পৰিচ্ছন্নতাৰ শিকনি

পৰিচ্ছন্নতাৰ শিকনি

অলপতে গুৱাহাটী পৌৰ নিগমে এখন ৰাজহুৱা জাননী প্ৰকাশ কৰিছে। তাত কোৱা হৈছে যে কোনোবাই যদি ৰাজহুৱা স্থান (গুই-পিক-প'ষ্টাৰ বেনাৰ আদিৰে) লেতেৰা কৰে, তেনেহ'লে তেনে ব্যক্তিক কঠোৰ শাস্তি দিয়া হ'ব। ৰাজহুৱা স্থান লেতেৰা কৰা ঘটনাৰ খবৰ দিওঁতাজনক পুৰস্কৃত কৰাৰ কথাও ঘোষণা কৰিছে পৌৰ নিগমে।

নতুনকৈ সাজি উলিওৱা মহানগৰৰ উৰণীয়া সেতু এখন অলপতে মুকলি কৰাৰ পিচতে পৌৰ নিগমে ঘোষণা কৰিছে এই জাননী। মহানগৰৰ চাফ-চিকুণৰো দায়িত্বত থকা চৰকাৰী এই বিভাগটোৰ এনে তৎপৰতাই মনত পেলাই দিছে ২০১৪ চনৰ গান্ধী জয়ন্তীৰ স্মৰণীয় দিনটোলৈ। সেইদিনা দেখা গৈছিল এটি বিবল দৃশ্য— দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে হাতত দীঘল বানী এডাল লৈ ৰাস্তাৰ আৱৰ্জনা পৰিষ্কাৰ কৰি আছে।

এইটো আছিল ঐতিহাসিকভাবে এক তাৎপর্যপূর্ণ ঘটনা, কিয়নো দেশবাসীক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্রতি সজাগ আৰু অনুপ্রাণিত কৰি তুলিবলৈ খোদ প্রধানমন্ত্ৰীগৰাকীয়ে ঝাড়ুদাবৰ ৰূপ লৈ আৰ্হি দেখুৱাইছিল। এয়া আছিল ২০১৯ চনৰ ভিতৰত ভাৰতক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযান নামৰ এক চৰকাৰী অভিলাধী আঁচনিবো শুভাৰম্ভণি। মোডীৰ কাম-কাজত যাদু আছে। এই যাদুরে আচ্ছন্ন হৈ দেশবাসী আবেগত উঠলি উঠিছিল আৰু হাতে হাতে ঝাড়ু-পাচি লৈ ৰাস্তা-ঘাট পৰিষ্কাৰ কৰিবলৈ সদলবলে মানুহ এনেদৰে ওলাই আহিছিল, যেন একেদিনাই দেশখনৰ প্ৰতিটো আলি-পদুলি, চহৰ নগৰ সোণ-হীৰাৰ দৰে চিকমিকাই উঠিব। পিচে নুঠিল।

আন হেজাৰ ঘটনাৰ দৰে এই কামৰো আবেগ-অত্যুৎসাহ ফুটি যোৱা বেলুনৰ বায়ুৰ দৰে দুদিনতে উৰি গ'ল। এনেদৰেই মুখথেকেচা খাই পৰিল স্বচ্ছ ভাৰত অভিযান। ইয়াৰ পৰা শিকনি এয়াই যে অন্তৰত তাগিদা নাথাকিলে, দেশ-সমাজৰ প্রতি স্বতঃস্ফূর্ত প্রেম দায়বদ্ধতা নাথাকিলে আবেগেৰে সকলো কাম নিসিজে। দেশখনক নিজৰ আপোন ঘৰ বুলি ভাব এটা জাগিবলৈ নাগৰিকৰ মনত একধৰণৰ বীক্ষাৰো প্রয়োজন। প্রয়োজন অভ্যাস আৰু অনুশীলনৰ। ইয়াৰ বাবে পৰিবেশো লাগিব। সেই পৰিবেশ প্রথমে দিব লাগিব সমাজে।

সমাজখনৰ শুদ্ধ গতিপথৰ ৰখীয়া হিচাপে পহৰা দিব চৰকাৰ বা ৰাষ্ট্ৰই। চৰকাৰ সমাজৰে অংশ, চৰকাৰে সমাজ গঢ়ি দিব নোৱাৰে, সামাজিক প্রমূল্যৰো জন্ম দিব নোৱাৰে। কেবল তাৰ বাবে পৰিবেশ ৰচনা কৰি যাব পাৰে। আৱেগেৰে যুদ্ধহে কৰা যায়, শান্তি প্রতিষ্ঠা কৰা নাযায়। স্থায়ী ইতিবাচক কিবা এটা কৰিবলৈ হ'লে আৱেগহীন চিন্তা লাগিব, দূরদর্শিতাৰ মাজত আবেগ নাথাকে, থাকে কেবল যুক্তি। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথাবোৰো তেনেকুৱাই। চিনেমাৰ প্রিয় নায়ক বা ৰাজনীতিৰ প্ৰিয় নেতাক দেখি কাৰো মানসিকতা ৰাতিটোৰ ভিতৰতে সলনি হৈ নাযায়।

কিয়নো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়বোৰ কেৱল ৰাস্তা-ঘাটৰ মাজত নিহিত হৈ নাথাকে। ৰাস্তাৰ জাবৰবোৰ আঁতৰাই দিলেই দেশ এখন পৰিষ্কাৰ হৈ নাযায়। জাবৰ আঁতৰাই স্থান পৰিষ্কাৰ কৰা মানুহজনৰ মনটোও পৰিষ্কাৰ হ'ব লাগিব। পৰিষ্কাৰ হ'ব লাগিব সমাজ আৰু সংস্কৃতি আৰু ৰাষ্ট্ৰৰ কাম-কাজবোৰো। আমি যদি ধর্মৰ নামত মারপিট কৰি স্বদেশৰ মানুহৰ তেজেৰে ৰাঙলী কৰি ৰাস্তা-ঘাট অপৰিচ্ছন্ন কৰি তোলো, যদি হত্যা-লুণ্ঠন-ধর্ষণ অথবা ইজনে সিজনক কৰা ঠগ-প্ৰতাৰণাৰে জনজীবন অহৰহ লেতেৰা হৈ থাকে, যদি অৰণ্যবোৰ পুঁজিপতিৰ জৰিয়তে কাটি খাস্তাং কৰি প্ৰকৃতি লেতেৰা কৰি তোলো, আমি যদি বিকাশৰ নাম লৈ উদ্যোগৰ বিষাক্ত আবর্জনাৰে নদ-নদী পথাৰবোৰ ভৰাই তোলো, আমি যদি চহৰৰ গেলা-পচা আবর্জনাবোৰ ওচৰৰ নিৰীহ গাঁও এখনত জাপি দি আহো— এনেদৰে এনে মানসিকতাবে জানো স্বচ্ছ ভাৰত নিৰ্মাণ সম্ভৱ।

দেশখনৰ সামাজিক জীৱন প্রবাহক ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰিলে বাহিবৰ আৱৰণটোক দীর্ঘদিনলৈ পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰি। গুৱাহাটী পৌৰ নিগমৰ চেষ্টাক সাধুবাদ দি উঠিও ক'ব লাগিব যে এনেধৰণৰ জাননীৰে কোনো স্থায়ী পৰিবৰ্তন আনিব নোৱাৰি। তাতকৈ চৰকাৰে অন্যধৰণৰ কাম-কাজেৰে আৰ্হি দেখুৱাওক। পাণ-তামোল, চূণ চাধাৰে যাতে থুৱাই-পিকাই কোনো ৰাজহুৱা স্থান লেতেৰা কৰিব নোৱাৰে তেনেবোৰ মাদকদ্রব্য প্রচলনত নিষিদ্ধ ঘোষণা কৰক। এই বদ অভ্যাস কৰিব পাৰিলে জনস্বাস্থ্যও সুৰক্ষিত হ'ব। ক্ষতিকাৰক পলিথিনৰ প্রচলন |

প্রতিবন্ধকতা কঠোৰভাৱে আৰোপ কৰক। পথৰ নলা-নর্দমা আৰু ডাষ্টবিনবোৰ নিয়মিত পৰিষ্কাৰ কৰি ৰাখক। পথত পৰি থকা মৃত জীৱ-জন্তুবোৰ ততালিকে আঁতৰোৱাৰ ব্যৱস্থা কৰক, ৰাজহুৱা শৌচাগাৰ প্ৰস্ৰাৱাগাৰৰ সংখ্যা বৃদ্ধি কৰক, পদপথত সৰু সৰু ডাষ্টবিনৰ ব্যৱস্থা কৰক। পথচাৰীকো কিছু সুবিধা দিয়ক। কেৱল এয়াই নহয়, পৰিষ্কাৰ-পৰিচ্ছন্নতাক আচাৰ-সংস্কৃতিৰে অংগ বুলি ভবাৰ শিকনি দিবলৈ সজাগতা সৃষ্টিৰ হকেও কাম কৰক। নিজেও গ্ৰহণ কৰক তাৰ শিকনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in