণি তোলাৰ পিচতো শাসনত বৰ্তি থাকিব পাৰিছে একমাত্ৰ শক্তিশালী মনস্তত্ব, প্ৰবল শক্তিশালী সাংগাঠনিক ভেটি আৰু বাস্তৱসন্মত ৰাজনৈতিক পৰিকল্পনাৰ বাবে।

এই বিজেপিক প্ৰতিহত কৰিব পৰাকৈ ৰাজনৈতিক বুদ্ধিমত্তা বেছিভাগ দলৰে নেতৃত্বৰ অভাৱ। সকলোতকৈ ডাঙৰ কথা, বিজেপিৰ ভুলৰ সুবিধা লৈ ৰাজনৈতিক বুদ্ধিমত্তা বেছিভাগ দলৰে নেতৃত্বৰ অভাৱ। সকলোতকৈ ডাঙৰ কথা, বিজেপিৰ ভুলৰ সুবিধা লৈ ৰাজনৈতিক লাভ উঠাব পৰা দক্ষতাও আন বেছিভাগ দলৰ নেতৃত্বৰ ক্ষেত্ৰতে অভাৱ পৰলক্ষিত হয়। সেইবাবেই হয়তো অমিত শ্বাহে মুকলিকৈ দাবী কৰিব পাৰিছে- অহা ত্ৰিশ-চল্লিশ বছৰত দেশত চলিব বিজেপিৰ যুগ। তেওঁৰ এই দাবীক অন্য দলে কেনেকৈ প্ৰত্যাহ্বান জনায়, সেইটোহে লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in