আকাশত চাং পতা

আকাশত চাং পতা

বিত্ত মন্ত্ৰীৰ বাজেট ভাষণ শুৱলা তথা সুন্দৰ হ'লেই এখন বাজেট কার্যকৰী অৰ্থত ভাল হ'ব নোৱাৰে। বাজেটৰ বিভিন্ন শিতানত আবণ্টিত পুঁজি আৰু বাজেট ভাষণৰ মাজত পার্থক্য থাকে। ভাষণত সন্নিবিষ্ট বিষয়বোৰ বাজেটত সেই ৰূপত অন্তৰ্ভুক্ত কৰা নহ'বও পাৰে। ভাৰতবৰ্ষৰ দৰে এখন কৃষি নিৰ্ভৰশীল দেশত কৃষক তথা কৃষি খণ্ডৰ উন্নয়নৰ বাবে বাজেটত নিৰ্ধাৰিত বিষয়বোৰহে অতি গুৰুত্বপূর্ণ। বাজেটৰ ক্ষেত্ৰত সম্প্রতি বিশ্ব অর্থনীতিত প্রাসংগিক হৈ পৰা ক্রিপ্ট' কাৰেন্সি, মধ্যবিত্তৰ সকাহ বা কৰ্প'ৰেট কৰৰ হ্ৰাস বা বৃদ্ধি পোৱাৰ বিষয়বোৰহে চৰ্চা হৈছে।

কিন্তু কৃষকৰ সৈতে জড়িত বিষয়বোৰক লৈ বাজেট চর্চাকাৰী সকলৰ বিশ্লেষণ গুৰুত্বহীন হৈ পৰিছে। আমাৰ দেশৰ আচল ইস্যু হৈছে কৃষি আৰু গ্ৰামীণ অর্থনীতিৰ সৈতে জড়িত বিষয়বোৰহে। বিশিষ্ট অর্থনীতিবিদসকলেও এই কথা স্বীকাৰ কৰিছে যে বিগত প্রায় দুটা বছৰত ক'ভিডকালীন পৰিস্থিতিয়ে বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়া দেশৰ অৰ্থনীতিক কোনোমতে কৃষি খণ্ডই বচাই ৰাখিছে। যিখন দেশৰ প্ৰায় সত্তৰ শতাংশ লোক কৃষিকৰ্মৰ লগত প্রত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত, তাত কৃষিনির্ভৰ অর্থনীতিক জীপাল কৰি ৰখাটোৱেই চৰকাৰৰ মূল দায়িত্ব হোৱা উচিত।

কিন্তু বিত্ত মন্ত্রী নির্মলা সীতাৰমণৰ নবৈ মিনিটজোৰা বাজেট ভাষণত মাত্র দুই-আঢ়ৈ মিনিটহে কৃষকৰ কথা উচ্চাৰিত হৈছিল। অথচ এইখনেই হ'ল ঐতিহাসিক কৃষক আন্দোলনৰ পিচৰ প্ৰথমখন কেন্দ্রীয় বাজেট। ক'ভিড মহামাৰীৰ ফলত আহি পৰা আৰ্থিক মন্দাৱস্থাৰ পিচৰো প্ৰথমখন বাজেট। তাৎপর্যপূর্ণভাৱে মোড়ী চৰকাৰে যি নিৰ্ধাৰিত সময়ত দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, সেই সময় পূর্ণ হোৱাৰ পৰতে এই বাজেট সংসদত উত্থাপন কৰিলে বিত্ত মন্ত্ৰীয়ে। ২০১৬ চনত প্রয়াত প্রাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে পোন প্ৰথমবাৰৰ বাবে কৃষকৰ আয় ছবছৰৰ ভিতৰত অর্থাৎ ২০২২ চনত দুগুণ কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছিল। তাৰ পিচৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়েও বিভিন্ন উপলক্ষত বহুবাৰ এই প্ৰতিশ্ৰুতিৰ কথা দোহাৰিছিল। কিন্তু এইবাৰ বাজেট ভাষণত বিত্ত মন্ত্ৰীয়ে সেই সম্পর্কে এটা টু শব্দও উচ্চাৰণ নকৰিলে।

স্বাভাৱিকতে প্রশ্ন উঠিব কৃষকৰ আয় দুগুণ হ'ল নে নাই? দৰাচলতে ২০১৫-১৬ চনত কেন্দ্ৰৰ দ্বাৰা গঠিত এখন কমিটীয়ে সমীক্ষা চলাই কৈছিল যে সেই সময়ত কৃষকৰ আয় আছিল প্রায় আঠ হেজাৰ টকা। সেই হিচাপত ২০২২ চনত অর্থাৎ চলিত বৰ্ষত কৃষকৰ আয় দুগুণ হ'বলৈ হ'লে সমকালীন মুদ্রাস্ফীতিৰ হাৰৰ হিচাপ আদি যোগ কৰি হ'ব লাগিব প্রায় একৈশ হেজাৰ টকা। কিন্তু নেচনেল ছেম্প'ল ছার্ভে অর্গেনাইজেচনৰ শেহতীয়া প্রতিবেদন মতে বর্তমান কৃষকৰ আয় প্রায় এঘাৰ হেজাৰ টকাহে। প্রতিবেদন মতে এই সময়ছোৱাত দেশৰ কৃষকৰ খেতি-বাৰীৰ পৰা হোৱা আয় তাতকৈও কম। তাৰ অৰ্থ হ'ল কৃষকৰ আয় দুগুণ নহ'ল। ইফালে এইবাৰৰ বাজেটত এগ্রিকালচাৰেল এলাইড এক্টিভিটিজ অর্থাৎ কৃষি খণ্ডৰ বাবে ৩.৮৪ শতাংশ পুঁজি আবণ্টিত কৰা হৈছে।

এই শিতানত যোৱাবাৰৰ বাজেটত ৪.২ শতাংশ পুঁজি আবণ্টিত কৰা হৈছিল। সেইদৰে গ্ৰামীণ উন্নয়নৰ শিতানত যোৱাবাৰৰ কেন্দ্রীয় বাজেটত ৫.৫০ শতাংশ আৰু এইবাৰৰ বাজেটত ৫.২৩ শতাংশ পুঁজি আবণ্টিত হৈছে। সেই হিচাপত সামগ্রিকভাবে কৃষি খণ্ড আৰু গ্রামীণ উন্নয়নৰ দুয়োটো শিতানত যোৱাবাৰতকৈ প্রায় এক শতাংশ পুঁজি হ্ৰাস কৰা হৈছে। আমাৰ দেশৰ বাজেটৰ মুঠ ধনৰ হিচাপত এক শতাংশ পুঁজি মানে প্রায় ৩৫-৪০ হেজাৰ কোটি টকা। গতিকে আমি ক'ব পাৰো যে কেন্দ্ৰই এইবাৰৰ বাজেটত কৃষি খণ্ড আৰু গ্ৰামীণ উন্নয়নৰ পুঁজি লক্ষণীয় ৰূপত হ্ৰাস কৰিছে। বিত্ত মন্ত্রীয়ে বাজেট ভাষণত উল্লেখ কৰিছে যে দেশৰ ১.৬৩ কোটি কৃষকৰ পৰা ১,২০৮ লাখ মেট্রিক টন ধান আৰু গম ক্রয় কৰাৰ নামত চৰকাৰে ২.৩৭ লাখ কোটি টকা ব্যয় কৰিছে। ১.৬৩ কোটি কৃষকৰ সংখ্যা মানেই হ'ল দেশৰ মুঠ কৃষকৰ মাত্ৰ দহ শতাংশ।

দৰাচলতে আজিলৈকে ন্যূনতম সমৰ্থন মূল্যত চৰকাৰে বেছিভাগ কৃষকৰ পৰাই কৃষিজাত সামগ্ৰী জন্ম কৰিবলৈ সক্ষম হোৱা নাই। কৃষক সংগঠনে দাবী কৰি অহা ন্যূনতম সমর্থন মূল্যৰ আইনগত গেৰাণ্টিৰ ক্ষেত্ৰতো চৰকাৰে এতিয়ালৈকে কোনো ব্যবস্থা গ্রহণ কৰা নাই। লক্ষণীয়ভাবে কৃষক আন্দোলন সমাপ্ত হোৱাৰ পৰত কেন্দ্ৰই লিখিত প্রতিশ্রুতি দিছিল যে ন্যূনতম সমর্থন মূল্যৰ আইনগত ব্যৱস্থাৰ বিষয়টো পর্যালোচনাৰ বাবে এখন কমিটী গঠন কৰা হ'ব। কিন্তু এইবাৰৰ বাজেটত সেই সম্পর্কতো কোনো পুঁজি আবণ্টন কৰা নহ'ল। এই বাজেটতে কৃষি সাৰৰ ৰাজসাহায্যৰ পৰিমাণো হ্রাস কৰা হৈছে। ইফালে প্রধানমন্ত্রী মোডীয়ে সদস্তে ঘোষণা কৰা 'প্রধানমন্ত্রী ফচল বীমা যোজনা'ৰ দৰে আঁচনিবোৰো ক্রমান্বয়ে অকামিলা হৈ পৰিছে।

এইবাৰৰ বাজেটত এই আঁচনিৰ বাবে নিৰ্ধাৰিত পুঁজিও হ্রাস কৰা হৈছে। বিজেপিশাসিত উত্তৰ প্ৰদেশতে ফচল বীমা যোজনাৰ হিতাধিকাৰীৰ সংখ্যা দ্রুতগতিত হ্রাস পাইছে। প্রাকৃতিক দুর্যোগ বাঢ়ি গৈছে, কিন্তু ফচল বীমা যোজনাৰ হিতাধিকাৰীৰ সংখ্যা কমিছে। গতিকে দেখা গৈছে যে কেন্দ্ৰই গ্ৰহণ কৰা আর্থিক নীতিয়ে দেশৰ অৰ্থনীতিৰ মূল চাবি-কাঠী কৃষকৰ পৰিবৰ্তে বহুজাতিক-কৰ্প'ৰেট গোষ্ঠীৰ হাতত অৰ্পণ কৰাৰ সু-বন্দবস্ত কৰিছে। এইবাৰৰ বাজেটো তাৰ ব্যতিক্ৰম নহয়।

এল আই চিৰ দৰে সৰ্ববৃহৎ ৰাজহুৱা প্ৰতিষ্ঠানৰ শ্বেয়াৰ মুক্ত বজাৰত মুকলি কৰি কেন্দ্ৰই তাৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। পুঁজিপতি গোষ্ঠীৰ পৰা ৰেলগাড়ী ক্ৰয় কৰি 'বন্দে ভাৰত নাম দি চলোৱাৰ ব্যৱস্থা কৰা হৈছে। এনে পৰিস্থিতিত কৃষক তথা শ্রমজীৱী ৰাইজৰ প্ৰকৃত হিতৰ অৰ্থে বার্ষিক বাজেটত কোনো যুগান্তকাৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ভবাটোৱেই নিশ্চয় আকাশত চাং পতাৰ লেখীয়া হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in