দেশৰ এই দুই নিৰ্বাচনত আৰু নাথাকে ‘ন’টা’ৰ ব্যৱস্থা

দেশৰ এই দুই নিৰ্বাচনত আৰু নাথাকে ‘ন’টা’ৰ ব্যৱস্থা

ডিজিটেল ডেস্কঃ ৰাজ্যসভা আৰু বিধানপৰিষদৰ নিৰ্বাচনত আৰু নাথাকিব 'নান অব দ্য এবভ' চমুকৈ ন'টা অপশ্যন। মঙলবাৰে এক নিৰ্দেশনাযোগে এই কথা সদৰী কৰিছে নিৰ্বাচন আয়োগে। এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়ালৈ আয়োগে বাৰ্তা প্ৰেৰণ কৰিছে।

'উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ৰাজ্যসভা আৰু বিধানপৰিষদৰ নিৰ্বাচনত আৰু ন'টা অপশ্যন নাথাকে। গতিকে এই নিৰ্বাচনৰ বেলট পেপাৰত আৰু ন'টাৰ ভাগ ছপা কৰাৰ প্ৰয়োজন নাই।'-নিৰ্দেশনাটোত এইদৰে উল্লেখ কৰিছে আয়োগে।

উল্লেখ্য যে ২০১৭ চনত গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনত ন'টা অপশ্যনত অনুমোদন জনাইছিল নিৰ্বাচন আয়োগে। যোৱা ২১ আগষ্টত আয়োগৰ এই নিৰ্দেশ খাৰিজ কৰে দেশৰ সৰ্বোচ্চ আদালতে। একমাত্ৰ প্ৰত্যক্ষ নিৰ্বাচনতহে ন'টাৰ ব্যৱস্থা ৰাখিবলৈকে নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যয়ালয়ৰ এই নিৰ্দেশৰ পিছেত আয়োগে উক্ত সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে লোকসভা আৰু বিধানসভা নিৰ্বাচনত পূৰ্বৰ দৰেকৈ ন'টাত ভোট দিব পাৰিব ভোটাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in